আমাৰ সাজ-পোচাকৰ ফেশ‍্যনেও পৰিৱেশ প্ৰদূষণ কৰিব পাৰে নেকি? — ডাঃ চৈয়দা চেমিন ইছলাম

আমাৰ সাজ-পোচাক পৰিধানৰ ফেশ‍্যনেও যে আমাৰ পৰিৱেশ প্ৰদূষিত কৰি পৰিৱেশৰ ক্ষতি সাধন কৰিব পাৰে -সেই কথাটো কেতিয়াবা আপুনি বা মই ভাবিব পাৰোনে?

হয়, যদিও এই বিষয়ে আমি নাভাবোঁ বা ভবা নহয় কিন্তু বিষয়টো বৰ জটিল আৰু এটা ভাবিবলগীয়া বিষয় হৈ পৰিছে৷ এই সময়ত হয়তো সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে – ফেশ‍্যনে আকৌ কেনেকৈ পৰিৱেশৰ ক্ষতি কৰিব?
সাধাৰণতে কাপোৰ, চেন্দেল, জোতা, বেগ, লিপষ্টিক, নেইল পলিচ আদি যিকোনো ফেশ‍্যন ইণ্ডাষ্ট্ৰিতে প্ৰচুৰ পৰিমাণে “গ্ৰীন হাউচ গেছ“ উৎপন্ন হয় যিবোৰে প্ৰদূষণ কৰি আমাৰ পৰিৱেশৰ ক্ষতি সাধন কৰে৷

প্ৰথমতে আমি পোচাকৰ কথাটোকে ভাবি চাওঁচোন৷ ঋতুৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ বতৰৰ পৰিৱৰ্তন হয়৷ শীত অথবা গ্ৰীষ্ম কালৰ উপৰিও বিভিন্ন উৎসৱ-পাৰ্বন আদি উদযাপন কৰাৰ বাবেও আমাক পৰিধান কৰিবলৈ অথবা ফেশ‍্যনৰ বাবে ভিন্ন সাজ-সজ্জাৰ প্ৰয়োজন হয়৷
আন কিছুমান দেশৰ দৰে সমগ্ৰ ভাৰতবৰ্ষতো পুৰুষ – মহিলাৰ লিংগ ভেদে পোচাক-পৰিচ্ছদৰ ভিন্নতা আছে৷ তদুপৰি একেবাৰে নৱজাতকৰ পৰা বয়োবৃদ্ধ গৰাকীলৈকে পোচাক-পৰিচ্ছদ ভিন্ন হয়৷ ইয়াৰোপৰি দৈহিক আকৃতিৰ কথাটোতো আছেই৷ সেয়ে স্বাভাৱিক হলেও বহুত বেছি পৰিমাণে কাপোৰৰ উৎপাদনৰ প্ৰয়োজন আহি পৰে৷

এতিয়া কথাটো আহি পৰিল আমাৰ ভিন্ন ৰুচি বোধ, আমাৰ জাতীয় সাজ-সজ্জা তথা আমাৰ মানসিকতাৰ ওপৰত৷ প্ৰতিবাৰেই ঋতুৰ পৰিৱৰ্তনৰ লগে লগে অতিপাত ঠাণ্ডা বা গৰমৰ পৰা বাচিবলৈ আমাৰ পৰিধান কৰা পোচাকৰো পৰিৱৰ্তন কৰিবলগীয়া হয়৷ কিন্তু আমাৰ ৰুচি বোধ, মানসিকতা বা ফেশ‍্যনৰ বাবেই হয়তো আমি বহুতে পুৰণি কাপোৰখিনি পিন্ধা বাদ দি নতুন কাপোৰ পিন্ধাৰ মানসিক প্ৰৱণতা গঢ়ি লওঁ৷ নতুনত্বৰ সোৱাদ ল’বলৈ, নতুন ডিজাইনৰ সন্ধানত নতুবা কিছুমান অদৰকাৰী মানসিক প্ৰতিযোগিতাৰ দৌৰত পুৰণি ডিজাইনৰ কাপোৰ সাজ পিন্ধিবলৈ এৰি নতুন সাজ আদৰি লওঁ৷

এনেকুৱা মানসিকতা বা ৰুচিবোধৰ বাবেই নিজৰ ঘৰখনত অথবা কাপোৰ তৈয়াৰ কৰা ফেশ‍্যন ইণ্ডাষ্ট্ৰিবোৰত প্ৰতি এবছৰ বা ছমাহতে কিমান কাপোৰ ব‍্যৱহাৰৰ অনুপযোগী হৈ পৰিল, এবাৰ ভাবকচোন! বস্ত্ৰ উৎপাদন কৰা উদ‍্যোগসমূহৰ ক্ষেত্ৰত, সেই অনুপযোগী বা ফেশ‍্যন অনুযায়ী নচলা কাপোৰ বোৰ অৱশেষত গৈ ডাষ্টবিনৰ আৱৰ্জনা হৈ পৰে৷ বিগত এক দশকৰ আগতে মানুহৰ মাজত এই নতুন কাপোৰ কিনাৰ মানসিক প্ৰৱণতা কিছু কম আছিল যদিও দিন যোৱাৰ লগে লগে এই প্ৰৱণতা দুগুণ বৃদ্ধি পাবলৈ ধৰিছে৷

নিঃসংকোচে যাৰ যেতিয়াই যি পিন্ধিবলৈ মন যায় নতুন এটা কিনি পিন্ধিবলৈ লৈছে৷

এনেকুৱা ধৰণৰ মানসিক প্ৰৱণতা গঢ় লৈ উঠাৰ কাৰণো অৱশ্যে নোহোৱা নহয়৷

১/ এই “S A L E“ শব্দটো৷ কেতিয়াবা আকৌ “S A L E – up to 50%“ নতুবা “Buy 2 get 1 Free“ – এইবিলাক বিজ্ঞাপনে কিছুমান লোকক চুম্বকৰ দৰে আকৰ্ষণ কৰি লৈ যায়৷ চেল লাগি আছে যেতিয়া “এনেই এপাক সোমাই এবাৰ চাই লওঁ“ বুলি ভাবি দোকান খনত সোমোৱা মানুহ গৰাকীয়েও হয়তো কম দামত পোৱাৰ লোভ সামৰিব নোৱাৰি প্ৰয়োজন নাথাকিলেও বেগ ভৰ্তি কৰি কাপোৰ কিনি আনে৷

ঘৰ খনত নতুন ডিজাইনৰ কাপোৰযোৰ অহাৰ লগে লগে পুৰণিখিনি অলাগতিয়াল হৈ পৰিল৷ নতুন ট্ৰেণ্ড চলিবলৈ আৰম্ভ কৰিলে৷ লগে লগে ফেশ‍্যন ইণ্ডাষ্ট্ৰিসমূহতো ইয়াৰ প্ৰভাৱ পৰিল৷

২/ ইণ্টাৰনেটত সহজলভ্য হৈ পৰাটো৷ আজি কালি প্ৰায় সংখ্যক লোকেই ইণ্টাৰনেটৰ সহায়ত বিভিন্ন ধৰণৰ ব‍্যৱসায়িক অনুষ্ঠানৰ লগত অনলাইন যোগে জড়িত হৈ পৰে৷ দিনটোৰ বেছি ভাগ সময় অনলাইনৰ বজাৰত উপলব্ধ নতুন ডিজাইনৰ সাজ-সজ্জা সমূহ চাই থকাটো এটা অভ‍্যাসত পৰিণত হৈ পৰে৷ বহুতৰে আকৌ পচন্দ হোৱাৰ লগে লগেই বস্তু বিধ প্ৰয়োজনীয়তা-অপ্ৰয়োজনীয়তাৰ বিষয়ে চিন্তা নকৰাকৈ যধে মধে কিনাটো এটা অভ‍্যাস হৈ পৰে৷

এনেদৰে হকে-বিহকে চপিং (Shopping) কৰি থকাৰ যি প্ৰৱণতা, এটা সময়ত সেয়া বাঢ়ি গৈ মানুহ গৰাকী একপ্ৰকাৰৰ মানসিক ৰোগত আক্ৰান্ত হয়৷ এনে ধৰণৰ ৰোগক CBD অৰ্থাৎ Compulsive Buying Disorder বুলি কোৱা হয়৷

মুঠতে যেনেকৈ নহওক সাজ-সজ্জা বোৰৰ ফেশ‍্যনৰ ট্ৰেণ্ড বোৰ খুউব বেছি সঘনাই পৰিৱৰ্তন হৈ থাকিলে হেঁচাটো পৰেগৈ ফেশ‍্যন ইণ্ডাষ্ট্ৰি সমূহৰ ওপৰত৷ ফলস্বৰূপে (তথ্য মতে) বিগত বছৰত ব্ৰিটেইনে প্ৰায় ২৫ কোটি বিভিন্ন ধৰণৰ চোলা-কাপোৰ ডাষ্টবিন অৰ্থাৎ বৰ্জিত সামগ্ৰীৰ ভাণ্ডাৰত পঠিয়াব লগা হৈছিল৷

ব্ৰিটেইনত এটা বছৰৰ ভিতৰতে প্ৰতি পাঁচখন কাপোৰৰ মাজৰ পৰা তিনিখন কাপোৰেই বাতিল কৰিব লগীয়া হৈছিল আৰু ল্যাণ্ডফিলৰ পৰা সেইবোৰ সংগ্ৰহ কৰি পুৰি পেলাব লগা অৱস্থা এটাৰ সৃষ্টি হৈছিল৷

এনে ক্ষেত্ৰত সংগ্ৰহিত বাতিল হোৱা কাপোৰখিনি পুৰি পেলাব লগা হওঁতেও জ্বলোৱাৰ বাবে খৰচ বহন কৰিব লগা হৈছিল৷

২০১৫ চনত ব্ৰিটেইনত ফেশ‍্যন ইণ্ডাষ্ট্ৰিৰ কাৰণে এশ বিশ কোটি টন কাৰ্বন উৎপন্ন হৈছিল বুলি তথ্যৰ পৰা জানিব পৰা গৈছে৷

বস্ত্ৰ প্ৰস্তুত কৰোঁতে বা ধুবলৈ পানী আৰু বিদ্যুতৰ প্ৰয়োজন আৰু খৰচ হয়৷ সেই অনুপাতে বাতিল হোৱা বস্ত্ৰ জ্বলাওতেও খৰচ হয়৷ তদুপৰি এই পদ্ধতি বোৰ সম্পন্ন কৰোঁতে বিষাক্ত গেছৰ নিৰ্গমন হয়, যিবোৰ প্ৰকৃতিৰ তথা পৰিৱেশৰ বাবে হানিকাৰক হয়৷

সেয়ে খুব বেছি সঘনাই পুৰণি ফেশ‍্যনবোৰ বাদ দি নতুন ফেশ‍্যন গ্ৰহণ কৰি পৰিৱৰ্তন কৰি থাকিবলৈ হলে – প্ৰত‍্যেকে অলপ হ’লেও বিবেচনা কৰি চোৱা উচিত৷

দেখিবলৈ পোৱা অনুসৰি, একোটা জিনচৰ লংপেণ্ট যিমান দিন যায় অৰ্থাৎ ব‍্যৱহাৰৰ উপযোগী হৈ থাকে, সিমান দিন ইয়াক পৰিষ্কাৰ কৰোঁতে প্ৰায় চাৰি হাজাৰ লিটাৰ পানীৰ আৱশ্যক হয়৷

মাত্ৰ এটা জিনচৰ লংপেণ্ট পৰিষ্কাৰ কৰিবলৈ যদি ইমান পানীৰ আৱশ্যক হয় তেন্তে আমি গোটেই বছৰটোতে জিনচৰ সৈতে অইন যিমান কাপোৰ পৰিধান কৰো আটাইবোৰ কাপোৰ পৰিষ্কাৰ কৰি পিন্ধিবলৈ কিমান পানীৰ প্ৰয়োজন হব?

গোটেই চহৰ অথবা গোটেই দেশৰ কাপোৰ ধুবলৈ কিমান পানীৰ প্ৰয়োজন হব? চিন্তা কৰকচোন এবাৰ৷

বস্ত্ৰ উৎপাদন কৰিবলৈ বিদ‍্যুতৰো প্ৰয়োজন৷ ঠিক একেদৰে কাপোৰ বোৰ পৰিষ্কাৰ কৰিবলৈ মেচিন ব‍্যৱহাৰ কৰিলে তাতেও বিদ‍্যুতৰ খৰচ হয়৷ আকৌ কাপোৰ ইস্ত্ৰি কৰিবলৈকো বিদ‍্যুতৰ প্ৰয়োজন৷

গতিকে বিদ‍্যুতৰ খৰচৰ বৃদ্ধিৰ লগে লগে বিদ‍্যুতৰ উৎপাদনৰ কথাটোও ভাবিবলগীয়া বিষয় নহয় জানো?

হাউজ অফ কমন্সৰ পৰিবেশ বিষয়ক সমিতিয়ে প্ৰতিবেদন দাখিল কৰা মতে আমাৰ যিসকলে কাপোৰ ধুবলৈ মেচিন ব‍্যৱহাৰ কৰোঁ, সেই সকলৰ মাজত মাত্ৰ এটা পৰিয়ালে এবাৰ মেচিনত কাপোৰ পৰিষ্কাৰ কৰোঁতেই প্ৰায় সত্তৰ হাজাৰ কাপোৰৰ তন্তু পানীৰ সৈতে পৰিৱেশৰ লগত মিহলি হৈ যায়৷

এই কমিটিৰ তথ‍্য অনুসৰি ২০৫০ চনলৈ আমাৰ জলবায়ু পৰিবৰ্তনৰ ওপৰত যি প্ৰভাৱ পৰিব তাৰ তিনি ভাগৰ এক ভাগতকৈও বেছি দায়বদ্ধ হব ফেশ‍্যন ইণ্ডাষ্ট্ৰিসমূহ! কথাটো এবাৰ মাত্ৰ চিন্তা কৰি চাওকচোন সকলোৱে৷ কিন্তু ইয়াৰ সমাধান কি? আছেনে পৰিত্ৰাণৰ কিবা উপায়?

ব্ৰিটেইনৰ পৰিবেশ বিষয়ক সমিতিয়ে ইতিমধ্যে কাপোৰ পেলোৱাৰ ওপৰত নিষেধাজ্ঞা আনিবলৈ পৰামৰ্শ দিছে৷ ফেশ‍্যন ইণ্ডাষ্ট্ৰিসমূহৰ পৰিৱেশৰ ওপৰত যি প্ৰভাৱ পৰি আছে তাৰ কাৰণে তেওঁলোকে দায়িত্বভাৰ গ্ৰহণ কৰি তথা সতৰ্কতা অৱলম্বন কৰি পৰিৱেশ প্ৰদূষিত হব নোৱাৰাকৈ যথাযথ ব‍্যৱস্থা লোৱা উচিত৷ বিক্ৰেতা সকলে বিক্ৰী নোহোৱা পোচাকসমূহ পুৰি পেলোৱাৰ যি ব‍্যৱস্থা কৰে, সেয়া অনতিপলমে বন্ধ কৰাৰ ব‍্যৱস্থা হাতত ল’ব লাগে৷

ব্যক্তি হিচাপে আমাৰ কৰণীয় কি?
হয়, এইক্ষেত্ৰত আমাৰো কিছু কৰণীয় আছে৷

আমাৰ পুৰণি বা অব‍্যৱহৃত কাপোৰসমূহ পেলাই নিদি দান দিয়াৰ ব্যৱস্থা কৰিব লাগে৷

অৱশ্যে আমাৰ দৰে বানপানী আদি প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰা দেশখনত কাপোৰ দান কৰাৰ ব‍্যৱস্থা তথা মানসিকতা সকলোৰে আছেই৷

এনেকৈ কাপোৰৰ দান কৰা ব‍্যৱস্থাৰ ফলত কাপোৰৰ ৰিচাইক্লিং হব আৰু ইয়াৰ পৰা কিছু পৰিমাণে হলেও লাভ হব অৰ্থাৎ কাপোৰৰ উৎপাদন বা পুৰি পেলোৱা কাৰ্য্য ৰোধ হ’লে পৰিৱেশ প্ৰদূষণৰ পৰা বাচিব পৰা যাব৷

নিজৰ ইচ্ছানুযায়ী কাপোৰ বাতিল কৰাৰ মানসিক প্ৰৱণতাক ৰোধ কৰিব লাগিব৷

ৰিচাইক্লিং কৰাৰ বাবে পিন্ধাৰ অনুপযোগী হোৱা পুৰণি কাপোৰৰ পৰা বেগ, ভৰি মচা ড’ৰ মেট আদি সামগ্ৰী প্ৰস্তুত কৰি পুনৰ ব‍্যৱহাৰৰ উপযোগী কৰিব পাৰে৷

সদৌ শেষত, কঁপাহী সূতাৰ কাপোৰ, খাদী কাপোৰ আদি ব্যৱহাৰ কৰাৰ অভ‍্যাস কৰিব লাগে৷ এনেবোৰ কাপোৰৰ পৰা পৰিৱেশ প্ৰদূষিত হোৱাৰ সম্ভাৱনা কম থাকে, যত চিন্থেটিক কাপোৰৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা জড়িত হৈ থাকে৷

[কিছু তথ্যৰ সঁহায় লোৱা হৈছে আৰু কিছু মোৰ ব‍্যক্তিগত অনুভৱ]

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!