চকলেট, চুজি আৰু কাটা বিস্কুটৰ ডেজাৰ্ট -সুস্মিতা কে. লেখাৰু

সামগ্ৰী:

১/ চেনি ½কাপ, পানী একাপ

২/চুজি ৩ টে. চামুচ, কৰ্ণফ্লৰ ১ টে. চা, চেনি ¼কাপ, গাখীৰ ১কাপ, বাটাৰ ১চা. চামুচ, ভেনিলা এচেন্স ১চা. চামুচ, কাটা বিস্কুট/ৰাস্ক ৫খন মান

৩/ কৰ্নফ্লৰ ২ টে. চা. + চেনি ৪ টে. চামুচ + গাখীৰ ১ কাপ + চকলেট ¼ কাপ

প্ৰণালী: প্ৰথমে ১ নং ত দিয়া চেনিখিনি কেৰামেলাইজ কৰি লওক৷ চেনি গলাৰ পাছত দিয়ক পানীকাপ দি ৫ মি. মান ৰাখি নমাওক৷ এটা বাছনত বিস্কুটখিনি পাৰি লওক বেছ হিচাপে আৰু তাতে চেনিৰ চিৰাপখিনি তাৰ ওপৰত ঢালি দিয়ক আৰু একাষে ৰাখি দিয়ক৷

এতিয়া ২নং ত দিয়া বাটাৰ আৰু ভেনিলা বাদ দি বাকী সকলোখনি সামগ্ৰী ভালদৰে মিলাই লৈ গেছত দিয়ক মিডিয়াম-ল’ ফ্লেমত৷ চাব যাতে মিশ্ৰণত গোটা নাথাকে৷ যেতিয়া মিশ্ৰণটো ডাঠ হবলৈ আৰম্ভ কৰিব তেতিয়াই বাটাৰ+ভেনিলা দি বাটাৰ গলাৰ পাছত নমাই ঢালি দিয়ক বিস্কুটৰ ওপৰত তৰপ কৰক সমানে আৰু ফ্ৰিজত ৰাখি দিয়ক ‘চেট’ হবলৈ৷

এইবাৰ ৩নংত দিয়া সকলোখিনি আগৰদৰে ভালকৈ মিলাই মধ্যমীয়া জুইত লৰাই থাকক৷ যেতিয়াই ঘন হৈ আহিব জুই নুমুৱাই ফ্ৰীজৰ পৰা ছেট হবলৈ থোৱা বাচনটো উলিয়াই আৰু এটা তৰপ বনাওক৷ পুনৰ ইয়াক ফ্ৰিজত ৰাখক প্ৰায় ৪ ঘ.মান৷ তাৰ পাছত আপোনাৰ পছন্দমতে পৰিৱেশন কৰক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!