আইনষ্টাইনৰ আপেক্ষিকতাবাদ, সঁচা-মিছা. ইটো-সিটো বহুতো…….



আইনষ্টাইনৰ আপেক্ষিকতাবাদ, সঁচা-মিছা. ইটো-সিটো বহুতো…….

o কৃষ্ণা নাথ


আইনষ্টাইনৰ আপেক্ষিকতাবাদ কত কিমান প্ৰযোজ্য হৈছে বা হৈ আছে সেই জ্ঞান মোৰ মুঠেও নাই বুলি কব পাৰি ।কিন্তু ইয়াৰ পৰিব্যাপ্তিয়ে মানৱীয় সম্পৰ্ককো সাঙুৰিছে বুলি কিছুদিনৰ পৰা অনুভৱ কৰিছোঁ । সাধাৰণভাবে আমি অনুভৱ কৰি থকা সঁচা বা মিছা খিনিও আপেক্ষিক যেন বোধ হয়।


এদিন পাণবজাৰত দহ বছৰমানৰ মূৰত কলেজীয়া বন্ধু এজনীক লগ পালো । তেওঁ মোক দেখামাত্ৰকে কলে-তুমি শকত হৈছা।কিন্তু তেওঁ নাজানে যে এবছৰমানৰ আগতে মই আৰু বেছি শকত আছিলোঁ । গতিকে মোৰ দৃষ্টিত মই ক্ষীণাইছো বোলা কথাষাৰহে সঁচা- যিটো মোৰ বন্ধুজনীৰ বাবে মিছা । এয়া নিশ্চয় আপেক্ষিকতাবাদৰ প্ৰভাৱ ।

আকৌ এবাৰ আমি(মই আৰু পৰিয়াল)অসমৰ বাহিৰত কেইদিনমান কটাবলৈ গৈছিলোঁ-লৰাৰ স্কুল বন্ধত ।আমি যিখন হোটেলত উঠিছিলোঁ-তাত ইন্টাৰনেট সেৱা সাময়িকভাবে বন্ধ আছিল। এদিন আমাৰ বাবে নেটত কিবা চোৱাটো অতি দৰ্কাৰী কথা হৈ পৰিছিল। মোৰ পতিয়ে মনত পেলাই দিলে অসমত থকা, আমাৰ বাবে সদায় ভাল চিন্তা কৰা বন্ধু এজনীৰ কথা। কথামতেই কাম।নেট চাই আমাক সহায় কৰি দিয়াৰ কথা কবলৈ পতিদেৱৰ চেলফোনৰ পৰা বন্ধুজনীলৈ ফোন কৰিলোঁ ।কিন্তু মই কিবা এটা কোৱাৰ আগতেই বন্ধুজনীয়ে স্পষ্টভাবে জনাই দিলে যে তেওঁ সেই সময়ত ঘৰত ব্যস্ত থকা বাবে কথা পাতিবলৈ অপাৰগ। আমি আকৌ যিকোনো পৰিস্থিতিত, যিকোনো সময়ত এনে বন্ধুৰ সতে কথা কোৱাটোকহে আগ স্থান দিওঁ।গতিকে স্বাভাৱিকভাবেই আমি কিছু হতাশ হৈ অইনৰ সহায় লৈছিলোঁ। আইনষ্টাইন জীৱিত হৈ থাকিলে তেওঁৰ কি অৱস্থা যে হলহেতেন এনেকুৱা কথাতো আপেক্ষিকতাবাদৰ ব্যাপ্তি দেখি।বন্ধুজনীয়ে তেওঁৰ নিজৰ দৃষ্টিকোণৰ পৰা ঘৰত থকা কথাটোত বেছি গুৰুত্ব দিয়াটো এশ শতাংশই শুদ্ধ আৰু আমি হতাশ হোৱা কথাটোও এশ শতাংশই শুদ্ধ বুলি ভাবিব পাৰি। ইমান বন্ধুত্বৰ পাছত আমি দূৰৰপৰা ব খোজা কথাত গুৰুত্ব নিদিয়াটোও আমাৰ বাবে নিশ্চয় মৰ্মান্তিক আছিল।

শেহতীয়াভাৱে, শাৰদীয় দূৰ্গা পূজাৰ সময়ত আমাৰ পৰিয়ালৰ অতি আপোন মানুহ এজনে এছ.এম.এছ যোগে আমাক পূজাৰ শুভেচ্ছা জনালে আমিও একেধৰণে প্ৰত্যুত্তৰ দি ভাবিলোঁ ফোন কৰিও বাৰ্তা বিনিময় কৰিব পাৰিচোন । লগে লগে চেলফোনত তেওঁৰ নম্বৰ লগালো ।ৰিং হৈ হৈ কাটি গল। ময়ো খঙতে এছ.এম.এছ যোগে শুভেচ্ছা দিয়াটো আৰু ফোন নধৰা কাৰ্যক মহৎ কাৰ্য বুলি জনাই নিদি নোৱাৰিলোঁ। মই নাজানো-এয়াও বোধহয় আপেক্ষিকতাবাদৰে পৰিব্যাপ্তি ।

মহান মনীষিজনাৰ বিখ্যাত তত্ত্বক হেয় কৰাৰ মানসিকতা মোৰ নাই-মাত্ৰ সেই তত্ত্বৰ আলমত মনলৈ অহা অনুভৱ কিছুহে ব্যক্ত কৰিলোঁ । বিজ্ঞজনে মোৰ ভুল হলে ক্ষমা কৰিব।

……………………………………………………………………………………………………………………

 



Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!