আই. আই.টি.ৰ চেণ্ডেল (প্ৰতিভূ দত্ত)

আই. আই.টি.ৰ চেণ্ডেল


আজি দিনটো পঢ়োৱাই ভাগৰি জুগৰি ঘৰ সোমাইছো মাত্ৰ। এওঁৰ চিঞৰ বাখৰ আৰম্ভ হৈ গ’ল।
”তুমি মানুহ মাৰি দিবাহে ! এনেকৈনো যাব লাগে নে ? অকণমান চাই চিতি যাব নোৱাৰা নেকি?”
মই কি হ’ল একো বুজা নাই। মাকৰ চিঞৰ শুনি প্ৰাপ্তি ওলাই আহিল।
এইবাৰ তাই আৰম্ভ কৰিলে, ”দেতা!! তুমি কিয় এনেকুৱা কৰা বাৰু? অকণমান চাব লাগে দিয়াচোন! মানুহে তোমাক দেখি কি বুলি ভাবিছে বাৰু?”
মই সুধিলোঁ, ”কি হ’ল নো?”
দুয়ো দেখুৱাই কি হ’ল দিওঁতে মোৰ মনত পৰিল আই. আই.টি.ৰ চেণ্ডেললৈ !

ফ্লেছবেক:
আমি পঢ়া স্কুলখনত আমাতকৈ দুই শ্ৰেণী ওপৰত এজন বৰ চোকা ল’ৰা আছিল। সকলোৱে ভাবিছিল তেওঁ মেট্ৰিকত স্থান লাভ কৰিব। ফলাফল ভালেই হৈছিল যদিও তেওঁ স্থান নাপালে। তাৰ পাছত তেখেতৰ খবৰ নোপোৱা হ’লোঁ।
নিজেই মেট্ৰিক পৰীক্ষা পাছ কৰি কলেজ পালোঁ। হোষ্টেলত কেনেবাকৈ কথাটো ওলাল যে সেই আমাতকৈ দুই শ্ৰেণী ওপৰত পঢ়া দাদাজন পঢ়া স্কুলখনতে ময়ো পঢ়িছিলোঁ।
দুজনমান জ্যেষ্ঠ আবাসীয়ে মোক উৎসাহ দিলে, ”দাদা এতিয়া আই. আই.টি.ত জাননে ? তয়ো আই. আই.টি.ত পঢ়িব লাগিব।”
মই মূৰ দুপিয়াই সঁহাৰি জনালোঁ, ”অঁ অঁ।”
জ্যেষ্ঠ আবাসীকেইজনে মোক ক’লে, ”দাদাই কেনেকৈ ক্লাছলৈ গৈছিল জান?”
মই ভাবিলোঁ এইটো কেনে ধৰণৰ প্ৰশ্ন!
তেওঁলোকেই জনালে, ”তেওঁ এবাৰ ক্লাছলৈ যাওঁতে পিন্ধি যোৱা চেণ্ডেলজোৰৰ ফিটা চিঙি গ’ল। তাৰ পাছত তেওঁ কি কৰিলে কচোন?”
মই উত্তৰ দিলো, ”মুছিৰ ওচৰলৈ গ’ল ছাগে!!”
জ্যেষ্ঠ আবাসীকেইজনে মোৰ উত্তৰত বৰ ৰস পালে, ”হাঃ হাঃ হাঃ!! তোৰ একো নহ’ব ঔ! তেওঁ ফটা চেণ্ডেল চি.এম.তে এৰি সুদা ভৰিৰেই ক্লাছলৈ গুছি গ’ল।”
মই সুধিলোঁ, ”সঁচা নে?”
”আৰে অকল সেয়েনে? বহুবাৰ তেওঁ দুভৰিত দুপাত বেলেগ বেলেগ চেণ্ডেল পিন্ধিও ক্লাছ কৰিবলৈ গৈছিল। বুজিলি কেনেকৈ পঢ়িলে আই. আই. টিত ছিট পাব পাৰি?”

মই ভালকৈয়ে বুজিলোঁ কথাটো যে আই.আই.টি.ত ছিট পাবলৈ হ’লে চেণ্ডেলৰ অৱদান যথেষ্ট থাকিব লাগিব।
মোৰেই কপাল বেয়া আছিল ছাগে। এদিনো চেণ্ডেলৰ ফিটা নিচিগিল! দুই ভৰিত দুপাত বেলেগ বেলেগ চেণ্ডেল পিন্ধিও ক্লাছলৈ যোৱা নহ’ল কাহানিও! মই যে আই.আই.টি. ছিটো নাপালোঁ। এইটো অৱশ্যে বেলেগ কথা মই যে আই.আই.টিৰ প্ৰৱেশ পৰীক্ষাও দিয়া নাছিলোঁ।

আই.আই.টি.ত নপঢ়িলোঁ যদিও আজি কালি আই.আই.টি.ৰ প্ৰৱেশ পৰীক্ষাৰ বাবে পঢ়াওঁ ল’ৰা ছোৱালীবোৰক। প্ৰায়ে মাক বাপেকবোৰে সোধে, ”আই.আই.টি.ৰ কাৰণে কেনেকৈ পঢ়িব লাগে ?”
কেতিয়াবা কেতিয়াবা মোৰ মন যায় ক’বলৈ, ”আই.আই.টি.ত ছিট পাবলৈ হ’লে চেণ্ডেলৰ অৱদানো লাগিব।”

আজি ঘৰ পাই পাছে মন ভাল লাগি গ’ল। দিনটোত আই.আই.টি.ৰ প্ৰৱেশ পৰীক্ষাৰ বাবে কেলকুলাছ, এলজেব্ৰা পঢ়ালোঁ। ভালেমান অংকও কৰালোঁ। লগতে গোটেই দিনটো বাওঁ ভৰিত এপাট নীলা চেণ্ডেল আৰু সোঁ ভৰিত এপাট বগা চেণ্ডেল পিন্ধি আছিলোঁ।
আজি ল’ৰাবোৰেও অংক ভালকৈয়ে বুজি পাইছিল।
কথাটো সঁচা চাগে, ”’আই.আই.টি.ত ছিট পাবলৈ হ’লে চেণ্ডেলৰ অৱদান যথেষ্ট।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!