হিলিবিলি মিউজিক বজাই যোৱা -(দেৱ প্রতিম হাজৰিকা)

হিলিবিলি মিউজিক বজাই যোৱা
-দেৱ প্রতিম হাজৰিকা
“শ্বিলঙৰে মনালিচা লিংডোশ্বিলঙৰে মনালিচা লিংডোতোমাৰ হাতৰ গীটাৰ খনিতহিলিবিলি মিউজিক বজাই যোৱা….”
ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ দ্বৈত কন্ঠৰ এই প্ৰসিদ্ধ গীতটি নুশুনা মানুহ হয়তো নোলাব | গীতটোৰ সুৰে আমাক শ্বিলঙৰ পাহাৰভূমিলৈ আমাৰ অজানিতে টানি লৈ যায় | গানটোৰ তালে তালে যেন শ্বিলঙৰ পাহাৰৰ মাজত গীটাৰ বজাই আমি মনালিচা লিংডোক বিচাৰি ফুৰোঁ |
কিন্তু এই গীতটিত ভূপেন হাজৰিকাই ব্যৱহাৰ কৰা ’হিলিবিলি মিউজিক’ মানে আচলতে কিনোঁ ? আমি কেতিয়াবা ভাবি চাইছোঁনে এই শব্দৰ অৰ্থ কি ? মোৰ বোধেৰে বহুতে হয়তো জানিলেও অধিকাংশই কিজানি নাজানে |
হিলিবিলি মিউজিকৰ বিষয়ে কোৱাৰ আগেয়ে আমি জানি লওঁ হিলিবিলি(Hillbilly) মানে কি | হিলিবিলি শব্দেৰে সেই সকল আমেৰিকাৰ লোকক বুজোৱা হয় যিসকল লোক গাঁৱলীয়া তথা পাহাৰীয়া অঞ্চলৰ নিবাসী [প্ৰধানকৈ আপালাছীয়া(Appalachia mountains) তথা অ’জাৰ্ক (Ozarks mountains)] | এন্টনী হাৰকিনছৰ মতে, “A Hill-Billie is a free and untrammeled white citizen of Alabama, who lives in the hills, has no means to speak of, dresses as he can, talks as he pleases, drinks whiskey when he gets it, and fires off his revolver as the fancy takes him.”
এতিয়া আহোঁ হিলিবিলি মিউজিকলৈ | হিলিবিলি মিউজিকক এতিয়াৰ কান্ট্ৰী মিউজিকৰ(Country music) পুৰণি সংস্কৰণ বুলিব পাৰি | এই কথা প্ৰথমে উত্থাপন কৰিছিল পিআন’বিদ আল হপকিনছে ১৯২৫ চনত, যি ১৯৫০ চনলৈকে বৰ্তী আছিল |
এতিয়াও এই হিলিবিলি শব্দটো পুৰণি সংগীত বা ব্লুগ্ৰাছ(Bluegrass) সংগীতক বুজাবলৈ ব্যৱহাৰ কৰা হয় | উদাহৰণস্বৰূপে এটা অতি প্ৰখ্যাত সাপ্তাহিক ৰেডিঅ’ অনুষ্ঠানে এবাৰ আয়োজন কৰা এটা সংগীতানুষ্ঠানৰ শিৰোনামা দিয়া হৈছিল “Hillbilly at Harvard” আৰু কোৱা হৈছিল যে এই সংগীতানুষ্ঠান পুৰণি সংগীত বা ব্লুগ্ৰাছ(Bluegrass) সংগীত তথা পৰম্পৰাগত কান্ট্ৰী আৰু ৱেষ্টাৰ্ণ মিউজিকলৈ উৎসৰ্গ কৰা হৈছিল |
পুৰণি কিছুমান গীত য’ত হিলিবিলি শব্দ ব্যৱহাৰ কৰা হৈছিল, তাৰ ভিতৰত উল্লেখযোগ্য হ’ল য়ৰ্ক ব্ৰাডাৰ্ছৰ ১৯৮২ চনৰ “Hillbilly Rose” আৰু ডেলমৰ ব্ৰাডাৰ্ছৰ ১৯৪৬ চনৰ “Hillbilly Boogie” | তাৰ আগতে ১৯২০ৰ সময়ত এই সংগীতৰ আলমতে গঢ় লৈ উঠিছিল “Beverly Hillbillies” নামৰ এটা বেণ্ডৰ | ১৯২০ৰ সময়ছোৱাত আৰু এটা বেণ্ড “Hill Billies” গঢ়ি উঠিছিল এই সংগীতৰ আলমতেই | এই বেণ্ডটোত আছিল আল হপকিনছ আৰু ফিডলিন চাৰ্লি বউমেন | ১৯৪০ৰ শেষৰফালে হিলিবিলি মিউজিক মানে আপালাছীয়া পৰ্বতৰ বাসিন্দাসকলে গোৱা গান বুলি চিহ্নিত হ’বলৈ ধৰিলে | কিন্তু এই পৰ্বতীয়া লোকসকল, যিসকলে আচলতে এই গীত গাইছিল তেওঁলোকে সেই সংগীতক বুজাবলৈ এই শব্দৰ (হিলিবিলি) কেতিয়াও ব্যৱহাৰ কৰা নাছিল |
হিলিবিলি আৰু আফ্ৰিকীয়-আমেৰিকান, এই দুয়োবিধ গুণবিশিষ্ট সংগীতবিধক ১৯৪০ৰ শেষৰফালে আৰু ১৯৫০ৰ আৰম্ভণিত কোৱা হৈছিল হিলিবিলি বুগী(Hillbilly boogie) বুলি আৰু ১৯৫০ৰ মাজভাগত এই সংগীতে নাম পালে ৰকেবিলী(Rockabilly) | এই পাছৰবিধ সংগীত মানে ৰকেবিলীৰ এজন প্ৰখ্যাত সংগীতজ্ঞ হ’ল এলভিছ প্ৰিছলী | তেওঁৰ এটা উপনাম আছিল “Hillbilly Cat” | কেৰিয়াৰৰ প্ৰথমভাগত সকলোৱে তেওঁক এই নামেৰেই জানিছিল | ১৯৫৮ চনত যেতিয়া কান্ট্ৰী মিউজিক এছচিয়েছন( Country Music Association) প্ৰতিষ্ঠা হ’ল তেতিয়া হিলিবিলি মিউজিক শব্দৰ ব্যৱহাৰ লাহে লাহে কমি আহিব ধৰিলে | কিন্তু ৰকেবিলী শব্দৰ ব্যৱহাৰ এতিয়াও প্ৰচলিত | পাছলৈ হিলিবিলি মিউজিক, ৱেষ্টাৰ্ণ ছুইং আৰু কাউবয় মিউজিকক একলগ কৰি নাম দিয়া হ’ল কান্ট্ৰী এণ্ড ৱেষ্টাৰ্ণ অথবা চমুকৈ C&W |
প্ৰখ্যাত ফিডল(ভায়লিন) বাদক ভাছাৰ ক্লীমেন্টছে তেওঁৰ সংগীত শৈলীক নাম দিছিল হিলিবিলি জেজ (Hillbilly Jazz) বুলি | এই সংগীতৰ বেছিভাগ বাদ্যযন্ত্ৰই আছিল তাঁৰযুক্ত(String Instruments)| এই হিলিবিলিক কেন্দ্ৰ কৰি বহুতো উপন্যাস তথা কথাছবিৰ নিৰ্মাণো হৈছিল তথা বহুতো কথাছবিত এই হিলিবিলিৰ উল্লেখ আছিল |
সময়ৰ সোঁতত হেৰাই গ’লেও প্ৰত্যক্ষ তথা পৰোক্ষভাৱে আজিৰ বহুতো সংগীতৰ উৎপত্তি এই হিলিবিলি মিউজিকৰ পৰাই হৈছে | সেয়ে হয়তো ভূপেন হাজৰিকা দেৱেও কৈ গৈছিল,
“তোমাৰ হাতৰ গীটাৰ খনিতহিলিবিলি মিউজিক বজাই যোৱা….”
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!