আগতে Vs এতিয়া

আগতে Vs এতিয়া

সংগ্ৰাহক : শ্ৰী বনজীত্‍ পাঠক

আগতে……

ক্ৰিং ক্ৰিং ক্ৰিং…..

হেল্ল,

(সিফালৰ পৰা) হেল্ল, কোনে কৈছেলে বাৰু ?

হেৰি নহয় এইটো নিত্য কটকীৰ ঘৰ নহয়নে বাৰু ?

অ’ হয়, আপুনি কোনে কৈছিলে ?

অ; ম‍ই যোৰহাটৰ পৰা অৰুণ বৰুৱাই কৈছিলো |

অ’ মামা, কি খবৰ আপোনাৰ, বহুদিনৰ মূৰত ফোন কৰিলে যে ? মামীৰ ভালনে বাৰু ?

অ’ ভালেই আছো, হেৰি নহয় নয়ন, ম‍ই বহুতদিন ধৰি ফোন কৰিবলৈ চেষ্টা কৰি পোৱা নাছিলো,ফোনটো  dead আছিল নেকি অ ?

হয় মামা, ওচৰতে ধোবী ঘাট এটা আছে নহয়, মাজে মাজে তাৰবোৰ কাটিলৈ যায়, কাপোৰ মেলা ৰছী কৰিবলৈ, দেউতাই P&T officeঅলৈ গৈ গৈ ৪দিন মান আগতে ফোনটো ঠিক কৰালে |

অ’ ভালেই হল দে , আজি কালি এই ফোনবোৰ হোৱাৰ  পৰা অন্ততঃ ২-৩ মাহৰ মুৰে মুৰে তহতঁৰ খা-খবৰ এটা লব পৰা হৈছো , বাৰু হেৰি নহয়, দেউতাৰক দেছোন,  ভিনদেউৰ খবৰ এটা লওঁ, আকৌ   ফোনৰ লাইন বা  কেতিয়া পাওঁ কব নোৱাৰো নহয় |

 

ৰব দেই মামা, দি আছো..( দেউতা অ  দেউতা যোৰহাটৰ অৰুণ মামাই ফোন কৰিছে.. )

 

 

আজিকালি

ringtone বাজিছে… (যি কোনো শব্দ কল্পনা কৰি ললেই হ’ল)

তোমাৰ এই mobileটোৰ পৰা উপাই নাই আৰু, শান্তিৰে  হ’লত বহি চিনেমা এখনো চাবলৈ নাপাওঁ, বিয়া আগতেই এনেকুৱা….

—  কিয় তেনেকৈ কৈছা  নাপায় নহ্য়, important phoneনো হব পাৰে..

—- থোৱা  তোমাৰ important phone  !!!

ringtone বাজিয়েই  আছে…

 

অ’ মামা, আকৌ ফোন কৰিলে যে ?  কওকছোন কি হল ?…

.হেৰি ত‍ই কত আছে , দেউতাৰে mobileটো off কৰি  থৈছে, কাৰোবাৰ লগত আকৌ কিবা লাগিল নেকি ?

অ’ মামা ম‍ই ঘৰত নাই নহয় , এখন অতি জৰুৰী meetingত আছো, ম‍ই ঘৰলৈ গৈ আপোনাক miss call দিম বাৰু …

অ, হয় নেকি, জানো পাই এই mobileবোৰ হোৱাৰ পৰা কোন  কত থাকে একো ধৰিব নোৱাৰা হলো.. হ’ব বাৰু দে …..

(এইটো মোৰ আগৰ লেখা, আপোনালোকৰ বহুতেই হয়তো পঢ়িছেই, তথাপিও ইয়াত আকৌ উঠাই দিলো)

 

Don`t copy text!