বিহুক কেনেকৈ বিশ্ব দৰবাৰলৈ ?

বিহুক কেনেকৈ বিশ্ব দৰবাৰলৈ ?

বুলজিৎ বুঢ়াগোহাঁই

ৰঙালী বিহু অসমৰ জাতীয় উৎসৱ ।ৰাজ্যখনৰ সকলো অঞ্চলৰ লগতে প্রৱাসী অসমীয়া সকলেও বিহু পালন কৰে।বিভিন্ন ঠাইত ৰঙালী বিহু সন্মিলন সমিতিবোৰৰ উদ্যোগত ৰঙালী বিহু উপলক্ষে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে।ইয়াৰ লগত সংহতি ৰাখি বহুতো ৰঙালী বিহু উদযাপন সমিতিয়ে “স্মৃতি গ্রন্থ” প্রকাশ কৰে আৰু বিহু সর্ম্পকীয় প্রবন্ধ পাতিৰ লগতে বিভিন্ন লেখা প্রকাশ হয় । কিন্তু এই “স্মৃতি গ্রন্থ” সমুহ সাধাৰণতে যি অঞ্চলত প্রকাশ হয়, সেই অঞ্চলসমুহতে বিতৰণ হোৱা দেখা যায়।বেলেগ অঞ্চলৰ ৰাইজে সংগ্রহ কৰিবৰ উপায় নাথাকে। এই প্রবন্ধৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ লগতে প্রবাসী অসমীয়া সকলৰ ৰঙালী বিহু উদযাপন সমিতিবোৰক আহ্বান জনাব বিচাৰিছোঁ যে বিহু উপলক্ষে প্রকাশিত “স্মৃতি গ্রন্থ”ৰ এটি কপি ৰাজ্যিক কেন্দ্রীয় পুথিভঁৰালৈ পঠিয়ালে ভাল হয় । ৰাজ্যিক কেন্দ্রীয় পুথিভঁৰাল কর্তৃপক্ষই যাতে “স্মৃতি গ্রন্থ” সমুহ ৰখা ব্যৱস্থা কৰে তাৰ বাবে এই প্রবন্ধৰ অনুৰোধ জনালোঁ ।

এতিয়া প্রযুক্তিৰ যুগ ।আমি সকলোৰে ইয়াৰ সুযোগ গ্রহণ কৰা উচিত। প্রযুক্তিৰ সহায়ত আমি আমাৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ বিষয়ে বিশ্ব দৰবাৰত দাঙি ধৰিব পাৰোঁ।বিহু উপলক্ষে প্রকাশিত সকলোবোৰ “স্মৃতি গ্রন্থ” ইণ্টাৰনেটত উপলব্ধ কৰিব লাগে যাতে পৃথিৱীৰ বিভিন্ন প্রান্তত থকা লোকে পঢ়িব পাৰে। এই “স্মৃতি গ্রন্থ”বোৰত অতি কমেও এটিকৈ ইংৰাজী আৰু হিন্দী ভাষাত বিহু সস্পকীয় প্রৱন্ধ প্রকাশ কৰিব লাগে আৰু সম্ভৱ হ’লে পৃথিৱীৰ বিভিন্ন ভাষাত বিহুৰ বিষয়ে দুষাৰীমান হ’লেও লিখিব লাগে।তাৰ ফলত পৃথিৱীৰ বিভিন্ন প্রান্তত থকা লোকসকলে বিহুৰ বিষয়ে কিছু হ’লেও আভাষ পাবলৈ সক্ষম হ’ব।তেতিয়া বিহুৰ বিষয়ে বেছিকৈ জানিবলৈ আগ্রহ প্রকাশ কৰিব হয়তো বহুতো বিহু বিষয়ে গৱেষণা কৰিবলৈও আগবাঢ়ি আহিব।সেইদৰে বিহুৰ প্রতি আর্কষিত হৈ দেশী-বিদেশী পর্যটক আমাৰ ৰাজ্যখনলৈ আগমন হ’ব আৰু তাৰ ফলত ৰাজ্যখন কিছু পৰিমাণে হ’লেও অর্থনৈতিক ভাবে লাভবান হ’ব।
বিভিন্ন ঠাইত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানবোৰৰ ভিডিঅ’ কৰি আমি YouTube নিচিনা ৱেবচাইতবোৰত আপলোড কৰিব পাৰোঁ যাতে পৃথিৱীৰ সকলো অঞ্চলৰ ৰাইজে চাব পাৰে।
বিহুৰ বিষয়ে প্রচাৰৰ বাবে উপযুক্ত মাধ্যম হ’ব পাৰে ব্ল’গ (blog) । ব্ল’গ হৈছে ইণ্টাৰনেটৰ জৰিয়তে নিজৰ ভাব,চিন্তা আদি লিখিব পৰা এটা মুকলি পৃষ্ঠা , লগতে ফটো আদি ইয়াত সংযোজন কৰিব পাৰি। ইয়াত ইংৰাজী, হিন্দী উপৰি অসমীয়া লগতে পৃথিৱী বিভিন্ন ভাষাত লিখিব পাৰি। ইণ্টাৰনেট ব্যৱহাৰ জনা সকলোৰে নিজৰ নিজৰ ব্ল’গ আৰম্ভ কৰিব পাৰে। এই লিখকৰ বিহুগীত সংগ্রহ ব্ল’গটি হ’লhttp://buljit.blogspot.com/ এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে অসমীয়া ভাষাৰ সমল ইণ্টাৰনেটত কম। ব্ল’গবোৰত অসমীয়াত ( ইউনিক’ডত) লিখি ইণ্টাৰনেটত সমল বহুৱাত সহায় কৰিব পাৰোঁ।
নগৰ তথা মহানগসমূহৰ লগতে বহু গাওঁ অঞ্চলতো আজিকালি ইণ্টাৰনেট তেনে সহজলভ্য হৈ উঠিছে। আজিকালি মোবাই’লৰ পৰাও ইণ্টাৰনেট কৰিব পৰা ব্যৱস্থা হৈ উঠিছে।
যুৱ প্রজন্মৰ মাজত ছ’চিয়েল নেটৱর্কিং ছাইট’-ফেচবুক,অৰকুট,টুইটাৰ আদি খুব জনপ্রিয়।এই ছাইটবোৰৰ জৰিয়তে যুৱ প্রজন্মক বিহুৰ প্রতি আর্কষিত কৰিব পাৰি আৰু তাৰ পিছত যুৱ প্রজন্মক বিহুৰ বিষয়ে প্রচাৰ ক্ষেত্রত সহায় ল’ব পাৰি।
সামৰণিত,এটা কথা ক’ব বিচাৰিছোঁ ৰঙালী বিহুত প্রিয়জনক উপহাৰ প্রদান কৰে ইজনে সিজনক আৰু নতুন কাপোৰ-কানি লয়। এই ৰঙালী বিহু বতৰতে আমি এটা কথা ভাবিব পাৰোঁ। আমি পঢ়ি অহা শিক্ষানুষ্ঠানৰ পুথিভঁৰালৈ একোখনি গ্রন্থ উপহাৰ স্বৰৃপে পঠিয়াব পাৰোঁ।

Don`t copy text!