আজিৰ স্বাস্থ্য কথাত নাৰীৰ বক্ষৰ সমস্যা (ডা০ ভূপেন্দ্ৰ শইকীয়া )

 

 

 

স্পৰ্শকাতৰ এই বিষয়টোৰ লগত বহুতো সূক্ষ্ম কথা জড়িত হৈ আছে৷ সঘনাই নহলেও মাজে মাজে বাতৰিত পঢ়িবলৈ পোৱা যায় – অমুক নায়িকা বা মডেলে তেওঁৰ বক্ষৰ প্লাষ্টিক চাৰ্জাৰী কৰি স্তনৰ আকাৰ ডাঙৰ বা সৰু কৰি লৈছে৷ মই ইয়াত বলিউডৰ সেই মহিলাসকলৰ নাম উল্লেখ কৰি পৃষ্ঠা ভৰাব খোজা নাই৷ আপোনাসকলে হয়তো নুশুনাকৈ থকা নাই যে হলীউডৰ নায়িকাসকলে বক্ষৰ বীমাও কৰাই ৰাখে৷ এজন চিকিৎসকৰ দৃষ্টিৰে কাকো লঘু নকৰাকৈ নাৰীৰ এই গোপন অংগৰ বিষয়ে কিছু লাগতিয়াল কথা সংবেদনশীল পাঠকসকলক আৰু বিশেষকৈ মহিলাসকলক অৱগত কৰাব খুজিছোঁ৷

চিৰন্তন কালৰ পৰা নাৰীৰ স্তনযুগল সৌন্দৰ্য্যৰ প্ৰতীক হিচাপে চিহ্নিত হৈ আহিছে৷ নালন্দাৰ খনন কাৰ্য্যত উদ্ধাৰ হোৱা নাৰী মূৰ্তিয়েই হওক, খাজোৰাহোৰ মন্দিৰত বা মদনকামদেৱৰ দেৱালয়তে হওক, নাৰীমূৰ্তিত বক্ষযুগলক সদায় প্ৰাধান্য দি অহা হৈছে৷ সাহিত্য আৰু লোকসংগীতৰ ক্ষেত্ৰত, বিহুগীতত (বুকুত পদুমৰ চকা), ৰাসলীলাৰ চৰ্চাত, সংস্কৃতৰ কালিদাসেই হওক বা অইন কবি সকলৰেই হওক শৃঙ্গাৰ ৰসৰ বৰ্ণনাত স্তনৰ বিস্তৃত বিৱৰণ পোৱা যায়৷ উৰ্দূ শায়ৰ আৰু গজল গায়ক সকলো এই ক্ষেত্ৰত পিছ পৰি থকা নাই৷ ব্ৰিটিছ বা আইৰিছ কবিসকল যেনে শ্বেক্সপিয়েৰ, কীটচ, শ্যেলি,বাইৰণ, পাবলো নেৰুদা, অস্কাৰ ৱাইল্ড আদিৰ ৰোমান্টিক ৰচনাৱলীত নাৰীৰ বক্ষৰ কথা অৱশ্যেই উল্লেখ আছে৷

আকৌ নাৰীক মহীয়ান কৰে মাতৃত্বই৷ নাৰীয়ে নিজা স্তনৰ যোগেদি সন্তানক দুগ্ধপান কৰায়৷ মাতৃত্বৰ এই পৰিতৃপ্তি, এই গৌৰৱানুভূতিৰ কোনো তুলনা নাই৷ সন্তান জন্মৰ পিছৰ মাতৃ দুগ্ধত শিশুক ৰোগ প্ৰতিৰোধ কৰিব পৰা অনেক তত্ব আৰু পৰিপুষ্টিৰ যোগান ধৰা পদাৰ্থ থাকে৷ আজিৰ দিনৰ তথাকথিত ‘আধুনিক’ সেইসকল মাতৃ পুতৌ আৰু গৰিহণাৰ যোগ্য যি সকলে নিজৰ ‘ফিগাৰ’ বেয়া হোৱাৰ ভয়ত নিজ সন্তানক স্তনপান নকৰায়৷ প্ৰকৃততে নিজ শিশুক যিমান বেছি দিনলৈ পাৰে সিমান দিনলৈ স্তনপান কৰোৱাতো মাতৃ আৰু শিশু উভয়ৰ পক্ষেই মংগলজনক৷

আলোচনাটো আগবঢ়োৱাৰ আগতে তিনিটা ঘটনা পাঠকসকলক জনাওঁ৷

এজন যুৱকে বিয়াৰ ৬মাহ নৌহতেই গম পালে ঘৈণীয়েকৰ এটা স্তনত টিউমাৰ হৈছে৷ এজন চাৰ্জনক দেখোৱাত কলে অপাৰেচন কৰিলে আৰোগ্য হ’ব৷ দম্পত্তিহালে ভয় খাই মোৰ ওচৰ চাপিল৷ গিৰিয়েকে কওঁ নকওঁকৈ সংকোচেৰে ক’লে- এনেয়ে মানুহজনীৰ স্তন দুটা সৰু, তাৰে এটা যদি কাটি পেলায় কিটো থাকিব! মই আশ্বাস দিলোঁ- এইটো এটা নিৰীহ টিউমাৰ ৷ কেইমাহমান দৰব খালে ভাল হ’ব বুলি মোৰ অনুমান৷ তিনিমাহ ভিটামিন ই ৪০০ খাবলৈ পৰামৰ্শ দিলোঁ৷ সঁচাকৈয়ে ৬মাহত টিউমাৰৰ চিনমোকাম নাইকিয়া হ’ল৷ ঘটনাটোৰ আজি কুৰি বছৰ পাৰ হ’ল৷ তিনিটি সন্তানৰ সৈতে আজি তেওঁলোকৰ সুখী পৰিয়াল৷

 

দ্বিতীয়টো ঘটনা আন এহাল নববিৱাহিত দম্পত্তিৰ৷ স্তনৰ টিউমাৰৰ অপাৰচনৰ এবছৰ নৌহওঁতেই পুনৰ ৰোগে পোখা মেলাত আতংকিত হৈ মোৰ কাষ চাপিল৷ মই ডেনাজল আৰু ভিটামিন-ইৰ সৈতে কিছু বুজনি দি মাহে মাহে শৰীৰ পৰীক্ষা কৰাবলৈ আহি থাকিবলৈ পৰামৰ্শ দিলোঁ৷ দুমাহত টিউমাৰটো লুপ্ত হ’লত ডেনাজল নামৰ ঔষধটো বন্ধ কৰিলোঁ৷ আজি দহটা বছৰে মানুহজনীৰ ৰোগৰ পুনৰাবৃত্তি হোৱা নাই৷ ডেনাজল কি পিছলৈ জনাই আছোঁ৷

তৃতীয়টো ঘটনা কৰুণ৷ হাজো অঞ্চলৰ ৩০ৰ ওপৰৰ এগৰাকী যুৱতীৰ বিবাহৰ পিছত স্তনৰ টিউমাৰ ধৰা পৰিল৷ টিউমাৰৰ অপাৰেচন কৰি বায়’স্পি ৰিপৰ্টৰ যোগেদি কেঞ্চাৰ হোৱাতো নিশ্চিত হ’ল৷ গুৱাহাটীৰ বিৰুবাৰীৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিস্থানত চিকিৎসা আৰম্ভ কৰিলে৷ চাওঁতে চাওঁতে সুন্দৰ চেহেৰাৰ ছোৱালীজনীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিব ধৰিলে৷ আঁঠুলৈকে পৰা দীঘল চুলি সৰি প্ৰায় টকলা হ’ল৷ প্ৰতি দেৰ-দুমাহে তেজ লৈয়ো শৰীৰৰ কান্তি ঘূৰি নহিল আৰু বিয়াৰ তিনিবছৰতে ইহ সংসাৰ এৰিবলগীয়া হ’ল৷ পেছাত যুৱতীগৰাকী নাৰ্চ আছিল৷ চকুৰ আগত তিলতিলকৈ মৃত্যুলৈ বাট চাবলগীয়া হোৱাটো কিমান বেদনাদায়ক ভূ্ক্তভোগী পৰিয়ালেহে বুজিব !

 

মহিলাসকলক আতংকিত কৰা স্তনৰ দুটি ৰোগ হ’ল – কৰ্কট ৰোগ আৰু ফাইব্ৰ’এডিন’মা ৷ প্ৰথমটো বিপদজনক – এবাৰ ৰোগাক্ৰান্ত হৈ চিকিৎসা লোৱাৰ পিছত ৫বছৰত পুনৰাই হয় আনটো স্তনত নাইবা একেটা স্তনত ৰোগে দেখা দিয়ে৷ উন্নত দেশসমূহত যেনে আমেৰিকা,কানাডা, অষ্ট্ৰেলিয়া, ব্ৰিটেইন, নেডাৰলেণ্ড, ডেনমাৰ্ক,চুইজাৰলেণ্ড, চুইডেন, চিংগাপুৰ আদি দেশৰ প্ৰতি ৮ৰ পৰা ১০ গৰাকী মহিলাৰ জীৱনকালত স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷ ভাৰতবৰ্ষত প্ৰতি ২২গৰাকীৰ ভিতৰত এগৰাকীৰ এই সম্ভাৱনা থাকে৷ ফ্ৰান্সৰ ইন্টাৰনেছনেল এছ’ছিয়েচন অৱ কেঞ্চাৰ ৰিচাৰ্চৰ প্ৰকাশিত তথ্য মতে ভাৰতত প্ৰতিবছৰে ৩ শতাংশকৈ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ বৰ্তমান প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে ৮০টা কে’ছ দেখা যায়৷ ২০১৫চনত এই সংখ্যা ১৪৬জনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ কাৰণ অত্যাধুনিক লাইফষ্টাইল বা জীৱন শৈলীৰ পৰিৱৰ্তন বুলি ঠাৱৰ কৰা হৈছে৷ ২০১১ চনৰ ১১ অক্টোবৰৰ ভাৰতৰ ডি এন এ নামৰ ইংৰাজী দৈনিকখনে ভাৰতৰ বিভিন্ন কেন্সাৰ বিশেষজ্ঞৰ উক্তিৰে এই একেটা বাতৰিকে প্ৰকাশ কৰিছে৷

বক্ষৰ কম বিপজ্জনক ফাইব্ৰএডিন’মাৰ কথা আলোচনা কৰাৰ আগতে স্তনৰ কৰ্কট ৰোগৰ বিষয়ে কিছু কথা জনাই লওঁ৷

স্তনৰ কেন্সাৰ মহিলাৰ দ্বিতীয় সৰ্বসংখ্যক প্ৰাণ লোৱা কেন্সাৰ ৰোগ৷ ই দুই ধৰণৰ হব পাৰে – ডাক্টেল কাৰচিন’মা নাইবা ল’বুলাৰ কাৰচিন’মা ৷

বয়স আৰু লিংগ- সাধাৰণতে ৫০বছৰ বয়সৰ ওচৰ চপাৰ লগে লগে কেন্সাৰৰ সম্ভাৱনা বাঢ়ে৷ পুৰুষৰো স্তনৰকৰ্কট ৰোগ হয়, কিন্তু পুৰুষৰ তুলনাত মহিলাৰ ১০০ভাগ সম্ভাৱনা বেছি৷

ফেমিলি হিস্ত্ৰি: সাধাৰণতে একে পৰিয়ালৰ লোকৰ বক্ষৰ, ক’ল’নৰ, ডিম্বাশয় বা জৰায়ুৰ কৰ্কট ৰোগ হলে স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি দেখা যায়৷ বি আৰ চি এ-১আৰু বি আৰ চি এ -২ জিনৰ বিজুটি ঘটিলে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা ৮০শতাংশলৈ বৃদ্ধি পায়৷

মাহেকীয়াৰ লগত সম্বন্ধ – ১২বছৰ বয়সৰ আগতে মাহেকীয়া আৰম্ভ হোৱা (Menarche) আৰু ৫০বছৰৰ পিছত মাহেকীয়া বন্ধ হোৱা(Menopause) মহিলাৰ কৰ্কট ৰোগৰ সম্ভাৱনা বেচি দেখা গৈছে৷

হৰম’ন ৰিপ্লেচমেন্ট, গৰ্ভনিৰোধক পিল আৰু যিকোনো অসুখতে ৰেডিয়েচন থিৰাপি লোৱা মহিলাৰ কৰ্কটৰ সম্ভাৱনা বেছি৷

মদ্যপান আৰু ধূম্ৰপানো এনে কেন্সাৰৰ কাৰক বুলি চিহ্নিত হৈছে৷

গৰ্ভধাৰণৰ বয়স – যিসকল মহিলা ৩০ৰ তলত বা কম বয়সত গৰ্ভৱতী হয় – তেওঁলোকৰ কেন্সাৰৰ সম্ভাৱনা কম৷

আৰু অন্যান্য কিছু কাৰকৰ বিষয়ে পিছত আলোচনা কৰিম৷

 

এতিয়া চমুকৈ স্তনৰ কৰ্কট ৰোগৰ বৰ্ণনা দিওঁ :-

বক্ষত টেমুনা (Lump ) হোৱা – টান, খহটা, চুক-কোণবিলাক বিশৃঙ্খল আৰু সাধাৰণতে বিষ নোহোৱা৷

স্তনৰ আকৃতি প্ৰকৃতি সলনি হোৱা – স্তন আৰু নিপ’লৰ বৰণ, স্থান আৰু দেখিবলৈ স্বাভাৱিক আকৃতিৰ সলনি হোৱা৷

স্তনাগ্ৰ অৰ্থাৎ নিপ’লৰ পৰা তৰল পদাৰ্থ নিৰ্গত হোৱা৷

স্তনৰ পৰা তেজ-পূঁজ ওলালে, সেই দিশত গাঙঠি উঠিলে,বাহু ফুলি উঠিলে,বিষ অনুভৱ হলে আৰু শৰীৰ ওজন হ্ৰাস হলে কৰ্কট ৰোগৰ অৱস্থা গুৰুতৰ হোৱাতো সূচায়৷

কেন্সাৰৰ চিকিৎসা তিনিধৰণে হয়৷ শল্য চিকিৎসা, কেম’থিৰাপি আৰু ৰেডিয়েচন থিৰাপি৷ ৰোগীৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে চিকিৎসা পদ্ধতি ঠিৰাং কৰে৷

 

এতিয়া আনবিধ স্তনৰ নিৰীহ টিউমাৰ ফাইব্ৰ’এডিন’মা ব্ৰে’ষ্টৰ বিষয়ে আলোচনা কৰিম৷

৩০-৩৫ বছৰৰ তলৰ মহিলাৰ বক্ষত হোৱা এবিধ টিউমাৰ হ’ল ফাইব্ৰ’এডিন’মা৷ ই কৰ্কট ৰোগৰ পূৰ্বসুৰি নহয়৷ বগা ছালৰ মহিলাৰ তুলনাত ক’লা ছালৰ মহিলাৰ এই ৰোগ বেচিকৈ হয়৷ নিৰ্দিষ্ট কাৰণ জ্ঞাত নহলেও ইষ্ট্ৰ’জেন হ’ৰমনৰ প্ৰভাৱ টিউমাৰৰ ওপৰত পৰে বুলি প্ৰমাণিত হৈছে৷ সেয়ে মাহেকীয়াৰ বিভিন্ন সময়ত,গৰ্ভধাৰণ আৰু মাহেকীয়া বন্ধ হ’বৰ সময়ত টেমুনাৰ আকাৰ সৰু হব ধৰে৷

শৰীৰৰ সাধাৰণতে এটা স্তনতহে টেমুনা হয় যদিও ১৫শতাংশ মহিলাৰ ক্ষেত্ৰত দুয়োটা স্তনেই আক্ৰান্ত হয়৷ ১০ শতাংশ মহিলাৰ টেমুনা নিজে নিজে নাইকিয়া হয়৷ আকৌ তাৰে কিছু সংখ্যকৰ টিউমাৰৰ পুনৰ আবিৰ্ভাৱ হয়৷

বিষৰহিত টেমুনাটো মিহি, চুক-কোণ সমান,লৰচৰ কৰাব পাৰি৷ সেয়ে কেতিয়াবা ইয়াক ‘বক্ষৰ নিগনি’ও আখ্যা দিয়া হয়৷ টেমুনাটো ফাইব্ৰাচ কোষ আৰু গ্লেণ্ডুলাৰ কোষৰ সংমিশ্ৰণ৷

সাধাৰণতে ১৫ৰ পৰা ৩৫বছৰৰ মহিলাৰ ফাইব্ৰ’এডিন’মা হয়৷ গৰ্ভধাৰণ কৰিলে, মাতৃদুগ্ধ পান কৰোৱা মহিলাৰ টেমুনাৰ আকাৰ হ্ৰাস পোৱা দেখা যায়৷ এণ্টি-এণ্ড্ৰ’জেনিক ঔষধ সেৱন কৰা পুৰুষৰো ফাইব্ৰ’এডিন’মা হ’ব পাৰে৷ টিউমাৰটো এটা মটৰ মাহৰ পৰা এটা নেমুৰ সমান আকৃতিৰ হব পাৰে৷

ৰোগৰ চিনাক্তকৰণ – সাধাৰণতে ৰোগীক পৰীক্ষা কৰিয়েই ফাইব্ৰ’এডিন’মা চিনাক্ত কৰিব পাৰি৷ কেতিয়াবা বক্ষৰ আলট্ৰাচাউণ্ড, এম আৰ আই বা নিডল বায়স্পিৰ সহায় লোৱা হয়৷

চিকিৎসা – কিছুসংখ্যক ৰোগীৰ অপাৰেচন কৰি ফাইব্ৰ’এডিন’মা আঁতৰ কৰা হয়৷ যদি ৰোগী কেন্সাৰৰ আশংকাত ভূগিছে নাইবা টেমুনাৰ আকাৰ ক্ৰমে খৰকৈ বাঢ়িলে,বা বিষ হ’লে এনে কৰা হয়। অন্যথাই ভিটামিন-ই, প্ৰিমৰ’জ অইল খাবলৈ দি ৰোগীক নিৰীক্ষণত ৰখা হয় আৰু বহুতৰে টিউমাৰ কেইমাহমানত লুপ্ত হয়৷

অৰমিল’স্কিফেন নামৰ নন-ষ্টেৰইডেল, নন-হৰম’নিক টেবলেট কিছুমান ৰোগীক দি ভাল ফল পোৱা গৈছে৷

আমাৰ দেশত সপ্তাহত এদিন খাবলৈ দিয়া সহেলিনাম গৰ্ভনিৰোধক পিলত অৰমিলস্কিফেন থাকে৷

আকৌ আগতে উল্লেখ কৰা ডেনাজল হ’ল এবিধ টেষ্টষ্ট’ৰেনৰ লগত মিল থকা পুৰুষ হৰম’ন৷ ইয়াক সতৰ্কতাৰে ব্যৱহাৰ কৰিব লাগে যাতে পাৰ্শ্বক্ৰিয়া যেনে ওজন বঢ়া, শৰীৰত অপ্ৰয়োজনীয়কৈ দাঢ়ি-চুলি গজা, স্ত্ৰী যৌনাংগ শুষ্ক হৈ পৰা, স্তন দুটাৰ আকাৰ সৰু হৈ পৰা আদি হবলৈ নাপায়৷ ডেনাজলক মহিলাৰ এণ্ডমেট্ৰিয়’ছিছ আৰু জৰায়ুৰ অকাৰণতে হোৱা ৰক্তক্ষৰণ ৰোধ কৰিবলৈও ব্যৱহাৰ কৰা হয়৷

 

ইয়াৰ ওপৰিও আলট্ৰাচাউণ্ডগাইডেড ক্ৰায়োচাৰ্জাৰী (অতি শীতলতা প্ৰদানৰে কৰা এক চিকিৎসা পদ্ধতি) নাইবা অত্যাধুনিক লেজাৰৰ সহায়ত টিউমাৰক আঁতৰাব পাৰি৷

 

এতিয়া থুলমুলকৈ নাৰীৰ বক্ষৰ স্বাস্থ্য ৰক্ষাৰ কেইটামান কথা উল্লেখ কৰি লিখনি সামৰিম৷

শৰীৰৰ ওজন নবঢ়াব৷ বি এম আই (মোৰ আগতে প্ৰকাশিত “সুস্বাস্থ্য ৰক্ষাৰ কিটিপ” পঢ়ক) ২৫ৰ ভিতৰত সদায় ৰাখিবলৈ যত্নপৰ হওক৷

সুখাদ্য খাওক (এই বিষয়ে আগতে কৰা বিতং আলোচনা সাহিত্যৰ আগৰ সংখ্যাত চাওক)৷ বিশেষকৈ ৰঙীন পাচলি আৰু ফলমূল (কমলা, বিলাহী, গাজৰ, ৰঙালাউ, তৰমুজ, ব্ৰুকলি, বন্ধাকবি, পালেং) খাদ্যৰ তালিকাত সলনাসলনিকৈ ৰাখক৷ এইবিলাকে কৰ্কট ৰোধ প্ৰতিৰোধতো সহায় কৰে৷ সদায় বেচি আঁহ থকা খাদ্যক অগ্ৰাধিকাৰ দিব৷

মদ আৰু চিগাৰেটক চিৰদিনলৈ চায়’নাৰা কৰক৷

গৰ্ভনিৰোধক বা অইন হৰম’ন ( বিশেষকৈ মেন’পজ হলে) ৰিপ্লেচমেন্ট দৰব পৰাপক্ষত নোলোৱাকৈ চলিবলৈ চেষ্টা কৰক৷

ভিটামিন-ই, মাল্টি ভিটামিন, এন্টিঅক্সিডেন্ট চিকিৎসকৰ লগত আলোচনা কৰি ব্যৱহাৰ কৰি নিজকে সদায় কৰ্মপটু কৰি ৰাখক৷

নিয়মীয়াকৈ ব্যায়াম,আসন কৰক নতুবা নিতৌ ৪-৫ কিলোমিটাৰ খোজ কাঢ়ক৷

যাৰ পৰিয়ালত কৰ্কট ৰোগ,বিশেষকৈ স্তনৰ বা জৰায়ুৰ হৈছে- তেওঁৰ ভগ্নীয়ে ইষ্ট্ৰ’জেন ব্লকিং এজেন্ট (টেমস্কিফেন, ৰেলস্কিফেন, এস্কমিচটেন আদি) ঔষধ ব্যৱহাৰৰ প্ৰয়োজনীয়তা সম্বন্ধে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লব পাৰে৷ কাৰণ এনে দৰবে কেন্সাৰৰ ৰিস্ক ৬৫ শতাংশৰো অধিক কমাব পাৰে বুলি প্ৰমাণিত হৈছে৷

নিজৰ স্তনৰ নিজে পৰীক্ষা কৰক৷ সামান্য সন্দেহজনক কিবা হোৱা যেন দেখিলেই পলম নকৰি স্বাস্থ্য পৰীক্ষা কৰাওক৷

শেষত ক’ম – আতংকিত নহব৷ সহজ সৰল জীৱন যাপন কৰক৷ মানসিক প্ৰফুল্লতা আৰু সুখাদ্যক আপোনাৰ সংগী কৰি লওক৷ ঘৰৰ মূল মহিলাগৰাকীৰ ওপৰতে গোটেই পৰিয়ালটোৰ স্বাস্থ্য আৰু সুখ-শান্তি নিৰ্ভৰ কৰে৷

ইমান দীঘল বিষয়টোৰ ওপৰত ক’বলৈ, লিখিবলৈ বহু কথাই থাকি গ’ল৷ তথাপিও বিষয়বস্তুৰ এক আভাস পাঠকে পালে বুলি জানিলে সুখী হম৷

 

 

 

3 thoughts on “আজিৰ স্বাস্থ্য কথাত নাৰীৰ বক্ষৰ সমস্যা (ডা০ ভূপেন্দ্ৰ শইকীয়া )

  • January 17, 2013 at 6:01 pm
    Permalink

    বহু কথা জানিলো।ধন্যবাদ

    Reply
  • April 21, 2016 at 5:17 pm
    Permalink

    বহুত নজনা কথা জানিলো

    Reply
  • October 6, 2019 at 12:12 am
    Permalink

    নমস্কাৰ।আপোনাৰ লিখনিৰ দ্বাৰা বহু নজনা কথা জানিব পাৰিলো।শেষত মোৰ এটা প্ৰশ্ন মহিলা সকলৰ দৰে পুৰুষ সকলো স্তনৰ সমস্যাত ভুগিব পাৰে নেকি?যদি পাৰে এইক্ষেত্ৰত পুৰুষৰ সমস্যাবোৰ কেনেধৰণৰ?আৰু ইয়াৰ নিৰাময়ৰ উপায় কি?সবিশেষ জনালে সুখী হম।
    বিঃদ্রঃমই এজন পুৰুষ, আচলতে ময়ো বহুদিনৰে পৰা স্তনজনিত সমস্যা এটাত ভুগি আছো।সমস্যা টোৱে ইতিমধ্যে মোক শাৰিৰীক আৰু মানসিকভাবে অনেক পীড়া দি আহিছে।আশা থাকিল ই মেইল যোগে হলেও মোৰ সতে যোগাযোগ কৰি এটা ফলপ্রসূ বিধান দিয়াৰ ব্যৱস্থা কৰে যেন।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!