আত্মকথা -(মানসী গোস্বামী)
মোৰ ডিঙিত এডাল সোণৰ শিকলি আছে,
বাকদত্তাসকলৰ বিমুগ্ধ দৃষ্টি
বিবাহিতাসকলৰ ঈৰ্ষাকাতৰতা অথবা
মোৰ সংগোপন আভিজাত্যৰ গৰ্বেৰে
চিক্মিক্ শিকলিডালত গঁথা ৰয় মোৰ পৰিচয় !
“সধৱা নাৰীয়ে উকা হাত ডিঙিৰে নেথাকে অ’!”-
এদিন শিকলিডাল খুলি থওঁতে
কৈশোৰতে বিধৱা হোৱা মোৰ জেঠায়ে সকিয়াইছিল।
নিৰামিষ আহাৰ আৰু ধুতি পোছাকৰ এলান্ধুত
বিৱৰ্ণ যাৰ আঠোটা দশকৰ শিকলিহীন বন্দী জীৱন!
মোৰ কপালত এটা জোন আছে দগ্মগ দগ্মগ্
প্ৰায়ে ৰঙা জোনবাইটো মোৰ পোছাকৰ স’তে
কেতিয়াবা সেউজ, নীলাভ অথবা গোলাপী;
মই জোনবাইটো মোৰ কপালৰ পৰা সোলোকাব খোজো;
সকলোৱে কয়-“ বিবাহিতা নাৰীৰ
শিৰৰ সেন্দুৰ, জোন আমাৰ সংস্কাৰ” – পৰম্পৰা?
“সেই জোনত স্বামীৰ আয়ুস” – বিশ্বাস?
“সেই ৰেঘাত স্বামীৰ দীৰ্ঘজীৱন” – বান্ধোন???
“জোন আৰু ৰেঘাতহে হেনো মোৰ সৌন্দৰ্য্য” —প্ৰাচীনতম ধাৰণা !!!
তেতিয়াই, ঠিক তেতিয়াই মই ৰৈ যাওঁ,
আইনাত নিজৰ মুখ চাওঁ, প্ৰশ্ন কৰোঁ –
আছে নে মোৰ স্বামীৰ বাবেও
চিনাকি দিব পৰাকৈ পোছাক কিম্বা অলংকাৰ
অথবা এনে কিবা, য’ত লিখা ৰ’ব
মোৰ আয়ুস, মোৰ জীৱন !
কোনোবাই তেওঁকো ক’বনে –
এইটো পিন্ধা – তাইৰ ভাল হ’ব
এইটো নকৰিবা –বিবাহিত পুৰুষে নাপায়
এইটো নুখুলিবা – পত্নী দীৰ্ঘজীৱী হ’ব !
ওঁহো, কোনেও নকয়
সমাজে বা ঘৰখনে
নকয় শাস্ত্ৰ–সংহিতা–ভাগৱতে
সকলোতে মাথোঁ নিৰ্দেশ মোৰ বাবে !
সেয়ে মই শিকলিডাল খুলিব খোজোঁ।
জোনটো পাহৰি থাকিব খোজোঁ।
পাৰিমনে !!!