আধিয়ালৈ লোৱা হিয়াৰ হিচাপ (- দীপাংকৰ পাঠক)

জমা-খৰচৰ হিচাপত
এটি শূন্য আঁকিও
মই আজি সুখী
মই সুখী-
তোমাক নিদিয়াকৈ
ৰেভল’নৰ সপোন
মই সুখী-
তুমি নজনাকৈয়ে
কিদৰে-
সোঁৱৰণীৰ শেষত আঁকিছো-
তোমাৰ ভালপোৱাৰ
মেটাফিজিক্সৰ সূত্ৰ
মই সুখী-
এইকাৰণেই
এহালিচা মাটিত আওৰোৱা
মোৰ সেই শস্য-শ্যামলা
শইচৰ গানটোত
তোমাৰ সুৰ শূন্য
মই নোকোৱাহেঁতেন
শইচৰ পথাৰ মানুহ বুলি
তুমি আজিও নুবুজিলাহেতেন-
য’ত ৰজস্বলা হৈ
শইচে হাঁহে
সেয়াই পথাৰ,
সেয়াই-
সেউজী সেউজী সেউজীয়া
ধিক মোৰ যৌৱন
ধিক এই জীৱন বুলি
আফচোচ কৰিব গৈয়ো
ৰৈ যাওঁ
ৰৈ যায় মোৰ –
মৰণোত্তৰ সকলো নিশাহ
মাটিডৰাত আলি কাটি
জালি নিদিয়ালৈকে
হে জীৱন-
তুমি তুমি হৈ থাকা
আৰু মোক খেপিয়াই
থাকিব দিয়া তোমাক!
আধিয়ালৈ লোৱা
মোৰ সেই মাটিডৰাত
কিয় জানো বৰষাৰ খিলখিলনিতো-
তোমাৰ হিয়াৰ
গোমোঠা খৰাং!!

One thought on “আধিয়ালৈ লোৱা হিয়াৰ হিচাপ (- দীপাংকৰ পাঠক)

  • July 15, 2014 at 9:41 pm
    Permalink

    প্ৰকাশৰ উপযুক্ত বুলি বিবেচিত কৰাৰ বাবে সম্পাদকলৈ ধন্যবাদ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!