আপচুঃ পাৰ্থ প্ৰতিম গোস্বামী

 

এই যে কইনা চাবলৈ অহাদি আহি চাই যোৱাৰ প্ৰক্ৰিয়া এটা হয়! তাত আচলতে কি চোৱা হয়? কি চাই কোনোৱে কাৰোবাক নিজৰ কৰি লৈ যাব পাৰে? কইনাৰ মুখৰ উজ্জ্বলতাই হেনো ঘৰ-জেউতী! মানুহ এজন উদাৰচিতীয়া হ’ল বুলিয়েইনো এইহেন আপচু মুখ এখন চাই আমনি নলগাকৈ গোটেই জীৱন থাকিব পাৰিবই বা কেনেকৈ!
-বহু দিনৰ মূৰত আইনাখনকে চাওঁ‌তে ইন্দ্ৰাৰ মনত হেজাৰটা ভাবে দোলা দি যায়।
বিভিন্ন ভংগীমাত নিজৰ মুখখনকেই কেইবাবাৰো চাইছে। নাই.. কোনো স’তে ভাল নেদেখে! শালমইনাৰে একাকাৰ ফোপোৰা গাল দুখনকে লিৰিকিছে-বিদাৰিছে। কেতিয়াবা ইন্দ্ৰাৰ এই শালমইনাবোৰলৈ পুতৌহে ওপজে। জীয়াই থকা দিনকেইটালৈ বাৰু গালৰ তেজ শুহি-শুহি পি যাব। কিন্তু তাৰ পিছত?
বিয়া হ’বলৈ তাই যে উত্ৰাৱল হৈ পৰিছে সেইটো নহয়। কিন্তু তাইৰ বাবে নহ’লেও দেখ-দেখকৈ গাভৰু হৈ অহা ভনীয়েক তৰাৰ বাবেতো বিয়া হ’বই লাগিব! হ’ল বুলি ঘৰৰ ডাঙৰজনীক এখন ঘৰলৈ উলিয়াই নিদিয়াকৈ সৰুজনীৰ বিয়াৰ আয়োজন চলাবই বা কেনেকৈ! মুখখনৰ উজ্জ্বলতা থকা বাবেই ভনীয়েকলৈ কেইবা ঠাইৰ পৰা ভাল ল’ৰাৰ খবৰ আহিছে। কিন্তু তাৰ আগতেই বাট মুকলি কৰিব লাগিব ইন্দ্ৰাই।
পিছে ক্ষীণকায় আপচু মুখৰ ছোৱালী এজনীক কোন ল’ৰাই বা পচন্দ কৰিব?
-এইবোৰ তাইৰ মনত এহেজাৰ এটা প্ৰশ্ন।
গালত দুবাৰমান হালধিৰ প্ৰলেপ লগাইও চাইছিল। কিন্তু যিটো বয়সত মাহ-হালধিৰ গোন্ধ লৈ এখন ঘৰলৈ ওলাই যাব পাৰিব লাগিছিল, সেইটো বয়সত মুখত হালধিৰ প্ৰলেপ লগাই চোতালখনতে বহি থাকিবলৈ তাই বেয়া পাইছিল। ডাক্তৰৰ ওচৰলৈ পঠাবলৈও ঘৰত ভয় খাইছিল ! বেয়া বেমাৰ থকা বুলি বদনামী হোৱাৰ ভয়। এইটো বয়সত এবাৰ বদনামৰ চেকা লাগিলে গোটেই জীৱন ঘৰতে বুঢ়ী হৈ থকাৰ ভয়! ইন্দ্ৰাই বুজে…
:ল’ৰাজন ভাল। থাকোঁতে সৰুকৈ হ’লেও চৰকাৰী চাকৰি এটাকে আছে। কাইলৈ চাবলৈ অহাৰ কথা হেনো। বৰুৱাই অফিচতেই মোক খবৰটো দি থৈ গৈছে।
-পাকঘৰত দেউতাকে মাকক ফুচফুচাই কোৱা বুলি ভবা কথাখিনি ইতিমধ্যে বেৰৰ ইপাৰে ইন্দ্ৰাৰ কাণতে পৰিছেগৈ। চৰকাৰী চাকৰি থকা ল’ৰা! এই আপচু মুখখন চাই পচন্দ কৰিবই বা কেনেকৈ! সেই ভাবিয়েই ইন্দ্ৰাই বহুদিনৰ মূৰত আইনাখনত নিজৰ মুখখনকে চাইছে। আৰু ভাবি গৈছে….
:ভেবা লাগি সেইখনত কি চাই আছ’? কাইলৈ তৰাক চাবলৈ ল’ৰা অহাৰ কথা। তাইক কথাখিনি তইয়েই বুজাই ক’বি।
-উধাতু খাই আহি একেলেথাৰিয়ে কৈ যোৱা মাকৰ মুখখনলৈ চাই ইন্দ্ৰাই একো তলকিবই নোৱাৰিলে। অ’হ্ ! তাৰমানে তৰাক চাবলৈহে ল’ৰা অহাৰ কথা ! হোমৰ গোন্ধ নোপোৱা বায়েকজনীক লৈ ল’ৰাঘৰৰ একো আপত্তি নাই তেনেহ’লে এইবাৰ! বাট মুকলি কৰাৰো কোনো কথা আহি পৰা নাই! কিন্তু কি চাই কোনোৱে কাৰোবাক নিজৰ কৰি ল’ব পাৰে?
ইন্দ্ৰাই আকৌ ভাবি যায় ।
********************************

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!