পুডুচেৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ — আদিল হুছেইন আৰু দুজন অসমীয়াঃ ৰাণা গগৈ

 

বৰ্তমান মই কৰ্মৰত চহৰ ‘পণ্ডিচেৰি’ত (পুডুচেৰীত) পোনপ্ৰথমবাৰৰ বাবে ‘আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ পাঁচদিনীয়া কাৰ্যসূচীৰে যোৱা কালিৰ পৰা আৰম্ভ হৈছে (২৬-৩০ ছেপ্তেম্বৰ)। PIFF (Pondicherry International Film Festival) নামেৰে নামাংকিত ‘পিকুৰফ্লিক’ বোলা সংস্থা এটাই স্থানীয় পৰ্যটন বিভাগ আৰু ফৰাচী ভাষা-সাহিত্য-সংস্কৃতিৰ লগত জড়িত এই ঠাইৰ সকলোৰে পৰিচিত Alliance Francaiseৰ লগত লগ হৈ যৌথভাৱে এই মহোৎসৱ আয়োজন কৰিছে। অসমীয়া ভাষাকে ধৰি ভাৰতীয় বিভিন্ন ভাষাৰ, আৰু ইংৰাজী, জাৰ্মান, ফৰাচী, ইটালি, নৰৱে আদি বিদেশী ভাষাৰ ১০০ খনৰো অধিক উৎকৃষ্ট মানৰ ছবিৰে সমৃদ্ধ, পোনপ্ৰথমবাৰৰ বাবে এই মহোৎসৱ আয়োজন কৰা হৈছে।

এই চহৰত অচিৰেই মহোৎসৱ হ’ব বুলি ঘুনুক-ঘানাককৈ গম পাইছিলোঁ। কিন্তু আজি কিছুদিন মোৰ অফিচৰ কামৰ পৰা মূৰ দাঙিব পৰা নাই আৰু আজৰি সময়কণ ব‍্যক্তিগত কাম এটাত লাগি থকাত ইয়াৰ গম ল’ব পৰা নাছিলোঁ।

কিন্তু পুৱাৰ Times of India বাতৰি কাকতখনত খবৰ এটা পাই অত্যন্ত আনন্দিত হ’লোঁ। অসমৰ পৰা হাজাৰ মাইল দূৰৈত এই সাগৰৰ তীৰত অনুস্থিত হোৱা মহোৎসৱৰ ‘ব্ৰেণ্ড এম্বেচাদৰ’ হ’ল – ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খ‍্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন। কেৱল সিমানেই নহয়, আৰু দুজন অসমীয়া — উৎপল বৰপূজাৰী আৰু সঞ্জয় শৰ্মা আয়োজিত দলৰ ঘাই হৰ্তা-কৰ্তাসকলৰ ভিতৰত দুজন। এই কথাই মোক বৰ আনন্দিত কৰিলে। তুৰন্তে www.pondicherryfilmfestival.com চাইতটোলৈ গৈ পাঁচদিনীয়া কাৰ্যক্ৰম চালোঁ। গম পালোঁ যে আজি (অৰ্থাৎ ২৬ ছেপ্টেম্বৰ) পাছবেলা, নৰৱে দেশৰ পৰা অস্কাৰৰ বাবে পঠোৱা What Will People Say য’ত আদিল হুছেইন এটা মুখ্য চৰিত্ৰত আছে (দুটা ঘাই চৰিত্ৰৰ ভিতৰত) ছবিখন প্ৰদৰ্শিত হ’ব। এই প্ৰদৰ্শনত হুছেইন ডাঙৰীয়া স্বয়ং উপস্থিত থাকিব। এই কথা গম পাই মই ৰৈ থাকিব নোৱাৰিলোঁ। অফিচৰ জৰুৰী কামবোৰ খৰখেদাকৈ সমাপ্ত কৰি আৰু বাকীবোৰ একাষৰীয়াকৈ থৈ, আগবেলাটো উচপিচাই কটালোঁ আৰু পাছবেলা বহু সময়ৰ আগতেই প্ৰেক্ষাগৃহত উপস্থিত হ’লোঁ।

ইয়াৰ পাছৰ কথাখিনি ইয়াৰ লগত ‘আপলোড’ কৰা ফটোৱে ক’ব।

আদিল হুছেইন ডাঙৰীয়াৰ উপৰিও, উৎপল বৰপূজাৰী আৰু সঞ্জয় শৰ্মাৰ লগত অসমীয়া মাত-কথাৰে বহু পৰ কথা পাতিলোঁ। এই স্মৰণীয় সময়কণ বৰ ঘৰুৱা ভাব এটাই আপোন কৰি তুলিছিল।

ৰাইজক জনাই থওঁ, এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰদৰ্শন কৰিবলৈ লোৱা অসমীয়া বোলছবি কেইখন হ’ল :–
◆ হীমজ‍্যোতি তালুকদাৰৰ পৰিচালিত — কেলেণ্ডাৰ
◆ বিদ‍্যুৎ কটকীৰ পৰিচালিত — শৈশৱতে ধেমালিতে
◆ ঋতুৰাজ শিৱমৰ পৰিচালিত — Foot Thrill (short film)

শেষত দুটা কথাৰে সামৰিব খুজিছোঁ। প্ৰথমে, আদিল হুছেইন আৰু তেওঁ কন্যা চৰিত্ৰত অভিনয় কৰা ‘নিশা’ (Nisha), দুয়োৰে বলিষ্ঠ অভিনয়ত এখন অত্যন্ত ধুনীয়া কথাছবি। নৰৱে ভাষাৰ উপৰিও প্ৰায় ৬০% তকৈও বেছি হিন্দী ভাষাৰে নিৰ্মিত এই ছবিখন। সেয়ে এক প্ৰকাৰে এখন হিন্দী চিনেমা চোৱা যেন লাগিল, বিদেশী ভাষাৰ ছবি যেন নালাগিল।

দ্বিতীয়তে, ছবিখনৰ অন্তত, দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পৰিছিল। বহু দৰ্শকে নানান প্ৰশ্ন কৰিছিৰ আদিল হুছেইনক।

পোনপ্ৰথমবাৰৰ বাবে অনুস্থিত হোৱা চলচ্চিত্ৰ মহোৎসৱ সফল হওক- এয়াই কামনা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!