ইউনিকোড কি আৰু ইউনিকোড বিতৰ্কৰ ৰূপ-ৰেখা (উদ্দীপ তালুকদাৰ)

(এইখন লিখিছিলোঁ বাতৰি-কাকতলৈ পঠিয়াম বুলি পূব নাগৰী-ক লৈ এই গোটত হোৱা আলোচনাৰ আগতেই। গতিকে বিতৰ্কৰ কথাবিলাক অলপ পুৰণি হৈ গ’ল, সেইখিনি সেয়ে নিজ গুণে সম্পাদনা কৰি পঢ়িব। আৰু এইখন কোনো কাকতলৈ নপঠিয়ালো, ইচ্ছা নোহোৱা হে গ’ল। কিন্তু আজি কিবা এটা চাবলৈ ওলাওঁতে দেখি ভাবিলোঁ, এইখন ইয়াতে দি থোৱাটো ভাল। কিছুমান কামৰ কথা আছে।)

কম্পিউটাৰত অসমীয়া আখৰ লিখাৰ চেষ্টা ২০০২ চনৰপৰাই কৰি আহিছোঁ, কিন্তু আমাৰ সীমিত কম্পিউটাৰ জ্ঞানেৰে কম্পিউটাৰত অসমীয়া ভাষা লিখিব পৰা হ’লেও ইণ্টাৰনেটত তাক লিখিবলৈ সক্ষম হোৱা নাছিলোঁ। তেনেতে ২০০৫ চনত ইণ্টাৰনেট খুঁচৰি থাকোতে ‘অভ্ৰ’ নামৰ এটা ছফ্‌টৱেৰ পালো, যিটোৰে অসমীয়া লিখিব পাৰি। ‘অভ্ৰ’ৰ বিষয়ে পঢ়া-শুনা কৰি জানিব পাৰিলোঁ, যে অভ্ৰই ইউনিকোড নিয়ম মানি চলে, আৰু ইউনিকোডৰ নিয়ম মানিলে অকল এটা দুটা কম্পিউটাৰতে নহয়, সকলো কম্পিউটাৰতে একেই অসমীয়া দেখা যায়। ‘অভ্ৰ’ আচলতে বঙালী ভাষাৰ বাবে নিৰ্মিত ছফ্‌টৱেৰ, কিন্তু তেওঁলোকৰ ৱেব স্থানত উল্লেখ থকা মতে, যিহেতু অভ্ৰই ইউনিকোডৰ নিয়ম মানি চলে, সেয়ে ইউনিকোডত বঙালী বৰ্গৰ লগতে উল্লেখ থকা অসমীয়া আখৰো ইয়াৰ জৰিয়তে লিখিব পাৰি।

এইখিনি পঢ়ি যি বুজিলোঁ, সেয়া হৈছে মই যে অসমীয়া লিখিছোঁ ইণ্টাৰনেটত, সেইটো অভ্ৰৰ নহয়, আচলতে ইউনিকোডৰ অৱদান। সেয়ে ইউনিকোড নো তাকে জানিবলৈ আৰু অলপ নেট খুঁচৰিলোঁ।

ইউনিকোড মানে কি?

কম্পিউটাৰে সংখ্যাৰ বাহিৰে একো চিনি নেপায়। গতিকে যিকোনো তথ্য কম্পিউটাৰক দিয়াৰ আগেয়ে তাক সংখ্যালৈ পৰিবৰ্তন কৰি দিব লাগিব। যেনে আপুনি যদি ৰঙা আৰু ক’লা ৰঙ কম্পিউটাৰত দেখুৱাব খুজিছে, তেনেহ’লে আগতে কম্পিউটাৰক বুজাই থ’ব লাগিব যে সংখ্যা x মানে ৰঙা, আৰু সংখ্যা y মানে ক’লা। এতিয়া x লিখিলে কম্পিউটাৰে বুজিব যে আপুনি ৰঙা ৰঙ বিচাৰিছে। আকৌ আন এটা কম্পিউটাৰত আন এজনে বুজাই থৈছে যে সংখ্যা x মানে হালধীয়া। তেন্তে তেখেতৰ কম্পিউটাৰত x লিখিলে হালধীয়া দেখুৱাব। এতিয়া যদি দুয়োটা কম্পিউটাৰক আমি সংযোগ কৰো, মানে এটাত আপুনি লিখিব ইটোৱে দেখুৱাব, তেন্তে আপোনাৰ কম্পিউটাৰত আপুনি ৰঙা ৰঙৰ বাবে x লিখিলে সিটোত কিন্তু হালধীয়া ৰঙ দেখুৱাব। কাৰণ দুয়োটা কম্পউটাৰতে ৰঙৰ বাবে বেলেগ বেলেগ সংকেত নিয়ম ব্যৱহাৰ কৰা হৈছে। এই অসুবিধাবিলাক আঁতৰ কৰিবলৈ দুয়োটা কম্পিউটাৰতে একেই সংকেত প্ৰণালী ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়।

একেদৰেই প্ৰতিটো ইংৰাজী আখৰ, আৰু যতি চিহ্নৰ বাবে আন্তৰ্জাতিক ভাৱে মান্য সংকেত তৈয়াৰ কৰি থোৱা আছে। সেইবাবেই ইংৰাজী আখৰত গোলামাল নহয়। (আচলতে তাতো কিছুমান অসুবিধা আছে, কিন্তু a – Z লৈ আখৰ কেইটাত কোনো গোলমাল নাই বাবে এইকেইটা আখৰত তেনে অসুবিধা নহয়।) ঠিক তেনেদৰেই অন্য ভাষা কম্পিউটাৰত ব্যৱহাৰ কৰিবলৈ সেই ভাষাৰ বৰ্ণৰ সংকেত তৈয়াৰ কৰি ৰাখিব লাগিব। এটা কম্পিউটাৰৰ ক্ষেত্ৰত যিকোনো বৰ্ণৰ বাবে যিকোনো সংকেত দিয়াত কোনো অসুবিধা নাই। কিন্তু আন কম্পিউটাৰৰ লগত সংযোগ কৰিলে সেই সংকেত নিমিলিলে, সঠিক কৈ দেখা পোৱা নাযাব। অৰ্থাৎ আপুনি আপোনাৰ কম্পিউটাৰত লিখা অসমীয়া ‘ক’ আখৰটো আনৰ বাবে ‘>’ হৈ যাব পাৰে। সেইবাবে সকলো ভাষাৰ সকলো বৰ্ণৰ বাবে বিশেষ সংকেত তৈয়াৰ কৰি ৰখাটো প্ৰয়োজনীয়, যাতে সেই সংকেতটো সেই বিশেষ বৰ্ণৰ বুলি সকলো কম্পিউটাৰেই বুজি পায়, আৰু সঠিক ভাৱে দেখুৱাব পাৰে।

আকৌ সেই সংকেত তৈয়াৰ কৰি থ’লেই নহ’ব, আন্তৰাষ্ট্ৰীয় ভাৱে গৃহীত হ’বও লাগিব। নহ’লে কেবাটাও বেলেগ বেলেগ সংকেত পদ্ধতি মানি চলিলে, মূল অসুবিধাটো থাকিয়েই যাব। এই বিশ্বৰ সকলো লিপিৰ সমূহ বৰ্ণৰ বাবে বিশেষ সংকেত দিয়াৰ লক্ষ্যৰেই ১৯৮৭ চনত গঠিত হৈছিল ‘ইউনিকোড কনছ’ৰ্টিয়াম’। ১৯৯১ চনত ইউনিকোড সংস্থাই প্ৰথমে তেওঁলোকৰ সংকেত পদ্ধতি উলিয়ায়। এই সংস্থাই বৰ্তমানলৈ ৯৩ ভাষাৰ, ১০৯,০০০ বৰ্ণৰ সংকেত প্ৰণয়ন কৰিছে। আৰু সুখৰ বিষয় যে তেওঁলোকৰ এই সংকেত পদ্ধতি প্ৰায়ভাগ কম্পিউটাৰ অপাৰেটিং ছিষ্টেমেই মানি লৈছে। সেয়ে এতিয়া যিকোনো ভাষা, যিকোনো কম্পিউটাৰত দেখা পোৱা সম্ভৱ। একেবাৰে শুদ্ধকৈ ক’ব লাগিলে, যিকোনো ভাষাৰ যিকোনো বৰ্ণৰ সংকেত আপোনাৰ কম্পিউটাৰে শুদ্ধকৈ বুজি পায়। কিন্তু সেই সংকেত শুদ্ধকৈ আপোনাক দেখুৱাবলৈ সেই সংকেতৰ লগত জড়িত আখৰটোৰ ছবি (font) আপোনাৰ কম্পিউটাৰত থাকিব লাগিব। তাৰোপৰি কিছুমান ভাষাত অকল বৰ্ণৰেই লিখাটো সম্ভৱ নহয়। যেনে, আমাৰ ভাষাৰ যুক্তাক্ষৰ বিলাক। এনে যুক্তাক্ষৰ সজোৱাৰ নিয়মবিলাকো আপোনাৰ কম্পিউটাৰে বুজিব লাগিব। এই যুক্তাক্ষৰ সজোৱাৰ নিয়ম আৰু আখৰটোৰ লগত ছবি, এই দুটা কিন্তু ইউনিকোডৰ বিধানত নাই। এইখিনি থাকে font-ৰ লগত। গতিকে, ভাষা এটা শুদ্ধকৈ আপোনাৰ পৰ্দাত দেখুৱাবলৈ ইউনিকোডৰ বাহিৰেও বাকী কামখিনি কৰিবলৈ বেলেগ পদ্ধতি লাগিব। এটা উদাহৰণেৰে কথাখিনি বুজিব পাৰি: ধৰাহ’ল, ‘সীমান্ত’ শব্দটো। এইটো শব্দ আপুনি কম্পিউটাৰত লিখাৰ পাছত ইউনিকোড সংকেত পদ্ধতিয়ে তাক তলত দিয়া ধৰণে পৰিবৰ্তন কৰিব।

স+ী+ম+া+ন+্+ত = 09B8 09C0 09AE 09BE 09A8 09CD 09A4

পাছৰ সংখ্যাকেইটা সেই বিশেষ সংখ্যাকেইটাৰ বাবে ব্যৱহৃত সংকেত। আপোনাৰ কম্পিউটাৰত ‘সীমান্ত শব্দটো এই সংকেত হিচাপেহে সঞ্চিত হৈ থাকিব। (লক্ষ্যনীয় যে সঞ্চয় কৰা পদ্ধতিটো ঠিক শব্দটোৰ আখৰজোঁটনি নহয়।) এতিয়া এই সঞ্চিত ফাইলটো আন কম্পিউটাৰলৈ নিলে সেইটো কম্পিউটাৰে সংখ্যা কেইটা পঢ়িয়েই গম পাব সেইটো কি ভাষাৰ কি বৰ্ণ। 09B8 মানেই ‘স’ সেইটো ইউনিকোড থকা থকা যিকোনো কম্পিউটাৰে বুজি পায়। কিন্তু বুজি পালেও সেই কম্পিউটাৰটোৱে পৰ্দাত ‘স’ আখৰটো দেখুৱাব নোৱাৰিব, যদিহে স আখৰৰ ছবিটো আপোনাৰ কম্পিউটাৰত নাই মানে সেই আখৰ কেইটা থকা ফণ্টটো নাই। আকৌ অকল ফণ্টকেইটা থাকিলেও প্ৰকৃত ‘সীমান্ত’ ৰূপটো দেখুৱাব নোৱাৰিব পাৰে, যদিহে যুক্তাক্ষৰৰ নিয়মটো কম্পিউটাৰক শিকাই থোৱা হোৱা নাই। সেইটো ইউনিকোডৰ কাম নহয়। তেতিয়াহ’লে আপুনি সীমান্তটো ‘সীমান্‌ত’-ৰদৰে দেখিব। আপুনি যেনেকৈয়ে নেদেখক, সংকেত মানি চলা কম্পিউটাৰত সেই শব্দৰ ওপৰত কাম কৰিব পাৰি। উদাহৰণ স্বৰূপে আপুনি যদি কম্পিউটাৰটোক ‘স’ আখৰটো বিচাৰিবলৈ দিয়ে, সি আপোনাক ঠিকেই বিচাৰি দিব পাৰিব, যদিও আপুনি সেইটো পৰ্দাত নেদেখিব।

এইখিনিলৈ কিজানি ইউনিকোড সম্বন্ধে বিতৰ্কৰ কোনো কথা নাই। ইউনিকোডে এই ব্যৱস্থাৰ দ্বাৰা ভাষিক কম্পিউটিংৰ ক্ষেত্ৰত নতুন বিপ্লৱ আনিছে বুলিলেও বঢ়াই কোৱা নহয়। কিন্তু বিতৰ্কৰ মূল বিষয়টো হৈছে:

অ, আ, ক, খ -কে ধৰি সমূহ বৰ্ণ কেইটাক bengali script বুলি কোৱা হৈছে ইউনিকোডত। তাতে আৰু কোৱা হৈছে যে বাংলা লিপি বঙালী, অসমীয়া আৰু মনিপুৰী ভাষা লিখাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াতে এটা কথা উল্লেখনীয় যে ইউনিকোডে ভাষাৰ লগত কাম নকৰে, তেওঁলোকে সেই ভাষা লিখাৰ লিপিটোৰ বৰ্ণ সমূহৰ বাবে সংকেত ধাৰ্য্য কৰে। এটা প্ৰশ্ন উঠিব পাৰে যে তেওঁলোকে অকল সংকেত হে প্ৰনয়ন কৰে, অৰ্থাৎ অ-ৰ কাৰণে এটা সংকেত, তাত সেইটো বঙালী নে অসমীয়া সেইটো ক’ত লিখা আছে? আচলতে সংকেতটোত সেইটো লিখা নাই। সেইটো আহে বেলেগ এটা দিশৰ পৰাহে। তেওঁলোকে প্ৰতিটো বৰ্ণকে চিনাকীৰ সুবিধাৰ বাবে এটা পঢ়িব পৰা নাম দি থৈছে, সেইটো ইংৰাজীত লিখা হয়। যেনে ‘অ’ আখৰটোক কোৱা হৈছে ‘bengali letter a’ । ৰ আখৰটোক নাম দিয়া হৈছে bengali letter ra with middle diagonal . assamese । এই নাম কেইটা অকল চিনাকীৰ বাবেহে, তাৰ বাহিৰে সাংকেতিক দিশত তাৰ কোনো অৰ্থ নাই।

বৰ্তমান উঠা বিতৰ্কৰ মূল কাৰণটো এয়েই যে অসমীয়া লিখা আখৰ কেইটাকো bengali নাম ইউনিকোডে কিয় দিছে? সেইটোতে বহুতে চক্ৰান্তৰ গোন্ধ পাইছে। কিন্তু কথাটো হৈছে, ইউনিকোডেনো কিয় অসমীয়া আখৰকেইটাৰ বিৰূদ্ধে চক্ৰান্ত কৰিবলৈ যাব? সকলো ভাষাই যাতে নিজস্ব লিপিৰে কম্পিউটাৰত লিখিব পাৰি, তাৰ কাৰণে চেষ্টা চলোৱা সংস্থাটোক চক্ৰান্তকাৰী বুলি মানি লোৱাটো কঠিন। বৰং এনেকুৱা হোৱাটোহে বেছি সম্ভৱ যে তেওঁলোকে এই বিষয়ে ক’ৰবাত ভুল তথ্য পাইছে। সমগ্ৰ গোট-টোকে (এটা লিপিৰ আটাইখিনি বৰ্ণ একেটা গোটত ৰখা হয়।) বাংলা নাম দিয়া কৰণেই তেওঁলোকে আখৰ কেইটাকো বাংলা অ, বাংলা ৰ বুলি নামকৰণ কৰিছে। গতিকে আমি চোৱা উচিত তেওঁলোকে সেই তথ্য পাইছিল ক’ত?

সেই তথ্য তেওঁলোকে লৈছিল, ভাৰত চৰকাৰৰ DITৰপৰা। য’ত উল্লেখ আছে যে অসমীয়া, বঙালী আৰু মণিপুৰী ভাষা লিখাৰ বাবে বঙালী লিপি ব্যৱহাৰ কৰা হয়। ইউনিকোডে এই তথ্য ১৯৯১ চনতে লাভ কৰিছিল। (তথ্য উদ্ধৃতি লাগিব।) ইয়াৰ মানে এইটো যে চৰকাৰৰ মতে আমি ইমান দিনে বঙালী লিপিৰে লিখা-মেলা কৰি আছিলো।

আন এটা বিতৰ্কৰ বিষয় হৈছে যে ইষ্টাৰ্ণ নাগৰী নাম দিয়াটোক লৈ। সেইটোৰ কাহিনী অলপ বেলেগ। ২০০২ চনত গুৱাহাটী আইআইটিৰ ভাষিক প্ৰকল্প এটাৰ ফালৰপৰা ইউনিকোডলৈ অসমীয়া লিপি সম্পৰ্কে কেইটামান সালসলনি কৰাৰ বাবে অনুৰোধ কৰা হয়।
১. ৰ আৰু ৱ-ক বৰ্ণক্ৰমৰ সঠিক স্থানলৈ আনিব লাগে। বঙালী র-টো য-ৰ পাছত আছে, কিন্তু ৰ আৰু ৱ শেষৰফালে নিলগাই ৰখা হৈছে।
২. ক্ষ আখৰটো অন্তৰ্ভূক্ত কৰিব লাগে। ইউনিকোডে ক্ষ আখৰটো ক আৰু ষ-ৰ যুক্তাক্ষৰ হিচাপে ৰাখিছে।
৩ লিপিৰ নামটো সলনি কৰিব লাগে। কাৰণ তিনিওটা ভাষা প্ৰায় একে লিপিৰে লিখা হ’লেও আচলতে বেলেগ লিপি আৰু নিজস্ব নাম আছে। মাত্ৰ একেটা গোটৰ ভিতৰতে ৰখা হৈছে বাবে গোটটোক BAM (Bengali, Assamese, Manipuri) বুলি উল্লেখ কৰিব লাগে।
ইয়াৰে এটাও ইউনিকোড কৰ্তৃপক্ষই মানি নললে। আৰু কথাখিনি এতিয়াও একেই আছে।

এনে সময়তে ৱিকিপিডিয়াত এটা আলোচনা হয় যে অসমীয়া আৰু বঙালী যিহেতু প্ৰায় একে লিপি তেতিয়াহ’লে দুয়োটাকে এটা উমৈহতীয়া নাম দি সেইটো নাম ইউনিকোডলৈ পৰামৰ্শ হিচাপে আগবঢ়াব পাৰি নেকি? সেই আলোচনাত ভাগ লোৱা তিনি-চাৰিজন ব্যক্তিয়ে এটা উমৈহতীয়া নাম পূবনাগৰী (Eastern nageri) প্ৰস্তাৱ কৰে। লক্ষ্যনীয় সেই আলোচকৰ এজনে কোৱা মতে সেইটো এটা প্ৰস্তাৱহে, আৰু সেইটো কোনো ভাষিক গৱেষণা লব্ধ নাম নহয়। সৰ্বজন গ্ৰাহ্য অইন এটা নাম দিলে তেখেতে মানি লবই।

এই বিতৰ্কই বিভিন্ন ৰূপ লোৱা পৰিলক্ষিত হৈছে। এতিয়া এই বিতৰ্কৰ মূল প্ৰশ্নকেইটালৈ আহিব বিচাৰিছোঁ।

১. ইষ্টাৰ্ণ নাগৰী নামটোৰ বাবে বাৰে এটা গোটক বদনাম দি অহা হৈছে। কিন্তু সেই নামটো দি কোনোবাই সাংঘাতিক বেয়া কাম কৰিলে নেকি? ভালকৈ লক্ষ্য কৰিলে বুজা যায়, তেওঁলোকেই আচলতে অসমীয়া লিপিক বাংলা লিপিৰে লিখা কথাটোক বিৰোধিতা কৰি বেলেগ এটা নাম দিলে। কিন্তু তেওঁলোকে এটা ‘ভুল’ কৰিলে যে বঙালী আৰু অসমীয়া ভাষাক এটা উমৈহতীয়া লিপিৰ অন্তৰ্ভুক্ত কৰিব বিচাৰিলে। সহজ দৃষ্টিৰে চালে মাত্ৰ দুটা আখৰৰ পাৰ্থ্যকত দুয়োটা লিপি একেটা লিপিৰে দুটা ধৰণ মাত্ৰ বুলি ভবাটো ইমান ভুল কথা নহয়। পূব নাগৰী নামটোৰ অৰ্থও ইমানেই আছিল যে সেয়া পূৰ্ব ভাৰতত ব্যৱহৃত এটা লিপি। আনকি অসম সাহিত্য সভাই সেইটো নামেই অনুমোদন কৰিছিল। তেনেহ’লে সেই কেইজনমান মানুহক চক্ৰান্তকাৰী আখ্যা দিলে তেওঁলোকৰ প্ৰতি অবিচাৰ কৰা হয়।

২. ইউনিকোডত অসমীয়া লিপি বুলি বেলেগ এটা লিপি থাকিব নোৱাৰে নেকি? নিশ্চয় পাৰে। নোৱাৰাৰ কোনো কথা নাই। কিন্তু মূল কথাটো হৈছে, ইউনিকোডে ভাষাৰ কাৰণে বেলেগ বেলেগ সংকেত নিদিয়ে, তেওঁলোকে সংকেত দিয়ে লিপিৰ বৰ্ণ অনুসৰিহে। অসমীয়া আৰু বাংলাৰ মাজত বৰ্ণৰ ইমান মিল আছে যে দুয়োটাই বেলেগ লিপি পতিয়ন বুলি যোৱাৰ পাছতো দুটা বেলেগ বেলেগ গোট সৃষ্টি কৰাটো ইউনিকোডে অপ্ৰয়োজনীয় বুলি ভাবিব। আৰু এটা অসুবিধা আছে, এতিয়ালৈকে যিমানখিনি অসমীয়া পাঠ ইণ্টাৰনেটত আছে, সেইখিনি পুৰণি নিয়ম মানি বাংলা লিপিৰ অন্তৰ্গত হৈ থাকিব। সেইটোও মানি ল’ব পাৰি। কিন্তু ইউনিকোডলৈ যোৱাৰ আগেয়ে ভাৰত চৰকাৰে অসমীয়া ভাষা অসমীয়া লিপিৰে লিখে বুলি চৰকাৰী ভাবে উল্লেখ কৰিব লাগিব। সেইটো নহ’লে ইউনিকোডক কি বুলি প্ৰস্তাব দিব? কাৰণ ইউনিকোড কোনো ভাষিক গৱেষণা প্ৰতিষ্ঠান নহয়। তেওঁলোকে মাত্ৰ নথীৰ ওপৰত ভিত্তি কৰি বৰ্ণই প্ৰতি সংকেত প্ৰদান কৰে।

আমাৰ ক’বলগীয়া হ’ল বাৰে বাৰে এই বিতৰ্কৰ মাজলৈ ইষ্টাৰ্ণ নাগৰী আৰু আইআইটি গুৱাহাটীক টানি আনি চক্ৰান্তকাৰী হিচাপে দেখুওৱা হৈছে, কিন্তু, প্ৰথমে অসমীয়া লিপি বাংলা লিপিৰে লিখা হয় বোলা কথাটোত আপত্তি জনোৱা মানুহো তেওঁলোকেই আছিল। মাত্ৰ তেওঁলোকে ইউনিকোডৰ বাবে এটা উমৈহতীয়া নামৰ সন্ধান নকৰি মনে মনে বহি থাকিলহেঁতেন, তেতিয়া হ’লে ইমান বিতৰ্ক উঠি তেওঁলোক চক্ৰান্তকাৰীৰ শাৰীলৈ অৱনমিতও নহ’লহেঁতেন আৰু আমিও সুন্দৰকৈ বাংলা লিপিৰে অসমীয়া লিখি থাকিলোঁহেঁতেন।

আৰু ইউনিকোডক যে কিয় দোষ দিয়া হৈ আছে, সেয়া বোধৰো অগম্য। তেওঁলোকে নিজে গৱেষণা কৰি কোন ভাষা কোন লিপিৰে লিখা হয়, সেয়া নিৰ্ধাৰণ নকৰে। চৰকাৰী নথিপত্ৰৰ পৰা লয়। গতিকে চৰকাৰে যি দিছে, তাকেই মানিছে তেওঁলোকে। এতিয়া যদি চৰকাৰী ভাৱে বেলেগ কিবা ওলায়, তেন্তে তেওঁলোকেও চাবলৈ বাধ্য হ’ব। কিন্তু প্ৰযুক্তিগত কাৰণৰ বাবে তেওঁলোকে ক’ব পাৰে যে এই দুয়োটা লিপিকে একেটা গোটতে ৰাখিম আৰু ‘এইটো’ নাম দিম। সেইটো এতিয়া আমি মানো নে নামানো, সেইটো পাছৰ কথা।

এতিয়া আমি ইজনে সিজনক দোষ দি নাথাকি তলৰ কথাকেইটাতহে জোৰ দিব লাগে:
১. ভাৰত চৰকাৰে যাতে অসমীয়া লিপিক বেলেগে স্বীকৃতি দিয়ে।
২. ভাৰত চৰকাৰে স্বীকৃতি দিয়াৰ পাছত ইউনিকোডৰ ওচৰত গোটটোৰ নাম সলনিৰ বাবে প্ৰস্তাব দিব লাগে। অসমীয়া মানি ললে ভাল, কিন্তু সেইটোৰ যিহেতু কিছুমান প্ৰযুক্তিগত অসুবিধা আছে, গতিকে এটা উমৈহতীয়া নাম বিচাৰিব পাৰে। সেই উমৈহতীয়া নাম (এই ক্ষেত্ৰত অসমীয়া লাগিবই বুলি আমি ক’ব পাৰোঁ, কিন্তু সেয়া আকোঁৰোগোজ মনোভাৱৰ বাহিৰে আন কিবা হ’ব যেন নেদেখো।) কি হ’ব সেইটো বঙালী আৰু মণিপুৰী সকলৰ লগতো আলোচনা কৰি ঠিক কৰি থ’ব লাগে। সেইটো নাম দেখি কোনোবাই অসমীয়া সেইটো লিপিৰে লিখে বুলি বুজিব ভুলি ভয় খাব নালাগে। কাৰণ প্ৰথমে ইউনিকোড ব্যৱহাৰকাৰীয়ে গমেই নাপায় তেওঁ কি নামৰ বৰ্ণ ব্যৱহাৰ কৰি আছে। সেইটো অকল ফণ্ট নিৰ্মান কৰা, বা ইউনিকোড লৈ প্ৰগ্ৰাম কৰা সকলেহে দেখা পায়। আৰু অসমীয়া কি লিপিৰে লিখে সেয়া ইউনিকোড চাই কোনোবাই জানিবৰ চেষ্টা কৰিব যেন মনে নধৰে, তেওঁলোক অন্য উৎস চাব, সেই উৎস বিলাক শুদ্ধ ৰখাটোহে আমাৰ দায়িত্ব। আৰু এটা কথা, কোনোবাই সঁচাসঁচিকৈ কিবা চক্ৰান্ত কৰিব খুজিলে, ইণ্টাৰনেটত বহুত উপায় আছে।)
৩. ব্যক্তিক আক্ৰমণ কৰি কাকতত মন্তব্য দিয়া বন্ধ কৰিব লাগে। এনেকুৱাকৈ আক্ৰমণ কৰিলে, মন বিলাক টেঙাই যায়। যাৰ বিষয়ে কোৱা হৈছে, তেওঁলোকৰ কথা নকওঁৱেই, আমাৰো দেখোন, যেন ইণ্টাৰনেটত অসমীয়াত লিখি অসমীয়া ভাষাৰ কাৰণে বেয়া কাম কৰিলো, তেনেকুৱা লগা হৈছে।
৪. কাম বিলাক আৰম্ভ কৰিব লাগে, বাতৰি-কাকতত বহুত পঢ়িলোঁ। এতিয়া কিবা কৰোঁ আহক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!