অসমীয়া লিপিৰ বাবে ইউনিকোডত সুকীয়া rangeৰ যুক্তিযুক্ততা আছেনে ? (বনজিৎ পাঠক)

ইউনিকোড কি ইয়াৰ প্ৰয়োজনীয়াত আৰু ইয়াৰ ভবিষ্যতে হ’ব পৰা উপযোগীতাৰ বিষয়ে ইতি মধ্যে আমি বুজিলোঁ যে কোনো ভাষাৰ প্ৰসাৰৰ বাবে ইয়াৰ অন্য বিকল্প নাই | নিকত ভবিষ্যতে ইয়েই আমাৰ স্থানীয় ভাষাৰ প্ৰচাৰৰ তথা ব্যৱহাৰ বাবে এইটোৱেই একমাত্ৰ পথ ৰূপে পৰিগনিত হ’ব| লগতে আৰু এইটোৱো বুজিলোঁ যে ইউনিকোডত অসমীয়া লিপিৰ বাবে সুকীয়া স্থান(range) নাই |
এতিয়া প্ৰশ্ন হল অসমীয়া লিপিৰ বাবে সুকীয়া স্থান(range)ৰ যুক্তিযুক্ততা আছেনে ? এইটো আমি দুটা দিশৰ পৰা চাব লাগিব –

১ প্ৰথমটো হ’ল আমাৰ আবেগিক তথা স্বকীয় সত্তাৰ দিশৰ পৰা | অসমীয়া লিপিৰ সম্পূৰ্ণ এটা প্ৰতিস্থিত সুপ্ৰাচীন বুৰঞ্জী আছে, এই লিপি অন্য কোনো লিপিৰ অধীন নাছিল | অসমীয়া ভাষা লিখিবলৈ কেতিয়াওঁ অন্য লিপিৰ আশ্ৰয় লব লগীয়া হোৱা নাছিল | সেইদিশৰ পৰা অসমীয়া লিপিৰ বাবে ইউনিকোডত আমাৰ লিপিৰ বাবে সুকীয়া স্থানৰ বাবে আবেদন কৰাৰ নিশ্চয় যুক্তি যুক্ততা আছে | ইয়াক নিশ্চয় উলাই কৰিব পৰা নাযায়|

২ দ্বিতীয় দিশটো হ’ল কাৰিকৰী দিশ | কাৰিকৰী দিশ মানে আমি চাবলৈ চেষ্টা কৰিম যদি অসমীয়া লিপিৰ বাবে সুকীয়া স্থানৰ আবেদন কৰো তেনেহলে কি কি সমস্যাৰ সৃষ্টি হ’ব পাৰে | ইউনিকোডৰ মূল কথাটো হ’ল ইয়াত এটা চিহ্নৰ(character)ৰ বাবে সদায় এটাহে স্থানহে থাকিব , মানে “জ” বা “ক” বা অন্য যি কোনো চিহ্নৰ বাবে যিয়েই platform বা gadget নহওঁক ইয়াৰ স্থান সদায় একেটাই হ’ব |

এতিয়া ধৰা হ’ল “অসম” শব্দটো , এই শব্দটো আমি আখৰ কেইটা দেখিছো যদিওঁ computer বা অন্য ইলেক্ট্ৰণিক সামগ্ৰীয়ে ইয়াক(098509B809AE) ৰূপত হে চিনি পাব( java বা অন্যৰ platformৰ বাবে অলপ বেলেগ হ’ব, কিন্তু মূল কথাটো একেই )|
“098509B809AE” ইয়াৰ প্ৰথম চাৰিটা সংখ্যায়ে “অ” স্থান ,মাজৰ চাৰিটা সংখ্যাই “স” ৰ স্থান আৰু শেষৰ চাৰিটা সংখ্যাই “ম” স্থান বুজায় | সেইদৰে প্ৰতিটো চিহ্ন computerয়ে একোটা নিৰ্দিষ্ট সংখ্যাৰ ৰূপত দেখা পায় |

এতিয়া ধৰি ল’লোঁ অসমীয়া লিপিৰ বাবে এটা সুকীয়া স্থান আছে , য’ত অ=0d05 স=0d38 ম=od2e | এতিয়া আমি “অসম” শব্দটো অসমীয়া লিপিত type কৰিলে ,computer বা অন্য ইলেক্ট্ৰণিক সামগ্ৰীয়ে ইয়াক(0d050d380d2e) ৰূপত চিনি পাব | মন কৰিব লাগিব যে এই দেখাত একে চিহ্নকেইটা কিন্তু bengali rangeতো আছে, কিন্তু আমি যিহেতু অসমীয়া লিপিৰ rangeত থকা স্থান(location) ব্যৱহাৰ কৰিছোঁ সেইবাবে এই আখৰ কেইটা অসমীয়া locationত থকা চিহ্ন কেইটাহে render কৰিব, বাংলা rangeৰ কেইটা নহয় | কিন্তু আমি “ৰ” বা “ৱ” ব্যৱহাৰ নোহোৱা শব্দ বা বাক্য খন্ড সাধাৰণ চকুৰে এই পাৰ্থক্য ধৰিবলৈ টান হব | ( এই খিনিতে মনত ৰাখিব লাগিব পৃথক range হলে typing tool/ font/software আদি সকলো বেলেগ বেলেগ হ’ব, গতিকে এইটো সমস্যা হ’ব বুলি মনে নধৰে ) অসমীয়া চিহ্নবোৰ বৰ্তমানে থকা (currently existing) অন্য এটা ভাৰতীয়া লিপিৰ এটা rangeত আছে বুলি কল্পনা কৰি ল’লে,( যেনে ধৰক gujrati বা gurmukhi range) ওপৰৰ কথাখিনি বুজিবলৈ সহ্জ হ’ব | মানে ধৰক আমি gurmukhi rangeত অসমীয়া আখৰ কেইটা mapping কৰি দিয়া হ’ল |

ΜΥ ΗΑΤ < এই শব্দকেইটা ব্যৱহাৰ হোৱা চিহ্নকেইটা unicode Latin basic rangeৰ ΜΥ ΗΑΤ < ---- এই শব্দকেইটা ব্যৱহাৰ হোৱা চিহ্নকেইটা unicode greek and coptic rangeৰ MΥ ΗAΤ < ইয়াত M, A এইকেইটা unicode Latin basic rangeৰ আৰু Y H T কেইটা unicode greek and coptic rangeৰ ওপৰৰ তিনিটা বাক্য আমাৰ বাবে দেখাত একে যদিওঁ computerৰ বাবে এইকেইটা সুকীয়া সুকীয়া স্থানত থকা বেলেগ বেলেগ চিহ্ন | এতিয়া 0054004800410054 আৰু 03a40397039103a4 এই দুয়োটা আমাৰ চকুৰে দেখা পোৱা চিহ্নলৈ যদি পৰিবৰ্তিত কৰা হয় , তেনেহ’লে এই কেইটা দেখাত এনে দেখাব ΤΗΑΤ আৰু THAT , ইয়াৰ প্ৰথমটো Latin basic rangeৰ আৰু দ্বিতীয়টো greek and coptic rangeৰ | এতিয়া দেখা গল যে unicodeত দেখাত একে চিহ্নৰ বাবে একোধিক স্থান ব্যৱহাৰ কৰিব পৰাৰ যু্ক্তি নিশ্চয় আছে | O টোৰ বাবে চাৰিটা স্থান unicodeত আছে | ইয়াত এটা কথা হ’ব পাৰে , হয়টো ভাষা ভেদে চিহ্নটোৰ উচ্চাৰণ ভিন্ন হ’ব পাৰে কিন্তু চিহ্নটো একেই | যেনে cyrillic scriptত B চিহ্নটো আছে কিন্তু ইয়াত উচ্চাৰণ Ve ৰ দৰে | greek rangeৰ কেইবাটাওঁ চিহ্ন latin rangeৰ লগত একে | কিন্তু unicode যিমান পাৰি কম স্থান ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে , উদাহৰণ স্বৰূপে বাংলা rangeত ডাড়িৰ স্থানটো নিদি devenagari danda স্থানটো ব্যৱ্হাৰ কৰিবলৈ দিয়া আছে (এইটোৰ বাবে আমাৰ কোনো স্থানত সৰু সুৰা সমস্যাওঁ দেখা দিয়ে যেনে - কোনো সজুঁলিৰে ডাড়ি দাল type কৰিলে সৰু বা ডাঙৰ দেখা পায়) | , ( ) - ? " ’ আদি অনেক চিহ্নবোৰো basic latin rangeত ৰখা আছে | ভাৰতীয় ভাষাৰ scriptৰ ক্ষেত্ৰত কথাবোৰ আৰু অলপ জটিল হয়| বিশেষকৈ যুক্তাক্ষৰৰ ক্ষেত্ৰত | কিন্তু আমাৰ অসমীয়া ভাষাৰ যুক্তাক্ষৰৰ গঠন প্ৰক্ৰিয়া অন্য ভাষাৰ লগত যথেষ্ট মিল আছে | ভাৰতৰ অন্য লিপিৰ এই যুক্তাক্ষৰৰ প্ৰণালীৰ উপৰত unicodeত ইতিমধ্য যথেষ্ট গবেষণা হৈছে আৰু ইয়াক ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে সেইবাবে আমাৰ অসমীয়াৰ ক্ষেত্ৰতো একেই পদ্ধতি ব্যৱহাৰ কৰি ব্যৱহাৰিক দিশত উপযোগী কৰিতোলাৰ থল নিশ্চয় আছে | ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে ইউনিকোডত অসমীয়া লিপিৰ বাবে সুকীয়া rangeৰ সম্ভাৱনা নিশ্চয় আছে | তথাপিও অসমীয়া লিপিৰ বাবে ইউনিকোডত সুকীয়া rangeদিওঁতে হয়টো অন্য কিছুমান অসুবিধাৰ সন্মুখীন হ’ব পাৰে , সেইবোৰ আমাৰ computerৰ বিজ্ঞানী সকলে প্ৰত্যহ্বান ৰূপে লৈ ইয়াত ব্যৱহাৰ উপযোগী কৰি তুলিবলৈ চেষ্টা কৰিব লাগিব | (এই লেখাটো লিখোতে মোক গুনদ্বীপ চেতিয়াই সহায় কৰিছে , তেওঁলৈ ধন্যবাদ জনালোঁ )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!