টকলা: যুগল চন্দ্ৰ বৰা

টকলা

যুগল চন্দ্ৰ বৰা

বগেনৰ আধা টকলা মূৰটো দেখি মানুহে ধাৰণা কৰে যে সি আাৰক্ষী অথবা সৈন্য-বাহিনীৰ চাকৰিত ভৰ্ত্তি হ’ল , নাইবা কিছুদিনৰ পূৰ্বে তাৰ পিতৃ-মাতৃ কোনোবা এজনৰ মৃত্যু হৈছে ৷ আচলতে সি আৰক্ষী বা সৈন্য-বাহিনীৰ চাকৰিত যোগ দিয়াও নাই আৰু তাৰ পিতৃ- মাতৃ দুয়োৰে স্বৰ্গবাস হোৱাও বহু বছৰ হ’ল ৷ অলপতে মাত্ৰ মৃত্যু হ’ল তাৰ দেউতাকৰ মাকৰ অৰ্থাৎ বুঢ়ীমাকৰ ৷ দুদিনমান পূৰ্বে আদ্য-শ্ৰাদ্ধ হে গৈছে ৷

শ্ৰাদ্ধৰ সময়ত সিহঁতৰ গাঁৱৰ খেলি- মেলি সমাজখনৰ এটা ফৈদৰ লোকে ক’লে যে বগেনে জলপিণ্ড দিব লাগে ৷ আনটো ফৈদৰ লোকসকলে আকৌ মন্তব্য দিলে যে বগেনে জলপিণ্ড নিদিলেও হ’ব ৷ অৱশেষত পিণ্ড নিদিয়াকৈয়ে শৰাধ সমাপন কৰা হ’ল ৷ কিন্তু আকৌ এটা কেণা লাগিল ৷ এইবাৰ এটা ফৈদে আপত্তি কৰি বগেনক ক’লে যে সি তাৰ চুলিখিনি খুৰাই পেলাব লাগে ৷ ইটো ফৈদে বগেনক চুলি খুৰাবলৈ মানা কৰিলে ৷ তেওঁলোকৰ যুক্তি হ’ল ,বগেনে বুঢ়ীমাকৰ শ্ৰাদ্ধত পিণ্ডই যেতিয়া দিব লগা নহ’ল, তেনেস্থলত চুলিখিনি আকৌ কিয় খুৰাব লাগে ? বগেন বিবুদ্ধিত পৰি ৰত্ন বামুণৰ কাষ চাপিল ৷ ৰত্ন বামুণৰ কাণ অলপ গধুৰ ৷ বগেনে চিঞৰি চিঞৰি সুধিলে “বোলো দেউ এতিয়া মই চুলি খুৰাব লাগিবনে?”

ৰত্ন বামণে ক’লে, “ লাগিব , লাগিব ৷”

বগেনে গাঁৱৰ গাঁওবুঢ়া চেনীৰাম বৰুৱাক ৰত্ন বামুণৰ পৰামৰ্শটো অৱগত কৰিলে ৷ গাঁওবুঢ়াই বগেনৰ কথাটো শুনি নিজৰ দাঢ়ি খুৰুৱা কাম আধাতে এৰিলে ৷ থুতৰিত চাবোনৰ ফেন লাগি থকা অৱস্থাতে বহাৰ পৰা উঠিল ৷ বগেনে যেন কিবা জগৰ হে লগালে , তেনে ভাৱত খঙেৰে সুধিলে ,–“ কি ক’লি বগেন ? তই চুলি খুৰাব লাগে ? গাধ কৰ’বাৰ ৷ এই পুহমহীয়া জাৰত বামুণৰ কথা শুনি ধুনীয়া চুলিখিনি খুৰাব ওলাইছ ৷ ব’ল মই নিজে দেউক সুধিমগৈ ৷” কথাখিনি কৈ চেনীৰাম গাঁওবুঢ়া নৰ’লেই ৷ আধা খুৰুৱা দাঢ়িৰে চাবোনৰ ফেন লগা থুতৰিটোৰ কথা পাহৰিয়েই গ’ল ৷ দুয়ো আহি ৰত্ন বামুণৰ ঘৰ পালেহি ৷ বাটত সৰু ল’ৰা-ছোৱালী কেইটামানে তেওঁক দেখি ফিচিঙা-ফিচিঙি কৰি হাঁহিছিল ৷ সিহঁতক হঁহা দেখি গাওঁবুঢ়াই ধমকি লগালে –“ কি হ’ল ? দাঁত চেলাবলৈ আহিছ ? গুচ আগৰ পৰা ৷” থুতৰিটো যে চাবোনৰ ফেনেৰে বগা হৈ আছিল , কথাটো তেওঁৰ মনতে নেখেলালে ৷

চেনীৰাম গাঁওবুঢ়াই ৰত্ন বামুণক চিঞৰি চিঞৰি সুধিলে , “দেউ , বগেনে চুলি খুৰাব লাগিবনে নালাগে ? ”

ৰত্ন বামুণে উত্তৰ দিলে , “ নালাগে ৷ ”

তেতিয়া চেনীৰাম গাঁওবুঢ়াই আত্ম-প্ৰত্যয় প্ৰকট কৰি নিজৰ বিজ্ঞতাৰ পৰিচয় প্ৰকাশৰ আনন্দত ওলোৱা মিচিকিয়া হাঁহিটো মাৰি বগেনক ক’লে , “ দেখিলি এতিয়া ৷”

বগেনৰ খংটো টিঙিচকৈ উঠিছিল ৷ গাঁওবুঢ়াই আত্ম-গৌৰৱত মৰা সেই মিচিকিয়া হাঁহিটো তাৰ বৰ অসহ্য লাগিছিল ৷ ৰত্ন বামুণলৈ কিন্তু খং নুঠি বগেনৰ পুতৌহে জন্মিল ৷

সেয়েহে গাঁবুঢ়াৰ কথা শুনি বগেনে তেওঁৰ আধা খুৰুৱা দাঢ়িখিনিলৈ আঙুলিয়াই ক’লে , “হ’ব বাৰু দাইটি , মই যি কৰিম কৰিম ৷ আপুনি ঘৰলৈ গৈ সেইখিনি খুৰাই লওকগৈ ৷”

নিজৰ আধা খুৰুৱা দাঢ়িত হাত বুলাই চাওঁতে গাঁওবুঢ়াৰ আঙুলিত লাগি আহিল চাবোনৰ ফেন ৷তেতিয়াহে কথাটো গম পাই গাঁওবুঢ়াই মনে মনে লাজ পালে ৷ “ এহ , তয়ো আৰু ৰত্ন বামুণে কোৱা কথাটো ক’বলৈ সময় নাপালি হাঁ ৷ দাঢ়িখিনি আধা খুৰুৱা হ’ল- তাকোনো তই ইমান সময় কোৱা নাছিলি কিয় ?”

বগেনে এটা কথা বুজি পালে , তাৰ গাঁৱৰ মানুহবোৰে আনৰ ওপৰত নিজৰ প্ৰভুত্ব কি উপায়েৰে খটুৱাব পাৰে তাৰ চিন্তাহে বেছিকৈ কৰে ৷ নিজে কি কৰি আছে , সেই কথালৈ ভ্ৰূক্ষেপ নকৰে ৷ গতিকে সি এতিয়া কি কৰিব নিজে ঠিক কৰাই উচিত – যাতে সাপো মৰে লাঠিও নাভাগে, তাৰ ব্যৱস্থা কৰিব লাগিব ৷ বগেনে নাপিতৰ হতুৱাই চুলিখিনিৰ সমানে এফাল খুৰাই পেলালে আৰু এফাল আগৰদৰে দীঘলকৈ ৰাখি , মূৰটো ডাঙৰ গামোচা এখনেৰে মেৰিয়াই ঢাকি ল’লে ৷

চুলি খুৰাবলৈ জোৰ দি থকা ফৈদৰ কোনোবাই যদি প্ৰশ্ন কৰে , “ বগেন চুলি খুৰালিনে ?” তেতিয়া পাগুৰি মৰা গামোচাখন চুলি খুৰুৱা ফালে সামান্য দাঙি দেখুৱাই সি উত্তৰ দিয়ে , “ওঁ খুৰালো , এয়া চা ৷ ” আকৌ যদি আনটো ফৈদৰ কোনোবাজনে সোধে , “ বগেন কিয় চুলি খুৰালি ?” তেতিয়া সি কয় , “ ক’ত দেখিলি চুলি খুৰুৱা ? এয়া চা চুলি দেখুন মোৱ আগৰ দৰেই আছে ৷” – নুখুৰুৱা ফালে গামোচাখন দাঙি সি গহীনাই উত্তৰ দিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!