এখন ৰৈ যোৱা চিঠি , মূল ইংৰাজী: আৰ. কে. নাৰায়ণ

অনুবাদ: মনালিছা পাঠক নেওগ

ডাকোৱাল থানপ্পা বিনায়কে আগতে মুদালী ষ্ট্ৰীট আৰু ইয়াৰ চাৰিটা উপপথত চিঠি বিলোৱাৰ কাম কৰিছিল। এই কামটো কৰোঁতে তেওঁক ছয় ঘণ্টা সময় লাগিছিল আৰু তাৰপাছত তেওঁ বজাৰ পথৰ মূল ডাকঘৰলৈ উভতি আহি হিচাপ-নিকাচ দিছিল। তেওঁ যিসকলক ডাক আদি বিতৰণ কৰিছিল, তেওঁলোকৰ লগত মত বিনিময় কৰিছিল। কবীৰ ষ্ট্ৰীটৰ ১৩ নং ঘৰত থকা মানুহজনে প্ৰায়ে আধাবাটলৈ ওলাই আহি “মোৰ চিঠি আছে নেকি” বুলি সুধিছিল। থানপ্পাই যুৱ অৱস্থাৰপৰাই তেওঁক দেখি আহিছে।

 

এতিয়া থানপ্পাৰ চুলিত ৰূপালী বৰণ পৰিছে। ঘৰৰ বাহিৰৰ ৰাস্তাৰ কাষৰ ট্ৰেকটোত মানুহজন তেতিয়াও থানপ্পাৰ বাবে অপেক্ষা কৰি আছিল। তেওঁ বাতৰি কাকতৰ শব্দ শৃংখল পূৰাই পঠিওৱাৰ বাবে পোৱা পুৰস্কাৰৰ বাবে অপেক্ষা কৰি আছিল। 

 

“পুৰস্কাৰ এতিয়াও অহা নাই নেকি?” 

থানপ্পাই প্ৰতিদিনে কয়, “হতাশ নহ’ব, নিশ্চয় কেতিয়াবা আহিব।” 

আন কাৰোবাক থানপ্পাই ক’ব, “এইবাৰ তোমাৰ টকা অহা পলম হোৱা যেন লাগে।

“মেডাম, হায়দৰাবাদৰপৰা আপোনাৰ ল’ৰাৰ চিঠিখন আকৌ আহিছে। তাৰ এতিয়া ল’ৰা-ছোৱালী কেইটা বাৰু?” 

“মই গম পোৱা নাছিলোঁ যে তুমি মাদ্ৰাজত এই চাকৰিটোৰ বাবে আবেদন কৰিছিলা। কোৱা হ’লে ভাল পালোঁহেঁতেন। বাৰু, তোমাৰ এপইণ্টমেণ্টখন অনাৰ দিনা কিন্তু তোমাৰপৰা নাৰিকলৰ খীৰ খাম।” 

 

এনেকৈ কথা পাতি তেওঁ লাহে লাহে আগবাঢ়ি যাব, কিছুমান ঠাইত তেওঁ আধা ঘণ্টাও ৰৈ দিয়ে। বিশেষকৈ কাৰোবাৰ মানি অৰ্ডাৰ আহিলে তেওঁ তাৰ লগত ঘনিষ্ঠভাৱে বহে আৰু এই ধন কি কামত খৰচ হ’ব সেই কথা গম নোপোৱালৈকে গুচি নাযায়। 

 

বতৰটো বেছি গৰম হ’লে তেওঁ কাৰোবাৰ ঘৰত এগিলাচ দৈ পানী খাবলৈ ৰৈ দিয়ে আৰু আৰামত খাইহে উঠে। চুবুৰীৰ সকলোৱে তেওঁক ভাল পাইছিল। কিয়নো তেওঁ সকলোৰে আশা, আকাংক্ষা আৰু কাম-কাজৰ অংশীদাৰ হৈ পৰিছিল। 

 

এই সকলোবোৰ সম্পৰ্কৰ ভিতৰত তেওঁ ১০নং বিনায়ক মুদালী ষ্ট্ৰীটৰ ৰামানুজমৰ সৈতে আটাইতকৈ ঘনিষ্ঠ হৈ পৰিছিল। ৰামানুজম ৰেভিনিও বিভাগৰ কাৰ্যালয়ৰ কেৰাণী আছিল আৰু এক প্ৰজন্ম ধৰি থানপ্পায়ে এই ঠিকনাত চিঠি দি আহিছিল। বহু বছৰ আগতে ৰামানুজমৰ লগত তেওঁৰ চিনাকি হৈছিল। তেওঁৰ পত্নী গাঁৱলৈ গৈছিল আৰু ৰামানুজমলৈ চিঠি পঠিয়াইছিল। থানপ্পাই ষ্টাম্প মাৰি থাকোঁতে এই কাৰ্ডখন দেখিছিল আৰু বিতৰণৰ বাবে ওলাই যোৱাৰ সময়ত তেওঁ প্ৰথমে এই ঠিকনাত উপস্থিত হৈছিল। আনহাতে তাৰ আগতে তেওঁ প্ৰায় দেৰশখন চিঠি বিতৰণ কৰিবলগীয়া আছিল। থানপ্পা পোনে পোনে ৰামানুজমৰ ঘৰলৈ গৈ দুৱাৰত টোকৰ মাৰি জোৰেৰে মাত লগালে, ‘‘ডাকোৱাল!” 

ৰামানুজমে দুৱাৰখন খুলিলে।

 

থানপ্পায়ে ক’লে, ‘‘চিঠিখন পিছত দিম, প্ৰথমে মোক মিঠাই খুৱাওক। আপুনি পিতৃ হৈছে। বছৰ বছৰ ধৰি কৰা প্ৰাৰ্থনা আৰু পূজাৰ অন্তত ছোৱালী এজনী জন্ম হৈছে। কামাক্ষী, কিমান যে সুন্দৰ নাম ৰাখিছে!”

 

বহু বছৰ পিছত এই ওখ, লাজকুৰীয়া কামাক্ষীক থানপ্পায়ে কৈছিল, “ছোৱালীজনী, ফটো এখন যোগাৰ কৰি ৰাখিবা। লাজ নকৰিবা। তোমাৰ ককাৰপৰা চিঠি আহিছে। তেওঁ তোমাৰ ফটো বিচাৰিছে। ফটোৰ প্ৰয়োজন কিয় হৈছে বুজিছানে ?”

 

তাৰপাছত ৰামানুজমৰ হাতত চিঠিখন আগবঢ়াই দি তেওঁ ক’লে, “এতিয়া শহুৰ দেউতাই প্ৰায়ে চিঠি লিখে, ভাল নে তেওঁৰ?” আৰু চিঠিখনৰ সমগ্ৰ বিষয়বস্তু বুজি পোৱালৈকে তেওঁ তাতেই থাকিল। চিঠিখন পঢ়ি ৰামানুজমক অলপ চিন্তিত যেন লাগিল। ডাকোৱালে মানুহজনক সুধিলে, “খবৰ ঠিকেই আছে নে?” তাৰপাছত তেওঁ বাৰাণ্ডাত থকা খুঁটাটোৰ সহায়ত থিয় হৈ ৰ’ল আৰু বেগটো তলত থৈ দিলে। 

 

ৰামানুজমে ক’বলৈ ধৰিলে, “মোৰ শহুৰে ভাবিছে যে মই মোৰ ছোৱালীৰ বাবে দৰা বিচৰাত পিছ পৰি আছোঁ। তেওঁ নিজেই দুই এঠাইত চেষ্টা কৰিছিল যদিও সফল নহ’ল। তেওঁলোকে ভাবে যে মই এইটো কথাৰ প্ৰতি অলপো গুৰুত্ব নিদিওঁ।”

 

“বৃদ্ধসকলে অলপ বেছি চিন্তা কৰে।” থানপ্পায়ে ক’লে। 

 

ৰামানুজমে ক’লে, “কথাটো হ’ল তেওঁ ছোৱালীজনীৰ বিয়াৰ বাবে দহ হাজাৰ টকা জমা ৰাখিছে আৰু অতি সোনকালে তাইৰ বাবে দৰা বিচাৰিব খুজিছে। কিন্তু তেওঁক কেনেকৈ বুজাওঁ যে টকাই সকলো নহয়।”

 

থানপ্পায়ে সন্মতি জনাই ক’লে, “আপুনি ঠিকেই কৈছে। যেতিয়ালৈকে উপযুক্ত সময় নাহে তেতিয়ালৈকে একো কৰিব নোৱাৰি।”

মাহৰ পিছত মাহ ধৰি ডাকঘৰৰ মানুহজনে চিঠি দি থাকিল ৰামানুজমৰ ঘৰত আৰু ভাল খবৰৰ বাবে অপেক্ষা কৰি থাকিল। 

 

“একে পুৰণি খবৰ থানপ্পা।”

“যোৰা মিলা নাই।”

“তেওঁলোকে বহুত যৌতুক বিচাৰিছে।” 

“তেওঁলোকে কামাক্ষীক পছন্দ কৰা নাই।”

“পছন্দ নকৰে! কিযে কয়! কামাক্ষীচোন ৰাজকুমাৰীৰ দৰে। এই মানুহবোৰক মোৰ অন্ধ যেনহে লাগিছে।” থানপ্পাই খঙেৰে ক’ব।

 

বিয়াৰ তাৰিখবোৰ শেষ হ’ব ধৰিছিল। মাত্ৰ তিনিটা দিন বাকী আছে। শেষৰ তাৰিখটো বিছ মে’ত। অতি সোনকালে ছোৱালীজনীৰ সোতৰ বছৰ হ’ব। শহুৰ দেউতাকৰ চিঠিবোৰ কঠোৰ হৈ আহিছিল। ৰামানুজমে সকলো চেষ্টা কৰিছিল আৰু সকলোতে হতাশ হৈছিল। তেওঁক অসহায় যেন লাগিছিল। তেওঁ ক’লে, “থানপ্পা, এনে ভাব হৈছে মোৰ বাবে যেন ক’তো জোঁৱাই নাই।”

 

“এনে অশুভ কথা নক’ব।” ডাকঘৰৰ মানুহজনে ধৈৰ্য্যৰে ক’লে, “ভগৱানে এতিয়া নিশ্চয় কিবা এটা কৰিব।” তাৰপাছত কিছুসময় চিন্তা কৰি তেওঁ ক’লে, “এটা ল’ৰা আছে দিল্লীত। দুহাজাৰ টকা উপাৰ্জন কৰে। টেপিল ষ্ট্ৰীটৰ মাকুণ্ডাৰয়ে তেওঁৰ জীয়েকৰ বাবে কথা পাতি আছিল। মাকুণ্ডা আৰু তোমাৰ জাতিটো চাগে একেই।” 

 

“হয়।” 

 

“তেওঁ কেইমাহমানৰপৰা কথা পাতি আছে। প্ৰায় এশখন চিঠি নিশ্চয় আদান-প্ৰদান হৈছিল। কিন্তু মই নিশ্চিতভাৱে জানো যে কথাটো ছিঙিল। বিষয়টো কিছু টকাৰ ওপৰত আবদ্ধ হৈ আছে। তেওঁলোকে পোষ্টকাৰ্ডত শেষ দাবী দিছে। যাৰ বাবে এই লোকসকল অতিশয় ক্ষুব্ধ হৈ পৰিছে। এই পোষ্টকাৰ্ডবোৰ অপমানৰ অস্ত্ৰ হৈ পৰিছে। এতিয়াতো ছবিৰ পোষ্টকাৰ্ডতো বহুতো গুৰুত্বপূৰ্ণ কথা লিখি পঠোৱা হয়। দুবছৰ আগতে ৰাজপ্পাই আমেৰিকালৈ যোৱাৰ সময়ত প্ৰতি সপ্তাহত পুত্ৰক ছবিৰ পোষ্টকাৰ্ডত চিঠি পঠিয়াইছিল।”

 

ইয়াৰ পিছত তেওঁ ক’লে, “মই মাকুণ্ডাৰপৰা ল’ৰাটোৰ কুণ্ডলীখন বিচাৰিম। চাওঁচোন কি হয়!” পাছদিনা তেওঁ কুণ্ডলীখন লৈ আহিল। ক’লে, “লৰাটোৰ মাক-দেউতাকো দিল্লীত থাকে। আপুনি পলম নকৰি তেওঁলৈ চিঠি লিখক। এতিয়া সময় অপব্যয় কৰাটো ঠিক নহ’ব।”

 

ৰামানুজমৰ পৰিয়ালত আশাৰ কিৰণ জিলিকি উঠিল। “মোৰ এতিয়াও এশখন চিঠি বিলাবলৈ আছে কিন্তু দিল্লীৰ মোহৰ দেখি প্ৰথমে ইয়ালৈ আহিলোঁ। খোলক আৰু কওকচোন কি লিখা আছে।” তেওঁ উৎসাহত কঁপি আছিল। “ইমান সোনকালে উত্তৰ দিলে। তেন্তে ফটো দেখি পছন্দ কৰিলে। কোনেনো নকৰিব বাৰু ৰাজকুমাৰী হেন ছোৱালীজনীক?” 

এদিন থানপ্পায়ে কলে, “সদায় একোখনকৈ চিঠি আহিবলৈ লৈছে। ভাবিছোঁ কামাক্ষীৰ বিয়া হোৱালৈকে ছুটী লৈ লওঁ।”

 

“তুমি এনেকৈ কৈছা যে বিয়া কাইলৈকে হ’ব। কথা-বতৰা কেনেকৈ আগবাঢ়িব গমেই নাপাওঁ ৰবা। ফটো পছন্দ হ’লেই সকলো নহয়।”

 

পৰিয়ালৰ লোকসকলে এটা গুৰুতৰ সমস্যাৰ সৈতে যুঁজি আছিল। ৰামানুজমে ছোৱালীজনীক মাদ্ৰাজলৈ লৈ যাব নেকি, য’ত ল’ৰাটোৰ মাক-দেউতাক এদিন বা দুদিনৰ বাবে আহিব। এই বিষয়ত প্ৰচণ্ড মতানৈক্যৰ সৃষ্টি হৈছিল। ৰামানুজম, মাক আৰু পত্নীৰ এই বিষয়ে কাৰো নিৰ্দিষ্ট মতামত নাছিল যদিও সকলোৱে ইজনে সিজনৰ তীব্ৰ বিৰোধিতা কৰিছিল। 

 

“আমি এনেকৈ যদি ছোৱালীজনীক দেখুৱাই ফুৰোঁ সকলো মানুহে আমাক হাঁহিব।” পত্নীয়ে বিৰোধিতা কৰি ক’লে। 

ৰামানুজমে চিঞৰি ক’লে, “কি অদ্ভুত চিন্তা কৰিছা! আমি যদি এই পুৰণি চিন্তাধাৰাত থাকোঁ জীৱনত জোঁৱাইৰ চেহেৰা দেখিবলৈ নাপাম। দৰকাৰ হ’লে আমি কামাক্ষীক দিল্লীলৈ নি হ’লেও দেখুৱাব লাগিব।” 

 

“ঠিক আছে, তোমাৰ যি মন যায় তাকে কৰা। মোৰপৰা পৰামৰ্শ লোৱাৰ প্ৰয়োজন আছে জানো!” পত্নীয়ে উচাট মাৰি উত্তৰ দিলে। 

 

খঙৰ কোপত কোনো সিদ্ধান্ত লোৱা যে নহ’ব সেয়া দেখা পোৱা গ’ল। সন্ধিয়া ডাকোৱালে সকলো কাম সম্পূৰ্ণ কৰি ৰামানুজমৰ ঘৰলৈ আহি আলোচনাত যোগ দিলে। তেওঁ ক’লে, ‘‘সৰু মুখ, ডাঙৰ কথা। আপোনালোকৰ বাবে মই তৃতীয় মানুহ। কিন্তু মই ক’ব বিচৰা কথাটো হ’ল আপুনি লগে লগে ৰে’লত উঠি মাদ্ৰাজলৈ যাব লাগে। এবছৰত চিঠিৰ জৰিয়তে সমাধা কৰিব নোৱৰা কথাটো আপোনালোকে সন্মুখত বহি এঘণ্টাৰ ভিতৰতে সমাধা কৰিব পাৰিব।” 

 

তেওঁৰ কথা মানি ল’লে সকলোৱে। তাৰ কিছুদিনৰ পাছত থানপ্পায়ে ৰামানুজমৰ পত্নীৰ হাতত চিঠি এখন দি ক’লে, “মেডাম মাদ্ৰাজৰপৰা আপোনাৰ বাবে এই চিঠিখন আহিছে। দেখাত আপোনাৰ স্বামীৰ যেন লাগিছে। কি খবৰ পঠিয়ালে বা তেওঁ? “ তাৰ পিছত আকৌ ক’লে, “মোৰ হাতত কিছুমান ৰেজিষ্ট্ৰিৰ চিঠি আছে, যিবোৰ দিব লাগিব। মই সেইবোৰ বিতৰণ কৰি আহি আছোঁ।” 

   উভতি আহি তেওঁ সুধিলে, “দুয়ো পৰিয়াল লগ হৈছেনে?”

“অ হৈছে। কামাক্ষীৰ দেউতাকে কামাক্ষীক ল’ৰা পৰিয়ালে দেখিলে বুলি লিখিছে আৰু কথা-বতৰাৰপৰা কামাক্ষীক ভাল পাইছে যেন লাগে বুলি লিখিছে।”

   “এইটো এটা ডাঙৰ খবৰ। মই এতিয়াই গৈ বিনায়ক মন্দিৰত নাৰিকল আগবঢ়াম।” ডাকোৱালে মনৰ আনন্দতে ক’লে। 

  কিন্তু আধা সুখী আৰু আধা চিন্তিত যেন লগা ৰামানুজমৰ পত্নীয়ে কলে, “এটা অসুবিধা আছে। আমি অহা মাহত বিয়া হোৱাটো বিচাৰিছিলোঁ, যিটো অধিক শুভ। ইমান সোনকালে সকলো ব্যৱস্থা কৰাটো বৰ কঠিন হ’ব। কিন্তু তেওঁলোকে কয় যে যদি বিয়া হ’ব লাগে তেন্তে বিছ মে’ৰ আগতে হ’ব লাগে। অন্যথা তিনি বছৰলৈ বিবাহ সম্ভৱ নহ’ব। ল’ৰাজনে কিবা ট্ৰেইনিং কৰিবলৈ বাহিৰলৈ যাব।” 

কিছুদিনৰ পাছত ডাকোৱালজনে বীমাৰ খামটো ৰামানুজমৰ হাতত তুলি দি ক’লে, ‘‘আপোনাৰ শহুৰৰ কথা সঁচা বুলি প্ৰমাণিত হ’ল। তেওঁ গোটেই ধনৰাশি পঠিয়াইছে। এতিয়া আপোনাৰ টকাৰ অভাৱ নহ’ব। তেতিয়াহলে বিয়াৰ যা-যোগাৰ আৰম্ভ কৰক। মই সুখী, তেওঁ সম্পৰ্কটো ভাল পাইছে। কাৰণ টকাতকৈ তেওঁলোকৰ আশীৰ্বাদৰ অধিক প্ৰয়োজন। মই ভাবোঁ, তেওঁ এই চিঠিখনতে নিজৰ আশীৰ্বাদ পঠিয়াইছে।” 

   “অ’ অ’ পঠিয়াইছে। মোৰ শহুৰো এই সম্পৰ্কত বহুত সুখী” ৰমানুজমে উত্তৰ দিলে। 

   “মালগুডী চহৰত দহ হাজাৰ টকীয়া বিয়া এখন ডাঙৰ কথা আছিল। ৰামানুজম চিন্তিত হৈ পৰিছিল, কম সময়ৰ ভিতৰতে কেনেকৈ সকলো ব্যৱস্থা কৰিব পাৰি! কাৰণ সহায় কৰিবলৈ কোনো নাছিল। থানপ্পাই ডাকঘৰৰ কামৰ পিছত আজৰি সময়খিনি তেওঁলোকক সহায় কৰাত উছৰ্গা কৰিছিল। সময় ৰাহি কৰিবলৈ তেওঁ চিঠি বিতৰণ কৰাৰ সময়ত কথা পতা সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে। এতিয়া তেওঁ চিঠি এখন দিওঁতে কাৰোৰে বাবে অপেক্ষা নকৰে। কেৱল খিৰিকী বা দুৱাৰেদি চিঠিখন পেলাই দি ‘চিঠি’ বুলি কৈ আগুৱাই যায়। কোনোবাই যদি তেওঁক ৰখাই সোধে, ‘‘কি হৈছে, ইমান খৰখেদা কিয়? ‘‘ 

   তেওঁ আগুৱাই যাওঁতে কৈ যায়, ‘‘বিছ মে’লৈকে কথা নাপাতোঁ। ইয়াৰ পিছত মই তোমাৰ যিমান মন যায় কথা পাতিম, লাগিলে তোমাৰ ঘৰতে শিবিৰ পাতিম।” 

   ৰামানুজমো বৰ মানসিক চাপত আছিল। বিয়াৰ দিনটো ওচৰ চাপি অহাৰ লগে লগে তেওঁৰ উদ্বিগ্নতা বাঢ়ি আহিল। “সকলো কাম সঠিকভাৱে সম্পন্ন কৰিব লাগে। কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব নালাগে।” তেওঁ বাৰে বাৰে কৈছিল। 

   “চিন্তা নকৰিব, ভগৱানৰ কৃপাত সকলো কাম সুখেৰে সম্পন্ন হ’ব। আপুনি তেওঁলোকক বিচৰা ধৰণে টকা দিছে আৰু উপহাৰো দিছে। তেওঁলোক ভাল মানুহ। গতিকে কোনো অসুবিধাৰ সৃষ্টি নহয়।” 

   “এইটো কথা নহয়। কথা হ’ল যে এইটোৱেই শেষ মুহূৰ্ত। কিবা সংকটৰ সৃষ্টি হ’লে ল’ৰাটো তিনিবছৰলৈ গুচি যাব, তেতিয়া আমাৰ কোনোৱেই তিনিবছৰলৈ বাট নাচাব।” 

বিয়াৰদিনা লগনৰ সময়ৰ চাৰি ঘণ্টাৰ পিছৰ কথা। বিয়াখন ইতিমধ্যে হৈ গৈছিল আৰু ঘৰখনত শান্তি বিৰাজ কৰিছিল। দিল্লীৰপৰা অহা দৰাজন আৰামত পেণ্ডেলৰ তলৰ চকী এখনত বহি আছিল। চন্দন আৰু ফুলৰ সুগন্ধি বায়ুমণ্ডলত বিয়পি পৰিছিল। ঘিঁউ আৰু হোমৰ ধোঁৱা আকাশত ওপঙি আছিল। মানুহবোৰে দৰাৰ চাৰিওফালে বহি কথা পাতি আছিল। 

   ঠিক তেনেতে মোনাত চিঠি ভৰাই থানপ্পা আহি পালেহি। কেইজনমান লৰায়ে তেওঁক দেখি আগবাঢ়ি গ’ল আৰু সুধিলে, 

 “কাৰ কাৰ চিঠি আনিছা?” 

“যাৰ চিঠি আহিছে তেওঁক মই এতিয়াই দিম ৰ’বা।”

তেওঁ দৰাৰ কাষ পালেগৈ আৰু চিঠিৰ টোপোলা এটা সন্মানেৰে তেওঁলৈ আগবঢ়াই দিলে। 

“ইয়াত বহুত মানুহৰ শুভেচ্ছা আৰু আশীৰ্বাদ আছে আপোনাৰ কাৰণে। এই সকলোৰে লগতে মোৰফালৰপৰাও আপোনাক শুভেচ্ছা জনালোঁ।” সেয়া কওঁতে ডাকোৱালক বহুত সুখী আৰু ভাবুক যেন দেখা পোৱা গ’ল। 

   দৰাজনে হাঁহি এটা মাৰি ধন্যবাদ দিওঁতে ডাকঘৰৰ মানুহজনে পুনৰ ক’লে, “আপোনাৰ দৰে এজন জোঁৱাই পোৱাত আমি সকলোৱে গৌৰৱান্বিত। কামাক্ষীক মই তাইৰ জন্মৰ প্ৰথম

দিনটোৰপৰাই চিনি পাওঁ আৰু তেতিয়াৰপৰাই মই জানিছিলোঁ যে তাই এজন ভাল স্বামী পাব।” 

ইয়াৰ পিছত তেওঁ হাতযোৰ কৰি নমস্কাৰ জনালে আৰু ভোজনালয়লৈ সোমাই গ’ল। 

 দহ দিনৰ পাছত থানপ্পায়ে দুৱাৰত টুকুৰিয়াই কামাক্ষীক মাতি তাইৰ প্ৰথম চিঠিখন আগবঢ়াই দিলে। “ৱাহ, চিঠিখনৰপৰা সুগন্ধি ওলাইছে, এই সুগন্ধিটো মই তেতিয়াই পালোঁ জানা, যেতিয়া তিনিটা ষ্টেচনৰ আগতে ইয়ালৈ ডাকৰ ​​বাকচত আহি আছিল। এনে শ শ চিঠি মই ডেলিভাৰী কৰিছোঁ। এতিয়া মোৰ কথা শুনা। তোমালৈ দশমখন চিঠি অহাৰ পাছত বস্তু-বাহানি বান্ধি সাজু কৰি তেওঁৰ ওচৰলৈ যাবলৈ আদেশ দিব আৰু তেতিয়া তোমাৰ দুখন ডেউকা গজিব আৰু একেদিনাই এই সকলো ৰাস্তা আৰু থানপ্পাক পাহৰি তেওঁৰ ওচৰলৈ উৰি যাবা। হয়নে নহয় কোৱা?”

   লাজত ৰঙা হোৱা কামাক্ষীয়ে তেওঁৰ হাতৰপৰা চিঠিখন লৈ ঘৰৰ ভিতৰলৈ সোমাই গ’ল। ডাকঘৰৰ মানুহজনে ক’লে, ‘‘মই ভাবোঁ চিঠিখনত কি লিখা আছে জানিবলৈ মই আজি ৰৈ থকাৰ প্ৰয়োজন নাই।”

   তাৰপাছত এদিন বন্ধৰ দিনত ৰামানুজমক ঘৰত পাব বুলি নিশ্চিত হোৱা দিনা থানপ্পা তেওঁৰ ওচৰলৈ গৈ কাৰ্ড এখন আগবঢ়াই দিলে। কাৰ্ডখন দেখাৰ লগে লগে ৰামানুজমে ক’লে, ‘‘বেয়া খবৰ যেন লাগিছে থানপ্পা। মোৰ খুৰা, দেউতাৰ ভায়েক চলেমত থাকে। তেওঁ বহুত অসুস্থ আৰু তেওঁ মোক শেষবাৰৰ বাবে চাব বিচাৰিছে।” 

“টেলিগ্ৰাম এখনো আছে।” 

টেলিগ্ৰামখন পঢ়ি ৰামানুজমে চিঞৰি উঠিল “হে ভগৱান, খুৰাচোন ঢুকালে” আৰু তাকে কৈ তেওঁ বাহিৰত থকা পাথৰ এটাত বহি পৰিল নিৰ্জীব বস্তু এটাৰ দৰে। 

থানপ্পাও দুখী হৈ পৰিল। অলপ সময় তেওঁ ৰামানুজমক চম্ভালি থাকিল। ৰামানুজম থিয় হ’ল আৰু ঘৰৰ ভিতৰলৈ সোমাই যাব খুজিলে। থানপ্পায়ে মাত লগালে, “এক মিনিট ৰ’ব, মোৰ কথাটো শুনক। মই ক্ষমা খুজিব বিচাৰিছোঁ। টেলিগ্ৰামখনৰ তাৰিখটো চাওক।” 

“ঊনৈশ মে, মানে এইখন পোন্ধৰ দিন আগৰ চিঠি।” 

“হয় আৰু টেলিগ্ৰামখনো তাৰ দুদিন পিছতে আহিছিল। মোৰো বহুত দুখ লাগিছিল কিন্তু যি হ’ব লগা আছিল হৈ গ’ল। নিজকে তেনেকৈ কৈ মই চিঠি দুখন থৈ দিলোঁ। চিঠি দুখনৰ কাৰণে যাতে বিয়াখন ৰৈ নাযায়।” 

ৰামানুজমে ডাকোৱালৰফালে চাই ক’লে, 

“এই চিঠিখন তেতিয়াই পোৱা হ’লে মই বিয়াখন ৰখাই দিলোঁহেঁতেন।” 

ডাকোৱালে মূৰ তল কৰি থিয় হৈ থাকিল। অলপ সময়ৰ পাছত লাহেকৈ ক’লে, 

“আপুনি বিচাৰিলে মোৰ বিষয়ে অভিযোগ কৰিব পাৰে বিভাগত। মই দোষণীয় কাম কৰিছোঁ। 

এইটো অপৰাধ হৈছে।” 

তাকে কৈ তেওঁ চিৰিৰপৰা নামিল আৰু বাকী থকা চিঠিসমূহ বিলাবলৈ বুলি আগবাঢ়িল। 

ৰামানুজমে অলপ সময় তেওঁলৈ চাই থাকিল, তাৰ পিছত চিঞৰি ক’লে, 

“ৰ’বা”

থানপ্পায়ে ঘূৰি চালে, 

ৰামানুজমে কৈছিল, “এইটো নাভাবিবা যে মই তোমাৰ অভিযোগ কৰিম। মোৰ মাথোঁ এটাই দুখ থাকিব তুমি এনেকুৱা কৰিলা।” 

“মই আপোনাৰ মনৰ অৱস্থা বুজিছোঁ।”

তাকে কৈ ডাকোৱালে কেঁকুৰিটো

পাৰ হৈ নিজৰ গন্তব্য স্থানলৈ বুলি গধুৰ খোজেৰে আগুৱাই গ’ল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!