মাছমৰীয়া

লেখক- গুনীন চৌধুৰী

মূল: পাবলো নেৰুডা

ভাৱানুবাদ: গুনীন চৌধুৰী

 

দীঘল বৰশীৰ সৈতে উলঙ্গ মাছমৰীয়া

শিলাময় পুখুৰীত আবদ্ধ মাছবোৰক আক্ৰমণ কৰে

সাগৰ, বতাহ আৰু মানুহজন এতিয়াও আছে

এটা গোলাপ সদৃশ কোমলতাৰ ইংগিত লৈ

পানীৰ ধাৰৰ পৰা বিয়পি পৰা

মৌনতাত মুখ বন্ধ ৰাখি

এটা এটাকৈ মিনিটবোৰ যেন

বিচনীৰ দৰে ভাঁজ লয়

আৰু উলঙ্গ মাছমৰীয়াৰ হৃদয়স্পন্দন

পানীত শান্ত হৈ পৰে

কিন্তু যেতিয়া শিলবোৰে চাবলৈ এৰিছিল

আৰু ঢৌবোৰে নিজৰ শক্তি উলিয়াই আনিছিল

সেই বোবা পৃথিৱীৰ মাজত

মানুহজন দীপ্তিহীন হৈ পৰিল

শিলৰ নিশ্চল জীৱনৰ বিৰুদ্ধে

পৱিত্ৰ শিলটোত

বৰশীটো আবদ্ধ হৈ পৰিল

পোহৰত আঘাতপ্ৰাপ্ত মাছবোৰ উত্তেজিত হৈ পৰিল সাগৰৰ

অযত্নপালিত বিননিত, নিমখ আৰু

তেজে ধোৱা পখিলাৰ স্পৰ্শত।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!