দা ড্ৰীম

লেখক- কলচুম বিবি

গল্পকাৰ- অ’ হেনৰী
অনুবাদ- কলচুম বিবি

মুৰেই এটা সপোন দেখিছিল।
মনোবিজ্ঞান আৰু বিজ্ঞান দুয়োৱে মৃত্যুৰ যমজ ভাতৃ নিদ্ৰাৰ ৰাজ্যত বিচৰণৰ সময়ত অশৰীৰি আত্মাৰ দুঃসাহসিক অভিযান সম্পৰ্কে আমাৰ সন্মুখত ব্যাখ্যা কৰিবলৈ অন্ধভাৱে অনুসন্ধান কৰে। এই গল্পটোৱে সেয়া আলোকিত কৰিবলৈ চেষ্টা নকৰে; এইটো মুৰেৰ সপোনৰ ৰেকৰ্ডৰ বাহিৰে আন একো নহয়। এই আচৰিত ধৰণৰ জাগ্ৰত টোপনিৰ এটা আটাইতকৈ দ্বিধাযুক্ত অংশ হৈছে যে যি সপোনে কেইবাটাও মাহ বা কেইবাটাও বছৰ আৱৰি ৰখা যেন লাগে, সেয়া মাত্ৰ কেইটামান ছেকেণ্ড বা মিনিটৰ ভিতৰত ঘটে।
মুৰে দণ্ডিত কয়দীসকলৰ বিভাগত থকা তেওঁৰ সৰু কুঠৰীটোত অপেক্ষা কৰি আছিল। তেওঁৰ টেবুলখনৰ ওপৰত কৰিড’ৰৰ চিলিঙত থকা এটা ইলেক্ট্ৰিক আৰ্ক লাইটৰ উজ্জ্বল পোহৰ পৰি আছিল। এখন বগা কাগজত পৰুৱা এটাই বৰকৈ ইফালৰ পৰা সিফালে বগাই থাকোঁতে মুৰে তাৰ পথটো এটা খামেৰে বন্ধ কৰি দিছিল। বিদ্যুৎস্পৃষ্টকৰণ গধূলি আঠ বজাত নিৰ্দিষ্ট কৰা হৈছিল। পতংগবোৰৰ বুদ্ধিদীপ্ততাৰ উদ্ভত আচৰণত মুৰে মিচিকিয়াই হাঁহিছিল।
কক্ষটোত আৰু সাতজন দণ্ডিত ব্যক্তি আছিল। যেতিয়াৰ পৰা তেওঁ তাত আছিল মুৰে তিনিজনক তেওঁলোকৰ দুৰ্ভাগ্যক গ্ৰহণ কৰা দেখিছিল; এজন উন্মাদ হৈছিল আৰু ফান্দত পৰা কুকুৰনেচীয়া বাঘৰ দৰে যুঁজিছিল; এজন উন্মাদতকৈ কম নাছিল, স্বৰ্গৰ বাবে আন্তৰিকতাবিহীন পৱিত্ৰ সেৱাৰ প্ৰস্তাৱ দিছিল; তৃতীয়জন জীৰ্ণ-শীৰ্ণ, ভগ্ন আৰু এখন ব’ৰ্ডৰ সৈতে বন্ধা আছিল। তেওঁ চিন্তা কৰিছিল যে তেওঁৰ হৃদয়, ভৰি আৰু মুখমণ্ডলে তেওঁৰ শাস্তি পূৰণ কৰিবলৈ তেওঁ নিজক কি কৃতিত্ব দিব; তেওঁৰ গধূলিটো এনেকুৱাই আছিল। তেওঁ ভাবিছিল এতিয়া নিশ্চয় আঠ বাজিবৰ হৈছে।
তেওঁৰ বিপৰীতে থকা দুটা শাৰীৰ কুঠৰীটো চিচিলিয়ান হত্যাকাৰী ব’নিফেচিঅ’ৰ, যিয়ে তেওঁৰ বাগদত্তা আৰু তেওঁক আটক কৰিবলৈ অহা দুজন অফিচাৰক হত্যা কৰিছিল। তেওঁৰ সৈতে মুৰে কেইবা ঘণ্টা দবা খেলিছিল, প্ৰত্যেকে কৰিড’ৰৰ সিপাৰে থকা তেওঁৰ অদৃশ্য প্ৰতিদ্বন্দীক খেলিবলৈ আমন্ত্ৰণ কৰি আছে।
বনিফেচিঅ’ই গদগদীয় অবিনাশী গায়ন কৌশলেৰে কৈ উঠিছিল,”হেই মিষ্ট্ৰো মুৰে; আপুনি কি অনুভৱ কৰিছে—সকলো ঠিকে আছে– হয়?”
“সকলো ঠিকে আছে বনিফেচিঅ’।” মুৰে লাহেকৈ ক’লে, তেওঁ পৰুৱাটোক খামটোৰ ওপৰত বগাবলৈ অনুমতি দিছিল আৰু তাৰপাছত ইয়াক কংক্ৰিটৰ মজিয়াত খুব ধীৰ গতিৰে পেলাই দিছিল।
“সেয়া ভাল কথা, মিষ্ট্ৰো মুৰে। আমাৰ দৰে মানুহবোৰ পুৰুষৰ দৰে মৰিব লাগে। মোৰ সময় অহা সপ্তাহত। সব ঠিকে আছে। মনত পৰিছে মিষ্ট্ৰো মুৰে, ইয়াৰ আগৰ খেলখনত মই তোমাক হৰুৱাইছিলোঁ। হয়তো আমি আকৌ কেতিয়াবা খেলিম। কেতিয়া মই নাজানো। কোনোবা এদিন আমি হয়তো এই খেল খেলিবলৈ লগ হ’ব লাগিব- সিহঁতে আমাক য’লৈ পঠিয়াব তাতেই এটা জোৰদাৰ চাল খেলিব লাগিব।”
ব’নিফিচিঅ’ৰ কঠোৰ দৰ্শন, নিবিড়ভাৱে অনুসৰণ কৰা কাণ তাল মৰা, হাঁহিৰ সংগীতময় কোলাহলে, মুৰেৰ শীতল হৃদয়খনক আনন্দিত কৰাৰ সলনি উমাল কৰি তুলিছিল। তথাপিও ব’নিফেচিঅ’ৰ হাতত জীয়াই থাকিবলৈ অহা সপ্তাহটোলৈকে সময় আছিল।
কক্ষৰ বাসিন্দাসকলে এটা চিনাকী, ষ্টিলৰ বল্টুৰ ডাঙৰ টিকটক শব্দ শুনিছিল, যেন কৰিড’ৰৰ শেষৰখন দৰ্জা খোল খাইছিল। তিনিজন মানুহ মুৰেৰ কুঠৰীটোলৈ আহিছিল আৰু তলা খুলিছিল। দুজন বন্দীসকলৰ পহৰাদাৰ; আনজন “লেন”–নহয়; সেয়া পূৰণি হ’ল; এতিয়া ৰেভাৰেণ্ড লিঅ’নাৰ্ড উইনষ্টন, তেওঁলোকৰ বেয়া দিনৰ বন্ধু আৰু প্ৰতিবেশী।
“মই কাৰাগাৰত মোক পাদুৰীৰ স্থান দিবলৈ তেওঁলোকক লগ কৰিছিলোঁ”, তেওঁ মুৰেৰ হাতখন জোৰকৈ চেপি খামুচি ধৰি কৈছিল। তেওঁ বাওঁহাতেৰে এটা পেজত তৰ্জনী আঙুলি টোঁৱাই এখন সৰু বাইবেল ধৰি আছিল।
মুৰে লাহেকৈ হাঁহিছিল আৰু দুখন নে তিনিখন কিতাপ আৰু কেইটামান কলম ধাৰক সুশৃংখলভাৱে তেওঁৰ সৰু টেবুলখনত ঠিক-ঠাক কৰিলে। তেওঁ কথা ক’লেহেঁতেন, কিন্তু তাক উপস্থাপন কৰিবলৈ কোনোধৰণৰ সঠিক শব্দ তেওঁৰ মনলৈ নাহিল।
কয়দীবোৰে এই আশী ফুট দীঘল, বিশ ফুট বহল কাৰাগাৰটো ‘লিম্বো লেন’ নামেৰে নামাকৰণ কৰিছিল। এই ‘লিম্বো লেন’ৰ আনতকৈ ভাল, ৰুক্ষ, দয়ালু নিয়মীয়া পহৰাদাৰজনে তেওঁৰ পকেটৰ পৰা এক পাঁইট হুইস্কিৰ বটল এটা মুৰেৰ হাতত অৰ্পণ কৰি ক’লে,”আপুনি জানে, এইটো নিয়মনিষ্ঠ। এইটো সেই সকলৰ বাবে যিসকলে ভিটামিন বুলি প্ৰয়োজন অনুভৱ কৰে। এয়া তেওঁলোকৰ অভ্যাসত পৰিণত হ’লেও একো বিপদ নহয়, আপুনি বুজিছে।”
মুৰে বটলটোৰ বেছিখিনিয়েই খালে।
“এয়াহে ল’ৰা!” পহৰাদাৰজনে ক’লে। “অলপমান টনিক আৰু সকলো ৰেচমী সূতাৰ দৰেই মসৃন হৈ পৰে।”
তেওঁলোকে ক’ৰিডৰত খোজ দিছিল আৰু সাতজন কয়দীৰ প্ৰত্যেকজনে জানিছিল। লিম্বো লেন হৈছে বৰ্হিজগতৰ আন এখন জগত; কিন্তু শিকা হৈছিল, যেতিয়া এটা নাইবা এটাতকৈ অধিক পঞ্চনেন্দ্ৰিয় অপসাৰণ কৰা হৈছিল, সেই ঘাটি পূৰণৰ বাবে আন এটা ইন্দ্ৰিয় সাজু কৰা হৈছিল। প্ৰত্যেকেই জানিছিল যে এতিয়া আঠ বাজিবৰ হৈছে আৰু সেয়ে মুৰে আঠবজাত চকীখনলৈ যাব। ইয়াতে অভিজাত অপৰাধৰ কেইবাটাও ‘লিম্বো লেন’ আছে। যিজনে মুকলিকৈ হত্যা কৰে, যিজনে তেওঁৰ শত্ৰুক প্ৰহাৰ কৰে অথবা ধৰিবলৈ খেদি ফুৰে, আদিম আৱেগেৰে পৰিপূৰ্ণ হৈ যুঁজৰ বাবে ব্যগ্ৰ হৈ থাকে, সেই মানুহজনে মানৱ এন্দূৰ, মকৰা আৰু সাপক অৱজ্ঞা কৰে।
তাৰপাছত মুৰে ক’ৰিডৰটোৰ তললৈ দুজন পহৰাদাৰৰ আৱেষ্টনীৰে মিছিলত যাওঁতে সাতজন দোষীৰ ভিতৰত মাত্ৰ তিনিজনে, বিদায় জনাইছিল- ব’নিফিচিঅ’, মাৰৱিন যিজনে জেলৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে এজন পহৰাদাৰীক হত্যা কৰিছিল আৰু বাছেট, ট্ৰেইন ডকাইতজন, যি জনক ইয়ালৈ ঠেলি দিয়া হৈছিল, কাৰণ এক্সপ্ৰেছ বাৰ্তাবাহকজনে আদেশ দিয়াৰ পাছতো তেওঁৰ হাতখন দঙা নাছিল। বাকী চাৰিজনে ভিতৰি ভিতৰি জ্বলি জ্বলি সিহঁতৰ কুঠৰীত নিস্তব্ধ হৈ আছিল, সিহঁতে আইনৰ বিৰুদ্ধে কৰা ক্ষীণ চিত্ৰৰ দৰে স্পষ্ট আৰু আকৰ্ষণীয় অপৰাধৰ স্মৃতিতকৈ, নিঃসন্দেহে সিহঁতে বৰ গভীৰভাৱে লিম্বো লেন চছাইতিৰ সামাজিক বহিষ্কাৰৰ কথা বেছিকৈ অনুভৱ কৰিছিল।
মুৰে নিজৰ ধীৰতা আৰু উদাসীনতা দেখি আচৰিত হৈছিল। প্ৰাণদণ্ডৰ কুঠৰীটোত প্ৰায় বিশজন মান মানুহ, কাৰাগাৰৰ বিষয়াসকল, বাতৰি কাকতৰ সাংবাদিক আৰু দৰ্শকসকলে এখন ধৰ্মসভা আয়োজন কৰিছিল- যিসকল সফল হৈছিল।
ইয়াত শাস্তিৰ একেবাৰে মধ্যভাগত, মৃত্যুৰ হাতখনে অ’ হেনৰীৰ শেষৰ গল্পটোৰ কথনত ব্যাঘাত জন্মালে। তেওঁ গল্পটো তেওঁৰ আন গল্পবোৰতকৈ অলপ পৃথক কৰিবলৈ পৰিকল্পনা কৰিছিল, নতুন ছিৰিজটোৰ আৰম্ভণিৰ শৈলীটো, তেওঁ আগতে চেষ্টা কৰা নাছিল। “মই পাব্লিকক দেখুৱাব বিচাৰো।” তেওঁ কৈছিল,”মই যে কিবা এটা নতুন লিখিব পাৰোঁ–মোৰ বাবে নতুন কিবা এটা, অৰ্থাৎ অপশব্দবিহীন এটা গল্প, এটা পোনপটীয় নাটকীয় প্লট এনেকৈ ব্যৱহাৰ কৰা হ’ব যিটো মোৰ মনলৈ বাস্তৱ গল্প লেখন চিন্তাৰ পৰা আহিব।” বৰ্তমানৰ গল্পটো লিখাৰ আগতে তেওঁ সংক্ষেপে ৰূপৰেখা বনালে কেনেকৈ তেওঁ এইটো উন্নত কৰাৰ বাবে আগ্ৰহী: মুৰে নামৰ অপৰাধীজন নিজৰ প্ৰেমিকাক ঈৰ্ষান্বিত হৈ খঙেৰে সম্পন্ন কৰা এটা নৃশংস হত্যাকাণ্ডৰ বাবে জগৰীয়া আৰু দণ্ডিত- – প্ৰথমতে মৃত্যুদণ্ডৰ মুখামুখী হ’ল, গহীন-গম্ভীৰ আৰু সকলো বাহ্যিক ৰূপ-ৰং, ভাগ্যৰ প্ৰতি উদাসীন হৈ পৰিল। তেওঁ ইলেক্ট্ৰিক চেয়াৰৰ একেবাৰে নিকট হোৱা বাবে তেওঁ ভাৱনাৰ বিদ্ৰোহ অতিক্ৰম কৰিলে। তেওঁ হতভম্ব, বিস্ময়ান্বিত, স্তম্ভিত হৈছে। মৃত্যুৰ চেম্বাৰত বাকী থকা দৃশ্য-সাক্ষী, দৰ্শক, প্ৰাণদণ্ডৰ বাবে কৰা প্ৰস্তুতি—তেওঁৰ বাবে অবাস্তৱ হৈ পৰিল। এটা চিন্তাই তেওঁৰ মগজুত বিজুলীৰ চমকনিৰ দৰে পাৰ হৈ গ’ল যে এটা ভয়ানক ভুল কৰা হৈছে। তেওঁক চকীখনৰ লগত কিয় বন্ধা হৈছে? তেওঁ কি কৰিলে? তেওঁ কি অপৰাধ কৰিছিল? কিছু ক্ষণৰ ভিতৰত ৰছীডালৰ লগত সমাযোজন কৰি থাকোঁতে এটা দৃশ্য তেওঁৰ মনলৈ আহিছিল। তেওঁ এটা সপোন দেখিলে। তেওঁ অকণমানি উজ্জ্বল, বেলিৰ পোহৰে আৱৰা, ফুলৰ কুঞ্জগৃহ থকা এটি গ্ৰাম্য কুটিৰ দেখিলে। তাত এজনী নাৰী আছে আৰু এটা অকণমানি শিশু। তেওঁ তেওঁলোকৰ লগত কথা পাতি আছে আৰু গম পোৱা গ’ল যে তেওঁলোক তেওঁৰ পত্নী আৰু সন্তান আৰু সেই কুটিৰটো তেওঁলোকৰ ঘৰ। মূঠৰ ওপৰত, এইটো এটা ভুল। কোনোবাই শংকিতভাৱে, সংশোধন কৰিব নোৱাৰাকৈ ভুল কৰিছে। দোষ, বিচাৰ, দোষী সাব্যস্তকৰণ, ইলেক্ট্ৰিক চকীত মৃত্যুদণ্ডৰ শাস্তি–সকলোবোৰ সপোন। তেওঁ তেওঁৰ পত্নীক দুবাহুত ল’লে আৰু শিশুটোক চুমা খালে। হয়, ইয়াতেই পৰম সুখ আছে। এইটো এটা সপোন আছিল। তাৰপাছত-কাৰাগাৰৰ ৱাৰ্ডেনৰ স্বাক্ষৰত প্ৰাণনাশক কাৰেণ্ট প্ৰবাহিত কৰা হ’ল।
মুৰে ভুল সপোন দেখিছিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!