কাৰ পৰা লব পাৰো আমি শিক্ষাৰ পাঠ? – কুল শইকীয়া
মোৰ মতে যিকোনো ব্যক্তিয়ে হব পাৰে আমাৰ বাবে শিক্ষাগুৰু৷ এনে এটা অভিজ্ঞতা বৰ্ণনা কৰিব খুজিছো৷ আইপিএছৰ প্ৰবেচনাৰ থকাৰ সময়ত প্ৰশিক্ষণৰ বাবে অবিভক্ত যোৰহাট জিলাৰ এখন দুৰণিবটীয়া সৰু পুলিচ থানাত কেইদিনমানৰ বাবে হৈছিলো ভাৰপ্ৰাপ্ত বিষয়া (অ’চি)৷ নতুন উদ্যম আৰু শক্তিৰে অপৰাধীৰ আড্ডাৰ বিৰুদ্ধে জঁপিয়াই পৰিলো, সিহঁতৰ ঘাটি, অনৈতিক কাৰ্য্যস্থলীবোৰত অভিযান আৰম্ভ কৰিলো৷
এদিন ওচৰৰ ৰেলষ্টেচনটো চাৰিওফালে গঢ়ি উঠা বেআইনী মদৰ দোকানবোৰৰ ওপৰত অভিযান চলালো৷ লগত আছিল চিপাহী দাস, যি আৰু মাথোঁ এবছৰৰ পিছতে চাকৰিৰ পৰা অৱসৰ লোৱাৰ বয়সৰ, আৰু চিপাহী ভূঞা, যাৰ চাকৰিত যোগদানৰ ৫/৬ বছৰ হৈছে মাথোন৷ অভিযানত মানুহৰ দৌৰাদৌৰি হৈ হাল্লাৰ মাজতে গম পালো যে আমাৰ সমুখত পঞ্চাশ মিটাৰমান দূৰত প্ৰায় ১৫০ মানুহৰ সমাগম ঘটিছে, কাষতে থকা ৰেলআলিৰ পৰা কিছুমানে তুলি লৈছে হাতে হাতে শিল, আন কিছুমানৰ হাতত দা, লাঠি!
উপলব্ধি কৰোতে পলম নহ’ল যে আমাৰ অভিযানৰ বিৰুদ্ধে এই জিংঘাসু মানুহখিনি সাজু হৈছে আৰু মাথোন কেইটামান মুহূৰ্তৰ ভিতৰতে সিহঁতে আমাক শিলগুটি, দা-লাঠিতে চূৰ্চুমৈ কৰি পেলাব৷ এক ভয়ানক আসন্ন বিপদৰ সমুখত শুদাহাতে মই, আৰু আৰু হাতত লাঠি লৈ ৰঙা টুপীৰ দুজন চিপাহী ভূঞা আৰু দাস৷ কাণৰ কাষত এটা ফুচফুচনি শুনিলো, ’চাৰ, আমি দৌৰি নপলালে ইহঁতে আমাক শেষ কৰি পেলাব-’ ডেকা চিপাহী ভূঞাই ক’লে৷ পলাম নে সমুখ সমৰত নামিম- এনে এক দোমোজাত দোদুল্যমান হৈ থকাৰ মুহূৰ্তত মই চকুৰে যি দেখিলো সেয়া মোৰ বাবে আছিল অকল্পনীয়৷ বয়সে ভাটি দিয়া আৰু মাথোঁ এবছৰ চাকৰি থকা চিপাহী দাসক দেখিলো ৰণচণ্ডী মূৰ্ত্তিৰে উদ্যত লাঠিৰে সমুখৰ হিংসাত মাতাল হৈ থকা মানুহখিনিৰ দলটোলৈ খেদি যোৱা৷
’চাল্লা, চবকে মাৰি কাটি শেষ কৰি দিম এতিয়াই’- চিপাহী দাসৰ এনে এক ৰণভেৰীয়ে আকাশ বতাহ কঁপাই তুলিলে৷ মই আৰু চিপাহী ভূঞাই যোগ দিলো দাসৰ প্ৰত্যাক্ৰমণত, খেদি গ’লো সেই উন্মত্ত জনতাৰ দলটোলৈ৷ মানুহবোৰ ফৰিংচিটিকা দিলে৷ প্ৰায় ১০০/১৫০ মিটাৰ আটাইকে খেদি পঠোৱাৰ পিছত এই যুদ্ধৰ সেনাপতি চিপাহী দাস এটা সময়ত ৰেলৰ আলিত বহি পৰিল, ঘৰ্মাক্ত শৰীৰ আৰু ফোঁপাই থকা মুখমণ্ডলত স্বস্তিৰ ছবি ফুটি ওলাল৷
হাতৰ লাঠিডালেৰে ৰেলআলিৰ শিল খুচৰি দাসে ক’লে, ’এনে পৰিস্থিতি আহিলে পলাই যোৱাৰ প্ৰৱণতা ভয়ংকৰ হব পাৰে-’ অৰ্থাৎ, ডেকা চিপাহী ভূঞাৰ কথামতে যদি আমি আঁতৰি পলোৱাৰ কৌশল ল’লোহেঁতেন, উন্মত্ত জনতাই আমাক তাতেই নিঃশেষ কৰি পেলালেহেঁতেন!
আমি থানালৈ বীৰদৰ্পে উভতি আহিলো, ৰাস্তাত ভাবি আহিলো চাকৰিৰ শেষ স্তৰত উপনীত হোৱা অভিজ্ঞতাৰে চিপাহী দাসৰ শিকনি, ’জীৱনলৈ অহা প্ৰত্যাহবানৰ পৰা পলোৱাৰ চেষ্টা নকৰি সেইবোৰৰ সন্মুখীন হওক! চিপাহী দাসৰ সেই জীৱন মৃত্যুৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে ৰণকৌশল, প্ৰত্যাক্ৰমণ, হাতৰ সেই উদ্যত লাঠিডাল, ৰণভেৰীৰে আমাৰ তিনিজনক নিশ্চিত সংকটৰ পৰা জীৱনৰক্ষা কৰা- এইবোৰ এতিয়াও মোৰ স্মৃতিৰ ৰহঘৰাৰ সম্বল, লগতে চিপাহী দাসৰ ’জীৱনৰ প্ৰত্যাহ্বানক আঁকোৱালি লোৱা’ৰ শিক্ষাপাঠ!
ক’ত আছে বাৰু মোৰ সেই শিক্ষাগুৰু এতিয়া? ব্যস্ততাৰ ধামখুমীয়াত যেন আমি সকলো— ■■