এজন সাধাৰণ দৰ্শকৰ দৃষ্টিত: শেহতীয়া #‎সোণালীবেল প্ৰতিযোগী (অচিন্ত বৰঠাকুৰ)

achinta borthakurঘটনাটোৰ আৰম্ভণি নিউজ চেনেলেই কৰিলে কিজানি!

২৩/১২/২০১৪ তাৰিখে গধূলি টিভিৰ ওচৰত বহি থাকোঁতে দেখিলোঁ, স্ক্ৰীণৰ তলে ওপৰে ভাহি অহা কেইটামান বাতৰিৰ শিৰোনাম আৰু উত্তেজনাৰ কোবত বাতৰি পঢ়োঁতাৰ ফাটি যো‌ৱা কণ্ঠৰ কেইটামান বাক্য।

“আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তৰ বিগ বিগ ব্ৰেকিং নিউজ,…
মানাহ অভয়াৰণ্যৰ পৰা সকলো ভ্ৰমণকাৰীক ওলাই যাব দিছে নিৰাপত্তাৰক্ষীয়ে,…
বিদেশী পৰ্যটককো ওলাই যাব দিছে অভয়াৰণ্যখনৰ পৰা,….
এন ডি এফ বি(ছ)ৰ বিৰুদ্ধে সেনাৰ অভিযান আৰম্ভ মানাহ অভয়াৰণ্যত…”

উগ্ৰপন্থী সংগঠনটোৰ কোনো ক্ষয়-ক্ষতি হোৱাৰ পূৰ্বেই বাতৰি চেনেলৰ জৰিয়তে মানাহৰ ভিতৰে বাহিৰে থকা উগ্ৰপন্থী সংগঠনটোৰ সদস্যসকলে সতৰ্ক হ’ব পৰাকৈ খবৰটো পালে। নিউজ চেনেলেই উগ্ৰপন্থীৰ বাবে “খবৰীলাল”ৰ কাম কৰিলে, সংগঠনটোৰ নিজা যোগাযোগ ব্যৱস্থাৰ কোনো প্ৰয়োজনেই নহ’ল।

বোধহয় এঠাইত দুজনমান কেডাৰে বুদ্ধি উলিয়ালে, “দুটামান অসমীয়াক গিৰাই দিয়া হওক”…. ভবামতে কাম। ইমান দেৰি মছলাৰ আশাত খাপ পিটি থকা নিউজ চেনেলত আৰম্ভ হৈ গ’ল বিগ ব্ৰেকিং নিউজৰ প্ৰতিযোগিতা, সাংবাদিকৰ দ্বাৰা নিৰপেক্ষ বাতৰি পৰিবেশনতকৈ অধিক শক্তিশালী স্বৰেৰে চৰকাৰ আৰু উগ্ৰপন্থীক ধিক্কাৰ দিয়া, ব্যাকৰণমুক্ত উত্তেজিত বাক্যৰ বন্যা….

অন্য ঠাইত সিচৰতি হৈ থকা সংগঠনটোৰ অসংখ্য কেডাৰে ফলপ্ৰসূ উপায়টো বিচাৰি পালে- “খবৰীলাল” নিউজ চেনেলেদি বিয়পি অহা বাতৰিৰ যোগেদি। নেতৃত্বৰ কায়দা আৰু নিৰ্দেশ সকলো সদস্যৰ মাজত বিলাবলৈকো অন্য মাধ্যমৰ প্ৰয়োজন নহ’ল। টি আৰ পিৰ অভূতপূৰ্ব উত্থানৰ আশাত উগ্ৰপন্থীৰ সাফল্যৰ খতিয়ান, নৰমেধৰ মচালাদাৰ, উত্তেজক বাতৰি- সকলোখিনি আগবঢ়ো‌ৱা হ’ল প্ৰতিজন উগ্ৰপন্থী সদস্যলৈ বিনামূল্যে।

ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৰ্ধ সামৰিক বাহিনীৰ ৫৫টা কোম্পানী আহিব……… বিগ ব্ৰেকিং নহ’লেও সিও এটা প্ৰয়োজনীয় খবৰ উগ্ৰপন্থীৰ বাবে। নিউজ চেনেলেই যেতিয়া সকলো খবৰ দিব পাৰে চৰকাৰৰ ঘৰতো কোনো গুপ্তচৰ নিয়োগ কৰাৰ প্ৰয়োজন নাই তেওঁলোকৰ। অৱশ্যে এইটো বাতৰিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়েও সমানেই কৃতিত্ব দাবী কৰিব পাৰে।

এতিয়া আহিছোঁ সেই বিগ বিগ ব্ৰেকিং নিউজটোলৈ। “যাব দিছে”- বাক্যাংশৰ অৰ্থ সন্দেহজনক নহয়নে বাৰু?! মানাহ ভ্ৰমণৰত দেশী-বিদেশী সকলো পৰ্যটকক কোনোবাই বন্দী কৰি থৈছিল (বাতৰিটো কিবা কাৰণত আগতে গম নাপালোঁ কিজানি), এতিয়া তেওঁলোকক যাবলৈ দিয়া হৈছে। পিছে পৰ‌ৱৰ্তী পৰিস্থিতিৰ বাতৰি অনুধাৱন কৰি সেই বিগ বিগ ব্ৰেকিঙক মিলাই ল’বলগীয়া হ’ল এনেকৈ যে তাৰ অৰ্থ নিশ্চয় “যাবলৈ নিৰ্দেশ দিছে” ধৰণৰ কিবা এটাহে আছিল!!

নিকৃষ্ট সাংবাদিকতাৰ বঁটা, #‎GoldenBael ৰ নিৰ্বাচনৰ বাবে অন্য এক প্ৰতিদ্বন্দিতামূলক ক্ষণ। হওঁতে এইটো পটভূমিত অসমৰ গোটেইকেইটা ব্যক্তিগত নিউজ চেনেলেই সকলোটি শিতানতে মনোনয়ন দি তীব্ৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’ব, কিন্তু বঁটাৰ বাবে কোন উপযোগী হয়, সেয়া বিচাৰ কৰিবলৈ এন.ডি.এফ.বি.(ছ) সদস্যৰ মতামতো বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে কিজানি !!

অন্ত পৰক এই অমান‌ৱীয় কাণ্ডৰ, দোষীয়ে উপযুক্ত শাস্তি পাওক, ক্ষতিগ্ৰস্তই পাওক ন্যায় আৰু উপযুক্ত ক্ষতিপূৰণ। উগ্ৰপন্থীয়েই হওক বা চৰকাৰী শক্তিয়েই হওক, সেইসকল অমানুহৰ প্ৰতি বৰষিছোঁ তীব্ৰ গৰিহণা আৰু ঘৃণা, যিয়ে নিৰীহ-নিৰস্ত্ৰ জনতাৰ ওপৰত চলায় নিৰ্বিচাৰ অত্যাচাৰ। সন্ত্ৰাস মূৰ্দাবাদ।।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!