ধেমাজি Land and People (ড° বুলজিৎ বুঢ়াগোহাঁই)

Dr.Buljit Buragohain

‘ধেমাজি Land and People’ নামৰ গ্রন্থখনৰ প্রকাশক হৈছে – নক্সা। এই সংকলনখন সম্পাদনা কৰিছে নৱ কুমাৰ চমুৱাই ।
এই সংকলনখনৰ প্রকল্প সমন্বয়ক হ’ল- যুগল সন্দিকৈ আৰু আঞ্চলিক সমন্বয়কসকল হ’ল- শিৱ গগৈ , পুষ্পেন্দু শইকীয়া , হোমেন শইকীয়া, ময়ুৰ কৃষ্ণ মহন, বুদ্ধেশ্বৰ বৰা , তপন কুমাৰ চুতীয়া, ধৰ্মেন্দ্র দত্ত, মিণ্টু দাস , ভুৱনেশ্বৰ পেগু আৰু ঘনকৃষ্ণ বড়া।
‘ধেমাজি Land and People’ নামৰ গ্রন্থখনৰ ভূমিকাত নৱ কুমাৰ চমুৱাই এনেদৰে লিখিছে – ‘ধেমাজি আমাৰ নিজ ঘৰ,নিগাজী ঠিকনা। ধেমাজিৰ মাটিৰ সৈতে আছে আমাৰ এক আত্মিক সম্পৰ্ক।ধেমাজিৰ মাটি,পানী আৰু প্রকৃতিয়ে আমাৰ স্বপ্নৰ স্বদেশ ৰচিছে । আমাৰ ভূত-ভৱিষ্যতৰ চিন্তা,কৰ্ম আৰু আদৰ্শৰ ঐক্যতান এই ভূমিৰ পৰশেৰে গুঞ্জৰিত হৈ আছে।অঞ্চলটোৰ প্রতি  তীব্র অনুৰাগ আৰু কৌতুহলে জন্ম দিলে আমাৰ এই উদ্যমক । ধেমাজিক জনা আৰু জনোৱাৰ বিনম্র প্রয়াসৰ চাৰিবছৰীয়া পৰিক্রমাৰ এই ফচল জিলাখনৰ স্বতন্ত্র প্রশাসন ব্যৱস্থাৰ ৰূপালী জয়ন্তী ক্ষণত ৰাইজলৈ আগবঢ়োৱা হৈছে। জিলাখনৰ এমুঠিমান যুৱ উদ্যমীৰ সহযোগত আমাৰ এই প্রচেষ্টা বাস্তৱায়িত কৰা হৈছে । জিলাখনৰ প্রতিটো দিশকে যথাসম্ভৱ স্থান দিবলৈ কৰা আমাৰ এই প্রয়াস কেতিয়াও সম্পূৰ্ণ নহয়। অপৈণত অভিজ্ঞতা আৰু অপৰিপক্ক চিন্তাৰে কেৱল মনৰ আহ্বানক সঁহাৰি জনাই কৰা এই প্রয়াসৰ প্রতি সদাশয় পাঠক-সমালোচকৰ ইতিবাচক দিহা-পৰামৰ্শইহে আমাৰ চিন্তাক সমৃদ্ধি দান কৰিব।
নিৰ্দিষ্ট অঞ্চল বা জিলা একোখনক কেন্দ্র কৰি এনেধৰণৰ প্রচেষ্টা অসমত, অসমীয়া ভাষাত প্রায় স্মৃতিগ্রন্থসমূহৰ মাজতে সীমাবদ্ধ হৈ থকা দেখা যায়। স্বতন্ত্র গ্রন্থ আকাৰে কৰা এনে প্রয়াস সততে পৰিলক্ষিত নহয়। কিন্তু আমাৰ এই প্রয়াসো প্রথম বুলি আমি ক’ব নোৱাৰো। আমাৰ সন্মুখত এনেধৰণৰ কোনো আৰ্হি বা নমুনা নাই।সেয়েহে যথাসম্ভৱ নিখুঁত কৰিবলৈ যত্ন কৰাৰ পাছতো পৰিকল্পনা আৰু সম্পাদনাত খুঁত থাকি যাব পৰা সম্ভাৱনীয়তাক নুই কৰিব নোৱাৰো। তদুপৰি আমাৰ একান্ত ইচ্ছা থকা সত্বেও বহুতো বিষয় আৰু প্রসংগ অন্তৰ্ভুক্ত কৰিব নোৱাৰিলোঁ।সংযোজিত সকলো প্রসংগৰ প্রাসংগিকতা আৰু নিৰ্ভৰযোগ্যতা নিজস্ব বিবেচনা আৰু অনুসন্ধানেৰে দূৰ কৰাৰ চেষ্টা কৰিছোঁ যদিও দোষ-ত্রুটি থাকি যাব পাৰে । আমাৰ সুহৃদ পাঠকলৈ এটাই অনুৰোধ যে, গ্রন্থখনিৰ যিকোনো বিসংগতি বা পৰামৰ্শ ফোন, ফেচবুক , ইমেইল যোগে বা চিঠিৰে আমাক জনাওক। গ্রন্থখনৰ পৰৱৰ্তী সংস্কৰণত সেই বিসংগতি বা পৰামৰ্শ বিবেচনা সহকাৰে যাতে সংশোধন আৰু সংযোজন কৰিব পাৰোঁ। এই গ্রন্থ ধেমাজিৰ ইতিহাস নহয়। ধেমাজিক জনা আৰু জনোৱাৰ বিনম্র প্রয়াসহে মাথোঁ।’

এই গ্রন্থখনৰ অধ্যায় অনুযায়ী বিষয় বিন্যাস এনেধৰণৰ –

প্রথম অধ্যায় হ’ল – ধেমাজি : পৰিচয় আৰু পৰিসৰ ।
ইয়াত আছে – ভৌগোলিক অৱস্থিতি, চাৰিসীমা;জনসংখ্যা আৰু জনগাঁথনি;পলকতে জিলাখন;
প্রশাসনিক গাঁথনি;উন্নয়ন খণ্ড অনুসৰি গাঁও পঞ্চায়ত; পঞ্চায়তী ব্যৱস্থা আৰু বিতৰণ; জিলা পৰিষদৰ সমষ্টি অনুসৰি গাঁও পঞ্চায়ত;ধেমাজি :ঠাই নামৰ উৎপত্তিৰ মতসমূহ;ভূ-প্রকৃতি;ঐতিহাসিক পৰিক্রমা;প্রাক ঐতিহাসিক ধেমাজি; ধেমাজিৰ প্রাচীন বুৰঞ্জী;চাংলংফাৰ ধেমাজিৰ অভিযান;
মধ্যযুগৰ ধেমাজি;ইবন বটুতাৰ আগমন;জেনকিন্সৰ ভ্রমণ টোকাত ধেমাজি;তাম্রলিপিৰ ধেমাজি;
বুৰঞ্জীৰ লেচেৰিত ধেমাজি;অৰুনোদইৰ পৃষ্ঠাত ধেমাজিৰ সংবাদ;ধেমাজি পঞ্জী ১৯৫০-১৯৯০;বিষাদ আৰু বিচ্ছেদ গাঁথা;মানৰ আক্রমণ:বিধ্বস্ত ধেমাজি;লুটপাত: বিভীষিকাৰ অন্য নাম;৫০’ৰ ভূঁইকঁপত বিচ্ছিন্ন ধেমাজি;বানপানী;গৰাখহনীয়া;কলা অধ্যায় ২০০৪;সংশয় আৰু সম্ভাৱনা ;সোৱণশিৰি নদীবান্ধ প্রকল্প;বগীবিল দলং প্রকল্প আৰু পৰ্যটন উদ্যোগ।
দ্বিতীয় অধ্যায় হ’ল – ধেমাজি:নগৰ কথা ।ইয়াত আছে –
উত্তৰণ আৰু পৰিক্রমাত ধেমাজিৰ নগৰকেন্দ্রিক সভ্যতা;
চিচিকলঘৰ:নগৰৰ উকমুকনি;আধুনিক ধেমাজি:নিৰ্মাণ আৰু নিৰ্মিতি; নগৰ কথা;যাতায়াত আৰু পৰিবহন;জোনাই;চিলাপথাৰ;গোগামুখ; ধেমাজিৰ ৰাজনৈতিক পৰিক্রমা
তৃতীয় অধ্যায় হ’ল – ধেমাজিৰ ঐতিহাসিক কীৰ্তিচিহ্ন।
ইয়াত আছে – ঘুগুহা দ’ল;মণিপুৰীয়া থান; মালিনীথান;মালিনীথান সম্পৰ্কীয় জনশ্রুতি দুটা;
ঐতিহাসিক গুৰুত্ববিশিষ্ট স্থান;চিচি দুৱাৰ;বাসুদেৱ মন্দিৰ;বেৰা দুৰ্গ;ৰাজগড় বা ৰজাবাৰী;ৰুক্মিণী আলি; ৰুক্মিণী গড়;হাবুঙৰ ৰজাভেটি;থান,সত্র,আশ্রম ইত্যাদি;নৰোৱাথান;বাসুদেৱ থান নৰোৱাসত্র,বাসুদেৱ নৰোৱাসত্র,বিষ্ণুপুৰ; ধেমাজিৰ কেইখনমান থান-সত্র-আশ্রম;ধেমাজিৰ ইতিহাস মণ্ডিত পুখুৰী;কুঁৱৰী বিল;ৰাজাখানা পুখুৰী আৰু অন্যান্য ঐতিহাসিক পুখুৰীসমূহ।

চতুৰ্থ অধ্যায় হ’ল – ধেমাজিৰ মানুহ আৰু জনসংস্কৃতি।
ইয়াত আছে – ধেমাজিৰ জনসংস্কৃতি(পৰিচয়-বিস্তৃতি,ধৰ্ম-উৎসৱ-পৰস্পৰা,লোকাচাৰ,সাজপাৰ-অলংকাৰ);
আহোম;কোচ-ৰাজবংশী;চাহ জনগোষ্ঠী;চুতীয়া;তিৱা লালুং;দেউৰী;নদীয়াল বা কৈৱৰ্ত;অসমীয়া নেপালী;
বড়ো কছাৰী;মিচিং;সোণোৱাল কছাৰী;হাজং;উৎসৱ-পৰস্পৰাৰ ধেমাজি;কুকুৰা যুঁজ,তামোলৰ ন খোৱা, গৰখীয়া সকাম,দৌল সবাহ, ডাঙৰীয়া বা চোৰ সকাম;ধেমাজিৰ থলুৱা খেল-ধেমালি;থলুৱা খেলৰ গীত;মুগা পালনৰ লগত জড়িত থলুৱা পূজা-পাতল;বৰ সবাহ বা পানীতোলা সবাহ;বৰসেৱা;সত্র-সংস্কৃতি,ভাওনা পৰস্পৰা, চোমনি আৰু মুগাশিল্প,তেলীশাল,ঢেঁকীশাল, জুইশাল আৰু ধোঁৱা চাং, তাঁতশাল, লোক-চিকিৎসা,মাছধৰা সঁজুলি, ধেমাজিৰ ধান,ধেমাজিৰ খাদ্য;২০০টা জনবিশ্বাসৰ ধেমাজি আৰু ধেমাজিৰ কথিত ভাষা।

পঞ্চম অধ্যায় হ’ল – ধেমাজিত সাহিত্য সাধনা।
ইয়াত আছে – কবি আৰু কবিতা;প্রকাশিত উল্লেখযোগ্য কাব্যগ্রন্থ;কবি আৰু কাব্যগ্রন্থ;সাহিত্য চৰ্চাত ধেমাজিৰ ৩৫০গৰাকী নবীন-প্রবীণ;গল্পকাৰ আৰু গল্পপুথি;ধেমাজিৰ ঔপন্যাসিক আৰু উপন্যাস;প্রবন্ধ সাহিত্য;শিশু আৰু কিশোৰ সাহিত্য; অভিনন্দন গ্রন্থ;জীৱনী-আত্মজীৱনী;ভ্রমণমূলক গ্রন্থ/অভিধান/প্রাচীন সাহিত্য বীক্ষণ/ৰচনাৱলী আৰু পুস্তিকা।

ষষ্ঠ অধ্যায় হ’ল – কাকত-আলোচনী, সাংবাদিকতা।
ইয়াত আছে -ধেমাজিৰ পৰা প্রকাশিত কাকত;ধেমাজিৰপৰা প্রকাশিত আলোচনী;
দহখন উল্লেখযোগ্য স্মৃতিগ্রন্থ;অন্যান্য স্মৃতিগ্রন্থ;দহখন উল্লেখযোগ্য মুখপত্র;অন্যান্য মুখপত্র;শিক্ষানুষ্ঠানৰ উল্লেখযোগ্য বাৰ্ষিক আলোচনী;ধেমাজিৰ ছপাশাল আৰু সংবাদ সেৱাত ধেমাজি।

সপ্তম অধ্যায় হ’ল – ধেমাজিত শিল্পচৰ্চা আৰু সংগঠন।
ইয়াত আছে – চিত্রকলা চৰ্চা;ভাস্কৰ্য চৰ্চা;মঞ্চ-অভিনয় আৰু নাট্য চৰ্চা;সংগীত আৰু ৰূপালীজগত;প্রেক্ষাগৃহ;সাহিত্য সংগঠন;সংস্কৃতি সংগঠন;বিজ্ঞান চৰ্চা সংগঠন;ক্রীড়া সংগঠন;স্বেচ্ছাসেৱী সংগঠন;অসম সাহিত্য সভা, ধেমাজি অধিৱেশন;ধেমাজিৰ গ্রন্থ প্রকাশন উদ্যোগ;
শ্রীমন্ত শংকৰদেৱ সংঘ, ধেমাজি অধিৱেশন আৰু ধেমাজিৰ চিনেমা হল।
অষ্টম অধ্যায় হ’ল – ধেমাজিৰ প্রকৃতি আৰু পৰিৱেশ।
ইয়াত আছে – ধেমাজিৰ গছ-গছনি;বৃক্ষজাতীয় উদ্ভিদ;লতাজাতীয় উদ্ভিদ;অৰ্কিড;ধেমাজিৰ জীৱ-জন্তু;
চৰাই, ধেমাজিৰ স্তন্যপায়ী প্রাণী;সৰীসৃপ জাতীয় প্রাণী;উভচৰ প্রাণী;ধেমাজিৰ থলুৱা মাছ;মৌ-মাখি;
ধেমাজিৰ নৈ-উপনৈ, জান-জুৰি;ধেমাজিৰ বিল, জলাহভূমি;ধেমাজিৰ প্রস্তাৱিত অভয়াৰণ্য;বৰদৈবাম বিলমুখ পক্ষী উদ্যান;সংৰক্ষিত বনাঞ্চল পবা;ধেমাজিৰ সংৰক্ষিত বনাঞ্চলসমূহ;
স্পৰ্শকাতৰ অৰণ্যাজ্ঞল- কাবু চাপৰি আৰু ধেমাজিৰ প্রাকৃতিক পৰ্যটনস্থলী।
পৰিশিষ্ট আছে –
(ক) স্বাধীনতা সংগ্রাম আৰু ধেমাজি
(খ)ধেমাজিৰ স্বাধীনতাকামী মুক্তিযোদ্ধাসকল
(গ) ধেমাজিৰ ঠাই নামৰ ঐতিহ্য (A toponomy study)

এই গ্রন্থখনত বহুতো দুষ্প্রাপ্য ফটোগ্রাফো অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ভিতৰত –
– জৱাহৰলাল নেহৰুৱে ১৯৫০ চনৰ বানত ধেমাজিত বাঁহৰ সাঁকোত পাৰ হোৱা,
– ১৯৫০ চনৰ ভূমিকম্পত সোৱণশিৰি শুকাই গৈ মাছবোৰ ঢেলপুঙা দিয়া দৃশ্য,
– ভূমিকম্পৰ ভয়াবহ আৰু হৃদয় বিদাৰক চিত্র,
– ১৯৬৬ চনত ধেমাজিৰ কোলাজানত ইন্দিৰা গান্ধীয়ে হেলিকপ্তাৰৰপৰা অৱতৰণ আৰু সভাত ভাগ লোৱা বহুকেইখন চিত্র,
– ধেমাজিত প্রথম দুৰ্গাপূজা অনুষ্ঠিত হোৱা প্রাচীন মন্দিৰটোৰ ফটো,
– অটল বিহাৰী বাজপেয়ীয়ে বগীবিল দলঙৰ আধাৰশিলা স্থাপনৰ চিত্র,
– মোৱামৰীয়া বিদ্রোহ দমন কৰিবলৈ অহা বৃটিছ সৈন্য বাহিনীৰ ফটো আদি উল্লেখযোগ্য।
এই গ্রন্থখনৰ পুনৰীক্ষক সমিতিত আছে-নবীন কামান (প্রথম অধ্যায় );ড° বুদ্ধিন্দ্র বৰুৱা ( দ্বিতীয় অধ্যায়);ভূপেন গগৈ (তৃতীয় অধ্যায় );নিৱেদিতা বড়া সন্দিকৈ ( চতুৰ্থ অধ্যায় );নবীন বুঢ়াগোহাঁই (পঞ্চম অধ্যায়); অৰুণ কুমাৰ দিহিঙীয়া (ষষ্ঠ অধ্যায়);হেমন্ত বৰপাত্রগোহাঁই (সপ্তম অধ্যায় ) আৰু ড° অন্নজ্যোতি গগৈ (অষ্টম অধ্যায় ) ।
গ্রন্থখনৰ মুঠ পৃষ্ঠা-২৮৭ আৰু দাম -৫০০টকা। গ্রন্থখনৰ প্রথম প্রকাশ : ছেপ্টেম্বৰ,২০১৪।গ্রন্থখনৰ প্রচ্ছদ শিল্পী হ’ল – সূৰ্য বৰুৱা।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!