এটা ভিডিঅ’ চাই (অনামিকা চলিহা)

১)এজন যুৱক, খোজ কাঢ়ি গৈ আছে। ওপৰ চাদত থকা পানীৰ পাইপৰ পানী পৰি আছে।কাষতে ফুলৰ টাব। পানীখিনি এনেই নষ্ট হোৱাতকৈ ফুলৰ টাবটো তাত দি দিছে। কিছুদিনৰ পিছত লহপহকৈ বাঢ়ি অহা ফুলৰ গছজোপা ফুলি উঠিছে।যুৱকজনৰ মুখতো হাহিঁ ফুটি উঠিছে।
২)ৰাস্তাটো পাৰ হ’বলৈ লৈ তেওঁ দেখিলে এগৰাকী বয়সিয়াল মহিলা, যিয়ে নেকি ফাষ্টফুডৰ দোকান এখন চলায়| চকা লগোৱা ঠেলা গাড়ী এখন লৈ ইঠাইৰপৰা সিঠাইলৈ ঘুৰি ফুৰে। ভৰ থকা গাড়ীখন লৈ মানুহগৰাকীয়ে ৰাস্তাটো পাৰ হ’ব পৰা নাই। যুৱকজন আগবাঢ়ি গ’ল। দুয়োজন লাগি ঠেলাখন ৰাস্তাটো পাৰ কৰি দিলে।মহিলাগৰাকীৰ মুখত কৃতজ্ঞতাৰ ভাৱ ফুটি উঠিল।অফিচলৈ যাওঁতে বাটত পোৱা মানুহগৰাকীক প্ৰায়েই ঠেলাখন ৰাস্তাটো পাৰ কৰি দিয়াত যুৱকজনে সহায় কৰি দিয়া হ‘ল।এদিন দেখিলে আগতে দুৰৰপৰা চাই থকা লোকজনে ঠেলাখন পাৰ কৰাত মানুহগৰাকীক সহায় কৰিছে।
৩)অফিচ যোৱা ৰাস্তাটোতে দুগৰাকী ভিক্ষাৰী বহি থাকে। তাৰে এগৰাকী ৯/১০ বছৰমানৰ কণমানি।তেওঁক দেখি কণমানিজনীয়ে হাতত থকা পাত্ৰটো আগবঢ়াই দিলে। পাৰ্চটো উলিয়াই চালে।যিকেইখন নোট আছিল গোটেইকেইখন দি দিলে। কনমানিজনীৰ দুচকু সেমেকি উঠিল।প্ৰায়েই যুৱকজনে তাইক পাৰ্চত থকা টকাখিনি দি অহা হ’ল।এদিন তেওঁ টকা দিবলৈ লৈ দেখিলে কণমানিজনী নাই।কাষতে বহা আনগৰাকীক সুধিলত অলপ দূৰলৈ আঙুলিয়াই দেখুৱালে। কনমানিজনী স্কুল যাবলৈ লৈছে। দেহত স্কুলৰ ইউনিফৰ্ম, পিঠিত স্কুল বেগ। তেওলৈ চাই হাত জোকাৰি হাঁহি আছে। তেওঁৰ মুখতো হাঁহি ফুটি উঠিল।কিছুদিনৰ পাছত দেখা গ’ল, তাই আনগৰাকী মানুহকো পঢ়িবলৈ শিকাইছে।
8)দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ যোৱা ৰেষ্টুৰেণ্টখনত খাই থাকোতে এদিন দেখিলে-এটা কুকুৰে একান্তমনে তেওঁ খাই থকা মাংসৰ প্লেটখনলৈ চাই আছে।প্লেটখনত দুটুকুৰা মাংস।তেওঁ দুয়ো টুকুৰা মাংস কুকুৰটোক দি দিলে।সেই ধাৰা সদায়েই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰোতে অব্যাহত থাকিল।এদিন কুকৰটো যুৱকজনৰ লগতেই গুছি গ’ল।তেওঁৰ লগতেই থাকিব ল‘লে। ফুল পুলিত পানী দিবলৈ কুকুৰটোৱে পানীৰ ফোপোৰাটো আনি দিছে।লাহে লাহে ফুলজোপা ডাঙৰ হৈ আহিছে। এদিন ফুলজোপা ফুলি উঠিছে।
৫) তেওঁ থকা ভাৰাতীয়া কোঠাটোৰ কাষৰ কোঠাটোতে এগৰাকী বয়সীয়াল মহিলা থাকে অকলশৰে। অফিচৰপৰা উভতি আহোতে নিজে খাবলৈ অনা কল আশী মহিলা গৰাকীৰ দুৱাৰৰ হুকত আঁৰি থৈ আহে মনে মনে। মহিলাগৰাকীয়ে দুৱাৰ খুলি কাকো নেদেখে। সদায়েই অকলশৰীয়া মহিলাগৰাকীক তেনেদৰে কল দিয়া অহা যুৱকজন এদিন মহিলাগৰাকীৰ দৃষ্টিত ধৰা পৰিল।মুখৰ চাল সোঁতোৰা পৰা মহিলাগৰাকীৰ দুচকুৱেদি অশ্ৰু বাগৰি আহিল।যুৱকজনক মাতৃত্বৰ স্নেহেৰে আকোৱালি ল’লে।
এইয়া এটা ভিডিঅ’ত দেখা এজন যুৱকৰ সচাঁ কাহিনী। মানৱীয়তাৰ জ্ঞানেৰে ভৰপূৰ এই ভিডিঅ’ চাই প্ৰত্যেকজন লোকৰে অন্তৰ স্পৰ্শ কৰি যাব।নিজৰ জেপৰ টকা অনাথ, ভিক্ষা কৰিবলৈ লোৱা কনমানি জনীৰ হাতত গুজি দি নিজে ৰাতি নিমখ ভাত খাইছে, তথাপি তেওঁৰ কোনো আক্ষেপ নাই। নিজলৈ অনা কল আশী অকলশৰীয়া বৃদ্ধাগৰাকীক দি দিছে।খাবলৈ লোৱা মাংসকেইটুকুৰা কুকুৰটোক দি দিছে। অথচ তেওঁ জানে সেই মাংস কুকুৰটোক দি দিলে, দ্বিতীয় এক প্লেট কিনি খাবলৈ তেওঁৰ জেপত টকা নাই।এইবোৰ কৰি তেওঁ নথৈ সুখী হৈছে।হয়, যুৱকজনে কৰা এই সৰু সৰু সহায়বোৰে তেওঁক অপাৰ সুখ দিছে।দিছে মানসিক প্ৰশান্তি। মুখত বিয়পি পৰিছে অনাবিল আনন্দৰ ৰেখ। লাহে লাহে সেই ৰেখ আনৰ মাজলৈও বিয়পি পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!