‘PHD’ (পি.এইচ.ডি) নন্দিতা খাখলাৰী

 

প্ৰায় ছমাহ মানৰ পৰা অসম চৰকাৰৰ চাকৰি সংক্ৰান্তীয় পৰীক্ষা এটাৰ ৰিজাল্টলৈ অপেক্ষা কৰি আছো। আজি ওলাব, কাইলৈ ওলাব বুলি ভেকোঁভাওনা এখন চলি আছে। ৰিজাল্ট কিন্তু নোলায়। বেকাৰ মানুহ, চাকৰি এটা অনতিপলমে লাগে। দেউতা অহা বছৰ ৰিটায়াৰ্ড হ’ব। চিন্তা কৰে (অলপ বেছিয়ে)। পোনপটীয়াকৈ নকয়, কিন্তু চালে-বেৰে কোবাই পাৰিলে পিয়ন-চকীদাৰতে সোমাই যা বুলি কব খোজে। ঘৰৰ কাষৰ স্কুল খনৰ চকীদাৰজনৰ পোছাক যোৰত নিজকে কল্পনা কৰি চাও। হাঁহিও উঠে, দুখো লাগে। আজিকালি বন্ধত ঘৰলৈ আহিলেও চুবুৰীয়া মাহী-খুড়ীহতে সোধা প্ৰশ্নবোৰো সলনি হল। আগতে সুধিছিল ‘কি পঢ়ি আছা?’ এতিয়া সোধে, ‘আৰু কিমান পঢ়া হে?’ ‘তিনি বছৰৰ পৰাচোন একেটা পঢ়াকে পঢ়ি আছা? ‘ হয়তো দুবাৰ মান ফেইল মাৰিছো বুলিয়ে ভাবে। কিছুমানৰ চকুত অবিশ্বাসৰ চাওনি,’ সচাঁকৈ পঢ়িয়ে আছানে ইমান বছৰে? টিভিত অসমৰ পৰা বাহিৰলৈ যোৱা ছোৱালীবোৰৰ যিহে বাতৰি ওলাই থাকে। তাত হেনো হাফপেন্ট পিন্ধি ঘূৰি ফুৰে ??’ খঙত মালৈ চাওঁ, চকুৰেই মনে মনে থাকিবলৈ নিৰ্দেশ দিয়ে। হাজাৰ হওঁক বয়সত ডাঙৰ মানুহ। মিছাকৈ হাঁহি এটা মাৰি আঁতৰি আহো। উচ্চশিক্ষিত নিবনুৱাৰ মহামস্কিল। সৰু চাকৰি কৰিবলৈও লাজ, ডাঙৰ চৰকাৰী চাকৰিৰ বাট-পথ বোৰ জঁট লগা। ৰিজাল্টটো জানো কিয় নিদিয়া হল!

যোৱা এমাহ মানৰ পৰা মোবাইল ফোনটো বিশ্বস্ত সংগী হৈ পৰিছে। আজিকালিৰ ভাষাত বি, এফ্, এফ্। দিনটোত প্ৰায় দহ-বাৰ বাৰ মান ৰিজাল্ট ওলাব লগীয়া ৱেবছাইটটো নিৰীক্ষণ কৰো। কেতিয়াবা ৰাতি দুটা-তিনিটা বজাত হঠাতে সাৰ পালেও লগে লগে মোবাইলটো বিচাৰি খুলি চাওঁ। ঠিক নাই, ৰিজাল্টটো ৰাতিতে ওলাবওতো পাৰে! ঠিক নতুনকৈ প্ৰেমত পৰা মানুহৰ দৰে অৱস্থা।

আজি ৰাতিপুৱাও শুই উঠিয়ে মোবাইলটো খুলিছো। ৱেবছাইটটো চাব খোজোতে দেখিলো ইন্টাৰনেট চলা নাই। ডাটা পেক্ শেষ হল নিশ্চয়। মনটোৱে উচপিচাই উঠিল। ৰিজাল্টটো দিলেই কিজানি। দুঘণ্টামান ইফাল সিফাল কৰি থকাৰ পিছত আৰু ৰব নোৱাৰিলো। গুৱাহাটীত থকা লগৰ এটালৈ ফোন লগালো,- ‘অই কি খবৰ? কি কৰিছ? ‘
‘ চিনেমা চাবলৈ আহিছো’
‘এই ৰাতিপুৱাই? ‘
‘ ও’
‘কি নাম চিনেমাৰ? ‘
‘ PHD ‘
‘ বাহ! PhD ?? ঠিক আছে, চা বাৰু’

দিগদাৰ দিবলৈ মন নগ’ল। আচল কথাটো নোসোধাকৈয়ে ফোনটো থলো। মনতে ভাবিলো, PhD ?? কি চিনেমা এইখন? বৰ ভাল হব চাগৈ। সেইকাৰণে সি পুৱাই পুৱাই চাবলৈ গৈছে। কিবা ডকুমেন্টেৰী টাইপৰ হব পাৰে। চাৰি পাঁচ বছৰে (কেতিয়াবা দহ বছৰীয়াও) এই PhD কৰোতে কৰোতে যে কিমান কি লতি-লাঞ্ছনা ভূগিব লগীয়া হয়, সেয়া জনাই হে জানে! তাৰ পিছতো চাকৰিৰ নিশ্চয়তা নাই। লগৰ ছোৱালী মাক হলগৈ, আমি পঢ়িয়ে আছো। ডঃ সমুজ্জ্বল ভট্টাচাৰ্যদেৱৰ এনেই সেইটো দশা হৈছেনে? ছাত্ৰ ৰাজনীতি নকৰি এতিয়া কি ডাল কৰিব! ভালেই হৈছে, অৱশেষত কোনোবাই চাগৈ আৰু সহ্য কৰিব নোৱাৰি, আমাৰ গোটেই সমস্যাবোৰ লৈ চিনেমা এখন বনাইছে। চাব লাগিব, চিনেমা খন চাবই লাগিব।

কথাবোৰ ভাবিয়ে মনটো অলপ ভাল লাগিল। অন্ততঃ কোনোবাই যে বুজিছে আমাৰ সমস্যাবোৰ। চাহ একাপ বনাই বাতৰি কাকত খন হাতত লৈছো। দ্বিতীয় পৃষ্ঠাত আপোনা-আপুনি ‘ছবি ঘৰলৈ যায় যদি’ ত চকু গল। ডাঙৰ ফটো এখনেৰে PHD মহানগৰীৰ দুটা ছবিগৃহত চলি থকাৰ বিজ্ঞাপন। আকৌ এবাৰ মনটো ভাল লাগি গল। পিছে চিনেমাৰ ফটো খনহে চোন কিবা বেলেগ ধৰণৰ। সাগৰৰ পাৰত ভিন্ন ভংগীমাত তিনিজনী স্বল্পবসনা নায়িকা আৰু মাজত জিভা কামুৰি চকু টিপ মাৰি থকা নায়ক। ভালকৈ আকৌ এবাৰ চোৱাত হে দেখিলো, PHD- pyaar hawas dhokha। চকু কপালত উঠিল। সৰ্বনাশ! মাৰি পেলালে। ইমান দিনে চাকৰি নকৰিলেও, PhD কৰি আছো বুলি কৈ কোনোমতে যিখিনি ইজ্জত বচাই ৰাখিছিলো, আজি তাৰো মুদা মৰিল। এতিয়া বাৰু মানুহে কি কৰি আছা বুলি সুধিলে কেনেকৈ কম PhD কৰি আছো? কাষৰ হাফপেন্ট পিন্ধি ঘূৰি ফুৰা বুলি ভবা মাহী খুড়ী কেইজনীয়ে যদি কয়, ‘অ’ তুমি ইমান দিনে দিল্লীত প্যাৰ হাৱাচ ধোখা হে কৰি আছা??? ‘

উচ্চশিক্ষিত নিবনুৱাৰ সচাঁকৈয়ে বৰ মহামস্কিল!!!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!