এনেয়ে কিবা-কিবি উদ্দীপ তালুকদাৰ

এনেয়ে কিবা-কিবি

উদ্দীপ তালুকদাৰ

কালি টিভিৰ আলোচনাজাতীয় (আচলতে বুজি নাপালোঁ, সেইটো বাতৰি আছিল নে আলোচনা!) অনুষ্ঠান এটা চালোঁ। অৱশ্যে অনুষ্ঠানটোৰ ৰিপিট টেলিকাষ্টহে চাই আছিলোঁ। গুৱাহাটীৰ জু-ৰোড অংশত থকা ডিস্কো-পাব-বাৰ আদিৰ সম্মুখত ৰাতি দহ-বজাৰ পাছত হৈ থকা ‘অসামাজিক’ কাৰ্য-কলাপ (ঘনাই কাজিয়া, জোৰে বাইক চলোৱা, মদ খাই কৰা মাতলামি ইত্যাদি) সম্বন্ধে সেইখিনি ঠাইৰ ৰাইজৰ মন্তব্য, লগতে ষ্টুডিঅ’ত বহি থকা সকলৰ মন্তব্য।

তাতেই গম পালোঁ তাৰে আগদিনা সেইখিনি ঠাইত কাপোৰ-কানি নোহোৱা অৱস্থাত (ঠিক কেনেকুৱা কাপোৰ-কানি নিপিন্ধা সেইটো নুবুজিলোঁ) দুটা ল’ৰা-দুজনী ছোৱালী ঘূৰি ফুৰিছিল হেনো। সেই লৈ ৰাইজে বিভিন্ন মত দিছে। শালীনতাবোধ, নৈতিকতাবোধ, প্ৰশাসনৰ ভূমিকাৰপৰা আৰম্ভ কৰি গুৱাহাটীত ‘নাইটলাইফ’ নাই কাৰণে দহ বজাতে বাৰ-ডিস্কো আদি বন্ধ কৰিব নালাগে ইত্যাদিলৈ। যিটো কথাত চবেই মান্তি হোৱা দেখা গ’ল সেইটো হৈছে অভিভাৱকৰ দায়িত্ব। ইয়াৰ পাছত আৰু কিবা কিবি চলি আছিল কিন্তু বিজ্ঞাপন আৰম্ভ হ’ল কাৰণে চেনেল সলাই দিলোঁ। আন কিবা এটাত মন লাগিল কাৰণে আৰু ঘূৰি যোৱা নহ’ল।

আলোচনা কৰিছে ঠিকেই আছে, কিন্তু মোৰ মনত এনেকুৱা ভাৱ হ’ল যে এই বিষয়ে কোৱাই কৈছে, শুনোঁতাই শুনিছে, আৰু সুন্দৰকৈ অভিভাৱকসকলক দোষ দি নিজে নিশ্চিন্ত হৈ শেষ কৰিছে। কিন্তু অভিভাৱকৰ কান্ধলৈ সকলো ঠেলি দি শেষ কৰাৰ কাৰণটোহে মোৰ বেলেগ যেন লাগিল। যিকোনো কাণ্ডৰ বাবে কোনোবা এনেকুৱা এটা পক্ষক জগৰীয়া কৰিব পাৰিলে সকলোৰে কাৰণে ভাল হয় যাক ঠিক নিশ্চিতকৈ আঙুলিয়াব নোৱাৰি। এই কাণ্ডত অভিভাৱক তেনেকুৱা এটা পক্ষ। কাৰণ প্ৰতিজন ব্যক্তিয়েই কাৰোবাৰ নহয় কাৰোবাৰ অভিভাৱক, আৰু এনেকুৱা ক্ষেত্ৰত সকলোৱে ভাবি লয়: মোৰ দায়িত্ব মই ঠিকেই কৰিছোঁ, বাকীসকলকনো মই কি কৰোঁ। গতিকে আলোচনা শেষ। চবৰে দায়িত্ব শেষ!! সেই কাৰণে সমস্যা সমস্যা হৈয়েই ৰৈ যায়।

নৈতিকতাবোধ, ফেশ্বন, নাইটলাইফ, মডাৰ্ণ যুগৰ টেনছন ভৰা লাইফ ইত্যাদি ইমান ডাঙৰ ডাঙৰ শব্দ বাদ দি জু-ৰোডৰ সমস্যাটো গুৱাহাটী পুলিচে সহজতে সমাধান কৰিব পাৰিব যেন বোধ হয় মোৰ। মাত্ৰ অলপ সজাগতা আৰু কৰ্তব্যপৰায়ণতা লাগিব। যদি গুৱাহাটী পুলিছে ঠাইখিনিত সঘনাই নিজৰ পেট্ৰোলিং গাড়ীৰে ঘূৰা-পকা কৰে, লগতে তাতে দেখা যিকোনো অসামাজিক কাম-কাজত যদি এষাৰ টানকৈয়ো শুনাই যায়, তেতিয়াই উৎপাত কৰা সেইখিনি মানুহৰ অতপালি কমি আহিব। ৰাতি মদ খোৱাৰ পাছত ‘হিৰো’ হৈ পৰা এইখিনি মানুহে দিনত যে নিজকে পুলিছ থানাত দেখিবলৈ ইচ্ছা নকৰে সেইটো মই ন দি ক’ব পাৰোঁ। গতিকে পুলিছে অলপ হেঁচা দিলেই এইবিলাক কমি আহিব বুলি মোৰ বিশ্বাস।

ইয়াৰ বাহিৰেও ৰাতিৰ গুৱাহাটীত পুলিছে এনেয়েও যদি দুদিনমান মদ খাই গাড়ী চলোৱা দুজনমানক ৰখাই ক’ৰপৰা আহিছে, ক’লৈ গৈ আছে এই প্ৰশ্ন কেইটাও সোধে, তেতিয়াও মানুহখিনি অলপ সংযত হ’ব।

ভাল মানুহখিনিয়ে এইখিনিকে পুলিছৰ আতিশায্য বুলি ধৰিব নালাগে। বেয়া কাম ৰোধ কৰিবলৈ শাস্তি সিমান প্ৰমাণিত নহয়, কিন্তু শাস্তিৰ ভয়টো, লগতে ৰাস্তাত মই কি কৰিছোঁ সেইটোৰ বাবে মোক জবাবদিহি কৰাৰ সক্ষম ব্যৱস্থা এটা আছে, এইটোহে মূল ডিটাৰেণ্ট (deterrent)। ইয়াৰ পাছতো মদ খাই মাতলামি কৰা কেইজনমান নোলোৱাকৈ নাথাকে। কিন্তু সামগ্ৰিকভাৱে ৰাস্তালৈ ওলাই আহি মাতলামি কৰা বহুত কমি যাব।

বন্ধ ঘৰৰ ভিতৰত কোনোবাই কাপোৰ নিপিন্ধাকৈ থাকে, কাজিয়া কৰে, মাৰ্ডাৰ কৰে, ড্ৰাগছ খায়, দেহাৰ বেহা পাতে সেইটোত ৰাস্তাৰ মানুহৰ মাতিবলৈ একো নাই। কিন্তু তেনেকুৱা ঘটনা মাজ ৰাস্তাত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ পুলিছে ভাল মানুহ এজনক গাড়ী ৰখাই ব্ৰেথ-এনালাইজাৰত এবাৰ উশাহ ল’বলৈ দিয়াত মোৰ কোনো আপত্তি নাই। পুলিছ-প্ৰশাসনে ৰাস্তাত নিজৰ উপস্থিতি ব্যক্ত কৰিবই লাগিব। সেইটোৱে তীব্ৰ গতি, মাতাল হৈ গাড়ী চলোৱা, ট্ৰেফিক আইন লংঘন ইত্যাদি ৰোধ কৰিবলৈ বহু পৰিমাণে সক্ষম হ’ব বুলিয়েই মোৰ বিশ্বাস।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!