কাণখোৱা শ্ৰীধৰ কন্দলি (সংগ্ৰহ বৰ্ণালী হাজৰিকা)

|| কাণখোৱা…..|| শ্ৰীধৰ কন্দলি  বিৰচিত ||

শ্ৰী শ্ৰী কৃষ্ণায় নমঃ |

|| কাণখোৱা ||

শ্ৰী কৃষ্ণায় যাদৱেন্দ্ৰায় জ্ঞানমুদ্ৰায় যোগিনে |
নাথায় ৰুক্মিণীশায় নমো বেদান্তবেদিনে ||

ঘোষা

ঘুমটি যায়োৰে , অৰে কানা‍ই , হুৰে কাণখোৱা আসে |
সকল শিশুৰ কাণখা‍ই খা‍ই , আসয় তোমাৰ পাশে   ||

পদ

মাৱৰ বচন                   শুনি পাশ চাপি
হাসিয়া বোলে কানাই |
কেনেকুৱা গোটে          কান খাই ফুৰে
চিনোৱা হাৰলি আ‍ই ||
তাৰ নাম শুনি                ঘুমটি নাসয়
ডৰে কাম্পে মোৰ বুক |
দেখিলে লৱড়ি             পলা‍ইবাক পাৰি
সত্বৰে চিনোৱা মোক  ||
অনাদি স্বৰূপে               জগত স্ৰজিলো
চৰাচৰ ভেদ কৰি |
সমস্তে জগত                প্ৰতিপাল কৰি
আত্মাৰূপে আছো ধৰি ||
ব্ৰহ্মা মহেশ্বৰ                  আদি কৰি যত
সমস্তে মোৰ স্ৰজনা  |
ম‍ই নাজানিলো             সিটো কাণখোৱা
স্ৰজিলেক কোন জনা ||
বিষ্ণুৰূপে ম‍ই                  বৈকুণ্ঠৰ হন্তে
চড়িয়া গৰুড় স্কন্ধে  |
সমস্তে জগত                  বিচাৰি চাহিলো
ফুৰিয়া আতি প্ৰৱন্ধে  ||
স্বৰগী নৰকী                    দুৰ্জ্জন মহন্ত
বিচাৰি ফুৰিলো পাচে |
সিয়োকালে ম‍ই           লাগ নপাইলোহো
কাণখোৱা কৈত আছে  ||
প্ৰথমতে ম‍ই                 অৱতাৰ ভৈলো
দিব্য ম‍ত্স্যৰূপ ধৰি  |
চাৰিয়ো বেদক              পাতালৰ হন্তে
আনিলো সঙ্গে উদ্ধাৰি ||
পাচে সেহি ঠা‍ই           বঢ়া‍ই ম‍ত্স্য কায়
যুড়িলো সাগৰ তীৰ   |
সিয়ো কালে ম‍ই         লাগ নপা‍ইলোহো
কাণখোৱা কেন বীৰ  ||
কূৰ্ম্মৰূপে ম‍ই                  মন্দৰ ধৰিলো
সাগৰ মথিবে লাগি  |
যত জলচৰ                     খলকি সাগৰ
সমস্তে পলাইল ভাগি ||
কালকূট বিষ                উচ্চৈঃশ্ৰৱা হয়
লক্ষ্মীয়ো বজা‍ইল পাচে  |
সিয়ো কালে ম‍ই        লাগ নাপাইলোহো
কাণখোৱা কৈত আছে  ||
বৰাহ স্বৰূপে                পৃথিৱী উদ্ধাৰি
আনিলো দন্তৰ আগে |
হিৰণাক্ষ্য নামে               বীৰক বধিলো
যুদ্ধ কৰি বড় ৰাগে  ||
মোৰ ভয়ে  যত              অসুৰ পলাইল
কম্পি  গৈলা ত্ৰিজগত |
সিয়ো কালে ম‍ই         লাগ নাপাইলোহো
কাণখোৱা কেন মত ||
স্ফটিকৰ স্তম্ভে               বাজ ভৈলো পুনু
নৰসিংহ ৰূপ ধৰি  |
হিৰণ্যকশিপু                   বীৰক বধিলো
নখ  অগ্ৰে  হিয়া  ছিড়ি ||
জঁটাৰ ছাটত                মেঘ উৰুৱাইলো
মেদিনী  কম্পাইলো  বলে  |
সিয়ো কালে ম‍ই        লাগ নাপাইলোহো
কাণখোৱা কাক বোলে ||
বামন স্বৰূপে               দেৱ কাৰ্য্য সাধি
বলিক ছলিবে গৈলো  |
দান লওঁ বুলি              তিনি পদ ভূমি
ত্ৰৈলোক্য যুড়িয়া লৈলো ||
উপায় কৰিয়া               বলিক ছলিয়া
পঠাইলো পাচে পাতালে |
কাণখোৱা নামে         বীৰগোট আছে
নুশুনিলো সিয়ো কালে  ||
পৰ্শুৰাম ৰূপে             তিনি সাত বাৰ
পৃথিৱী পৰ্যাট্য ফুৰি  |
ক্ষত্ৰিয়ক কাটি           নিক্ষত্ৰিয় কৈলো
হাতত কুঠাৰ ধৰি  ||
ক্ষত্ৰিয়ৰ নাম              নথৈলো সংগ্ৰাম
কাটিলো পেটৰ চৱা |
সিয়ো কালে ম‍ই       লাগ নাপাইলোহো
কাণখোৱা কেনেকুৱা ||
ৰামৰূপে ম‍ই                সীতাৰ নিমিত্তে
সাগৰ ভৈলোহো পাৰ |
সবংশে ৰাৱণ              ৰাক্ষস বধিলো
খণ্ডিলো ভূমিৰ ভাৰ  ||
দেৱাসুৰ নৰ                 ভালুক বানৰ
সবে  আইল  মোৰ কাছে |
লংকা নগৰীত           কাণে নুশুনিলো
কাণখোৱা কৈত আছে  ||
হলীৰাম ৰূপে             লাংগল ধৰিলো
সম কৰি খাল বাম |
সমস্তে পৃথিৱী            বাই বাটি থৈলো
লৈলো হলধৰ নাম ||
সিয়ো কালে ম‍ই         লাগ নপাইলোহো
আবে মনে মনে গুণো |
কাণখোৱা নামে           বীৰ গোট আছে
আজি তযু মুখে শুনো ||
আসিয়া ইবাৰ                কৃষ্ণ অৱতাৰ
হুয়া আছো তযু ঘৰে  |
কাণখোৱা নাম               শুনি মোৰ গাৱ
থৰথৰি কাম্পে ডৰে ||
ঘুমটিৰ ছলে                    নিচুকিয়া ম‍ই
চক্ষু মেলি আছো চা‍ই |
কেনেকুৱা গোটে            কাণ খা‍ই ফুৰে
চিনায়োক  মোক  আ‍ই ||
কৃষ্ণৰ বচন                 শুনিয়ো যশোদা
তয় হুয়া ৰহি আছে  |
একোৱে উত্তৰ                দিবাক নপাৰি
হাসি মাতিলন্ত পাচে ||
মিছা সে বুলিয়া             মুখে স্তন দিয়া
কৃষ্ণক সাৱটি ধৰি |
শ্ৰীধৰ কন্দলি             কহে কৃষ্ণ কেলি
ডাকি বোলা হৰি হৰি  ||

ঘোষা

উঠা উঠা হৰি,   এ চান্দবয়ন,    অ’ হৰি পদ্মনয়ন  |
পুহা‍ইল নিশি,    মেলা ধেনুগণ ,   উঠা উঠা হৰি এ’

পদ

একদিনা প্ৰতি              ভক‍ত-ব‍ত্সল
কৃপাময়  দেৱ হৰি  |
ৰজনী প্ৰভাতে             শুতিয়া আছন্ত
মিছা অপমান কৰি ||
সেহি সময়ত             গোপ শিশু যত
আসি বোলে যশোদাক |
খেড়ি খেলা‍ইবাক          লাগয় সুন্দৰ
সত্বৰে কৃষ্ণক ডাক ||
শুনিয়া তেখনে              নন্দৰ ঘৰিণী
কৃষ্ণক ডাকিবে লৈলা  |
এত নিদ্ৰা কৰ            কিসৰ ভাগৰ
আদিত্য উদয় ভৈলা ||
উঠিয়ো কৃষ্ণা‍ই          হাৰলি বোপা‍ই
ৰোষ-তাপ ত্যাজি মনে |
পুহা‍ইল ৰজনী              উঠ যদুমণি
বুলি ডাকে শিশুগণে  ||
যশোদাৰ বাণী           শুনি চক্ৰপাণি
বোলন্ত নামাতা মাৱ |
তোমাৰ আতা‍ই        বোপা‍ই বোলন্তে
নুজুৰাই মোৰ গাৱ  ||
দিন চাৰি পাঞ্চ         নুঠবো নখাইবো
নযাইবো গোৰক্ষ স্থান |
দুৰ্যশ কলঙ্ক                দুঃখ সুমৰন্তে
নসহে মোৰ পৰাণ ||
ম‍ই নাৰায়ণ                জগত কাৰণ
তুমি গোৱালৰ জীয় |
তথাপি তোমাক           দেখন্তে ডৰত
উৰি যায় মোৰ জীৱ ||
যত খাও দাওঁ         তভো শুখাই  যাওঁ
নাহি মোৰ উদ‍গতি  |
হাত মুষ্টি যেন           কঙ্কাল খানি যে
বান্ধত ছিণ্ডিল আতি  ||
নিজৰূপে মই              অনন্ত ব্ৰহ্মাণ্ড
স্ৰজি আছোঁ লীলা কৰি |
সমস্তে জগত             প্ৰতিপাল কৰি
আত্মাৰূপে আছোঁ  ধৰি ||
ব্ৰহ্মা আদি কৰি            যত চৰাচৰ
মোকে সেৱা কৰি যা‍ই |
তোৰ ঘৰে আসি      গৰু চাৰি ফুৰো
কৰকৰা ভাত খাই ||
নাৰায়ণ ৰূপে           অনন্ত শয্যাত
জলত কৰি শয়ন  |
নাভি পদ্ম হন্তে      ব্ৰহ্মা ওপজাইলো
স্ৰজিলো তিনি ভুৱন ||
বেদক পঢ়াইলো     তত্ত্ব জ্ঞান কৈলো
অজ্ঞান কৰিলো দূৰ |
তোহোৰ ঘৰত          যতেক ঐশ্বৰ্য্য
সবে ভৈল মষিমুৰ  ||
হংস ৰূপে ম‍ই      স্বৰ্গক কম্পাইলো
ব্ৰহ্মাৰ সভাত ৰৈলো  |
মুনি সমস্তৰ        সংশয়  ছেদিলো
আত্ম তত্ত্ব জ্ঞান কৈলো  ||
মুনি সিদ্ধসবে        সাদৰিলে মোক
প্ৰণামিলা সৃষ্টি কৰে  |
আবে আসি ম‍ই       কৰাতৰ কাজী
নভৈলো তোহোৰ ঘৰে ||
ব্যাস ৰূপে ম‍ই        চাৰিয়ো বেদৰ
কৰিলোহো শাখা-ভেদ  |
জ্ঞান কৰ্ম্ম ভক্তি        প্ৰবৃত্তি নিবৃত্তি
দিলো সবে পৰিচ্ছেদ  ||
বেদৰ ৰহস্য            ভাগৱত ধৰ্ম্ম
নিবন্ধিয়া থৈলো পুনু  |
মূৰ্খতো অধিক       কৰি আবে তুমি
মোক বোলা জড় কানু ||
অসুৰৰ ভয়ে         পূৰ্ব্বে দেৱগণে
চিন্তিলে গৈয়া আমাক  |
চতুৰ্ভূজ ৰূপে      আসি তাৱক্ষণে
দেখা দিলো তাসম্বাক ||
মোৰ ৰূপ দেখি       চমক লাগিল
ত্ৰিদশে  পৰিল ঢলি |
আবে তুমি মোক     বিগুটিয়া মাতা
কলিয়া কলিয়া বুলি ||
মোহিনী স্বৰূপে       সাগৰ মথিলো
আসিল লক্ষ্মী বজাই  |
ব্ৰহ্মাদিক ত্যাজি     মোক ভজিলেক
হৃদয়ত দিলো ঠাই  ||
হেন লক্ষ্মীপতি        আসি তোৰঘৰে
কাল গুণি আছো ৰ‍ই |
ধান্য মুঠি দিয়া        ফল কিনি খাওঁ
তাহাত মৰিলি ডেই ||
তাত অনন্তৰে           ধন্বন্তৰী ৰূপে
অমৃতৰ ঘঁট ধৰি |
সাগৰৰ হন্তে         বাজ ভৈলো ম‍ই
জগত প্ৰখ্যাত কৰি ||
মোহিনী স্বৰূপে     অমৃত পিয়াইলো
সাধিলো দেৱৰ কাম |
তোৰ ঘৰে আসি     বৰ যশ পাইলো
লৈলো দধি চোৰ নাম ||
কপিল স্বৰূপে             কৰ্দ্দমৰ ঘৰে
হুয়া ম‍ই অৱতাৰ |
দেৱহুতি নামে         মাতৃক তাৰিলো
কহিয়া তত্ত্ব বিচাৰ ||
আবে আসে ম‍ই      তযু ঘৰে আছোঁ
দেহাক কৰি স্বচ্ছন্দ |
আছোক আমাত      জ্ঞান সুৰি লৈবা
দিনে ৰাতি কৰা দ্বন্দ্ব ||
বামন স্বৰূপে             বলিক ছলিলো
বিশ্বৰূপ দৰশাইলো  |
চৰণৰ নখে             কটাহ ফুটাইলো
গঙ্গাক আনি নমাইলো ||
সেহি পদ জল              শিৰত ধৰিল
মহেশে বাটত পা‍ই  |
আবে তুমি মোক       বিগুটিয়া মাতা
দিয়া মাটি খোৱা দায় ||
হৰি অৱতাৰে             গজেন্দ্ৰক ম‍ই
মুকুতি পদক দিলো  |
যজ্ঞ ৰূপে ম‍ই              স্বৰ্গক চলিয়া
আপুনি উপেন্দ্ৰ ভৈলো ||
পৃথু অৱতাৰে              সাত পৃথিৱীৰ
ভৈলোহো এক নৃপতি |
বাপেৰ কালৰ        পুত্ৰ পাইলি মোক
মাতস ত‍ই বিগুটি  ||
দুষ্কৰ তপক              আচৰিলো ম‍ই
ঋষভ স্বৰূপ হু‍ই |
দত্তাত্ৰেয় নামে              যদু নৃপতিক
নিস্তাৰিলো জ্ঞান ক‍ই ||
জীৱন্তে  ধ্ৰুবক            থাপিলো স্বৰ্গত
এক দিৱ্য ৰূপ ধৰি |
গোৱালৰ জীয়         হুয়া তুমি  মোক
কৰাহা এত চাতুৰী ||
নাৰায়ণ ৰূপে                ভাগৱত ধৰ্ম
কৰিলো ম‍ই বিদিত |
নৰ নাৰায়ণ               ৰূপে তপ কৰি
জগতৰে চিন্তো হিত ||
আনো যত মোৰ           মহিমা আছয়
কহিবাক লাগে কিক |
ম‍ই হেন পুত্ৰৰ          মাৱ বোলাইবাক
তোমাৰ আছোক ধিক ||
কিছু কিছু কৰি           দেখিয়া আছাহা
তথাপি কৰা আক্ৰোশ  |
এক ক্ষণিতেকে         সুৰুতি উৰাইবো
নথাকোক মোৰ দোষ  ||
কাঠ বাঁজী বুলি            জগতে হাসয়
দেখিয়ো সুঁমৰে হৰি |
ম‍ই আসি তোৰ         ঘৰে পুত্ৰ ভৈলো
সিটো দুঃখ দূৰ কৰি ||
তথাপি আমাৰ            স্নেহ নজানস
নকৰ মোত বিশ্বাস |
আগে যে আছিলি      তেনয় কৰিবো
দিন চাৰি বাট চাস ||
মোহোৰ মুখত          লাজ লাগে বড়
তোমাৰ গুণ কহন্তে  |
দু‍ই ওষ্ঠ ফাটি            তেজ বৈ যায়
বাঁশৰ বাংশী বজান্তে ||
ছৰতি সোণাৰে     বাংশী  গঢ়াই নেদা
ৰাজ পটেশ্বৰী হুই |
গাঁতত পোটন্তে         পেটাৰি বান্ধন্তে
ধনত লাগিবে জুই ||
গৰু ঝাকক লাগি        অন্ন দি পঠাস
সিয়ো হোৱে এক মুণ্ঠি  |
এক গ্ৰাস খাইলে    আউৰ গ্ৰাস নাটে
যাওঁ আধা পেটী উঠি  ||
গৰু আগুৰন্তে          ধাতু যায় মোৰ
কণ্টক বনৰ সান্ধি  |
চৌপৰ দিনটো         লৱড়িয়া ফুৰো
নটুৱা-টনাক পিন্ধি  ||
কুটকুৰা চুলি          পৰে গৰু ধূলি
কুকুহা পড়িয়া যাই |
গোটা গুটি কৰি        জণ্টা বান্ধিলেক
তৈলে মাথা দেখা না‍ই  ||
কথাক কহন্তে           ক্ৰন্দন আসয়
যত অপমান পাওঁ  |
যেবে হওঁ ম‍ই           সি বাপৰ পুত্ৰ
তোক তেৱে কন্দুৱাওঁ ||
কংস মামা মোৰ       সাৰথি আছয়
আমাক নিব মতাই |
ইটো অপমান       সকলে শুজিবো
মথুৰা পুৰীক যাই  ||
দৈৱকী আইত         মোৰ বৰ বুলি
থাকিবো তাহান পাশ |
আমাক দেখিবে      লাগিয়া তোমাৰ
হৈবে বৰ হাবিয়াস ||
কৃষ্ণৰ বচন           শুনিয়ো যশোদা
পুনু মাতে  পাশ চাপি |
এত হাবিয়াস         মোৰ মাথা খাস
নাকান্দিবা মোৰ বাপী ||
ম‍ই অভাগীৰ         ইবাৰ দোষক
মৰশিয়ো বনমালী  |
আন কাল যদি     দোষ  দেখা মোৰ
পাৰিবাহা মোক গালি  ||
মাৱৰ কাৰুণ্য        বচন শুনিয়া
সন্তোষিত  ভৈল মন |
এক ডেৱে গৈয়া   কোলাত চড়িয়া
পিবাক লাগিয়া স্তন ||
পৰম আনন্দে     থাকিলন্ত  কৃষ্ণ
চাৰু দন্ত দৰশাই |
ব্ৰহ্মাণ্ডৰ সুখে      থাকিল যশোদা
কৃষ্ণৰ বন্দন চাই ||
শুনা সভাসদ           হুয়া নিশৱদ
শিশু গোবিন্দৰ কেলি  |
কৃষ্ণৰ অৰুণ         চৰণ পঙ্কজ
কৰিবা মনে সেৱলি ||
শ্ৰীধৰ কন্দলি     কহে কৃষ্ণ কেলি
কৃষ্ণৰ ভকতি কাম  |
গুচোক দুৰ্গতি      মিলোক মুকুতি
পূৰ্ণ হৌক মনস্কাম  ||
কৃষ্ণৰ চৰিত্ৰ       সাক্ষাতে অমৃত
পিয়ো আক কৰ্ণ ভৰি |
খণ্ডিবে আপদ     মিলিবে সম্পদ
ডাকি বোলা হৰি হৰি  ||

|| সমাপ্ত  ||

(সংগ্রহ : বর্ণালী হাজৰিকা)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!