এল নিন' আহি আছে (অৰুণজ্যোতি দাস)

কি এই এল নিন‘ (El-Nino) ?
পেৰুৰ মাছমৰীয়া সকলে এক নিৰ্দিষ্ট সময়ত সৃষ্টি হোৱা মহাসাগৰৰ কোবাল ঢৌ আৰু প্ৰচণ্ড ধুমুহাৰ ভয়ংকৰ চেহেৰাক এটা দুষ্ট সৰু ল’ৰাৰ লগত তুলনা কৰিছিল। স্পেনিচ ভাষাত এই “সৰু ল’ৰাটো”কে বুজোৱা এল নিন’ হৈছে এটা মহাসাগৰীয় পৰিঘটনা যাৰ ফলত পশ্চিম প্ৰশান্ত মহাসাগৰত খুব তীব্ৰ পৃষ্ঠ চাপৰ সৃষ্টি হয় আৰু  সমুদ্ৰপৃষ্ঠৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পায়। ফলস্বৰূপেই সীমান্তৱৰ্তী কেইবাখনো দেশত  জলবায়ুৰ বিশেষ পৰিৱৰ্তনে দেখা দিয়ে। যদিও এটা এল নিন’ পৰিঘটনাই সমগ্ৰ পৃথিৱীতেই কম-বেছি পৰিমাণে প্ৰভাৱ পেলায় , তথাপি ইয়াৰ দ্বাৰা প্ৰভাৱান্বিত মূল এলেকা হৈছে অষ্ট্ৰেলিয়া, ইন্দোনেছিয়া আৰু পশ্চিম-দক্ষিণ আমেৰিকা। এল নিন’ হোৱাৰ সময়ত আচৰিত ধৰণে জলবায়ুৰ তাৰতম্য ঘটে। উদাহৰণ স্বৰূপে ক’ব পাৰি, বিগত এল নিন’ৰ সময়ছোৱাত কিছুমান ঠাই যেনে ইন্দোনেছিয়া আৰু অষ্ট্ৰেলিয়াত একেবাৰে খৰাং অৱস্থাৰ সৃষ্টি হৈছিল , কিন্তু স্বাভাৱিকতেই শুকান জলবায়ুৰ ঠাই যেনে ইকুৱেডৰ আৰু পেৰুত হঠাতে বৰষুণ হোৱা দেখা গৈছিল। আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া অঞ্চলত বানপানী হোৱাও পৰিলক্ষিত হৈছিল। এল-নিন’ৰ ফলত পৃথিৱীৰ সামগ্ৰিক উষ্ণতাও কিছু বৃদ্ধি পায়।
 

(২০০৭ বৰ্ষত হোৱা নিম্ন প্ৰাবল্যৰ এল-নিন’ৰ প্ৰভাৱত অষ্ট্ৰেলিয়াত গছ গছনি শুকাই যোৱা দৃশ্য)
 
পৃথিৱীৰ ইতিহাসত আটাইতকৈ বেছি প্ৰলয়কাৰী এল-নেন’ দুটা হৈছিল ইং. ১৯৮২-৮৩ চন আৰু ইং. ১৯৯৭-৯৮ চনত। ১৯৮২-৮৩ চনৰ এল-নিন’ত অষ্ট্ৰেলিয়াত খৰাং অৱস্থাই দুৰ্ভিক্ষৰ সৃষ্টি কৰিছিল আৰু মেলবোৰ্ণ চহৰখনক ধূলিৰ ধুমুহাই সম্পূৰ্ণৰূপে পুতি পেলাইছিল। অন্যহাতে ১৯৯৭ চনত হোৱা এল-নিন’ৰ ফলত বোকা আৰু বানপানীৰ বাবে পেৰু চহৰতেই প্ৰায় ১৫০ জন মানুহৰ মৃত্যু হয় আৰু ২,৩৪,০০০জন লোক গৃহহাৰা হয়।  এই দুৰ্যোগত গোটেই পৃথিৱীত সৰ্বমুঠ ২৩,০০০ জন লোকৰ মৃত্যু হৈছিল খৰাং অৱস্থা, বানপানী আৰু  ধুমুহাৰ কোবত।
 
এল নিন‘ কেনেকৈ সৃষ্টি হয় ?
সাধাৰণতে এটা এল নিন’ মে’-জুন মাহৰ পৰা গঠন হ’বলৈ লয়  আৰু ছেপ্তেম্বৰ-অক্টোবৰ মানত ই সম্পূৰ্ণ হ’বলৈ ধৰে। ইয়াৰ প্ৰবল শক্তিমান ৰূপ স্পষ্ট হৈ পৰে নৱেম্বৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত আৰু ফেব্ৰুৱাৰীৰ শেষৰ ফালৰপৰা লাহে লাহে ই পুনৰ দুৰ্বল হৈ মাৰ্চ মাহৰ ভিতৰত স্বাভাৱিক অৱস্থালৈ ঘুৰি আহে। স্বাভাৱিক অৱস্থাৰ পৰা চূড়ান্ত দুৰ্যোগময় এই এল-নিন’ অৱস্থালৈ পৰ্যৱসিত হোৱা পৰিঘটনাটো এটা অতি জটিল মহাসাগৰীয় বায়ুমণ্ডলীয় পৰিবৰ্তন।

 
সূৰ্যৰ ৰশ্মিয়ে সাধাৰণতে পৃথিৱীৰ বিষুৱ-ৰেখাৰ ওচৰৰ অঞ্চলবোৰ বেছি গৰম কৰি তোলে কিয়নো এই অঞ্চলটোতে বেলিৰ পোহৰ উলম্ব ভাৱে পৰে। পৃথিৱীৰ বিষুৱ-ৰেখাডালৰ এক বৃহৎ অংশ প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে গৈছে। গতিকে মহাসাগৰৰ এই অংশটো গৰমত বেছিকৈ বাষ্পীভূত হয়। ইয়াৰ ফলত তপত বতাহ ওপৰলৈ উৰি যায় আৰু খালী হোৱা বায়ুৰ ঠাই পূৰাবৰ বাবে ওচৰৰ ঠাইৰপৰা তুলনামূলকভাৱে ঠাণ্ডা বতাহ বিষুৱ ৰেখাৰ ফালে ব’বলৈ আৰম্ভ কৰে। ই এক স্বাভাৱিক প্ৰক্ৰিয়া। এই স্বাভাৱিক অৱস্থাত বতাহৰ সোঁত দক্ষিণ আমেৰিকাৰ পৰা পশ্চিম প্ৰশান্ত মহাসাগৰৰ দিশত বিষুৱ ৰেখাৰ সমান্তৰাল ভাৱে বৈ থাকে। সেয়ে পশ্চিম প্ৰশান্ত মহাসাগৰৰ অষ্ট্ৰেলিয়া, ইন্দোনেছিয়াৰ এই অঞ্চলটো দক্ষিণ আমেৰিকাৰ মহাসাগৰীয় অঞ্চলতকৈ তুলনামূলক ভাৱে বেছি গৰম। শীতল ঠাইৰ পৰা গৰম ঠাইলৈ বোৱা এই বতাহৰ সোঁতক ট্ৰেড ৱিণ্ড (trade wind)  বুলি কোৱা হয়। এই  সোঁতৰ ফলতে ইকুৱেডৰ অঞ্চলতকৈ ইন্দোনেছিয়াৰ অঞ্চলৰ সাগৰ পৃষ্ঠ প্ৰায় ১.৫ ফুট বেছি ওখ আৰু সমুদ্ৰ উষ্ণতাৰ ফালৰপৰা প্ৰায় ৮ ডিগ্ৰী ছেলছিয়াছ বেছি। দক্ষিণ আমেৰিকাৰ ফালৰ পৰা প্ৰশান্ত মহাসাগৰৰ মাজেৰে ইন্দোনেছিয়া, অষ্ট্ৰেলিয়াৰ ফালে বোৱা এই বতাহৰ সোঁতৰ ফলতেই মহাসাগৰৰ তলত থকা পানীখিনিৰ উষ্ণতাৰো তাৰতম্য ঘটে। ক্ৰমান্বয়ে সাগৰৰ তলত উষ্ণতাৰ প্ৰভেদ থকা এটা হেলনীয়া  সোঁতৰ সৃষ্টি হয়। তলৰ বেছি ঠাণ্ডা পানীখিনি দক্ষিণ আমেৰিকাৰ ফালে ক্ৰমশঃ: উঠি আহে আৰু ইন্দোনেছিয়াৰ ফালে মহাসাগৰৰ বেছি গভীৰতালৈ গৰম পানীখিনি সোমাই যায়। মহাসাগৰীয় পানীৰ উষ্ণতাৰ এই বিভেদক থাৰ্মোক্লাইন বোলা হয়। ট্ৰেড ৱিণ্ডৰ বাবেই থাৰ্মোক্লাইনৰ সৃষ্টি হয় আৰু থাৰ্মোক্লাইনৰ বাবেই ট্ৰেড ৱিণ্ডো বৰ্তি থাকে। মন কৰিবলগীয়া যে বায়ুৰ এই বাষ্পীভৱন প্ৰক্ৰিয়াৰ ফলতে ইন্দোনেছিয়া, অষ্ট্ৰেলিয়া অঞ্চলত স্বাভাৱিক ভাৱেই বৰষুণ হৈ থাকে।

কিন্তু এটা এল-নিন’ পৰিঘটনাৰ সময়ৰ এই প্ৰক্ৰিয়াটোৰ সম্পূৰ্ণ ওলোটা হোৱা দেখা যায়। লাহে লাহে ইন্দোনেছিয়াৰ দিশত থকা গৰম মহাসাগৰীয় পানীখিনি দক্ষিণ আমেৰিকাৰ দিশলৈ বিয়পি পৰে আৰু দক্ষিণ আমেৰিকাৰ ফালৰ সমুদ্ৰগৰ্ভৰ ঠাণ্ডা পানীখিনিও বেছি গভীৰতালৈ নামি যায়। ইয়াৰ ফলতে দক্ষিণ আমেৰিকাৰ অঞ্চলটোত বৰষুণৰ সৃষ্টি হয় আৰু মহাসাগৰীয় দুৰ্যোগেও পাতনি মেলে। কেলিফৰ্ণিয়া আৰু ৱাশ্বিংটনকে ধৰি দক্ষিণ আমেৰিকাৰ বহ ঠাইত শীতকালত অতিপাত ঠাণ্ডা পৰে আৰু শীতকাল বেছি দীঘলীয়া হয়। অন্যহাতে একে সময়তে ইন্দোনেছিয়া আৰু অষ্ট্ৰেলিয়াত তেতিয়া খৰাং বতৰৰ সৃষ্টি হয় । নদী-বিলৰ পানী শুকাই যায় আৰু পথাৰৰ মাটিয়ে চিৰাল ফাঁট মেলে।
বতৰ বিজ্ঞানীসকলে পাইছে যে প্ৰবল এল-নিন’ৰ প্ৰভাৱত পৃথিৱীৰ সামগ্ৰিক উষ্ণতাৰো তাৰতম্য ঘটা দেখা যায়। যোৱা ১৯৯৭ চনৰ এল নিন’ৰ প্ৰভাৱত আমাৰ সামগ্ৰিক উষ্ণতা প্ৰায় ১.২ ডিগ্ৰী বঢ়াটো পৰিলক্ষিত হৈছিল।
 
লা-নিনা(La-Nina) কি ?

স্পেনিছ ভাষাত ‘ছোৱালীজনী’ক বুজোৱা লা-নিনা হৈছে এল নিন’ৰ সম্পূৰ্ণ ওলোটা এটা পৰিঘটনা য’ত স্বাভাৱিক অৱস্থাতকৈ অতি বেছিকৈ দক্ষিণ আমেৰিকাৰ ফালৰ পৰা ইন্দোনেছিয়াৰ ফাললৈ বতাহৰ সোঁত ব’বলৈ লয় আৰু যাৰ ফলত দক্ষিণ আমেৰিকাৰ উপকূলীয় অঞ্চলত সাগৰপৃষ্ঠ বাঢ়িবলৈ ধৰে। ইয়াৰ ফলত থাৰ্মোক্লাইনৰ বক্ৰতাও বৃদ্ধি পায়। অৰ্থাৎ দক্ষিণ আমেৰিকাৰ ফালৰ সাগৰৰ গভীৰতাত থকা শীতল পানীখিনি বেচি ওপৰলৈ উঠি আহে।
 
এল-নিন’ৰ তুলনাত লা-নিনা সিমান প্ৰলয়কাৰী নহয়। যোৱা শতিকাত ১৯০৪ চনৰ পৰা ২০১১লৈকে মুঠ বিশবাৰ লা-নিনা সংঘটিত হৈছে। ইয়াৰ প্ৰভাৱত ২০০৭ চনত কানাডাত অভিলেখ সৃষ্টিকাৰী শীত আৰু কুঁৱলী তথা বৰফ পৰিছিল। যদিও সকলো সময়তে নহয়, তথাপি লা-নিন’ৰ পিছতেই একোটা এল-নিন’ হ’ব পৰাৰ সম্ভাৱনা বেছি।

এল নিন’ৰ দুৰ্যোগ আৰু ভয়াৱহতালৈ লক্ষ কৰি পৃথিৱীৰ বিজ্ঞানীসকলে ইয়াৰ বিষয়ে যথেষ্ট অধ্যয়ন কৰিছে। কি কি কাৰণত এন-নিন’ হয় , কিমান দিনৰ মূৰে মূৰে হয়, সম্ভাৱ্য হ’ব পৰা সময় আদি বিভিন্ন বিষয়ত ভিন ভিন দেশৰ বতৰ-বিজ্ঞানীয়ে গৱেষণা চলাই আছে। এনে গৱেষণাৰপৰা পোৱা গৈছে যে এল-নিন’ হোৱাৰ পৰা আন এটা এল-নিন’  গঠন হ’বলৈ অতি কমেও তিনি বছৰৰ পৰা সাত বছৰ সময়ৰ ব্যৱধানৰ প্ৰয়োজন হয়। কিন্তু এনে নহয় যে নিৰ্দিষ্ট সময়ৰ ব্যৱধানৰ অন্তৰে অন্তৰে সংঘটিত হৈয়েই থাকিব। গোলকীয় উষ্ণতা আৰু বায়ুমণ্ডলীয় চাপৰ ওপৰত নিৰ্ভৰ কৰিহে এল নিন’ এটা গঠন হোৱাৰ দিশত লাহে লাহে আগবাঢ়ে। আটাইতকৈ ভয়ংকৰ তথ্য হৈছে এয়ে যে পৃথিৱীত গ্ৰীণহাউচ পৰিঘটনাৰ বলত জলবায়ুৰ যি সঘন পৰিৱৰ্তন হ’বলৈ ধৰিছে , তাৰ ফলত ১৯৯৭ চনৰ দৰে দুৰ্যোগময় আন এটা এল-নিন’ অতি অচিৰেই সংঘটিত হ’ব পাৰে বুলি বিজ্ঞানীসকলে শংকা প্ৰকাশ কৰিছে। আনকি অষ্ট্ৰেলিয়াৰ Commonwealth Scientific and Industrial Research Organization ত কৰ্মৰত ৱেঞ্জু চ্ছাই(Wenju Cai) নামৰ জ্যেষ্ঠ বতৰ-বিজ্ঞানীজনে সংবাদ মাধ্যমত এইবুলিও সকীয়াই দিছে যে এই বছৰৰে কোনোবা এটা সময়ত আমি এক ভয়ংকৰ এল-নিন’ৰ সমুখীন হ’ব পাৰোঁ। তেওঁ ইতিমধ্যেই অষ্ট্ৰেলিয়ান চৰকাৰক দুৰ্যোগৰ সময়ত সাহাৰ্য প্ৰদান কৰিব পৰাকৈ সকলো ফালৰে পৰা সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছে। চ্ছাইয়ে খেদ প্ৰকাশ কৰিছে এইবুলি যে ‘ইমান ডাঙৰ দুৰ্যোগৰ বলি বাৰে বাৰে হোৱাৰ পিছতো মানুহে কাৰ্বন-ডাই-অক্সাইড বায়ুমণ্ডললৈ এৰিয়েই আছে, যিয়ে চুপাৰ এল-নিন’ৰ হোৱাৰ সম্ভাৱনীয়তাক ক্ষীপ্ৰতৰ কৰি তোলে। ‘
European Centre for Medium-range Weather Forecasts নামৰ সংস্থাটোৰ ফালৰপৰাও এই একেধৰণৰ সকীয়নি পোৱা গৈছে। এই বিজ্ঞান কেন্দ্ৰটোৰ পৰা হোৱা ভৱিষ্যদ্বাণীবোৰ বহু ক্ষেত্ৰত সঁচা বুলি প্ৰমাণিত হৈ আহিছে। তেওঁলোকৰ মতে প্ৰশান্ত মহাসাগৰৰ গৰম পানীৰ পৰিমাণ বৰ্তমানে যথেষ্ট বাঢ়িছে আৰু ৯০% কাৰকেই এটা এন-নিন’ সংঘটিত হোৱাৰ পথ প্ৰশস্ত কৰি তুলিছে। কিন্তু আজিৰ তাৰিখত এই এল-নিন’টোৰ প্ৰাবল্যৰ পৰিমাণ কিমান হ’ব তাক নিৰূপণ কৰাহে কঠিন হৈয়ে আছে , কিয়নো বতাহৰ গতিৰ ক্ষেত্ৰত বহুতো কাৰকে কোনো নিৰ্দিষ্ট সূত্ৰ নোহোৱাকৈ কেতিয়াবা অস্বাভাৱিকভাৱে প্ৰভাৱ পেলায়।
আমেৰিকাৰ ইউনিভাৰ্চিটি অৱ ৰিডিঙৰ ড: নিক ক্লিঙামান  নামৰ এল-নিন’ বিশেষজ্ঞজনে জনাইছে যে ভাৰতৰ বাবেও এল-নিনোৰ প্ৰভাৱ বৰ বেয়া হ’ব পাৰে। যিহেতু ভাৰতৰ দুই-তৃতীয়াংশ খেতিয়কেই জলসিঞ্চনৰ কোনো ব্যৱস্থা নকৰাকৈ কেৱল বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কৃষি উৎপাদন কৰে , গতিকে বৰষুণৰ মন্দাৱস্থা সৃষ্টি হ’লে ভাৰতৰ কৃষিক্ষেত্ৰ আৰু জল যোগান বিভাগতো দুৰ্যোগ আহিব পাৰে। ভাৰতীয় বতৰ-বিজ্ঞানী কৃষ্ণ কুমাৰেও এই বিষয়ে কৈছে যে, যিহেতু ২০০২ আৰু ২০০৯ বৰ্ষত হোৱা আপেক্ষিকভাৱে  কম প্ৰাবল্যৰ এল-নিন’ৰ ফলতেই ভাৰতৰ মৌচুমী বায়ু আৰু বৰষুণৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছিল, গতিকে খুব বেছি তীব্ৰ প্ৰাবল্যৰ এল-নিন’ নহ’লেও ই যে ভাৰতৰ জলবায়ুৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে, তাৰ  সম্ভাৱনীয়তাক নুই কৰিব নোৱাৰি।
 
(লেখাটোৰ বাবে ইন্টাৰনেটৰ বিভিন্ন সূত্ৰৰ সহায় লোৱা হৈছে।)
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!