“এৰাবাৰী” (চন্দন জ্যোতি ভূঞা)

– “ঘূৰি আহোঁতে বেছি ৰাতি হ’ব। নামঘৰলৈ যাব নালাগে। এৰাবাৰীখন পাৰ হৈ এই ৰাতিখন…! শুই থাক।”
বাবুক মাকে ক’লে। বাবুৰ খঙ পটকৰে উঠে। অৱশ্যে অকলেই যাব লাগিব আৰু আহিবও লাগিব অকলে। কিয়েইবা হ’ব? নামঘৰত ভাওনাৰ আখৰা। তালৈ নোযোৱাকে থাকিব নোৱাৰি। গামোচাখন লৈ সি ওলাই গ’ল। ঘৰৰ পৰা ৩ কিলোমিটাৰ নিলগতে নামঘৰ। এইফালৰ পৰা কেৱল সি যায়। ম’বাইলত সময় চালে। ৭ বাজিছে । বাবুৱে বাচনখিনি অঁতালে। চাইকেলত গুটিদা আহি আছিল। দোকানলৈ যাব চাগৈ ।
“নামঘৰলৈ যাওঁ ৰ’ব, একেলগে যাব পাৰিম।”- বাবুয়ে গুটিদাক ক’লে ।
দুয়ো ইটো-সিটো কথা পাতি আগবাঢ়িল।
– “ঐ ল’ৰা, এৰাবাৰীত ভূত ওলায় বোলে ।”
কথাটো গুটিদাই উলিয়ালে ।
– “নাজানো পায় । আপুনি দেখিছে নেকি ?”
– “নাই , কোৱাহে শুনিছো।”
– “বাদ দিয়কহে ।”
সি নামঘৰ পালেগৈ। ভৰিকেইখন ধুই আঁঠু ল’লে। আখৰা আৰম্ভ হৈছিল। নামঘৰতে ৰাতি ১ বাজিছিল। তাৰ দৃশ্যকেইটা আছিল একেবাৰে শেষত। নামঘৰৰ কাম-কাজ সামৰি সকলো ওলাই গ’ল। বাকীসকলে বেলেগফালে বাট ল’লে। বাবুৱে ম’বাইলত গান এটা বজাই ঘৰলৈ খোজ দিলে। তাৰ মনলৈ আহিল, প্ৰায় ১ কিঃমিঃ আঁতৰত এৰাবাৰী খন। কুঁৱলী পৰিছে। তাৰ অলপ ঠাণ্ডা লাগিল। এৰাবাৰীখন মুকলিপ্ৰায়। তিনি নে চাৰিজোপা গছ। বাৰীখন আগেয়ে এৰাবাৰী নাছিল। মানুহ এহাল আছিল। বেচ সুখেৰে। পাঁচ বছৰৰ আগতে কি হ’ল জানো, মহিলা এজনী মানুহজনৰ ওপৰত লম্ভিল আৰু এদিন ৰাতি ঘৈণীয়েকক চিপ লগাই হত্যা কৰিলে। গাঁৱৰ মানুহে মানুহজনক খেদি ভেটিটোতে মানুহজনীৰ শৱটো পুতি ঘৰটো জ্বলাই দিলে । তেতিয়াৰ পৰা মানুহে তাত কিবা দেখা বুলি ক’বলৈ আৰম্ভ কৰিলে।
জোনাকত কুঁৱলী। বাৰীখনৰ ওচৰ পোৱাৰ সমান্তৰালকৈ বাবুৰ মনলৈ এইবোৰ কথায়েই আহিবলৈ ধৰিলে। তাৰ অলপ ভয় ভয় লাগিল। ম’বাইলত সময় চালে—এক বাজি বিশ মিনিট গৈছে। ম’বাইলত মৃদু সুৰত গান বাজি আছে।
– “নিউ …. নিউ …”
বাৰীৰ চুকৰ পৰা ভাহি অহা মাতটোত বাবু জিকাৰ খাই উঠিল। মাকৰ কথালৈ মনত পৰিল। সি ঠাইতে ৰৈ ভেটিটোৰ পিনে চালে। কুঁৱলীৰ বাবে বেছি দূৰলৈ মনিব নোৱাৰিলে। দৌৰ মাৰিম বুলি ভাবিলে যদিও সি লৰচৰেই কৰিব নোৱাৰিলে। মুখত ঘাম বিৰিঙি উঠিল। ভৰি দুখন তলৰ পৰা চেঁচা হৈ অহা যেন লাগিল। হাতত চেণ্ডেলযোৰ তুলি ল’লে। এনেতে হঠাৎ বিপৰীত দিশৰ পৰা ভাহি অহা শুকান কাঁহৰ শব্দ শুনি ৰাস্তালৈ চালে। একো নমনি। বগা বগা কিবা এটা তাৰ ফালে অহা দেখিলে। তাৰ মানে ভূত! চিঞৰিব খুজিও ডিঙিৰ পৰা কেঁকনি এটাহে বাজ হ’ল। বাবুৱে থক্‌থক্‌কৈ কঁপিব ধৰিলে। গাটো গৰম হৈ আহিল তাৰ। আৰু অলপ কাষলৈ আহিল বগা অস্পষ্ট অৱয়বটো।
কিহে পাইছিল আহিবলৈ। বগা ছায়ামূৰ্তিটো আগবাঢ়ি আহিল। বৰ বেছি ওখ নহয়। খৰ খোজেৰে আহিছে যেন অনুমান হ’ল।
অহ… পাঁচনি কাই । ধেৎ তে…ৰি। এনেয়ে ভয় খালো । দীঘলকৈ স্বস্তিৰ উশাহ এটা ল’লে বাবুৱে। ভাং খাই আহিছে ক’ৰবাত ৰাতিখন। আহি আহি পাচনিকাই ওচৰ পাইছিল ।
– “হে..ৰি ককাইদেউ, ইমান ৰাতি যে ?”
বাবুৰ কথা শুনি পাচনিকাই তাৰ কাষতে ৰ’ল। এৰী চাদৰখনে মুৰে গায়ে লৈ আহিছে। পটকে চিনিব নোৱাৰি।
বাবুৱে আকৌ ক’লে— “কি হ’ল অ’? ৰাগী বেছি নেকি ?”
উত্তৰ নাহিল। পাচনিকাই ৰৈ নাথাকিল। গহীন খোজেৰে গৈ থাকিল। বাবু আচৰিত হ’ল। পাচনিকাই মানুহটো এনেকুৱা নহয়। সকলোৰে সৈতে উপযাচি ধেমালি, চিঞৰ বাখৰ কৰা মানুহটো। দুবাৰ মতাৰ পিচতো নামাতিলে! বাবুহঁতৰ সম্পৰ্কীয় কোনো নহয় যদিও সিহঁতৰ ঘৰৰ লগতবেচ ভাল সম্পৰ্ক। মানুহজনে বিপদে আপদে আহ বুলিলেই আহে। তেনে মানুহ এজনে এইবোৰ কৰিলে আচৰিত হ’বৰ কথাই। সেইবোৰকে ভাবি ভাবি বাবুৱে ঘৰত সোমালহি ।
– ” আই… উঠচোন। চাকিটো উলিয়াই দে। জুইকুৰাও ধৰিব লাগিছিল। নহ’লে এই জাৰত কেনেকৈ শুবি ।” বাবুৱে মাকক জগালে ।
– ” ৰ’হ। ভৰিকেইখন পখালি আহচোন। মই সাৰেই আছো। বাপেৰ নাই। তই যোৱাৰ পাছতে ফোন আহিল। পাচনিক মেডিকেললৈ নিছে। প্ৰেছাৰ নে কি। বায়েৰাই ফোন কৰিছিল, এতিয়াও তাতে আছে। ভাল হৈছে বোলে ।”
মাকৰ পাছৰ কথাবোৰ শুনিবলৈ বাবুৰ ধৈৰ্য নাছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!