নৱ প্ৰজন্মৰ মোবাইল (অজয় লাল দত্ত )

নৱ প্ৰজন্মৰ মোবাইল

অজয় লাল দত্ত

আধুনিক নাৰীৰ বাবে নতুন প্ৰত্যাহ্বান বিগত দশকত আটাইতকৈ বিশাল ৰূপত ঘৰে ঘৰে সোমাই পৰা সামগ্ৰীৰ ভিতৰত মোবাইল ফোন অন্যতম ৷ টেলি সংযোগ সাধনৰ ক্ষেত্ৰত তাঁৰ বিহীন প্ৰযুক্তিয়ে দেশক বহুখিনি আগুৱাই লৈ গ’ল৷ সৰ্ব-সাধাৰণ মানুহৰ হাতে হাতে ল’ব পৰাকৈ মুক্ত অৰ্থনীতিৰ সু-ফলৰ ৰূপত দামীৰ পৰা কমদামী বিভিন্ন ধৰণৰ মোবাইল বজাৰত উপলদ্ধ হ’ল ৷ দেশৰ বহু ভিতৰৰ গাঁৱতো এই দূৰ-সংযোগ ব্যৱস্থাই সফলতা তথা বজাৰ দখল কৰাটো এই সময়ৰ এটা উল্লেখনীয় কথা ৷ মোবাইল সেৱাৰ সতে মানুহৰ মাজত সংযোগ তথা ভাৱৰ আদান- প্ৰদান যি দৰে সহজ হৈ পৰিছে, তাৰ সতে ইয়াৰ আন কিছু আৰ্থ-সামাজিক প্ৰভাৱ তথা সামাজিক পৰিবৰ্তন চকুত লগা হৈ পৰিছে ৷ আধুনিক নাৰীয়েও সমাজৰ সতে খোজ মিলাই হাতে হাতে মোবাইল লৈ আগবাঢ়ি অহাটো এই নতুন যুগৰ বাবে শুভ লক্ষণ৷নাৰী এগৰাকীয়ে এগৰাকী মাতৃ, অভিভাৱক, ভগ্নী, প্ৰেমিকা তথা আত্মীয় ৰূপে ভূমিকা পালন কৰিব লগা হয়৷ একেসময়তে নতুন সমাজ গঢ়াৰ বাটত নৱ-প্ৰজন্মক গঢ় দিয়াৰ গধুৰ দ্বায়িত্বও মূলতঃ নাৰীৰ হাততেই অৰ্পিত হৈ থাকে৷ এই যাত্ৰাপথত আজিৰ মোবাইল সেৱাৰ বৰ্ধিত আগ্ৰাসনে নাৰীসমাজক এক সময়োচিত প্ৰত্যাহ্বান আগবঢ়োৱা বুলি অনুভৱ কৰিছোঁ ৷ ইয়াৰ বাবে মোবাইল ফোনৰ উপকাৰ, উপযোগিতা তথা তাৰ বিৰূপ ব্যৱহাৰ হ’ব পৰা সম্পৰ্কে ঘৰ এখনৰ গুৰি ধৰোঁতা হিচাবে নাৰী সকল অতি সজাগ হোৱাৰ প্ৰয়োজনীয়তা অতিশয় বৃদ্ধি পাইছে ৷মোবাইল ফোনে আধুনিক নাৰীক দিছে এটা আটাইতকৈ ডাঙৰ উপহাৰ৷ সেয়া হৈছে উদ্বিগ্নতাৰ পৰা মুক্তি৷ পৰিয়াল পৰিজন বাহিৰলৈ যি কোনো কামত ওলাই যোৱাৰ পাছত নাৰী এগৰাকী সদায়েই উদ্বিগ্ন হৈ থকাটো এটা সহজাত স্বভাৱ, তেখেত মাতৃ, পত্নী, ভগ্নী অথবা আন আত্মীয়ই নহওঁক কিয় ! সুৰক্ষিত ভাৱে পালেগৈ বুলি ফোন এটা নোপোৱালৈকে এই উদ্বিগ্নতাৰ অৱসান নহয় ৷ এই ক্ষেত্ৰত মোবাইলে আনি দিলে প্ৰশান্তিৰ বতৰা !

আজিকালি সৰু-বৰ চহৰত নৱ-প্ৰজন্মৰ হাতত সৰু-বৰ মোবাইল৷ এটাতকৈ আনটো চকুত লগা তথা উন্নত প্ৰযুক্তিৰ ৷ সেই নতুন প্ৰযুক্তি সমূহৰ ব্যৱহাৰ সম্পৰ্কেও আজিৰ নাৰী সকল নৱ-প্ৰজন্মৰ সমানেই সজাগ-সচেতন হৈ উঠাটো অতিশয় দৰকাৰী হৈ পৰিছে ৷ ঘৰত মোবাইল লৈছে, কনমানিটোৱেহে ফোন লগায় দিয়ে, সিহে এইবোৰ জানে, এনে ধৰণৰ চিন্তাৰে শিকিবলৈ অনীহা আধুনিক নাৰীয়ে এৰিব লাগিব ৷ সৰু সৰু ল’ৰা-ছোৱালীৰ হাততে বিভিন্ন আপডেটেড টেব, মোবাইল আদি সহজলভ্য হৈ পৰাৰ লগতে, গেমচ, এপ্লিকেচনছ আদিৰ পয়োভৰত নৱ-প্ৰজন্ম মোবাইল-প্ৰেমী হৈ পৰিছে ৷ পৰিয়ালৰ সতে এটা নিবিড় মুহূৰ্ত কটাবৰ প্ৰয়োজনৰ সময়তো মাক-দেউতাক-ভাই-ভগ্নীৰ মুখলৈ চাবলৈ যেন আহৰি নাই৷ অনবৰতে টেব, লেপটপ অথবা মোবাইলৰ সতেই লাগি থাকিবলৈ লোৱা. উঠি অহা নৱ-প্ৰজন্মৰ অভ্যাসটো তেওঁলোকৰ চাৰিত্ৰিক, দৈহিক তথা মানসিক বিকাশৰ ক্ষেত্ৰত অন্য এক চিন্তনীয় বিষয় হৈ পৰিছে ৷ সামাজিক বা পৰিয়ালৰ সতে মানৱীয় যোগসূত্ৰতকৈ মোবাইলৰ অনামী ৰঙীন জগতখনত আপোনপাহৰা হৈ থাকিবলৈ শিকাটো শিশু-কিশোৰ-যুৱ প্ৰজন্মৰ বাবে এক নিচাত পৰিণত হৈছে ৷ নাৰী মাতৃ সকলে এই ক্ষেত্ৰত সচেতন নহ’লে এই নিচাৰ পৰা সন্তানক বাৰণ কৰাটো এসময়ত অসম্ভৱ হৈ উঠিব যেন অনুভৱ হয় ৷

আগৰ দিনৰ ডায়েৰী বা কিতাপৰ মাজত ‘নীলা চিঠি’ বিচাৰি পোৱাৰ পাছত কাণতলীয়া চৰ খোৱাৰ দিন নতুন প্ৰজন্মৰ নাই৷ বয়ঃসন্ধিৰ সময়চোৱাত সেয়ে সন্তান বা পৰিজনৰ মোবাইলৰ ব্যৱহাৰৰ ওপৰত অভিভাৱক অতিশয় সজাগ হোৱা উচিত৷ লগতে সতৰ্ক নজৰ ৰখাৰ প্ৰয়োজন আছে ৷পঢ়াৰ টেবুলত মোবাইল লৈ সময় উৰুৱা, গেম খেলি থকা আদি অভ্যাস গঢ় লোৱাৰ পৰা সন্তানক বাৰণ কৰিব লাগিব৷ মাতৃ সকলে SMS, MMS, GPS আদি শব্দৰ লগত চিনাকী হোৱাৰ লগতে তাক কেনেকৈ চাব পাৰি, মোবাইলৰ গোপনীয় ফাইল আদি কৰবাত পাচৱৰ্ড দিয়া আছে নেকি সকলো শিকি লোৱাৰ অতীব প্ৰয়োজন আছে ৷ এক কথাত ক’বলৈ গ’লে সন্তান তথা পৰিজনৰ সংগ, গতিবিধি তথা অভ্যাসক বুজি উঠিবলৈ তেখেতৰ মোবাইলেই আধুনিক নাৰীৰ বাবে হৈ উঠিব পাৰে অতিশয় কাৰ্যকৰী আহিলা ৷ মোবাইলৰ বুকুতে চকু দি, কল-লগ, মেচেজ বস্ক, ফাইল কণ্টেণ্ট, গেমচ আদি অধ্যয়ন কৰি সন্তানৰ মতি-গতি তথা গঢ়ি উঠা মনোজগতখনৰ উমান লবলৈ আধুনিক নাৰীয়ে শিকিব লাগিব ৷এই পৃথিৱীত যে বেয়া মানুহৰ অভাৱ নাই, সেই কথা আমাৰ সকলো বয়সৰ নাৰীয়ে উপলব্ধি কৰিব লাগিব৷ মোবাইল ফোনৰ জৰিয়তে পুৰুষৰ চলনাময়-মায়াজালত পৰাৰ বৰ্ধিত ঘটনাৰ পৰা, সাৱধান হৈ থকাৰ প্ৰয়োজন আছে৷ যাতে মোবাইল প্ৰেমৰ জৰিয়তে অচিন ব্যক্তিৰ লগত অপ্ৰয়োজনীয় ভাৱে সাঙোৰ খাই সংবাদ শিৰোনামাত আমাৰ ভগ্নী, জীয়ৰী সকলে ঠাই পাব লগা নহয় ৷

মোবাইলৰ সতে ছাঁৰ দৰে লাগি থকা মোবাইল কেমেৰাৰ উপস্থিতিৰ কথাও আধুনিক নাৰীৰ বাবে এক প্ৰত্যাহ্বান স্বৰূপ৷ “বেৰৰো কাণ থাকে” – আপ্তবাক্যশাৰীৰ দৰেই আজিৰ তাৰিখত, বেৰতো কেমেৰা থাকে ধৰণৰ সাৱধানতা ৰখাৰ প্ৰয়োজনীয়তা আছে ৷ একেবাৰে গাঁও অঞ্চলতো লোকেল অশ্লীল MMS ক্লিপ সহজলভ্য হৈ পৰাটো অতিশয় চিন্তনীয় কথা হৈ পৰিছে৷ এনে দুষ্কাৰ্যৰ বলি হোৱাৰ পৰা যাতে নাৰীসকলে নিজকে বচাই চলিব পাৰে সেই সম্পৰ্কে মাতৃ, অভিভাৱক, শিক্ষাৰ্থী সকলোকে সজাগ কৰি ৰখাৰ প্ৰয়োজনীয়তা আছে ৷আন এটা মোবাইল ব্যাধিয়ে সমাজৰ ভিন্ন স্তৰত বিয়পি পৰাটো উল্লেখ কৰিব লগীয়া৷ আন-লিমিটেড টক-টাইম তথা নাইট পেক আদিৰ কোম্পানী প্ৰদত্ত উপহাৰৰ অপব্যৱহাৰৰ ফলত ৰাতি ৰাতি অশ্লীল কথা-বতৰা পতাৰ এক অভ্যাস গঢ়ি উঠা দেখা গৈছে৷ ফোন-চেক্সৰ দৰে কু-অভ্যাস গঢ়ি উঠিলে সহজেই কোমলমতীয়া শিক্ষাৰ্থীক ই নিজৰ লক্ষ্যৰ পৰা বিচ্যুত কৰিব৷ সেয়ে ফোনৰ বিলৰ পুংখানুপুংখ বিৱৰণ অভিভাৱকে লোৱা, তথা মোবাইলত কি কি কনটেণ্ট আছে সেইবোৰ চেক কৰি প্ৰতি-ব্যৱস্থা গ্ৰহণ কৰাটো মাতৃ সকলৰ বাবে এৰাব নোৱাৰা প্ৰত্যাহ্বানত পৰিণত হৈছে৷ ৰাতি এটা নিৰ্দিষ্ট সময়ৰ পাছত জ্যেষ্ঠ জনে ঘৰত মোবাইল ফোন হস্তগত কৰি ৰখাৰ নিয়মে এনে কু-অভ্যাস গঢ়ি উঠাৰ পৰা বিৰত ৰাখিব পাৰে ৷মোবাইল ফোনৰ বিভিন্ন ভাল ব্যৱহাৰ সম্পৰ্কে মাতৃ সকল সজাগ হ’লে তাক যোগাত্মক দিশত ব্যৱহাৰ কৰিব পাৰি ৷ কেমেৰা থকা মোবাইলেৰে সন্তান টিউচনত আছেনে নাই, শিক্ষকক দিয়াচোন ফোনটো ধৰণৰ অভ্যাসেৰে নজৰ ৰাখিব পাৰি, বা শিক্ষকৰ সতেও ওচৰ সম্পৰ্ক বজাই ৰাখিব পাৰি ৷ মোবাইলত ৰেকৰ্ড কৰি বিভিন্ন ওপজা মাটিৰ সংস্কৃতিৰ উপাদান পুৰণি বিয়ানাম, লোক সংগীত আদিৰ সুৰ-তাল-গীত-নৃত্য আদি শিকাব পাৰি ৷ নতুন প্ৰজন্মক হোটেল বা ফাষ্ট ফুডৰ খানাৰ অনুগামী নকৰি বিভিন্ন খাদ্য কেনেকৈ ঘৰতে সহজে তৈয়াৰ কৰিব পাৰি, সেই কথাও সৰু সৰু ভিডিঅ’ আদি বনাই তেওঁলোকক শিকাব পাৰে ৷ ঘৰৰ, সকাম নিকামৰ সৰু বৰ ৰীতি নীতি আদিৰ কথাও ঘৰৰ বয়োজ্যেষ্ঠ-বৃদ্ধ সকলক কাষত পালে ভিডিঅ’ বনাই ৰাখি নতুন প্ৰজন্মক শিপাডাল ধৰি ৰখাত অৰিহণা যোগাব পাৰি৷ আজিকালি উন্নত মবাইলত জিপিএছৰ সহায়ত সন্তান বা আত্মীয়ৰ অৱস্থান শ্বেয়াৰ কৰি, কোন ক’ত আছে তাৰ উমান পাব পাৰি ৷ৰাতি বিয়লি অকলে আহিব লগা অৱস্থাত আৰোহণ কৰা গাড়ী বা অট আদিৰ নম্বৰ, ড্ৰাইভাৰৰ ফটো আদি আত্মীয়লৈ আগতীয়াকৈ মোবাইলেৰে পঠাই নাৰীয়ে নিজকে সুৰক্ষিত কৰাৰ চেষ্টা চলাব পাৰে৷ জিপিএছৰ অৱস্থান শ্বেয়াৰ কৰিও ঘৰৰ মানুহক এনে পৰিস্থিতিত সকাহ দিব পাৰে৷আধুনিক নাৰীয়ে শিকাৰ মনোভাৱেৰে এইবোৰ সৰু-বৰ প্ৰত্যাহ্বান মূৰ পাতি ল’লেই প্ৰগতি বা প্ৰযুক্তিৰ সতে খোজ মিলাই এক সুন্দৰ নতুন প্ৰজন্ম গঢ় উঠাত অৰিহণা যোগাব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস৷ এনে সজাগতাৰ বাবে মহিলা সমিতি বা সংগঠন সমূহে আগবাঢ়ি আহিলে অতিশয় আনন্দৰ কথা হ’ব ৷ যোগাত্মক দিশত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে আধুনিক নাৰীক জাগ্ৰত কৰিব নোৱাৰিলে, প্ৰযুক্তিৰ ঋণাত্মক প্ৰয়োগৰ কবললৈ সমাজখন গুচি যোৱাৰ সম্ভাৱনাই দেখা দিব ৷ ফলত অনাগত দিনত কেতিয়াবা খাপ পঞ্চায়তৰ দৰে নাৰীৰ বাবে মোবাইল নিষিদ্ধ কৰিবই লাগে ধৰণৰ অনৈতিক /  অবাস্তৱ সিদ্ধান্তকো সঠিক বুলি অনুভৱ কৰাৰ দুৰ্দিন আহিব পাৰে ৷ সজাগ আধুনিক নাৰীয়েই নতুন ৰূপত নৱ-প্ৰজন্মৰে নৱ-প্ৰযুক্তিক আদৰা এখন সুন্দৰ উন্নত সমাজ গঢ়িব লাগিব৷ তাৰ বাবে মনত মাৰ বান্ধি নাৰীসমাজক আগুৱাই আহিবলৈ ইয়াৰে অনুৰোধ জনালোঁ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!