কচুৰ বিষয়ে অনেক অজানা কথা – ড০ভূপেন শইকীয়া

আজিকালি প্ৰায়ে বাতৰি ওলায় অমুক ঠাইত খাদ্যৰ নাটনি হৈছে৷ দূৰ্ভিক্ষই দেখা দিছে৷ মানুহে কচু-ঢেকীয়া খাই জীৱন ধাৰণ কৰিছে৷ আকৌ কোৱা শুনা যায় অমুকৰ পুতেকটো বৰ কচুগুটি (অৰ্থাৎ অঘাইটং)৷ অসমীয়া ফকৰা যোজনা মতে ’বাটৰ কচু গাত ঘঁহি লোৱা’ৰ অৰ্থ নিজৰ আপদ নিজে মাতি চপাই লোৱা৷ আন এটা প্ৰচলিত যোজনা হ’ল- ’কাণত কচু, নাভিত তেল, তাৰ ঘৰত নাই বেজৰ মেল’! মানৱ জীৱনক দাৰ্শনিকসকলে সদায় কচুপাতৰ পানীৰ সৈতে ৰিজাই আহিছে৷ আকৌ পশ্চিমৰ সাহিত্যিক সকলে কচুপাতৰ আকৃতিক ’হাতীৰ কাণ’ৰ সৈতে ৰিজাই কচু গছৰ নামকৰণো সেই বুলিয়ে কৰিছে৷ বৰষুণৰ বতৰত দৰিদ্ৰলোকৰ ছাতি হিচাবেও কচুৰ বিশাল আকাৰৰ পাত ব্যৱহৃত হয়৷ হাট-বজাৰত পোহাৰীসকলে কচুৰ পাতত একো একোটা সৰু সৰু বস্তুৰ (উদাহৰণ জলকীয়া, মাছ, হালধি গুৰি, নিমখ আদিৰ ) টোপোলা বান্ধি গ্ৰাহকক দিয়ে৷ প্ৰাচীন ৰোমান, আৰবী আৰু ভাৰতীয় কলা কৃতিৰ চিত্ৰাংকনত কচুপাতৰ সৌন্দৰ্য্য বাৰম্বাৰ নানান ৰূপত অংকিত হৈ আহিছে৷ কচু থুৰি, কচু শাক, কচু পিতিকা অসমীয়া মানুহৰ জুতি লগা খাদ্য৷ কিন্তু প্ৰকৃতিৰ বৰদানস্বৰূপ এই কচুৰ বিষয়ে অনেক কথা সাধাৰণ ৰাইজৰ বাবে অজানা হৈয়ে আছে৷ এই নিবন্ধৰ মাধ্যমেৰে কচু আৰু কচুশাকৰ গুণাৱলীৰ বিষয়ে আপোনালোকক অৱগত কৰিবৰ প্ৰয়াস কৰিম৷
কচুৰ বৈজ্ঞানিক বা ব’টানিকেল নাম হ’ল – Colocasia esculenta আৰু ইয়াৰ বংশ হ’ল- Araceae (Arum family) ৷ মানুহে ভক্ষণ কৰা এই উদ্ভিদ বিধৰ কমেও দহটা প্ৰজাতি (Species) বিশ্বৰ নানান ঠাইত দেখা যায়৷ কচুৰ বিভিন্ন মোহনীয় প্ৰজাতিক ফুলনিত বা ঘৰৰ টাবত সজাই সৌন্দৰ্য্যবৰ্ধনৰ বাবে ব্যৱহাৰ কৰা হয়৷
আন আন ভাষাত ইয়াক মতা নাম হ’ল-ইংৰাজীত Elephant ear, Taro, Green Taro, Tarul, Arum, Aivi, Araceae, Dasheen, Cocoyam, Chembu, Karkala ko ganu, Eddoe, Champadhumpa ইত্যাদি৷
সংস্কৃতত কচু, আলুপম, আলুকম, আলৌকি; হিন্দীত অৰৱী, কচালু, আশুকাচু; মিটেই মণিপুৰীত পান, বিষ্ণুপ্ৰিয়া মণিপুৰীত কচু; মিচিং এঙে; মিজো বাল, দাউল; কাৰ্বি হেনৰু; টাই ফুক মুক; মাৰাঠীত ৰাণ আলু, চেম্পু; তামিলত সেম্পু, চামকালিংগু; তেলেগুত চমাডুম্পা, চমাগড্ডা, চামাকুৰা; মলয়ালমত চেম্পু, চেম্পাকিঝনা; কানাড়াত কেচাভেডাণ্টো; ওৰিয়াত জংগল চাৰু; বাংলাত কচু, আলটি কচু বোলে৷

প্ৰাপ্তিস্থান – উপলব্ধ তথ্যমতে কচুৰ প্ৰথম জন্মস্থান হ’ল মালেয়শিয়াৰ দ-বসতি অঞ্চল৷ খৃষ্টপূৰ্ব ৫০০০ বছৰ আগতে মালয়েছিয়াৰ পৰা ভাৰতবৰ্ষলৈ কচুৰ আগমন ঘটে৷ ভাৰতৰ পৰা প্ৰাচীন ইজিপ্ত দেশহৈ ক্ৰমে পশ্চিমলৈ কচুৰ প্ৰচলন হব ধৰে আৰু আজি বিশ্বৰ গ্ৰীষ্ম আৰু বৰ্ষা বাতাবৰণৰ প্ৰভাৱ থকা প্ৰতিটো অঞ্চলতেই কচু পোৱা যায়৷ বৰ্তমান বাৰ্ষিক ১১.৩নিযুত মেট্ৰিক টন কচু বিশ্বত উৎপাদন হয়৷

গছৰ বৰ্ণনা: এই উদ্ভিদ বিধৰ উচ্চতা ৩ৰ পৰা ৫ফুট পৰ্য্যন্ত হয়৷ হৃদয় আকৃতিৰ পাত ২ৰ ৩ফুট বহল হব পাৰে৷ পাতৰ সংলগ্ন দেখাত নলীৰ দৰে ঘূৰণীয়া ঠাৰি আঢ়ৈৰ পৰা ৩ফুট দীঘল হয়৷ কচুৰ শিপাৰ ওজন আধা কিলোগ্ৰামৰ পৰা ৩কিলোগ্ৰাম বা ততোধিক হব পাৰে৷ শিপাৰ বাহিৰৰ ছালখন মূগা বৰণৰ, কিন্তু মাংসল ভিতৰখন বগা বা পাতল মাখন ৰঙৰ হয়৷ প্ৰজাতি আৰু মাটি ভেদে কচুৰ আকৃতিৰ কিছু তাৰতময হব পাৰে৷

কি কি লাগতিয়াল তত্ত্ব কচুত থাকে?
কচুৰ শিপাত থকা লাগতিয়াল তত্ত্বসমূহ হ’ল- ডায়েটেৰী ফাইবাৰ, কাৰ্বহাইড্ৰেট, ভিটামিন -এ, ভিটামিন-চি, ভিটামিন-ই, ভিটামিন- বি গোট; খনিজসমূহ- আইৰণ, মেগনেচিয়াম, মেংগানিজ, ক’পাৰ, জিংক, প’টেচিয়াম, ফচফৰাচ, চেলেনিয়াম৷ অমেগা-৩ আৰু ১৭বিধ লাগতিয়াল এমাইনো এচিড কচুত থাকে৷ এই গুণকাৰী তত্ত্বসমূহৰ উপস্থিতিয়ে ৰক্ত সঞ্চালন, ৰক্ত চাপ, তেজৰ চুগাৰ নিয়ন্ত্ৰণ কৰে; পেটৰ হজমী শক্তি বঢ়ায়; দৃষ্টি শক্তিৰ উন্নতি ঘটায়; স্নায়ুতন্ত্ৰ সবল কৰে; শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু কৰ্কট ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে৷ ১০০গ্ৰাম কচুৰ শিপাত থাকে ১১২কেলৰি মাত্ৰ৷ ১০০গ্ৰাম কচুৰ শিপাত থাকে ৪গ্ৰামৰো অধিক ডায়েটেৰী ফাইবাৰ৷ কচুৰ কোমল পাত আৰু গা-গছতো ভিটামিন, খনিজ, এণ্টিঅক্সিডেণ্ট থাকে৷

বিভিন্ন দেশত কি দৰে কচুৰ সেৱন কৰে?
বিশ্বৰ চুকে-কোনে নানা ধৰণেৰে মানুহে কচু খাদ্য হিচাবে উপভোগ কৰে৷ নিজাববীয়াকৈ কচুৰ বা তাৰে প্ৰস্তুত কৰা ব্যঞ্জনৰ স্থানীয় নাম দি লয়৷ তাৰে কেইটিমান তলত উল্লেখ কৰিলোঁ:
– নেপালত পিণ্ডালু, পাকিস্তানত আৰ্বি গোছ, মালদ্বীপত আলা, জাপানত চাটইমো (Satoimo),
কোৰিয়াত জুইকি, ফিলিপাইনচত গবি, টাৰ্কিত গ’লভেজ, চাইপ্ৰাচত কলকস্কি, চীন দেশত পিনয়িন, লেবাননত কিলকাচ, দক্ষিণ আফ্ৰিকাত এৰোৰুট নামেৰে খ্যাত৷
– ফিজি দ্বীপপুঞ্জত বছৰৰ এটা দিন ’কচু দিবস’ হিচাবে উদযাপন কৰে৷
– টাইৱানত কচুৰ পৰা কেক বনায়৷ লেবাননত কচুৰ চিপচ তৈয়াৰ কৰে৷ শ্ৰীলংকা, নিউজিলেণ্ড আদি দেশে কচু নাৰিকলৰ গাখীৰৰ লগত সেৱন কৰে৷
– আফ্ৰিকাৰ বহু দেশে কচুৰ চুপ বনাই খায়৷ বাংলাদেশত শুকান মাছ নহলে মিছা মাছৰ লগত কচু থুৰিৰ জোল খায়৷
– চীনদেশত গাহৰি, কেঁকোৰা বা সামুদ্ৰিক মাছৰ লগত কচু ৰান্ধে৷
– পাকিস্তানত গোমাংস বা ভেড়াৰ মাংসৰ লগত কচুৰ তৰকাৰী ৰান্ধে৷
– আমাৰ বিশাল দেশ ভাৰতবৰ্ষত প্ৰত্যেক প্ৰদেশৰে কচুৰ সৈতে ৰন্ধা বিশেষ শৈলী আছে – সেইসমূহ এই নিবন্ধত উল্লেখ কৰাৰ পৰা বিৰত থাকিলো৷

কচুৰ উপকাৰিতাৰ তালিকা:
• কৰ্কট ৰোগ প্ৰতিষেধক- কচুত থকা ক্ৰিপ্তোজেনথিন আৰু অন্যান্য এণ্টিঅক্সিডেণ্টে অপকাৰী ফ্ৰি-ৰেডিকেল বিনষ্ট কৰি শৰীৰৰ ইমিউনিটি বঢ়ায়৷
• ডায়েবেটিজৰ নিয়ন্ত্ৰণত সহায়ক- ডায়েটেৰী ফাইবাৰে ইনচুলিন আৰু গ্লোক’জ মেটালিজমত প্ৰভাৱ পেলায়৷ উল্লেখযোগ্যযে কচুৰ শিপাৰ গ্লাইচেমিক ইনডেস্ক অতি কম৷
• হৃদৰোগ আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক- কচুত থকা পটেচিয়ামে তেজৰ নলী মুকলি কৰি ৰাখে৷ ইয়াৰ উপৰি কচুৰ লৌহ পদাৰ্থই এনিমিয়া প্ৰতিৰোধ কৰে৷
• দৃষ্টিশক্তি বঢ়োৱাত ভূমিকা- কচুত থকা বিটা-কেৰটিন আৰু ক্ৰিপ্তোজেনথিনৰ বাবে চকুৰ কেটেৰেক্ট ৰোধ হয় আৰু দৃষ্টি শক্তিৰ উন্নতি ঘটে৷
• ছালৰ উন্নতি সাধন- ভিটামিন-এ আৰু ভিটামিন-ইৰ বাবে ছালৰ যি কোনো আচোঁৰ সোনকালে শুকায়, ছাল সোঁতোৰা পৰিব নিদিয়ে আৰু কমনীয়তা বঢ়ায়৷ বয়সৰ চাপ পৰিব নিদিয়ে৷
• মেদবহুলতা কমায়, ওজন হ্ৰাস কৰাত সহায়ক৷ কম কেলৰি আৰু বেচি ফাইবাৰৰ উপস্থিতিৰ বাবে এনে সম্ভৱ৷
• দেহৰ ভাগৰ, অৱসাদ কমায়৷ ভিটামিন আৰু খনিজৰ বাবে এয়া সম্ভৱপৰ৷
• মাংসপেশী আৰু স্নায়ুতন্ত্ৰ শক্তিৱন্ত কৰাত ভিটামিন-ই আৰু মেগনেচিয়ামে লাগতিয়াল ভূমিকা পালন কৰে৷ মাংসপেশীৰ সংকোচন (Cramp) ৰোধ কৰে৷
• পাক প্ৰণালীৰ উপকাৰিতা- ফাইবাৰৰ উপস্থিতিয়ে পাক প্ৰণালীৰ গতিশীলতা নিয়ন্ত্ৰণ কৰে৷ শৌচ খোলোচা কৰে আৰু আভোক আতৰায়৷
• ৰিউমেটইড আৰ্থাইটিচ জাতীয় বাত বিষত কচু অতি উপকাৰী কিয়নো ভিটামিন-বি৬ৰ বিষহাৰী ভূমিকা থাকে৷
• কচু হ’ল ৰক্ত পৰিশোধক আৰু ৰোগ প্ৰতিৰোধক গুণৰে পৰিপূৰ্ণ৷

সতৰ্কীকৰণ: – কচুৰ শাক, ডাল, শিপা সকলোতে কেলচিয়াম অক্সেলেট থাকে৷ কেঁচা অৱস্থাত সেয়ে ই বিষাক্ত৷ সেয়ে কচুৰ কোনো অংশই নিসিজোৱাকৈ খাব নালাগে৷ আনহাতে সিদ্ধ কৰিলে কচুৰ এই বিষাক্ত অৱগুণ নাইকীয়া হয়৷ কচু সৰু সৰুকৈ কাটি নিশাটো পানীত সম্পূৰ্ণকৈ ভিজাই থলেও কেলচিয়াম অক্সালেট আতৰ হয়৷
কচুৰ তীক্ষ্ণ স্বাদ কোনো লোকৰ বাবে এলাৰ্জিৰ কাৰক হব পাৰে, সেইলোকসকল কচু খোৱাৰ পৰা বিৰত থাকিব৷

**************************************************************************************************

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!