দালাই লামাৰ ‘দি ইউনিভাৰ্চ ইন এ চিংগল এটম, দি কনভাৰজেন্স অৱ চাইন্স এন্ড স্পিৰিচুৱেলিটি – অসীম শইকীয়া

দালাই লামাৰ ৰচিত গ্ৰন্থ “দি ইউনিভাৰ্চ ইন এ চিংগল এটম, দি কনভাৰজেন্স অৱ চাইন্স এন্ড স্পিৰিচুৱেলিটি (The Universe in a single atom-The convergence of science and Spirituality“

2006 চনত হাৰমনি পাব্লিচাৰ্ছ ৰে প্ৰকাশ কৰি উলিওৱা চৰ্তুদশ দালাই লামাৰ ৰছিত গ্ৰন্থ “The Universe in a single atom-The convergence of science and Spirituality“ প্ৰকাশ পায়৷ বিজ্ঞান আৰু আধ্যাত্মিকতাত আগ্ৰহী পাঠকৰ বাবে এক উপযোগী গ্ৰন্থ৷ গ্ৰন্হখনে আধুনিক পদাৰ্থ বিজ্ঞান আৰু আধ্যাত্মিকতাৰ মাধ্যমদি এক বিশেষ চিন্তা চৰ্চাৰ উমান লবলৈ সহায় কৰিব৷
গ্ৰন্থখনৰ বিষয় বস্তু হল পদাৰ্থ বিজ্ঞান বিকাশৰ লগত জড়িত ধ্যান ধাৰণাসমূহৰ বৈজ্ঞানিক ক্ৰমবিকাশ, লগতে আধ্যাত্মিক ক্ৰমবিকাশৰ লগত মানুহৰ চেতনাৰ লগত সমন্বয় সাধনৰ প্ৰক্ৰিয়া- যি প্ৰক্ৰিয়াত জড়িত হৈ থাকে বিভিন্ন জনৰ বিভিন্ন পৰিঘটনা সম্পৰ্কে আহৰণ কৰা তথ্য আৰু অনুমান নিৰ্দেশিত পৰীক্ষা নিৰীক্ষাৰ পৰা পোৱা তথ্য সমূহ৷
বৌদ্ধ বাদৰ শিক্ষা হল সকলো পৰিৱৰ্তনশীল আৰু অস্থায়ী৷ চেতনা নদীৰ দৰে প্ৰৱহমান, চিন্তা মনলৈ আহে আৰু গুচি যায়৷ বৌদ্ধবাদী সকলে বিশ্বাস কৰে বৌদ্ধ বাদৰ মূল ধাৰণাটো শূন্যতাবাদৰ৷ গ্ৰন্থ খন পঢ়িলে বুজিব পাৰি কোৱাণ্টাম মেকানিজিমৰ সূত্ৰ সমূহ বৌদ্ধবাদৰ দ্বাৰাও বুজিব পৰা যায়৷
বিজ্ঞানে কয় চেতনাৰ যি ধাৰণা সেয়া বিজ্ঞানসন্মত ভাৱে প্ৰতিষ্ঠা কৰিব পৰা যায়৷ কিন্তু দালাই লামাই এই প্ৰশ্ন বিজ্ঞানী সকলক সুধিব বিচাৰে- চেতনাক প্ৰত্যক্ষভাৱে প্ৰমাণ কৰিবলৈ কি উপায় আছে৷ বৌদ্ধ বাদী সকলৰ মতে মানুহৰ মন সকলোতকৈ ওপৰত৷ পদাৰ্থ বিজ্ঞানৰ double slit experiment ৰ মতেও সিদ্ধান্ত হল, consciousness creates the reality. বৌদ্ধ বাদী সকলে পদাৰ্থ, মন, আৰু মানসিক অৱস্থা, এই তিনিটাৰ সমন্বয় সাধন কৰি সত্যৰ কাষ চাপিব বিচাৰে৷

বৌদ্ধবাদী আৰু বিজ্ঞান দুয়োটা ধাৰাৰে মূল উদ্দেশ্য দুখৰ পৰা পৰিত্ৰাণ পোৱা৷ সেই বাবে ধৰ্মগুৰু গৰাকীয়ে ক্লনিঙৰ বিৰোধিতা নকৰে, যি আন ধৰ্মত অনৈতিক হিচাপে গৰিহণা দিছে৷ ধৰ্মগুৰুজনাই Human Genome project ৰ গুৰুত্বও স্বীকাৰ কৰিছে৷
গ্ৰন্থখনত ব্ৰহ্মাণ্ডত সৃষ্টি হোৱা বহুতো প্ৰশ্নৰ উত্তৰ পোৱা যায় যেনে কেনেকৈ সময়ৰ আৰম্ভ হৈছিল, মহাকাশ কিমান বিস্তৃত হ ইত্যাদি৷ এই প্ৰশ্ন বোৰৰ বাখ্যা বৈজ্ঞানিক আৰু আধ্যাত্মিক দৃষ্টিৰে সুন্দৰকৈ বাখ্যা কৰিছে৷ গ্ৰন্থখন দহ বিশবাৰমান ভালকৈ পঢ়াৰ পিছত সামৰি থব পাঠকে, চিন্তা কৰিবলৈ বাধ্য লব, আকৌ পঢ়িবলৈ আৰম্ভ কৰিব৷

দালাই লামাই৷ এই কথা স্বীকাৰ কৰে বিজ্ঞানৰ লগত বৌদ্ধবাদৰ সমন্বয় সাধন কৰিবৰ বাবে বৌদ্ধ শিক্ষা আৰু নীতিৰ কিছু সংশোধনৰ প্ৰয়োজন৷
এজন নাস্তিকৰ বাবে গ্ৰন্থখন অতি উত্তম আৰু মনোগ্ৰাহী৷ গ্ৰন্থ খনৰ যোগেদি গম পাম কেনেকৈ এজন ধৰ্মগুৰুৱে বিজ্ঞানক স্বীকাৰ কৰিছে, কেনেকৈ এজন বৌদ্ধ লামাই আধুনিক বিজ্ঞানৰ বিভিন্ন ধাৰণা আৰু সূত্ৰসমূহৰ মাজত সোমাই পৰিছে, কেনেকৈ উপলদ্ধি কৰিছে আধুনিক বিজ্ঞান আৰু আধ্যাত্মিক তাৰে সত্যৰ ওচৰ চাপিব পাৰি৷

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!