বিজ্ঞানসন্মত ছাগলী পালন আৰু স্বাৱলম্বন (-ভাস্কৰজ্যোতি দাস)


(ক) আগকথা:-

.
কৃষিপ্ৰধান ৰাজ্য অসমত বিগত তিনিটামান দশকত কৃষিকৰ্মৰ বাবে কৃষিভূমি কমি অহা, বতৰৰ পৰিৱৰ্তন তথা জীৱন ধাৰণৰ বাবে অহা সংকটপূৰ্ণ অৱস্থাৰ বাবে গ্ৰাম্য অৰ্থনীতিত কৃষিভিত্তিক বিকল্প ব্যৱসায় প্ৰাসংগিকতা বাঢ়িছে। পৰম্পৰাগতভাৱে পশুধন পালন অসমীয়াৰ অৰ্থসামাজিক জীৱনৰ লগত পূৰ্বৰেপৰা ওতপ্ৰোতভাৱে জড়িত হৈ আছে। উন্নত পদ্ধতিৰে তথা কম খৰছতে কৰা এনে পশুধন পালনেৰে অসমৰ এক বুজন সংখ্যক লোক ক্ৰমে উপকৃত হৈ আহিছে। চৰকাৰ প্ৰদত্ত বিভিন্ন আঁচনিৰ সহায়ত বা ব্যক্তিগত উদ্যোগতে পশুধন পালন কৰি সহজে স্বাৱলম্বী হ’ব পাৰি আৰু ইয়াৰ ভিতৰত দুখীয়াৰ গাইগৰু বুলি জনাজাত ছাগলীৰ পালন হ’ল এক লাভজনক ব্যৱসায় বুলি ক’ব পৰা যায়। অসমৰ জলবায়ু উষ্ন, সিক্ত হোৱাৰ লগতে ইয়াত যথেষ্ঠ পৰিমাণৰ বৰষুণ হোৱাৰ বাবে প্ৰচুৰ পৰিমাণে ঘাঁহ গজে। সেয়ে সকলোবোৰ দিশ চালিজাৰি চালে তৃণভোজী প্ৰাণীৰ ভিতৰত ছাগলী পালন এক সহজ, সুচল আৰু সফল ব্যৱসায় হ’ব পাৰে।
.
(খ) ছাগলী পালন; কিয় ?:-
.
ছাগলীৰ মাংস, গাখীৰ, ছামৰা তথা নোমৰ এখন প্ৰতক্ষ্য বা পৰোক্ষ বজাৰ থকাৰ লগতে ছাগলীৰ গোবৰ এবিধ উন্নত সাৰ। অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বহুমূখী উৎপাদনৰ বাবে ছাগলীপালন এক ভাল ব্যৱসায়। মুলত: তলত উল্লেখকৰা কাৰণসমুহকে সমল হিচাবে লৈ কোনো লোকে ছাগলীপালন কৰিবলৈ আগ্ৰহী হ’ব পাৰে-
(১) ছাগলী পালনৰ বাবে ঘৰ সহজতে সাজি উলিয়াব পাৰি তথা ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে ৰাখিবলৈ তুলনামুলকভাৱে বহু কম ঠাইৰ প্ৰয়োজন হয়।
(২) আন ঘৰচীয়া জন্তুতকৈ বহু কম খৰছত আৰু কম কষ্টত ছাগলীপালন কৰিব পাৰি।
(৩) ইয়াৰ শাৰিৰীক গঠন সৰু হোৱাৰ লগতে স্বভাৱত শান্ত হোৱাৰ বাবে পৰিয়ালৰ যিকোনো প্ৰাপ্তবয়স্ক লোকেই ছাগলীৰ প্ৰতিপালন কৰিব পাৰে।
(৪) ছাগলীৰ পাচন শক্তি প্ৰচুৰ হোৱাৰ বাবে ঘাঁহ নোপোৱা সময়ত ইহঁতে গছৰ পাত, সৰু সৰু ডাল, ফুল আদি খায়ো পুষ্টি লাভ কৰে।
(৫) ছাগলীৰ গাখীৰ সুষম খাদ্য হোৱাৰ লগতে ইয়াৰ মাংসৰ চাহিদাও যথেষ্ঠ বেছি।
(৬) অসমৰ সৰ্বপৰিৱৰ্তনশীল জলবায়ুৰ লগত ইহঁতে সহজে খাপ খাব পাৰে আৰু ইহঁতৰ বেমাৰ কম হোৱাৰ লগতে ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাও যথেষ্ঠ বেছি।
.
(গ) ছাগলী পালনৰ বাবে ঘৰ নিৰ্মান:-
.
ছাগলীয়ে মুকলি বতাহ আৰু শুকাই ঠাই দুয়োটাতে থাকি ভাল পায়। সেয়ে ছাগলীৰ ঘৰ নিৰ্মানৰ ক্ষেত্ৰত উপযুক্ত ঠাইৰ নিৰ্বাচন কৰাতো অতিকে প্ৰয়োজনীয়। এটা ছাগলীৰ বাবে ২ফুট X ৩ফুট এলেকা হিচাবত ঘৰটো সাজিব লাগে। অৱশ্যে ছাগলীৰ প্ৰজাতি তথা আকাৰক লৈ ইয়াৰ কিছু সালসলনি হ’ব পাৰে। ছাগলী ৰখা ঘৰটোৰ বেৰ বাঁহ বা কাঠ বা দুয়োবিধ সমলেৰে সাজিব পাৰি। মজিয়াখনো বাঁহ বা কাঠেৰে সাজিব পৰা যায়। সহজে বতাহ চলাচল কৰিবপৰা ঠাইতহে ছাগলীৰ ঘৰ সাজিব লাগে আৰু ঘৰটোতো বতাহ চলাচল কৰিবলৈ ব্যৱস্থা ৰাখিব লাগে। অসমত ঋতুভিত্তিত বৰষুণো যথেষ্ঠ পৰিমানে হোৱাৰ বাবে ছাগলীৰ বাবে চাংঘৰ সজাটোৱেই উত্তম।
চাংঘৰ নিৰ্মানৰ ক্ষেত্ৰত প্ৰথমে মন কৰিবলগীয়া হ’ল মজিয়াৰ উচ্চতা। চাংঘৰৰ মজিয়াৰ উচ্চতা মাটিৰপৰা কমেও চাৰে তিনিৰপৰা চাৰিফুট ওপৰত হ’ব লাগে যাতে ওপৰে তলে পৰিস্কাৰ কৰি ৰখাত কোনোধৰণৰ অসুবিধা নহয়। ছাগলীৰ ঘৰটোৰ উচ্চতা মজিয়াৰ পৰা কমেও ৫ ফুট হ’ব লাগে আৰু ঘৰটোৰ চালখন খেৰ বা খাপৰি এচবেষ্টাছৰ হ’ব লাগে যাতে বতৰৰ তাৰতম্য তথা উষ্নতাই ছাগলীবোৰক অসুবিধাত নেপেলায়। জাকটোৰ মতা-মাইকী, পোৱালীবোৰ একেটা ঘৰৰে দুটা কোঠাত ৰাখিব লাগে যদিও ৰুগ্ন ছাগলীবোৰ ৰাখিবলৈ পৃথকে চাংঘৰ সাজিব লাগে। ছাংঘৰটোৰ লগত সংলগ্ন কৰি এটুকুৰা মুকলি ঠাই বেৰা দি ৰাখিব লাগে যাতে আৱদ্ধ কৰি ৰখা অৱস্থাত ছাগলীবোৰে মুক্ত বতাহত বিচৰণ কৰিব পাৰে।
.
(ঘ) ছাগলী পালনৰ বাবে প্ৰজাতিৰ নিৰ্বাচন:-
.
ভাৰতত সৰ্বমুঠ ২০ৰ পৰা ২২ টা প্ৰজাতিৰ ছাগলীক ব্যৱসায়িকভিত্তিক পালন কৰা দেখা যায়। এইসমুহৰ ভিতৰত চাৰিটা প্ৰজাতিৰ ছাগলী পালনেৰে বিশেষভাৱে লাভৱান হ’ব পাৰি। এই চাৰিটা প্ৰজাতি হ’ল ক্ৰমে বিটাল (Beetal), যমনাপাৰী (Jamnapari), ওচমানাবাদী (Osmanabadi) আৰু বাৰবাৰী (Barbari)। এইসমুহৰ ভিতৰত অসমৰ পৰিৱেশত বিটাল, বাৰবাৰী আৰু যমনাপাৰী প্ৰজাতিৰ ছাগলীপালন বিশেষভাৱে লাভজনক।
.
বিটাল প্ৰজাতিৰ ছাগলীবোৰ মুলত: পঞ্জাৱ আৰু হাৰিয়ানা ৰাজ্যৰ। অসমৰ জলবায়ুত সহজে খাপ খোৱা এই প্ৰজাতিৰ ওজন এবছৰত ২০-২১ কেজীলৈকে হয় আৰু ইহঁতৰ গাখীৰ দিয়াৰ ক্ষমতা হৈছে দৈনিক গড়ে ৭০০ মি.লি.। একেদৰে উত্তৰ প্ৰদেশৰ বাৰবাৰী প্ৰজাতিৰ ছাগলীয়েও সম পৰিমানৰ গাখীৰ দিয়াৰ লগতে ইহঁতৰ ওজনো বিটালৰ দৰে প্ৰায় একে হয়। ইহঁতৰ বিপৰীতে যমনাপাৰী প্ৰজাতিৰ ছাগলীয়ে দৈনিক ডেৰ লিটাৰ পৰ্যন্ত গাখীৰ দিয়াৰ লগতে ইহঁতৰ ওজন এবছৰত প্ৰায় ৩০কেজি পৰ্যন্ত হয়। যমনাপাৰী ছাগলীয়ে বছৰি এটাকৈ পোৱালী দিয়ে। এইকেইটা প্ৰজাতিৰ ওপৰিও অসমৰ থলুৱা তথা বৰ্ণসংকৰ প্ৰজাতিৰ ছাগলীবোৰো অসমৰ পৰিৱেশৰ বাবে যথেষ্ঠ উপযোগী। অসমৰ থলুৱা প্ৰজাতিৰ ছাগলীবোৰৰ প্ৰজনন ক্ষমতা ৬ মাহৰ পৰা এবছৰৰ ভিতৰতে আহে। দুইৰ পৰা চাৰি-পাঁচটালৈকে পোৱালী দিয়া থলুৱা ছাগলীবোৰ ভালদৰে প্ৰতিপালন কৰিলে এবছৰত ওজন ১৫-১৬ কিলোগ্ৰাম পৰ্যন্ত হয়।
.
(ঙ) মাইকী আৰু মতা ছাগলীৰ বাছনি পদ্ধতি:-

.
নতুনকৈ ছাগলীপালন কৰা বা পুৰ্বৰে পৰা এই ব্যৱসায়ত জড়িত লোকসকলে ছাগলীৰ বাছনিৰ ওপৰত সঠিকভাৱে মনোযোগ দিয়াতো অতিকে প্ৰয়োজনীয়। মাইকী ছাগলীজনীৰ দৈহিক গঠন আকৰ্ষণীয় হোৱাৰ লগতে থিয় হৈ থাকোতে চাৰিওখন ঠেঙতেই সমানে ভৰ পৰা বিধৰ হ’ব লাগে। ইয়াৰোপৰি গাখীৰ উৎপাদনৰ বাবে পোহা ছাগলীৰ ক্ষেত্ৰত সমুখৰ ফালতকৈ পিছফালটো বেছি বহল আৰু ছাল কোমল হ’ব লাগে। এনে ছাগলীৰ ওঁহাৰ আৰু ইয়াৰ বাটবোৰ যথাস্থানত থকা প্ৰয়োজনীয়। কম বয়সত প্ৰথম প্ৰজনন ক্ষমতা পোৱা, প্ৰথম পোৱালী জন্ম দিয়া, এবাৰ পোৱালী দিয়াৰ পাছত আনটো পোৱালী হোৱালৈকে কম সময় লগা, অধিক পোৱালী জন্ম দিয়া, বেছি পৰিমাণে গাখীৰ দিয়া তথা কম বয়সতে ওজন বৃদ্ধি হোৱা ইত্যাদিবোৰ চাই-চিতি থলুৱা বা বৰ্ণসংকৰ প্ৰজাতিৰ মাইকী ছাগলি পালনৰ হেতু বিবেচনা কৰিব লাগে।
একেদৰে মতা ছাগলী নিৰ্বাচনৰ ক্ষেত্ৰত গাৰ গঠনৰ লগতে নিৰোগী হোৱাৰ প্ৰয়োজন। যিবোৰ মটা ছাগলী পৰৱৰ্তী সময়ত প্ৰজননৰ বাবে উপযুক্ত বুলি গণ্য কৰা নহয় সেইবোৰক খাহী (Castration) কৰিব লাগে। তেনে কৰিলে ছাগলীটোৰ ওজন সাধাৰণ অৱস্থাতকৈ বহু ভালদৰে বৃদ্ধি হয়। এক কথাত ক’বলৈ গ’লে মাংস আৰু গাখীৰৰ উৎপাদনৰ কথা আগত ৰাখি বিভিন্ন দিশেৰে সক্ষম মাইকী বা মতা ছাগলীক পালনৰ হেতু নিৰ্বাচন কৰিব লাগে।
.
(চ) ছাগলীৰ খাদ্য:-

.
ছাগলীৰ খাদ্যাভাসত ঘাঁহ, গছৰ পাত, ফুলৰ কলি, জোপোহা গছৰ ডাল-পাত, ফল ইত্যাদিসমুহ ভিন্নতা থকাৰ বাবে মাংস তথা গাখীৰ প্ৰস্তুত হঁওতে হোৱা খৰছ আন ঘৰচীয়া জন্তুতকৈ বহু পৰিমাণে কম। সাধাৰণতে ছাগলীয়ে চৰণীয়া পথাৰত চৰি অহাৰ পিছত আন বেলেগ খাদ্য দিয়াৰ কোনো প্ৰয়োজন নাই। কিন্তু, এতিয়ালৈ চৰণীয়া পথাৰ কমি অহাৰ লগতে বিভিন্ন প্ৰজাতিৰ ছাগলীৰ বাবে প্ৰয়োজনভেদে কিছু অতিৰিক্ত আহাৰ (দানা) দিব লাগে। কেঁচা ঘাহৰ লগতে এনেধৰণৰ আহাৰ দি ছাগলীৰ সু-স্বাস্থ্য নিশ্চিত কৰিব পৰা যায়। গাভিনী আৰু গাখীৰ দি থকা ছাগলীক বেছি পৰিমাণৰ প্ৰ’টিন আৰু খনিজ পদাৰ্থ থকা খাদ্যৰ প্ৰয়োজন। একেদৰে সদ্যজাত পোৱালীক দৈনিক ৪ৰ পৰা ৬ বাৰলৈকে ফেঁহু খুৱাব লাগে আৰু ডাঙৰ হৈ অহাৰ লগে লগে মাহজাতীয় খাদ্য খোৱাব লাগে। ঘৰতে ছাগলীৰ দানা সহজে প্ৰস্তুত কৰিব পাৰি। শতকৰা ৫০% ভঙা মাকৈ(Maize), ২৫% ভূচি (Rice polish), ১২% বাদামৰ খলিহৈ (GNC), ১১% চাপৰ(Wheat polish), ২% খনিজ পদাৰ্থ(Mineral mixure) আৰু ১% ক’লা নিমখ(Rock salt) মিহলাই সহজে ছাগলীৰ দানা প্ৰস্তুত কৰিব পৰা যায়। এই ধৰণেৰে প্ৰস্তুত দানাত মানুহে ব্যৱহাৰ নকৰা খাদ্যসামগ্ৰী মিহলাব পৰা যায়।
.
(ছ) ছাগলীৰ সাধাৰণ যতন:-
.
বেছি উৎপাদনক্ষম কৰিবলৈ মাইকী ছাগলীৰ কিছু যতন লোৱাৰ প্ৰয়োজন। মাইকী ছাগলীবোৰ সাধাৰণতে ৬ মাহৰ পৰা ১২ মাহৰ ভিতৰত প্ৰথমবাৰলৈ গৰম হয় আৰু প্ৰথমবাৰৰপৰা ১৮-২৪ দিনলৈকে ইয়াৰ পুণৰাবৃত্তি ঘটে যেতিয়ালৈকে গৰ্ভধাৰণ নহয়। সাধাৰণতে এজনী মাইকী ছাগলী ২-৩ দিন ধৰি গৰম হৈ থাকে আৰু এই সময়খিনিয়েই হ’ল প্ৰজনন কৰোৱাৰ সঠিক সময়। প্ৰজনন পৰৱৰ্তী সময়ত অৰ্থাত গাভিনী অৱস্থাত ইহঁতৰ খাদ্যৰ প্ৰতি সঠিকভাৱে মনোযোগ দিব লাগে আৰু সাধাৰণতকৈ শতকৰা ২০ ৰ পৰা ২৫ শতাংশ পৰ্যন্ত অতিৰিক্ত আহাৰৰ যোগান ধৰিব লাগে। গৰ্ভধাৰণৰ সময়খিনিত ইহঁতক আৰামৰ প্ৰয়োজন। সেয়ে ইহঁতক ৪ফুট X ৪ফুট ৰ পৃথক গৃহত ৰাখিব লাগে বা মুকলিকৈ ৰাখিলেও সিমান এটা এলেকা গাভিনী ছাগলীয়ে প্ৰতি পৃথকে দিব লাগে আৰু জাক পাতি থকা, সৰু ফাঁকেৰে সৰকি যোৱা ইত্যাদিবোৰৰ পৰা ইহঁৰক আঁতৰত ৰাখিব লাগে। মাটিত থকা সময়খিনিত বীজানুনাশক দ্ৰব্য ছটিওৱাৰ লগতে নিমপাত চিঙি চটিয়াই দিব লাগে। প্ৰায় পাঁচ মাহৰ পাছত ছাগলীয়ে পোৱালী দিয়ে যদিও প্ৰজাতিভেদে ১০ ৰ পৰা ২৫ দিন পৰ্যন্ত কম বা বেছি হ’ব পাৰে। গৰ্ভধাৰণৰ সময়চোৱাত ছাগলীজনীক প্ৰতি এঘন্টামানৰ বিৰতিত এবাৰকৈ নিৰীক্ষণ কৰিব লাগে। পোৱালী জন্ম হোৱাৰ পাছৰ আধাঘন্টাৰ পৰা ছাৰি ঘন্টাৰ ভিতৰত সাধাৰণতে ছাগলীজনীৰ ফুল/জল সৰে। তেনে নহ’লে ওচৰৰ পশু চিকিৎসকক অনতিপলমে খবৰ দিব লাগে।
জন্ম হোৱাৰ পাচতেই পোৱালিৰ নাকৰপৰা বিজলুৱা পদাৰ্থবোৰ গুচাই গাটো শুকানকৈ মচিব লাগে। যদি নাভি চিগি নাযায় তেনেহ’লে সেইডাল পোৱালীৰ গাৰপৰা ৪-৫ ছে.মি. দুৰত কাটিব লাগে আৰু কটা অংশত আয়’ডিন লগাই দিব লাগে। জন্ম হোৱাৰ আধাঘন্টাৰ পাছত পোৱালীক মাকৰ ফেঁহু খাবলৈ দিব লাগে। কেতিয়াবা ছাগলীজনীয়ে পোৱালীক গাখীৰ খাবলৈ নিদিয়ে। এনেকুৱাত নিপুল(Nipple) থকা বটলৰ যোগে আন ছাগলীৰ গাখীৰ বা সমতুল্য আহাৰ যোগান ধৰিব লাগে। পশু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী জন্মৰ এমাহৰ পাছত পেলুৰ দৰৱ খুওৱাটো অতি জৰুৰী।
.
(জ) ছাগলীৰ স্বাস্থ্যৰ যত্ন:-
.
সুষম খাদ্য আৰু স্বাস্থ্যসন্মত পৰিৱেশেই হ’ল ছাগলীৰক বেমাৰৰ পৰা আঁতৰত ৰখাৰ সহজ উপায়। অসমৰ পৰিৱেশত সাধাৰণতে ছাগলীৰ দুটা বেমাৰেই হোৱা দেখা যায়। তাৰে এটা হৈছে ছালপোক আৰু আনটো হ’ল-পেলু। ছাগলীক প্ৰচুৰ পৰিমাণে ঘাঁহ, ভিটামিন “এ” আৰু খনিজ পদাৰ্থ খুৱালে ছালপোক হোৱাৰ সম্ভাৱণীয়তা নাইকীয়া হয়। ইয়াৰোপৰো মেলাথিয়ন ২% পানীত মিহলাই বা চোমিথিয়ন ৬% পানীত মিহলাই সময়ে সময়ে গা ধুৱালে ছাগলীবোৰ ছালপোকৰপৰা হাত সাৰে। পেলুৰ ক্ষেত্ৰত ছাগলীক জন্মৰ এমাহৰপৰা চিকিৎসকৰ পৰামৰ্শ অনুসৰি পেলুদৰৱ খুৱাব লাগে। ইয়াৰোপৰি কলাইবেচিলোচিচ আৰু এন্টাৰোটক্সিমিয়াৰ দৰে ৰোগৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কলাইকেচিলোচিচ নহ’বৰ বাবে ছাগলীৰ পোৱালীক জন্মৰ আধা ঘন্টাৰ পাচতে ফেঁহু খুৱাব লাগে।
.
(ঝ) ছাগলী পালনৰ ক্ষেত্ৰত মন কৰিবলগীয়া তথা কৰণীয় ১০টা কাম:-
.
১/ ছাগলীৰ জাকটোৰ বাবে উন্নত জাতৰ ঘাঁহ তথা গছপুলি লগাব লাগে।
২/ ভাল ওজনৰ মতা পোৱালীবোৰ আৰু কম বয়সতে প্ৰজনন ক্ষমতা পোৱা আৰু বেছি পোৱালী দিয়া মাইকী ছাগলীবোৰ বংশধৰ হিচাবে ৰাখিব লাগে।
৩/ নতুনকৈ পালন কৰিবলৈ অনা চাগলীৰ উহাৰ কোমল আৰু লেতুসেতু হ’ব লাগে।
৪/ ছাগলীপালকে নিজৰ ক্ষমতা অনুযায়ী ছাগলীৰ জাকটো সীমিত কৰিব লাগে।
৫/ ছাগলীৰ জাকটোৰ পৰিপুষ্টিৰ প্ৰতি চকু দিব লাগে। দানাত ক’লানিমখৰ প্ৰয়োগে ছাগলীটো নিৰোগী কৰাৰ লগতে ইহঁতৰ ভোকও বঢ়াই।
৬/ ছাগলীৰ জাকটোক সকলো সময়তে উপলব্ধ হোৱাকৈ বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিব লাগে।
৭/ জাকটোৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি চকু দিব লাগে তথা প্ৰাথমিক চিকিৎসাৰ বাবে কিছুমান সজুলি তথা মৌলিক দৰৱ নিজৰ হাতত ৰাখিব লাগে।
৮/ যিকোনো ছাগলী ৭ বছৰতকৈ বেছিদিন প্ৰতিপাল কৰিব নালাগে কিয়নো এই বয়সৰ পাছত ইহঁতৰ উৎপাদনক্ষমতা কমে।
৯/ ছাগলীৰ বাবে সৰুকৈ হ’লেও চৰণীয়া পথাৰৰ ব্যৱস্থা কৰিব লাগে।
১০/ যিকোনো ধৰণৰ অসুখ বিসুখৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
.
(ঞ) ছাগলী পালনৰ লাভালাভ:-
.
ছাগলী পালন কৰি কম দিনতে লাভ পাব পৰা যায়। চাৰিজনী মাইকী ছাগলী আৰু এটা মতা ছাগলীপালনেৰে আৰম্ভ কৰা ব্যৱসায়ে প্ৰথম বছৰটোত মুলধন ঘুৰাই দিয়াৰ লগতে প্ৰতিবছৰে বৰ্ধিত সংখ্যাৰ ওপৰত ভিত্তি কৰি ডেৰ লাখ টকাৰ পৰা ছয় লাখ টকা পৰ্যন্ত আয় দিব পাৰে।
.
বৰ্তমান সময়ত চৰকাৰী বা বেচৰকাৰী চাকৰিৰ বিপৰীতে শিক্ষিতৰ সংখ্যা বহুগুণে বাঢ়িছে। এই সময়খিনিত এটা চাকৰিৰ বাবে হাবাথুৰি খাই বহু যুৱপ্ৰজন্ম বিপথে পৰিচালিত হোৱাও দেখা গৈছে। অসম মুলত: এখন কৃষিপ্ৰধান দেশ আৰু গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল হ’বলৈ বিকল্প চিন্তাৰ সময় সমাগত। চৰকাৰেও ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা/ প্ৰধানমন্ত্ৰীৰ নিয়োগ নিশ্চিত আঁচনি ইত্যাদিসমূহৰ মাধ্যমেৰে বিভিন্ন বিভাগৰ যোগেদি স্বাবলম্বনৰ বাবে বহু আঁচনি গ্ৰহণ কৰি আহিছে। এইসমূহ সুবিধা গ্ৰহণ কৰি ছাগলীপালনেৰে আজিৰ প্ৰজন্মই নিজৰ লগতে দেশৰ অৰ্থনীতিলৈ স্বাৱলম্বিতাৰ যোগাত্মক বাৰ্তা কঢ়িয়াই আনিব পাৰে।

প্ৰসংগ আৰু কৃতজ্ঞতা:-
১/ Economic Zoology (Dr. D.S. Shukla)
২/ বিজ্ঞানসন্মত ছাগলীপালন (পশুপালন আৰু পশুচিকিৎসা বিভাগ, অসম)
৩/ ড০ ললিত কলিতা, জিলা পশুপালন আৰু পশুচিকিৎসা বিষয়া, শিৱসাগৰ।
৪/ ইন্টাৰনেট তথা আন মাধ্যমত উপলব্ধ কিছু তথ্য

ভাস্কৰজ্যোতি দাস,
শিৱসাগৰ,
০৪ জুন’২০১৪।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!