বন্ধু, কবিতা কবিতা গোন্ধাইছা: লিখন নীল কোঁৱৰ

বন্ধু,
কি আঁতৰ ঘঁহিছা-আজি আকৌ কবিতা কবিতা গোন্ধাইছা!
উটি ফুৰিছা মোৰ তেজৰ ঢৌত সপোনৰ মাছ –
সাৱটি ধৰি আছা মোৰ শেলুৱৈ ছাঁ।
বন্ধু,
সময় উলিয়াই আহিবা-লগত আনিবা তোমাৰ এমুঠি কবিতা
শব্দৰে সাজিম আমি জীৱন
বৰ্ণৰ সুতাৰে ফটা কলিজাটো চিলাই
বৰষুণ বিচাৰি যাম।
বন্ধু,
কি ৰং সানিছা-ৰঙা, নীলা নে সেউজীয়া! যদি
তোমাৰ ৰং সেউজীয়া-কোৱাচোন , কোকৰাঝাৰ আজি কিয় ৰঙা?
সেইবাবেই আকাশখন নীলা ! নিহত মানৱীয়তা !
বন্ধু,
সৌৱা উৰিছে ধোঁৱা-জ্বলিছে তোমাৰ স্পৰ্শকাতৰ হিয়া।
সেয়ে, আজি আকৌ কবিতা কবিতা গোন্ধাইছা-হয়তো এজাক বৰষুণ দিব! তিতা পথাৰত গঁজালি মেলিব শইচ বুকুভৰা-
ভালপোৱা, মানুহক ভালপোৱা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!