কম্পিউটাৰ এটা কিনাৰ আগতে (আফতাৰ হোছেইন চৌধুৰী)

কম্পিউটাৰ এটা কিনাৰ আগতে

আফতাৰ হোছেইন চৌধুৰী


কম্পিউটাৰ কিনিব নেকি ? ৰৱ, কম্পিউটাৰ এটা কিনাৰ আগতে আজিকালিৰ এই লাগতিয়াল অত্যাধুনিক সঁজুলি বিধৰ বিষয়ে অলপ জানি লওঁক ৷ মুলতে গণনাৰ কাৰণে আৱিষ্কাৰ হোৱা এইবিধ সঁজুলি এতিয়া আৰু সেই গণনাৰ কামতে আৱদ্ধ হৈ থকা নাই৷ দৈনন্দিন জীৱনৰ এনেকুৱা এটা অংশ নাই য’ত কম্পিউটাৰৰ প্ৰভাৱ নাই৷ কম্পিউটাৰ বুলি কলে ডেক্সটপ আৰু লেপটপ দুয়োধৰণৰ কম্পিউটাৰ সঁজুলিকে বুজায় ৷ কম্পিউটাৰ এটা কিনাৰ আগতে জানিবলগীয়া কথাখিনি চমুকৈ হ’ল এনে ধৰণৰ :-

 

প্ৰথমে সিদ্ধান্ত লওঁক লেপটপ কিনিব নে ডেক্সটপ কিনিব ৷ দামৰ পাৰ্থক্য থকাৰ উপৰিও দুয়োটাৰে বেলেগ বেলেগ সুবিধা আছে ৷ যদি আপুনি একেৰাহে দীঘলীয়া সময়ৰ বাবে আৰু ডাঙৰ চফ্টৱেৰত (যেনে ডিজাইনিং চফ্টৱেৰ) কাম কৰিব বিচাৰে আৰু বিদ্যুৎৰ যোগান ভাল তেন্তে ডেক্সটপ কিনক৷ নহ’লে লেপটপ কিনাই ভাল, য’তে-ত’তে লৈ যোৱাৰ সুবিধাৰ ওপৰিও লেপটপত থকা বেটাৰিয়ে বিদ্যুৎ নথকা সময়ত কাম চলাই যাব৷ এতিয়া আহোঁ কম্পিউটাৰ কিনাৰ আগতে কি কি কাৰিকৰী কথা জানিলে আপোনাৰ পৰিশ্ৰমৰ টকা অথলে নাযায়৷ তিনিটা বস্তু ভালদৰে চাই ল’ব-

 

(ক) প্ৰচেছৰ (CPU : Central Proccessing Unit ) :  প্ৰচেছৰ হ’ল কম্পিউটাৰৰ মগজু৷ আমাৰ মগজুয়ে যি দুটা প্ৰাথমিক কাম কৰে- গণনা আৰু তথ্য সঞ্চয় কৰা, তাৰে গণনাৰ (দেখাত যদিও কম্পিউটাৰে বিভিন্ন ধৰণৰ কাম কৰে, কিন্তু মুলতঃ কম্পিউটাৰে 0 আৰু 1 ৰ গণনা কৰে) কামখিনি RAM ৰ সহায়ত কৰি হাৰ্ড ডিস্কত সঞ্চয় কৰে৷ প্ৰচেছৰৰ ক্ষমতা যিমানে বেছি হ’ব আপুনি ডাঙৰ কাম সিমান দ্ৰুতগতিত কৰিব পাৰে৷ বজাৰত বৰ্তমানে উপলব্ধ প্ৰচেছৰ সমুহ হ’ল এনেধৰণৰ- Intel Core i7, Intel Core i5, Intel Core i3, Intel Core 2 Duo, Intel Pentium Dual Core, Intel Celeron etc. (AMD ৰো কিছুমান প্ৰচেছৰ আছে কিন্তু সাধাৰণ ব্যৱহাৰকাৰীৰ মাজত সিমান জনেপ্ৰিয় নহয়) ইয়াৰ আগতে পুৰণা কম ক্ষমতাৰ প্ৰচেছৰৰ কথা নিলিখিলো৷ ইয়াৰে Intel Core i7 একেবাৰে শেহতীয়া আৰু ইয়াৰ গতি বেছি লগতে এই প্ৰচেছৰ থকা কম্পিউটাৰৰ দামও বেছি৷ কমদামী, কম ক্ষমতাৰ হ’ল Intel Celeron প্ৰচেছৰ৷ প্ৰচেছৰৰ গতি GHz (Giga Hertz) ত জোখা হয় যেনে ২.0 GHz, ২.৫ GHz ইত্যাদি৷

 

(খ) RAM (Random Access Memory): ৰেম হ’ল কম্পিউটাৰৰ ক্ষণস্থায়ী স্মৃতি ৷ যিমান সময় বিদ্যুৎ সংযোগ থাকে সিমান সময়লৈ ৰেমত তথ্য জমা থাকে৷ আগতেই উল্লেখ কৰামতে প্ৰচেছৰে ৰেমৰ সহায়ত যাৱতীয় কাম কৰে৷ প্ৰচেছৰে অস্থায়ী ভাৱে তথ্য ৰেমত জমা কৰি ৰাখে আৰু দৰকাৰ অনুযায়ী সেয়া ব্যৱহাৰ কৰে৷ সেয়ে ৰেম যিমানে বেছি হ’ব কম্পিউটাৰৰ গতি সিমানে বেছি হ’ব৷ ৰেমৰ ক্ষেত্ৰত দুটা কথা বিবেচনা কৰিব লাগে- অস্থায়ীভাৱে তথ্য জমা ৰাখিব পৰা ক্ষমতা আৰু ৰেমৰ গতি৷ ৰেমৰ ক্ষমতা Megabyte (MB) বা বেছি ক্ষমতাৰ হ’লে Gigabyte (GB) ত জোখা হয়৷ যেনে ৫১২ MB, ১GB, ২GB ইত্যাদি৷ বজাৰত উপলব্ধ এটা ৰেমৰ টুকুৰাৰ ক্ষমতা বৰ্তমান সৰ্বোচ্চ ৪GB. লেপটপ বিলাকত সাধাৰণতে ২GB, ৪GB বা ৮GB ৰেম থাকে৷ ডেক্সটপৰ মেইন বৰ্ডে (Motherboard) যদি সমৰ্থন কৰে তেন্তে অতি সহজে ৰেম বঢ়াব পাৰি৷ ৰেমৰ ক্ষেত্ৰত আন এটা কথা মন কৰিব লাগে, সেয়া হ’ল ৰেমৰ গতি | ৰেমৰ গতি Mega Hertz ত হিচাপ কৰা হয়, যেনে ৫৩৩ MHz, ৬৬৭ MHz, ১৩৩৩ MHz ইত্যাদি ৷ নতুন ৰেম হ’লে ক্ষমতাৰ লগতে গতিও বেছি হয় ৷ ৰেমৰ গতি যিমানে বেছি হব প্ৰচেছৰে সিমান বেছি গতিৰে ৰেমত তথ্য সঞ্চয় আৰু ব্যৱহাৰ কৰিব পাৰিব৷

 

(গ) হাৰ্ড-ডিক্স (Hard Disk Drive): হাৰ্ড-ডিক্স হ’ল কম্পিউটাৰত স্থায়ী তথ্য সঞ্চয় কৰাৰ ঠাই৷ প্ৰচেছৰে ৰেমৰ সহায়ত যি কাম কৰে সেয়া সংৰক্ষণ (Save)ত ক্লিক কৰিলে হাৰ্ড-ডিক্সত জমা হয়৷ লগতে কম্পিউটাৰ চলিবলৈ যি অপাৰেটিং চিষ্টেমৰ দৰকাৰ হয় সেয়াও হাৰ্ড ডিক্সতে থাকে৷ হাৰ্ড-ডিক্সে যিহেতু তথ্য জমা ৰাখিব সেয়ে ইয়াৰ তথ্য জমা ৰখাৰ ক্ষমতা কিমান হ’ব সেয়া আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব৷ হাৰ্ড-ডিক্সৰ ক্ষমতা Gigabyte (GB) ত জোখা হয়৷ সাধাৰণতে বজাৰত ২৫০ GB, ৩২০ GB, ৫০০ GB, ১TB (Terabyte), ২ TB ক্ষমতাৰ হাৰ্ড-ডিক্স পোৱা যায়৷ ৰেমৰ নিচিনা হাৰ্ড-ডিক্সৰো ক্ষমতা আৰু গতিৰ কথা বিবেচনা কৰিব লাগে৷ হাৰ্ড-ডিক্সৰ গতি RPM (Round Per Minute) ত জোখা হয়৷ যেনে ৫৪০০ RPM, ৭২০০ RPM, ১০,০০০ RPM ইত্যাদি৷ হাৰ্ড-ডিক্সৰ গতি যিমানে বেছি হ’ব প্ৰচেছৰে সিমানে বেছি গতিত হাৰ্ড ডিক্সত তথ্য জমা আৰু পুনৰ ব্যৱহাৰ কৰিব পাৰিব৷

 

ওপৰত উল্লেখ কৰা তিনিটা প্ৰধান অংগৰ ওপৰিও মেইন বোৰ্ডৰ ওপৰতো কম্পিউটাৰৰ গতি নিৰ্ভৰ কৰে৷ যদি সকলো মিলি যায় তেন্তে আপোনাৰ কম্পিউটাৰৰ পৰা সৰ্বোচ্চ সুবিধা ল’ব পাৰিব৷ লেপটপবিলাক আৰু কিছুমান ডেক্সটপ নিৰ্মাণকাৰী কোম্পনিবিলাকে প্ৰচেছৰ, ৰেম, হাৰ্ড-ডিক্স ইত্যাদি নিজে এটা কম্পিউটাৰত লগাই ৰাখে, আপুনি সেয়া সালসলনি কৰিব নোৱাৰিব৷ কিন্তু যিবিলাক মডেলত আপোনাৰ চাহিদা পুৰণ কৰিব পৰাকৈ বস্তুবিলাক লগোৱা আছে সেয়া কিনিব পাৰে৷ ডেক্সটপ যদি কিনে আপুনি অৰ্ডাৰ দিয়ামতে বনাই দিব কিন্তু তাতো কিছুমান সীমাবদ্ধতা আছে৷ যেনে Intel Celeron Processor এটাৰ লগত ২TB হাৰ্ড ডিক্স আৰু ৮ GB ৰেম লগালে প্ৰচেছৰে সেয়া বহন কৰিব নোৱাৰিব৷ ডেক্সটপ কিনিলে মনিটৰ কিনাত সাৱধানতা অৱলম্বন কৰিব৷ আগতে আছিল CRT (Cathode Ray Tube) মনিটৰ, পিছত আহিল LCD (Liquid Crystal Display) আৰু এতিয়া আহিল LED (Light Emitting Diode) মনিটৰ৷ CRT মনিটৰে বিদ্যুৎ বেছি ব্যৱহাৰ কৰাৰ ওপৰিও বিকিৰণ কৰা ৰশ্মিয়ে চকুৰ ক্ষতি কৰে, LCD মনিটৰে বিকিৰণ কম কৰে আৰু বিদ্যুৎ কম খৰছ কৰে৷ LED মনিটৰ সকলোতকৈ বেছি নিৰাপদ আৰু আনবোৰৰ তুলনাত বিদ্যুৎ খৰছ কমকৈ কৰে৷

মন কৰিবলগীয়াঃ

প্ৰচেছৰৰ তথ্য জমাৰ ক্ষমতাৰ এককসমুহঃ-

· ১ Bit = Binary Digit

· ৮ Bits = ১ Byte

· ১০২৪ Bytes= ১ Kilobyte

· ১০২৪ Kilobytes = ১ Megabyte

· ১০২৪ Megabytes = ১ Gigabyte

· ১০২৪ Gigabytes = ১ Terabyte

হাৰ্ড দিক্সৰ তথ্য জমা ৰখাৰ এককসমুহঃ

· ১ Bit = Binary Digit

· ৮ Bits = ১ Byte

· ১০০০ Bytes = ১ Kilobyte

· ১০০০ Kilobytes = ১ Megabyte

· ১০০০ Megabytes = ১ Gigabyte

· ১০০০ Gigabytes = ১ Terabyte

কম্পিউটাৰৰ বিষয়ে এয়া এক থুলমূল আলোচনা, নিজৰ সীমিত কাৰিকৰী জ্ঞানেৰে লিখিব চেষ্টা কৰিছো৷ কিমানদুৰ শুদ্ধ হৈছে নাজানো ৷ কম্পিউটাৰ বিশেষজ্ঞসকলে ভুলখিনি আঙুলিয়াই দিলে কৃতজ্ঞ হম৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!