হাজাৰ টকাৰ এটা সৰু কাহিনী (সাৰদা শ্ৰেষ্ঠ)

“এই হিতেশ…হাজাৰ টকাটোৰে কি কৰিলি?” ৰাজীৱৰ প্ৰশ্নত হিতেশ আচৰিত হ’ল,  ক’লে – “হাজাৰ টকাৰে কি কৰিলি মানে ?” “পাহৰিলি ? তই যে মোৰ পৰা হাজাৰ টকা এটা লৈ গৈছিলি” – ৰাজীৱে হিতেশক হাজাৰ টকীয়াৰ কথা সুঁৱৰাই দিবলৈ যত্ন কৰিলে । “ঐ… ঐ……কথা নকবি ! মই তোৰ পৰা লৈ যোৱা নাছিলোঁ , তোৰ পৰা সাতশ টকা দি কিনি লৈছিলোঁ  তোৰ নকলি হাজাৰ টকাটো । হুহ্…….তোৰ টকা ! কথা চেলাবলৈ আহিছ….”- হিতেশৰ মূৰটো গৰম হৈ আহিল । হিতেশৰ পোন্ধৰ দিনমানৰ আগৰ কথা মনত  পৰিল । কাৰ্য্যালয়ত চাহখোৱা মেলত ৰাজীৱে কৈছিল তাৰ হাজাৰ টকাৰ কাহিনী । সি  দেৱালীৰ কিছুদিন আগতে আটাচবাজী-আলোকসজ্জাৰ খৰচৰ বাবে এ.টি.মৰ পৰা টকা অলপ  উলিয়াইছিল । তাতেই টকাবোৰৰ মাজত হাজাৰ টকীয়া এটা নকল আহিল । টকাটো সি তাৰ লগৰ কেইটাক দেখুৱাইছিল । সকলোৰে মাজত কিছুসময় সৰস আলোচনা চলিল নকল টকাক লৈ । হিতেশে তাক টকাটো খুজিছিল যদিও ৰাজীৱে তাক টকাটো দিবলৈ অস্বীকাৰ কৰিছিল । অৱশেষত হিতেশে সাতশ টকা দি তাৰ পৰা নকল হাজাৰ টকাটো কিনি লৈছিল । নকল টকা  ক’ত কেনেকৈ চলাব লাগে সি জানে ! ৰাজীৱে তাৰ মৌনতা ভাঙি পুনৰ সুধিলে – “তই একো নামাতিলি যে ! ক না কাৰ মূৰত কঁঠাল ভাঙিলি” – ৰাজীৱ প্ৰায় অধৈৰ্য্য হৈ পৰিল তাৰ পৰা হাজাৰ টকীয়াৰ ৰসাল কাহিনী শুনিবলৈ । হিতেশে তাৰ মৌনতা ভাঙি ক’লে – “ইন্টেৰেষ্টিং বুজিছ’ । দেৱালীৰ দিনা মই ঝাণ্ডি-মুণ্ডিত সোমালোঁ নকলী হাজাৰ টকাটো লৈ…ভাগ্যক ধিয়াই……. ।” তাৰ কথা শেষ নৌহওঁতেই ৰাজীৱে  টপৰাই মাত দিলে – “তই হাৰিলি নে জিকিলি ?” “আৰে বাবা……কৈ আছোঁ,  কৈ আছোঁ, ….কৈ আছোঁ । প্ৰথমদিনা জিকিলো তিনি হাজাৰ ছয়শ টকা । বিৰাট স্ফূৰ্তি  লাগিল । পিছদিনা নেখেলোঁ বুলিয়েই ঠিক কৰি লৈছিলোঁ । পিছে মনটোৱে নামানিলে । কিজানি আৰু জিকোঁৱেই ! সেই বুলি সিদিনাও গ’লো বেলেগ এঠাইত খেলিবলৈ ….ভেৰী  বেড্‌ লাক ভাই । মই সিদিনা নোযোৱা হ’লেই ভাল আছিল । সিদিনা গাধ হাৰা দিলোঁ । জিকাখিনিটো হাৰিলোঁৱেই মোৰ নিজৰ পৰা আৰু পাঁচশমান টকা হাৰিলোঁ” – দুখমনেৰে হিতেশে তাৰ হাজাৰ টকীয়া কাহিনী শেষ কৰিলে । তাৰ কথা শুনি ৰাজীৱৰো বেয়া লাগিল । ধেৎ,  হিতেশে পিছদিনা খেলিবলৈ নোযোৱা হ’লেই ভাল আছিল ! সি নিজেই অতিৰিক্ত পাঁচশ টকা হেৰুৱালে । সি উষ্মা মিহলি কণ্ঠেৰে ক’লে – “তইতো নিজে হাৰিলিয়েই…লগতে মোৰ টকা তিনিশও পানীত পেলালি ! কি দৰ্কাৰ আছিল আকৌ পিছদিনাও জুৱা খেলিবলৈ যাবলৈ । কাম বিচাৰি পোৱা নাছিলি হা ?” তাৰ কথা শুনি হিতেশ দস্তুৰমত আচৰিত হ’ল । “এই….এই…তই কি কলি ?  তোৰ তিনিশ টকা মই পানীত পেলালো ! কি আবোল তাবোল বকিবলৈ লৈছ ?  তোৰ মূৰটো ঠিকেই আছে নে ?  মোৰ মূৰটো নাখাবি আৰু…….বুজিলি ?” –হিতেশৰ মূৰটো আকৌ গৰম হৈ আহিল । তাৰ খং  দেখি ৰাজীৱে লাহেকৈ হাঁহিলে আৰু তাক বুজালে – “চা ভাই খং নকৰিবি । মই আচলতে  তোক বুজাব খুজিছিলোঁ যে…তই পিছদিনা খেলিবলৈ নগ’লে তই তিনি হাজাৰ ছয়শ টকা  লাভত থাকিলিহেঁতেন । হয়নে নহয় ?”  হিতেশে তাৰ কথা শুনি লাহেকৈ মূৰ দুপিয়ালে  আৰু ক’লে – “ঠিক,  কিন্তু তোৰ তিনিশ টকা মই কেনেকৈ পানীত পেলালো !! যা তা  কথাবোৰ কিয় বকি থাক’ ?” দুষ্টামি ভৰা একোমোৰা হাঁহি লৈ সি ক’লে – “আৰে ….ভাই,  তই কথাবোৰ একদম বুজি নাপাব ! তই ইমান টকা লাভত থকা হ’লে মোক তোৰ বন্ধু বুলি ভাবি মোৰ বাকী তিনিশ টকাও মোক নিদিলিহেঁতেন জানো ! মানে মোৰ  নকলী হাজাৰ টকাৰ বিনিময়ত মই সাতশ টকাহে পাইছিলোঁ,  বাকী তিনিশ টকাও  পালোহেঁতেন দেছোন তই ইমান টকা জিকা হ’লে !” ৰাজীৱৰ কথা শুনি হাঁহিবই নে  কান্দিব হিতেশে ভাবি নাপালে,  ক’লে – “ৱাহ ৰে দোস্ত ! মই পাঁচশ টকা হাৰিলোঁ  তাত একো নাই …..তাৰ নকলী তিনিশ টকা মইহে পানীত পেলালোঁ ! তোৰ তিনিশ টকাৰ কাৰণে ঘড়িয়ালৰ চকুপানী টুকিছ ? ৱাহ ৰে দুনীয়া ! দোস্ত হো তো এইচা !!”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!