কলমৌ শাকৰ বিষয়ে জানিবলগীয়া নানানটা কথা (ডা০ ভূপেন শইকীয়া)

আজি সকলো অসমীয়াৰ পৰিচিত এবিধ বনৌষধি শাকৰ বিষয়ে লিখিবলৈ লৈছোঁ৷ শাকবিধৰ নাম হ’ল- কলমৌ৷ ড০ ভূপেন হাজৰিকাই আইতাকে ৰান্ধি খুওৱা কলমৌ শাকলৈ মনত পেলাই লিখিছিল –“কলমৌ খাওতে বুঢ়া হনুমন্তে, নগৰী কৰিলে ছন ঐ গোবিন্দাই ৰাম৷ ” অতি সুলভ আৰু খাবলৈ স্বাদিষ্ট কলমৌ শাকৰ গুণাৱলীৰ বিষয়ে জানিবলগীয়া বহুতো কথা আছে৷

ইয়াৰ ব’টানিকেল নাম হ’ল- Ipomoea aquatica৷ ইংৰাজীত Water amaranths, Water spinach, Water convolvulus, River spinach, Bindweed, Blue morning glory, Japanese morning glory, White-edge morning glory, Chinese spinach, Swamp cabbage, Ipomoea আদি নামেৰে পৰিচিত৷ আন আন ভাষাত কলমৌক এইদৰে জনা যায়: কলমা চাগ (ওৰিয়াত), নীলকলমী, কালাদানা আৰু কলমি সাগ (হিন্দীত), কালাদানা আৰু কলমি শাক (বাংলাত), ক’ল্লিম বে’জা (কানাড়া), থালিয়াৰি (মলয়ালম), নীলপুষ্পী আৰু কালাদানা (মাৰাঠীত), থুটি কোৰা আৰু কোটিকক্কাটান (তেলেগুত), কৃষ্ণবীজ আৰু কলঞ্জনী (সংস্কৃতত), ফাক্ ই নাম (টাই ভাষাত), Blaue Prunkwinde (জাৰ্মান ভাষাত), corda-de-viola (পৰ্টুগীজ ভাষাত), flor de leche (স্পেনিচ ভাষাত), Kejsarvinda (স্বিডিছ ভাষাত), হায়’য়ো (ঘানাত), ডেগুব্লাড (দক্ষিণ আমেৰিকাত), কাংকুং (ভিয়েটনাম আৰু ইণ্ডোনেচিয়াত)৷

কলমৌ শাকৰ বসতি ঘাইকৈ এচিয়া মহাদেশৰ গ্ৰীষ্ম প্ৰধান অঞ্চলত৷ কলমৌ হ’ল বিল, পুখুৰী, দ পথাৰৰ পানীত জন্মা উদ্ভিদ৷ কিন্তু কেতিয়াবা যি কোনো জেকা মাটিতো হোৱা দেখা যায়৷ সাধাৰণতে বাৰিষা কালত এইবিধ শাক দেখিবলৈ পোৱা যায়৷ এজোপা গছ ৭ৰ পৰা ১০ফুট দীঘল হয়৷ গছৰ মূল গাটো ফোঁপোলা সেয়ে পানীত ওপঙিব পাৰে৷ গা গছৰ গাঁঠিৰ পৰা শিপা আৰু পোখা ওলায়৷ কলমৌৰ পাতৰ বৰণ পাতল বা মজলীয়া সেউজীয়া আৰু গা গছৰ বৰণ বেঙুনীয়া বা গাঢ় সেউজীয়া৷ লতাৰ দৰে বগোৱা ইয়াৰ এজোপা গছৰ আয়ুস এবছৰ বা ততোধিককাল৷ চুঙাৰ দৰে আকৃতিৰ ইয়াৰ ফুলৰ বৰণ নীলা, বগা বা পাতল বেঙুনীয়া৷ কলমৌৰ গুটিবিলাক ৪৷ ৫ মিলিমিটাৰ দীঘল কলা বা মুগাবৰণৰ হয়৷ কলমৌ শাকৰ ৫০০বিধ প্ৰজাতি আছে বুলি জনা যায়৷ প্ৰজাতিভেদে গছৰ পাতৰ আৰু ফুলৰ ৰং আৰু গঠনৰ কিছু তাৰতম্য দেখা যায়৷

কেলিফৰ্ণিয়া, হাৱাই, ফ্লৰিডাকে ধৰি আমেৰিকাৰ বিভিন্ন অঞ্চলত অপতৃণৰূপে কলমৌ গজি উঠা দেখা যায়৷ কিন্তু কৃষি বিজ্ঞানীসকলে মত পোষণ কৰে যে কলমৌৰ সঁচ বহু দশক আগতে এচিয়াৰ পৰা পৰিব্ৰজন কৰা লোকে কঢ়িয়াই লৈ গৈছিল৷ ভাৰতবৰ্ষৰ উপৰিও নেপাল, বাংলাদেশ, শ্ৰীলংকা, চীন, লাওচ, বাৰ্মা, কম্বোডিয়া, থাইলেণ্ড, মালেয়চিয়া, ভিয়েটনাম, ফিলিপাইনচ আদি দেশৰ বৃহৎ সংখ্যক লোকে কলমৌক খাদ্য তালিকাত উল্লেখযোগ্য স্বীকৃতি দি আহিছে৷ আন আন ভাষাৰ নামৰ তালিকাত চকু ফুৰালে কলমৌ শাক ইউৰোপ আৰু আফ্ৰিকাতো অপৰিচিত নহয় বুলি সহজেই অনুমান কৰিব পাৰি৷

কলমৌ শাক কি দৰে খায়:

কলমৌৰ কুমলীয়া আগ ৰান্ধিবৰ বাবে বাচি লোৱা হয়৷ ইয়াক শুকানে ভাজি, মাছৰ সৈতে জোল ৰান্ধি, দাইলৰ আঞ্জাত দি নাইবা কেঁচাকৈ চালাড কৰিও খাব পাৰি৷
কি কি লাগতিয়াল তত্ত্ব কলমৌ শাকত থাকে-

কলমৌত পানী ৯০শতাংশ, প্ৰটিন ৩ শতাংশ, কাৰ্বোহাইড্ৰেট ৪ শতাংশ, চৰ্বি ০-৯ শতাংশ থাকে৷ ডায়েটেৰী ফাইবাৰ থাকে ৪ শতাংশ৷ খনিজ পদাৰ্থ আছে পটেচিয়াম, চ’ডিয়াম, আইৰন, কেলচিয়াম, মেগনেচিয়াম৷ কলমৌত থকা ভিটামিনসমূহ হ’ল- ভিটামিন এ, ভিটামিন চি, ভিটামিন বি ৬, ভিটামিন বি ১২ আৰু ভিটামিন ই৷

কলমৌ শাকৰ পৰা হব পৰা উপকাৰিতাৰ তালিকাখন তলত ডাঙি ধৰিলোঁ: –
• ২০১৩চনৰ মাৰ্চত ভাৰতৰ পৰা প্ৰকাশিত ’জাৰ্ণেল অৱ ডায়বেটিজ’ত প্ৰকাশিত তথ্য মতে কলমৌৱে গৰ্ভমতী মহিলাৰ ডায়েবেটিজ ৰোগৰ উপশম ঘটায়৷
• সন্তানসম্ভৱা নাৰীৰ উপৰিও স্তনপান কৰোৱা মাতৃ আৰু শিশুৰ বাবেও কলমৌ উপযোগী৷ গাখীৰ কম ওলোৱা মাতৃক কলমৌৰ দুচামুচ ৰস দিনে দুবাৰকৈ খোৱাব লাগে৷
• আইৰণে এনিমিয়া আঁতৰোৱাত সহায় কৰে৷
• মালয়েচিয়া বিশ্ববিদ্যালয়ে কৰা অধ্যয়নত কলমৌ জণ্ডিচ আৰু লিভাৰৰ আন আন অসুখত উপকাৰী বুলি প্ৰমাণিত হৈছে৷
• খৰ, খজুৱতি, এথলেট ফুট আৰু আন চৰ্মৰোগৰ চিকিৎসাত সহায়ক৷ ছালৰ উজ্জ্বলতা বঢ়ায়৷
• জ্বৰ কমোৱাত সহায়ক৷
• সকলোধৰণৰ কৃমিৰ বিনাশক৷
• শৌচ-কচা নিৰ্মূল কৰে৷ লগতে হজম শক্তি বঢ়ায়৷
• দুৰ্বলতা, আভোক ভাৱ আঁতৰ কৰে আৰু মুখলৈ ৰুচি অনাৰ উপৰিও শৰীৰৰ শ্ৰীবৃদ্ধি বঢ়ায়৷ বহুদিন ৰোগত ভুগি স্বাস্থ্যৰ অৱনতি ঘটিলে কলমৌ শাক সিদ্ধ কৰি ভাতৰ লগত খালে উপকৃত হব৷ আমাৰ মিছিং সমাজৰ এয়া এক প্ৰমাণিত ঘৰুৱা চিকিৎসা পদ্ধতি৷
• যি কোনো বিষক্ৰিয়াৰ ফলত হোৱা বমিৰ চিকিৎসাত উপযোগী৷
• মনত প্ৰশান্তি উৎপন্ন কৰে আৰু সুনিদ্ৰাত সহায়ক৷
• এণ্টিঅক্সিডেণ্ট গুণসম্পন্ন হোৱা হেতুকে কলমৌৱে অহিতকাৰী ফ্ৰি-ৰেডিকেলৰ বিৰুদ্ধে ক্ৰিয়া কৰি মানৱ দেহক কেঞ্চাৰৰ পৰা সুৰক্ষা দিয়ে৷
• এণ্টিঅক্সিডেণ্টে শৰীৰত বাৰ্ধক্যৰ আঁচোৰ প্ৰতিৰোধ কৰে৷
• শৰীৰৰ ইমিউনিটি বঢ়ায়৷
• আয়ুৰ্বেদিক চিকিৎসাত কলমৌক শুক্ৰাণুবৃদ্ধিকাৰক বুলি উল্লেখ কৰা হৈছে৷ কলমৌৰ ৰস গাখীৰত মিহলাই খোৱালে শুক্ৰাণু ডাঠ হয় আৰু স্বপ্নদোষ নিবাৰিত হয়৷
• কলমৌত থকা ভিটামিন-ই দৃষ্টিশক্তিৰ বাবে উপকাৰী৷
• শাকত থকা ফাইবাৰে কলেষ্টৰল আৰু মেদবহুলতা কমায়৷

কলমৌ খোৱাৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতামূলক ব্যৱস্থা: –
– কেঁচাকৈ কলমৌ খালে গাহৰি-গৰু আদিত হোৱা পৰাশ্ৰয়ী জীৱ Fasciolopsis buski মানৱ দেহলৈ আহিব পাৰে৷
– সতৰ্ক নহলে ডায়েবটিজৰ দৰব ব্যৱহাৰ কৰি থকা লোকসকলৰ তেজৰ চুগাৰৰ পৰিমাণ হ্ৰাস পাব পাৰে৷
– কলমৌৰ ফুলত বিষাক্ত দ্ৰব্য থাকিব পাৰে, যাৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে হেলুচিনেচন পৰ্য্যন্ত হব পাৰে৷
এই চমু লিখনি আজিলৈ ইমানতে সামৰিলোঁ৷ পৰৱৰ্তী সময়ত পাঠকৰ অভিজ্ঞতা ইয়াত যোগ দিয়াৰ আশা ৰাখিলোঁ৷

ডা০ ভূপেন শইকীয়া
ডোহা, কাটাৰৰ পৰা,
যোগাযোগ +৯৭৪ ৩৩৭৩৮৭২২ ই-মেইল [email protected]
ৱেবচাইট www.drbhupensaikia.com
ৰচনাকাল ১৫মাৰ্চ ২০১৭

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!