যমুনা নদীৰ জন্ম কেনেকৈ হ’ল- পৰিমালা কোঁৱৰ

আহক আজি এটি পৌৰাণিক সাধু শুনো৷ এহাল আছিল যমজ ভাই ভনী৷ নাম যম আৰু যমী৷ দুয়ো আছিল যমজ৷ দুয়ো যেন অভিন্ন৷ দুয়োৰে প্ৰিয় বস্তুবোৰ আছিল একে৷ খেলবোৰো আছিল একে৷ লগৰ লগৰীয়াৰ সতে খেলাতকৈ দুয়ো একে লগে খেলি, ৰং ধেমালি কৰিহে বেছি আনন্দ পাইছিল৷ লাহে লাহে দুয়ো ডাঙৰ হৈ আহিল৷ যৌৱনৰ দুৱাৰডলিত ভৰি দি যমীয়ে অনুভৱ কৰিলে তেওঁ যেন কাৰোবাৰ প্ৰেমত পৰিছে৷ শয়নে সপোন যেন তেওঁকে দেখে, তেওঁৰ কথাই মনলৈ আহে৷ লগৰ লগৰীয়াই সেই অনুভৱ ধৰা পেলালে যমীয়ে মনৰ অনুভৱ সিহঁতৰ পৰা লুকুৱাই পেলাই৷ এদিন ভাতৃ যমে যমীৰ বাবে পচন্দ কৰি লৈ আহিল এজন পুৰুষ৷ যমীয়ে সেই প্ৰস্তাৱ অস্বীকাৰ কৰি মনৰ ভাব প্ৰকাশ কৰিলে৷ তেওঁ প্ৰেমাস্পদ আন কোনো হব নোৱাৰে৷ শয়নে সপোনে যৌৱনৰ দুৱাৰ দলিত ভৰি দিয়াৰ পৰা তেওঁ যাক প্ৰেমিক হিচাপে ভাবি আহিছে সেয়া হ’ল যম৷ আনৰ কথা তেওঁ ভাবিব নোৱাৰে৷ তেওঁ যমক জোৰকৈ প্ৰেম নিবেদন কৰিলে৷ যম আচৰিত৷ যমী যে তেওঁৰ সহোদৰ ভগ্নী৷ যমে যমীক তিৰস্কাৰ কৰি উঠিল৷ যমী অবুজ৷ এইয়া যে পাপ৷ যমে দেৱতা সকলক সেই কথা জনাই যমীক তাৰ বাবে উপযুক্ত শাস্তি দিবলৈ আহ্বান কৰিলে৷ দেৱতাগণে যমীক তিৰস্কাৰ কৰি অভিশাপ দিলে৷ পৃথিৱীত গৈ নদী হৈ ববলৈ৷ যমীয়ে আৰ্তনাদ কৰি উঠিল৷ প্ৰায়চিত্তৰ উপায় বিচাৰি কাকূতি কৰিলে৷ দেৱতাগণে বিষ্ণুৰ ওচৰত উপায় বিচাৰি কাকূতি কৰিবলৈ উপদেশ দিলে৷ যমী বিষ্ণুৰ আৰাধনাত মগ্ন হ’ল৷ বিষ্ণু যমীৰ তপস্যাত সন্তুষ্ট হৈ ক’লে – যেতিয়া দ্বাপৰ যুগত তেওঁ কৃষ্ণ হৈ জন্ম ল’ব শৰতৰ পূৰ্ণিমাৰ নিশা যমুনাৰ পাৰত গোপীসবৰ লগত ৰাস ক্ৰিয়া কৰি কদমৰডালত বহি বাঁহী বজাই তেওঁৰ পদযুগলে যমুনাৰ পানী স্পৰ্শ কৰিব তেতিয়াই যমীয়ে পাপৰ পৰা মুক্তি পাব আৰু যমুনা এখন পবিত্ৰ নদী হৈ পৰিব আৰু সকলোৰে মাজত পৰিচিত হব৷ যমীৰ পাপৰ প্ৰায়চিত্ত এনেদৰেই হ’ল আৰু যমুনা নদী হৈ বৈ থাকিল যুগে যুগে৷ ৰাসৰ কথা মনত পেলালেই যমুনাৰ কথা মনত পেলাব লাগিব৷ মনতপেলাব লাগিব যমুনাৰ পাৰৰ গোপীসবৰ সতে কৰা কৃষ্ণৰ ৰাস ক্ৰিয়াৰ নৃত্য৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!