কাটাৰৰ ডায়েৰী – ২ (ডা ভূপেন্দ্ৰ শইকীয়া)

২৪নভেম্বৰ,বৃহস্পতিবাৰ,২০১১

কাটাৰত সাপ্তাহিক বন্ধৰ দিন হ’ল শুকুৰবাৰ ৷সেইবাবে বৃহস্পতিবাৰ  সন্ধিয়াৰ পৰাই দোকান-বজাৰত মানুহ আৰু গাড়ী-মটৰৰ সমাগম আৰম্ভ হয়সাধ্য অনুসৰি ‘ৱিকেণ্ড’ পালন কৰিবলৈ ৷ইয়াত মহিলাৰ বাবে কাপোৰৰ বাধ্যবাধকতা নাই ৷বোৰকা পিন্ধা লোক বিৰক্তি লগাকৈ চকুত নপৰে ৷তথাপিও অফিচত, বেংকত কাম কৰা কাটাৰী মহিলাসকলে কলা বোৰকা পৰিধান কৰে ৷মহিলাৰ মূৰ আৰু মূখ ঢকা বস্ত্ৰক ‘হিজাব’ বা ‘খিমাৰ’ বোলে ৷ কাটাৰী পুৰুষসকলে দীঘল ভৰি ঢুকি পোৱা বগা চোলা পৰিধান কৰে ৷মূৰত সাধাৰণতে ৰঙা-বগা গামোছাৰ পাগ মাৰে, যাক ‘ঘুত্ৰা’ বোলে ৷ ঘুত্ৰাক কলা বা মুগা ফিটাৰে বান্ধি ৰাখে – যাক ‘ওগাল’ বোলে ৷বিদেশৰ পৰা অহা লোকসকলে মাৰ্জিত  বস্ত্ৰ পিন্ধাটো বাঞ্ছনীয়৷ দেশখনৰ ধৰ্ম ইছলাম – জনসংখ্যা অনুসৰি শতকৰা ৮০ ভাগ ইছলাম, ৮ ভাগ হিন্দু,  ৮ ভাগ খৃষ্টান আৰু বাকী ৪ ভাগ হ’ল বৌদ্ধ বা আন  ধৰ্মৰ লোক৷ কাটাৰীসকলৰ মাতৃভাষা আৰবী ৷শিক্ষিত কাটাৰীসকলে ইংৰাজী জানে ৷ ইংৰাজীৰ বাহিৰে হিন্দী,উৰ্দু, পাৰ্চী সৰ্বসাধাৰণৰ মাজত যোগাযোগৰ ভাষা৷কেইটিমান অতিকৈ ব্যবহৃত আৰবী শব্দ হ’ল – আইৱা (হয়),লা (নহয়),শ্ৰুকান (ধন্যবাদ), কেইফ হাল (কেনে আছে ?), হামদুল্লা (ভালেই), মা অ’চলাম (বিদায়), হবিবি (ভাল পোৱা, বন্ধু্ত্ব) ৷

আগতেই উল্লেখ কৰিছো কাটাৰত বুজন সংখক ফিলিপাইনী লোক আছে ৷তেওঁলোকে সমাদৰ পোৱাৰ ঘাই  কাৰণ হ’ল এইকেইটা – ফিলিপাইনীবিলাকৰ হ’ম চিকনেচ নাথাকে, সুলভ দাদৰমহাত কাম কৰিবলৈ সাজু হয়,নাক চেপেটা হলেও প্ৰায়বিলাকৰে গাৰ বৰণ বগা ৷ইয়াত থকা ইজিপ্তিচিয়ান সকলৰ সুবিধা হ’ল – আৰবী মাতৃভাষা ৷নিজৰ দেশত দীৰ্ঘদিনীয়া অশান্তিৰ বাবেও তেওঁলোকে কাটাৰতে থাকি ভাল পায় ৷কাটাৰত কিছু সংখক নেপালী লোক চিকিউৰিটি হিচাবে কাম কৰি আছে ৷বাংলাদেশী বেচি ভাগেই হ’ল লেবাৰ নাইবা ঘৰৰ বন-কৰা ৷

ইয়াত পেট্ৰল লিটাৰত মাত্ৰ দহ টকা ৷মাছ-মাংসৰ তুলনাত শাক-পাচলিৰ দাম অধিক ৷চুপাৰ মাৰ্কেটৰ দোকানত মাটিকান্দুৰি, মৰীছা,কলমৌ,লাই শাক, কলডিল,পচলা,কচু, লাউ-জিকা-ভোল আৰু অন্যান্য পাচলি কিনিবলৈ পোৱা যায় ৷ইয়াৰ উৎপাদিত খেজুৰৰ মূল্য কিছু কম৷খাদ্যাভাসৰ দোষতেই আৰব দেশসমুহত বেচি দিন থকা লোকসকলে কলেষ্টৰল বেচি হোৱা ৰোগত ভোগে ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!