কাটাৰৰ ডায়েৰী – ৩ (ডা ভূপেন্দ্ৰ শইইকীয়া)

প্ৰথম দৃষ্টিত কাটাৰ

আগষ্ট মাহৰ৮ তাৰিখে আবেলি ৩ বজাত গুৱাহাটীৰ পৰা দিল্লীহৈ জেট এয়াৰলাইন্সৰ বিমানেৰে যাত্ৰা আৰম্ভ কৰিলো ৷ডোহাত অৱতৰন কৰিলো স্থানীয় সময় নিশা ১০ বজাত ৷ইয়াৰ সময় ভাৰততকৈ আঢ়ৈ ঘন্টা পিছ পৰা ৷এয়াৰপৰ্টৰ পৰা আহি মোৰ বাবে নিৰ্ধাৰিত কোৱাৰ্টাৰত প্ৰবেশ কৰোতে সময় তেতিয়া নিশাৰ চাৰে এঘাৰটা ৷পিছদিনা পুৱা ৮ বজাত কামত যোগদান কৰিলো ৷খাৰুৱা তেলেৰে সমৃদ্ধিশালী এখন ক্ষুদ্ৰ দেশ কাটাৰ ৷আয়তনত   দেশখনৰ মাটিকালি অসমৰ ছয় ভাগৰ এভাগ ৷জনসংখ্যা চাৰে আঠ লাখ ৷তাৰে শতকৰা ৪০ ভাগহে স্থানীয় আৰবী লোক, ১৮ ভাগ ভাৰতীয়, সমসংখ্যক পাকিস্থানী, ১০ ভাগ ফিলিপাইনী, সমসংখ্যকইৰাণী আৰু বাকী অংশ হ’ল বিশ্বৰ আন আন দেশৰ পৰা অহা – ইজিপ্ত, জৰ্ডান, নাইজেৰিয়া, বাংলাদেশ, শ্ৰীলংকা নাইবা আন চুবুৰীয়া দেশৰ৷

দেশখনত পাহাৰ বা নৈ নাই ৷মৰুভূমিক মৰূদ্যানলৈ মানবীয় শ্ৰমেৰে ৰুপান্তৰিত কৰাৰ অহৰ্নিষ প্ৰয়াস চলি আছে ৷সাগৰ আৰু দ্বীপপুঞ্জও আছে ৷বিভিন্ন স্তৰত দেশখনত নানানটা নিৰ্মাণকায্য দিনে নিশাই চলি আছে ৷২০২২ চনত ফিফা ফুটবলৰ বিশ্বকাপ প্ৰতিযোগিতা ৰাজধানী চহৰ ডোহাত অনুষ্ঠিত হব ৷তাৰ বহু আগতেই যেন দেশখনক ন ৰুপত সজাই তুলিব !

ইয়াত  বিভিন্ন ক্ষেত্ৰত কৰ্মৰত ভাৰতীয় সকলৰ ভিতৰত অধিকাংশই হ’ল কেৰেলাৰ পৰা অহা ৷ এইটো কথা বহুদিনৰ পৰা শুনি আহিছিলো – কেৰেলাৰ প্ৰতি দ্বীতিয়টো ঘৰৰ এজন বিদেশত থাকে, সেয়েহে এই ক্ষুদ্ৰ প্ৰদেশখনৰ চাৰিওটা এয়াৰপৰ্টেই হ’ল ইন্টাৰনেচনেল ৷কথাটো যে সচাঁ তাৰ প্ৰমাণ পাইছো ৷ইয়াত অসমীয়া লোক বিচাৰি হাবাথুৰি খাইছো – ৬৷৭ জন ডেকা ইঞ্জিনিয়াৰ যোৱা কেইবছৰমানৰ পৰা কাটাৰত কৰ্মৰত হৈ আছে, তাৰে দুজনকহে মই লগ পাইছো ৷আগৰৰ দোকানত দুজনমান হোজাইৰ লোকে কাম কৰি আছে – ফোনতহে মোৰ পৰিচয় হৈছে৷

যোৱাবছৰ তিনিমাহৰ বাবে আবুধাবিৰ এখন চিকিৎসালয়ত কাম কৰাৰ আমন্ত্ৰণ পাইছিলো ৷ সেয়েহে ইউ এ ই আৰু কাটাৰ এই দেশ দুখনৰ বিভিন্ন দিশৰ পাৰ্থক্যসমূহ মোৰ চকুত অনায়াসে ধৰা দিছে ৷ইউ এ ইত প্ৰায় দুশঘৰ অসমীয়া মানুহৰ এখন ছচাইটি আছে ৷বিহু, নতুন বছৰ, দেৱালী বা অইন কোনো উপলক্ষে এওঁলোকে প্ৰীতি সন্মিলনিৰ আয়োজন কৰে ৷সৌ অলপতে ড০ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি ডুবাইত অৰ্পিত কৰিছে ৷ উন্নয়নৰ ক্ষেত্ৰত  সকলো দিশতে ইউ এ ই কাটাৰতকৈ বহুগুণ আগবঢ়া ৷পয্যটনৰ দিশত কাটাৰ তেনেই চালুকীয়া, ইউ এ ই সেই ক্ষেত্ৰত বেছ আগৰণুৱা ৷বিভিন্ন বয়-বস্তু সামগ্ৰীৰ মূল্য ইউ এ ইত কৈ কাটাৰত অধিক ৷

কাটাৰত জনসাধাৰনৰ নিৰাপত্তা যিকোনো দেশৰ বাবেই ঈৰ্ষনীয় ৷দেশখন প্ৰায় অপৰাধ শূণ্য ৷যানবাহনৰ দূৰ্ঘটনাও সীমিত ৷অথচ বাট-পথত বাটৰুৱাৰ তুলনাত গাড়ীৰ সংখ্যাই বেচি ৷ইয়াৰ ট্ৰেফিক আইন যথেষ্ট কঠোৰ ৷ড্ৰাইভিং লাইচেঞ্চ পাবলৈ ৰাজপথত গাড়ী সঠিক ভাবে চলাব পাৰিব লাগিব ৷

ইয়াৰ জলবায়ু বছৰৰ আঠ মাহ গৰম ৷চাৰিটা মাহত কিছু ঠাণ্ডা পৰে৷বৰষুণৰ পৰিমাণ তেনেই কম৷যোৱা চাৰিটা মাহত এদিন কুৰি মিনিটিয়া কিনকিনিয়া বৰষুণ উপভোগ কৰিছিলো ৷বৰ্তমান নভেম্বৰৰ শেষৰ ফালে বতৰৰ তাপমাত্ৰা ২৫ আৰু  ৭ ডিগ্ৰী চেণ্টিগ্ৰেডৰ মাজত চলি আছে ৷

আৰু লিখিবলগীয়া, জনাবলগীয়া বহুতো কথা  আছে ৷বহুতেই ভ্ৰমণ কাহিনী পঢ়ি ভাল পায় ৷মনত পৰে সৰুতে হেম বৰুৱাৰ  ভ্ৰমণৰ ৰচনাৱলী সমূহ কিদৰে আগ্ৰহেৰে পঢ়িছিলো ৷এতিয়াও ঘৰৰ পৰা আহোতে দুখন  ভ্ৰমণৰ কিতাপহে লগত লৈ আহিছো ৷

 

আকৌ সোণকালেই লগ পোৱাৰ আশাৰে আজিলৈ সামৰিলো ৷    ২৩৷১১৷২০১১ সন্ধিয়াৰ ৮ বজাত ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!