কাটাৰৰ ডায়েৰী- সাময়িক পৰিস্থিতিয়ে দেশখনলৈ অনা পৰিবৰ্তনঃ ডা০ ভূপেন শইকীয়া

আজি ৯মাৰ্চ ২০১৮ তাৰিখে ২৭৭দিন অতিক্ৰম হ’ল -কাটাৰৰ ওপৰত চুবুৰীয়া ৪খন দেশে নিষেধাজ্ঞা জাপি দিবৰ৷ বিশেষ ৰাজনৈতিক আলোচনাৰ গভীৰতাত প্ৰবেশ নকৰি থুলমুলকৈ এজন সাধাৰণ কাটাৰী বাসিন্দাৰ দৃষ্টিৰে পৰিস্থিতিৰ এটি আভাস দাঙি ধৰাৰ প্ৰয়াস এই লিখনিৰ মাধ্যমেৰে কৰিম৷ ঘাইকৈ চৌডি আৰব, সংযুক্ত আৰব আমীৰাট, বাহৰেইন আৰু ইজিপ্ত দেশে কাটাৰৰ সৈতে কূটনৈতিক সম্বন্ধ বিচ্ছেদ ঘটালে৷ দেখাক দেখি সহমৰ্মিতা জনাই আন কেইখনমান দেশেও ৰাজনৈতিক বিচ্ছেদ ঘোষণা কৰিলে৷ সেই সৰু সৰু দেশ কেইখন হ’ল -য়েমেন, চেনেগাল, মালদ্বীপ, চাড, কম’ৰচ আৰু মৌৰিটানিয়া৷ ফলত দূতাবাসসমূহত তলা ওলমিল৷ নিৰ্দিষ্ট দেশসমূহৰ ওপৰেদি বিমান চলাচল নিষিদ্ধ হ’ল৷

২৩মে ২০১৭তাৰিখে আকস্মিকভাবে কাটাৰৰ ওপৰত নানান অপবাদ জাপি দিয়া হ’ল চৌডি আৰব আৰু সংযুক্ত আৰব আমীৰাটৰ সংবাদ চেনেলৰ দ্বাৰা৷ লগতে কাটাৰৰ সৈতে সকলো ৰাজনৈতিক, ব্যৱসায়িক আৰু যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন কৰাৰ ঘোষণা কৰা হ’ল৷ উল্লেখযোগ্য যে ইয়াৰ ৩দিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চৌডিৰ ৰাজধানী ৰিয়াধ (Riyadh) ভ্ৰমণ সামৰি স্বদেশলৈ প্ৰত্যাবৰ্তন কৰিছিল৷ কাটাৰৰ ওপৰত অভিযোগ উঠিল অল-কাইদাকে ধৰি আন উগ্ৰপন্থী দলক সাহায্য প্ৰদান কৰাৰ৷ কাটাৰৰ দূৰদৰ্শন চেনেল অল-জজীৰাক বন্ধ কৰাৰ দাবী উঠিল৷ কথাটো কিছু পৰিমাণে ২০১৬ চনত গুৱাহাটীত চাউথ এচিয়ান গেমছৰ সুকলমে পাতিবলৈ অসম চৰকাৰে আলফাৰ সমৰ্থন বিচৰাৰ নিচিনা৷
লগে লগে বিশ্বজুৰি এটা খলকনিৰ সৃষ্টি হ’ল৷ সংকটৰ এই মুহূৰ্তত বহুতো দেশে কাটাৰৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰিলে৷ কাটাৰক সকলো ধৰণেৰে সহায় কৰিবলৈ আগবাঢ়ি আহিল টাৰ্কি, ইৰাণ আদি দেশ৷ বুজাপৰা, মিতমাত কৰি সমস্যাটোৰ অন্ত পেলাবলৈ আগবাঢ়ি আহিল কুৱেইটৰ আমীৰ৷ মানৱ অধিকাৰ সংগঠনেও আবেদন জনালে সমস্যা সমাধান কৰিবলৈ৷ ভাৰতবৰ্ষই নিজৰ প্ৰবাসী নাগৰিকৰ নিৰাপত্তাকলৈ চিন্তা ব্যক্ত কৰিলে৷ অসমৰ বাতৰি কাকতটো প্ৰথম পৃষ্ঠাত প্ৰকাশিত হ’ল – কাটাৰৰ থকা কেইবাহাজাৰো অসমীয়ালোক সংকটৰ সন্মুখীন বুলি৷ পোনতেই বাতৰিটো সংশোধন কৰি লওঁ – কাটাৰত থকা প্ৰবাসী অসমীয়াৰ সংখ্যা এহেজাৰৰ সামান্য বেচি হয়তো হব পাৰে৷
লগে লগে কাটাৰ প্ৰশাসনে দেশখনৰ সকলো বাসিন্দালৈ কিছুমান নিৰ্দেশনা জাৰি কৰি জনালে – কোনেও আতংকগ্ৰস্ত নহ’ব৷ উৰা বাতৰি নুলিয়াব আৰু উৰা বাতৰিত বিশ্বাস নকৰিব৷ কোনো ধৰণৰ খাদ্যসামগ্ৰী বা আন নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ নাটনি দেশখনত হবলৈ দিয়া নাযাব৷ শান্তি, সম্প্ৰতি সদ্ভাৱ অটুট ৰাখক৷
এমাহ মানলৈ সাধাৰণ নাগৰিকৰ মনত কিছু উৎকণ্ঠা থাকিল৷ চুপাৰ মাৰ্কেট, মল, গ্ৰচাৰীশ্বপ সমূহত বেচ ভীৰ পৰিলক্ষিত হ’ল৷ চাউল, দাইল, গাখীৰ, কণী আদি অতিৰিক্তভাবে ক্ৰয় কৰি জমা কৰাৰ প্ৰৱণতা দুমাহমানলৈ চলিল৷ শাক-পাচলি আৰু ফলমূলৰ সামান্য মূল্যবৃদ্ধি হোৱাৰ বিপৰীতে আন সকলো সামগ্ৰীৰ মূল্য অপৰিবৰ্তিত থাকিল৷ আকাশী পথৰ মাৰ্গ সলনি হোৱাত বিমান ভাৰা কিছু মহঙা হ’ল৷
ক্ৰমে সকলো কাটাৰনিবাসী লোকৰ জীৱনধাৰা স্বাভাৱিক হৈ পৰিল৷ দিন অতিবাহিত হোৱাৰ লগে লগে সকলো পূৰ্বৰ দৰেই হৈ পৰিল৷ মাথোঁ নিৰ্দিষ্ট দেশকেইখনলৈ কাটাৰী লোকৰ আহযাহ সীমিত হৈ পৰিল৷ আগেয়ে কাটাৰৰ পৰা স্থলপথেৰে হজ যাত্ৰা সম্ভৱ হৈছিল৷ এতিয়া কাটাৰ-চৌডি বৰ্ডাৰ সম্পূৰ্ণ বন্ধ৷ আগৰ ব্যস্ত সংযোগী ৰাজপথ নিমাওমাও৷ এই পথেৰে চৌডিয়ে কাটাৰলৈ ৰপ্তানি কৰিছিল চিমেণ্ট, লোহা, মাটি-বালি, ঔষধ আদি সামগ্ৰী৷ এতিয়া চৌডি আৰব বিৰাট ব্যৱসায়িক লোকচান সন্মুখীন হৈছে৷ আনহাতে কাটাৰে সমুদ্ৰ পথেদি সংযুক্ত আৰব আমীৰাটক প্ৰাকৃতিক গেছৰ যোগান অব্যাহত ৰাখিছে৷ কাটাৰৰ এই মানবীয় কাৰ্য্যই বিশ্বৰ বিভিন্ন দেশৰ সমাদৰ লাভ কৰিছে৷ উল্লেখযোগ্যযে সংযুক্ত আৰব আমীৰাটৰ সকলো কল-কাৰখানা, টাৰবাইনৰ চলাচল, বিদ্যুতৰ উৎপাদন কাটাৰে যোগান ধৰা এই গেছৰ ওপৰত নিৰ্ভৰশীল৷

এটা কথা সাত শতৰুৱেও স্বীকাৰ কৰিব লাগিব যে কাটাৰৰ বিৰুদ্ধে ভীষণ অপপ্ৰচাৰ আৰু কুৎসা ৰটনা হোৱা সত্ত্বেও কাটাৰে উত্তেজিত নহৈ সংযমৰ পৰিচয় দাঙি ধৰিছে৷ সকলো মিত-মাতৰ প্ৰচেষ্টাক আদৰণি জনালেও মিথ্যা অপবাদৰ আগত নতশিৰ হব খোজা নাই৷ বৰঞ্চ এই অৱৰোধক যোগাত্মক দৃষ্টিভংগীৰে গ্ৰহণ কৰিছে৷ কথাটো মানৱ দেহক ছিতা বা ভেকচিনে সাময়িক কষ্ট দিলেও শেষত লাভজনক ইমিউনিটি বঢ়োৱাৰ দৰে হৈছে৷ দেশখনে নিজৰ দুৰ্বলতাসমূহ চিনাক্ত কৰি উলিয়াইছে৷ মিত্ৰ আৰু শঠা-মিতিৰ কোন চিনাক্ত কৰিব পাৰিছে৷ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী উৎপাদন কৰি স্বাৱলম্বী হবলৈ আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ পৰা বিমানেৰে শ শ উন্নত জাতৰ জাৰ্চি গাই আনি অল-খোৰত ডায়েৰী ফাৰ্ম খুলিছে৷ দেশখনৰ বিভিন্ন অঞ্চলত পতা গ্ৰীন হাউসত নেপালী আৰু বাংলাদেশী বনুৱাৰ সহায়ত নানাবিধ শাক-পাচলি আৰু ফলমূলৰ খেতি বৰ্ধিত পৰিমাণত কৰিবলৈ আৰম্ভ কৰিছে৷ মিছেইডত পতা বৃহৎ সমুদ্ৰী বন্দৰৰ শুভ উদ্বোধন কৰিছে৷ দেশখনৰ কিছু অপ্ৰয়োজনীয় কৰ্মচাৰীক কামৰ পৰা বাদ দি মিতব্যয়িতাৰ পন্থা গ্ৰহণ কৰিছে৷

কাটাৰৰ সংসদৰ অধ্যক্ষ মহম্মদ কুলাইফি সপ্তাহে-পক্ষেকে আমাৰ ক্লিনিকলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে আহে৷ তেখেতৰ পৰা সময়ে সময়ে দেশখনৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত হওঁ৷ বৰ্তমান অৱস্থান হ’ল কোনো চাপৰ বা ভাবুকিৰ তলত সৈমান নহৈ কাটাৰ এনেদৰেই নিজ পথত নিৰৱচ্ছিন্নভাবে অগ্ৰসৰ হৈ গৈ থাকিব৷

কেইটিমান আমোদজনক পাৰ্শ্বক্ৰিয়াৰ কথা উল্লেখ কৰি লিখনিটো সামৰিম৷ ইয়াত কাটাৰত উৎপাদিত ৩০টা কণীৰ প্ৰতি প্লেটৰ মূল্য ১০ৰ পৰা ১৭ৰিয়াল৷ মাজে মাজে টাৰ্কি দেশৰ পৰা অহা কণী প্লেটত ৪ ৰিয়ালত উপলব্ধ হয়৷ কাটাৰত উৎপাদিত ডায়েৰীৰ গাখীৰ লিটাৰত ৬ৰ পৰা ৭ৰিয়াল৷ ভাৰতৰ পৰা অহা আমুল তাজা ৫ৰ পৰা ৬ৰিয়াল৷ ট্ৰিনিদাডৰ পৰা অহা গাখীৰ লিটাৰত ২.২৫ ৰিয়াল৷ এক ৰিয়াল হ’ল ভাৰতীয় ১৮টকাৰ সমান৷
আমাৰ দেশৰ লোকৰ বাবে এটা সুখবৰ – কাটাৰলৈ ভ্ৰমণৰ বাবে বা আত্মীয়ৰ খবৰ লবলৈ অহা ভাৰতীয় নাগৰিকৰ বাবে সদ্যহতে ডোহা এয়াৰপ’ৰ্টত তৎকালিন ভিছা (Visa on Arrival) পোৱাৰ ব্যৱস্থা বিগত কেইমাহমানৰ পৰা উপলব্ধ হৈছে৷

One thought on “কাটাৰৰ ডায়েৰী- সাময়িক পৰিস্থিতিয়ে দেশখনলৈ অনা পৰিবৰ্তনঃ ডা০ ভূপেন শইকীয়া

  • April 9, 2018 at 10:11 am
    Permalink

    ভাল লাগিল চাৰ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!