বিনোদন– ডা০ ভূপেন শইকীয়া

 

(১) বেচেৰি গান্ধাৰী মাতৃ !

ধৃতৰাষ্ট্ৰই খঙেৰে গান্ধাৰীক – গোটেই নিশাটো ক’ত আছিলা ?
গান্ধাৰীৰ সমীহপূৰ্বক উত্তৰ – সন্তানকেইটাক ‘শুভৰাত্ৰি’ জনাব গৈছিলোঁ !

(২) শিৱৰ দূৰ্গতি !

ভগবান শিৱই মনুষ্যৰূপ ধৰি ভাৰত বৰিষত ভ্ৰমণ কৰি আছিল ৷
এঠাইত দেখা পালে কেইজনমান ভঙুৱাই চিলিম টানি আছে ৷
শিৱই কাষ চাপি গ’লত নৱাগত অতিথিক এটা ভাঙৰ চিলিম যাচিলে ৷
শিৱই জোৰেৰ এসোহা মাৰি চিলিম উদং কৰি দিলে ৷
ভঙুৱাকেইটাই সম্ভ্ৰমৰে চাই আকৌ নতুন চিলিম যাচিলে ৷
তাৰো একে দশাই শিৱই কৰিলত ভঙুৱাকেইটাই বুজিলে
এইজনা বৰ উচ্চমানৰ ভঙুৱা ৷
চাৰি চিলিম টনা শেষ হ’লত ভঙুৱাকেইটাই সুধিলে-নিচা ধৰিছেনে ?
শিৱই জোৰেৰে মূৰ জোকাৰি ক’লে-ওঁহোঁ ৷
পঞ্চম চিলিম টনা হ’লত শিৱক আকৌ সুধিলে
-এতিয়া নিচা ধৰিছেনে ?
শিৱই পুনৰ মূৰ জোকাৰি ক’লে
– মই কোন তোমালোকে নাজানা
-মই হলাহল পান কৰিও নমৰাকৈ থাকিব পাৰোঁ
– মই অমৰ
– মই সৃষ্টিৰ আদিৰূপ……
লগে লগে আটাইকেইটা ভঙুৱাই সমস্বৰে কৈ উঠিল
– অই ইয়াক আৰু ভাং নিদিবি
– বৰ বেয়াকৈ ইয়াৰ নিচা ধৰিল !

(৩) দোকানীৰ বিলৈ !

এগৰাকী যুৱতী এখন দোকানত সোমাল চেণ্ডেল কিনিবলৈ ৷
দোকানীয়ে চেণ্ডেল দেখুৱাই দেখুৱাই ভাগৰি পৰিল ৷
কোনোবাযোৰৰ ডিজাইন পচন্দ হলে ৰঙ পচন্দ নহয় ৷
কোনোবাযোৰৰ ৰঙ আৰু ডিজাইন পচন্দ হলে চাইজ নিমিলে ৷
দোকানৰ প্ৰায় সকলো চেণ্ডেল দেখুৱা
শেষ হ’লত যুৱতীগৰাকীয়ে ক’লে
– টেবুলৰ কোণত থকা সেই পেকেটোও দেখুৱাব ৷
দোকানীয়ে হাহাকাৰ কৰি উঠিল – নাই,নহব
– মই সেইটো খুলি দেখুৱাব নোৱাৰিম ৷ যুৱতীও নাচোৰবোন্দা –
মই চামেই – কিজানি মোৰ পচন্দ তাতেই লুকাই আছে !

(প্ৰিয় পাঠক- দোকানী আৰু সুন্দৰীৰ ওখনাখনি চলি থাকক ৷
গুপুতে মই আপোনালোকক জনাওঁ দোকানীয়ে সেই
দেখুৱাব নিবিচৰা পেকেটটো আছিল তেওঁৰ টিফিন বক্স !)

(৪) বেচেৰা পতি !

পত্নী – ডিয়েৰ,আজি পাকঘৰৰ সমুদায় কাম তোমাক গটালোঁ ৷
পতি বিস্ময়ৰ চকুৰে চাই – কিয় বা ? ?
পত্নী – মই প’ষ্ট কৰা তিতা কেৰেলাৰ ৰেচিপিটোত ইমানবোৰযে লাইক আৰু মিঠা মিঠা কমেন্ট আহিছে- সেইবোৰ সম্ভালিবললৈকে মোক ভালেখিনি সময় লাগিব ৷ তুমি যাতে লঘোণ খাটিব নালাগে সেয়ে ৰিকুৱেষ্টটো কৰিলোঁ !

(৫) শেষত আজিৰ লেটেষ্ট !

এয়াৰপ’ৰ্টৰ পৰা ক্ষিপ্ৰ স্থানান্তৰৰ সাধনসমূহ :
• অ’লা
• উবেৰ
• চি বি আই

 

One thought on “বিনোদন– ডা০ ভূপেন শইকীয়া

  • July 3, 2018 at 10:17 am
    Permalink

    Mojaa………ha ha ha ha ha ha

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!