কাটাৰৰ ডায়েৰী: সাহিত্য আৰু সংস্কৃতিৰ পথাৰত কাটাৰৰ অসমীয়াসকল (তৃতীয় খণ্ড) ডা০ ভূপেন শইকীয়া

মই সম্পাদনাৰ দায়িত্ব লোৱা ১৬মাৰ্চ ২০১৪ৰ সাহিত্য ডট অৰ্গত জমিল আহমেদ লস্কৰৰ “আবু ধাবিৰ প্ৰত্যন্ত মৰুত চিকিৎসাৰ এক সুমধুৰ অভিজ্ঞতা” নামেৰে এক সুপাঠ্য লিখনি প্ৰকাশ পায়৷ তেওঁ হ’ল মৰুৰ দেশ সংযুক্ত আমীৰাটৰ উপৰিও কাটাৰত বহু বছৰৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ অৰুণাচলৰ নেৰিষ্টৰ পৰা উত্তীৰ্ণ এজন অভিযন্তা আৰু কাটাৰৰ অসম সমাজৰো এজন দায়িত্বশীল কৰ্মকৰ্তা৷ সময়ে সময়ে অসম সমাজৰ অনুষ্ঠানত তত্ত্বগধুৰ স্বৰচিত কবিতা পাঠ কৰে৷ তেওঁৰ দুটি কণমানি সন্তানেও বিহু আৰু ভাৰত নাট্যম নৃত্য প্ৰদৰ্শন কৰি ৰাইজৰ সমাদৰ লভি আহিছে৷

কাটাৰৰ অলখোৰৰ নিবাসী মল্লিকা কলিতাই অকবৰ মজিয়াৰ মাধ্যমেৰে নানান অভিজ্ঞতাৰ কাহিনী আৰু গল্প পাঠকলৈ বিগত ৩ বছৰমানৰ পৰা আগবঢ়াই আহিছে৷ মল্লিকাৰ লিখনিৰ ক্ৰমে উত্তৰণ ঘটি আহিছে৷ সুখৰ খবৰ যে কেইবাখনো অনলাইন অসমীয়া আলোচনীত তেওঁ নিয়মীয়াকৈ লিখিব লৈছে৷ কাটাৰ অসম সমাজৰ নৱগঠিত পৰিচালনা সমিতিয়ে পৰৱৰ্তী সংখ্যা “নেদেখা সোণালী সূতাৰে বন্ধা” স্মৰণিকাৰ বাবে বিজন চৌধুৰী আৰু চৌকত হুছেইনৰ সৈতে মল্লিকা কলিতাক সম্পাদনাৰ গুৰু দায়িত্ব অৰ্পণ কৰিছে৷

নদী দ্বীপ মাজুলীত শৈশৱ কটোৱা গীতাশ্ৰী কলিতা বৰ্তমান কাটাৰৰ অল ৱাক্ৰাৰ নিবাসী৷ গীতাশ্ৰীৰ মন চুই যোৱা “সোণালী শৈশৱ” নামৰ প্ৰথম লিখনি প্ৰকাশিত হৈছে শেহতীয়া স্মৰণিকাত৷ এটা সময়ৰ অসমৰ অনাতাঁৰ শিল্পী গীতাশ্ৰী হ’ল ২০১৩ৰ স্মৰণিকা “কুৱেইটত চাকৰিৰ বিচিত্ৰ অভিজ্ঞতা” নামৰ ৰসাল লিখনিৰ স্ৰষ্টা দেৱজিৎ কলিতাৰ সহধৰ্মিণী৷ এই দম্পতীহাল কাটাৰ অসম সমাজৰ যিকোনো সাংস্কৃতিক অনুষ্ঠানৰ বাবে অপৰিহাৰ্য্য৷

‘কাটাৰত মোৰ দ্বিতীয় ইনিংচ’ নামৰ লিখনিৰে আত্ম প্ৰকাশ কৰা আন এগৰাকী ন-লেখিকা হ’ল সুজাতা শইকীয়া৷ কাটাৰত এটা দশক সময় অতিবাহিত কৰা পল্লৱী দাসে ‘গুণ গুণ’ৰ পৰা আৰম্ভ কৰি কাটাৰ অসম সমাজৰ শেহতীয়া স্মৰণিকাতো কেইবাটিও কবিতা আৰু প্ৰৱন্ধ লিখি আহিছে৷ চুমী দেউৰী শইকীয়া আৰু মিনাক্ষী ভাগৱতীয়েও প্ৰথম লিখনিতেই নিজৰ নিজৰ অভিজ্ঞতাক আকৰ্ষণীয়ভাবে দাঙি ধৰিছে৷

 

তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বৰ্তমান কাটাৰ নিবাসী প্ৰিন্স গোস্বামীয়ে স্মৰণিকাৰ উপৰিও সময়ে সময়ে অসমৰ বাতৰি কাকতসমূহত কবিতা আৰু প্ৰৱন্ধ লিখি আহিছে৷ হোজাইৰ আব্দুলা চৌধুৰীয়ে আতৰৰ ব্যৱসায়ত কৰ্মৰত হৈয়ো নিয়মীয়াকৈ চিন্তাশীল প্ৰৱন্ধ স্মৰণিকাত লিখি আহিছে৷ কাটাৰত আতৰৰ ব্যৱসায়ত প্ৰতিষ্ঠা লভা দুই ভাতৃ মুস্তফা জামাল চৌধুৰী আৰু মুস্তফা জালাল চৌধুৰী হ’ল একো একোজন সাহিত্যৰ ‘ছুপা ৰুস্তম’৷ ডাঙৰ ভাতৃ মুস্তফা জামালৰ “মোৰ যাত্ৰাৰ চিৰসংগী এটি সেউজীয়া টোপোলা” নামৰ চমু অথচ মৰ্মস্পৰ্শী কাহিনীটোৱে এটা সময়ত অসমীয়াত কথা বতৰা গোটত প্ৰভূত সমাদৰ লভিবলৈ সমৰ্থ হৈছিল৷ একেদৰে শেহতীয়া স্মৰণিকাত প্ৰকাশিত সৰু ভাতৃ মুস্তফা জালালৰ “দেউতাৰ শিক্ষা” নামৰ উপদেশমূলক লিখনিয়ে পাঠকৰ বিশেষ সমাদৰ পাইছে৷

অকবৰ পাঠকৰ পৰিচিত, কাটাৰ গেছৰ দায়িত্বশীল বিষয়া জীৱনৰ বিশাল কৰ্ম অভিজ্ঞতাৰে পৰিপুষ্ট ৰজত গগৈৰ লিখনিত বিদেশৰ বিচিত্ৰ মনমোহা কাহিনীৰ সমাহাৰ আৰু স্বদেশৰ মাটিৰ সুবাস দুয়োটাই উপলব্ধ৷ কৰ্মসূত্ৰে কাটাৰ নিবাসী মোহন অধিকাৰী, পৰাগ হাজৰিকা, মৃদুলা বৰা, ৰাজু উপ্ৰেতি, হীৰক দত্ত, বিশ্বজিত ডেকা আদিয়ে নিজৰ প্ৰকাশিত লিখনিৰ মাধ্যমেৰে সাহিত্য প্ৰতিভাৰ পৰিচয় ডাঙি ধৰিবলৈ সক্ষম হৈছে৷

কৰ্মসূত্ৰে কাটাৰত বসবাস কৰিবলৈ লৈ এই অভাজনেও দুখনি কিতাপ ‘কাটাৰৰ ডায়েৰী’ আৰু ‘মনৰ প্ৰতিবিম্ব’ প্ৰকাশ কৰিবলৈ সমৰ্থ হৈ নিজকে ধন্য মানিছে৷ এই ক্ষেত্ৰত বন্ধু আব্দুছ ছাজিদৰ সহায় উদগণি মোৰ বাবে চিৰ স্মৰণীয়৷

(ক্ৰমশঃ)Qataror Diary_part3_Dr.BHupen Saikia

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!