ক খ গ (অমিতাভ মহন্ত)

k kh go

এয়া গল্প হয় নে নহয় সঠিককৈ কোৱা অলপ অসুবিধা৷ পিছে বেলেগ একো বুলি ক’বলৈও ভাবি পোৱা নাই বাবে সদ্যহতে গল্প বুলিয়েই কৈ থোৱা উচিত হ’ব বুলি ভাবিলোঁ।

গল্পটোৰ প্ৰধান চৰিত্ৰ হ’ল সেই কমাৰ্চ কলেজৰ বাৰাণ্ডাৰে চেণ্ডেল চোঁচৰাই গৈ থকা সেই ল’ৰাটো৷ বহুতো ঘাটৰ পানী ঘোলা কৰি বৰ্তমান সি বিশুদ্ধ পানীৰ সন্ধানত৷ অন্তত:, বন্ধুমহলৰ আগত সি তেনেকৈয়ে কৈছে৷ বহু কামত সি ভাল৷ ৰাজহুৱা কামত সি সদায় আগত৷ হস্পিটেলত নাইট এটেণ্ডেণ্ট, কোনোবাক তেজ দিয়া ইত্যাদি কামত সি সদায় আগত৷ কিন্তু……..

বজাৰত তাৰ বিষয়ে নানা গুজৱ প্ৰচলিত৷ নানা অভিযোগ৷ মদ খাই উঠি ৰাতি গাৰ্লছ হোষ্টেললৈ উদ্দেশ্যি মৰা চিঞৰকেইটা যে তাৰেই সেই বিষয়ে কাৰো সন্দেহ নাই৷ কিছুদিন আগতে চান্দমাৰীত ৰাতি বজাৰ কৰিবলৈ আহোঁতে নাথ ছাৰৰ ডাঢ়িকোঁচাত টান মাৰি পলোৱা অৱয়বটো তাৰেই বুলি নাথ ছাৰে আজিও দৃঢ় বিশ্বাসেৰে কয়৷ কস্তুৰীৰ দেউতাক ‘নৰেন তপা’ক সদায় হেলিকপ্টাৰখন লেণ্ড কৰিবলৈ হেলিপেড বিছাৰি কৰা ফোনকেইটা তাৰ হোষ্টেলৰ কাষৰ পি চি অ’টোৰপৰাই যায়৷ পিছে তাৰ সন্মুখত ক’বলৈ কাৰো সাহস নাই৷ গতিকে সি সেইবোৰ পাত্তা দিব লগা বিষয় বুলি কোনোদিনেই ভবা নাই৷

পৰৱৰ্তী চৰিত্ৰ হ’ল দুই বান্ধৱী৷ একেবাৰে ফেচবুকত ‘মাহ বেষ্টী’ বুলি একেলগে ফটো দিব পৰা দুই বান্ধৱী৷ দুইজনীয়ে সকলো ছিক্ৰেট শ্বেয়াৰ কৰে, একেলগে বজাৰ, ৰেষ্টোঁৰা সকলোতে যায়৷ দুয়োৰে চেহেৰা বা সৌন্দৰ্য্য লৈ বিশেষ বৰ্ণনা কৰি লাভ নাই৷ কাৰণ ল’ৰাটোৱে ভাবে যে নাৰী মানেই সুন্দৰ৷ আৰু এই গল্পটো যিহেতু ল’ৰাটোৰ গতিকে সি কি ভাবে সেয়াহে জৰুৰী৷ তথাপি পুৰুষ পঢ়ুৱৈ কেইজনমানৰ মন কুটকুটাই থাকিব বুলি ভাবি চমুকৈ কৈ থ’লো, ছোৱালী দুজনী ধুনীয়াতেই পৰে৷ বিশেষকৈ প্ৰথমজনীৰ দুই গালত পৰা ডিম্পল দুটাক লৈ ইতিমধ্যে কলেজতে  অফিচিয়েলী বাৰটা কবিতা ৰচনা হৈ গৈছে৷ বিশ্বাসযোগ্য সূত্ৰৰ মতে আনঅফিচিয়েল কবিতাবোৰৰ এটাৰ ৰচক কলেজৰেই তালুকদাৰ ছাৰ৷

কিছুদিন আগতে ল’ৰাটোৰ অলপ সমস্যা চলি আছিল৷ তাতে আকৌ দুখনত বেক লগাৰ পিছত দেউতাকেও এক্সট্ৰা টকা পঠিয়াবলৈ বন্ধ কৰিছে৷ গতিকেই সমস্যাবোৰ লাহে লাহে বাঢ়িবলৈ ধৰিছে৷ কিন্তু এতিয়া লাহে লাহে সমস্যাবোৰৰ লগত সি এডজাষ্ট হ’ব পাৰিছে, মানে হ’ব লগাত পৰিছে৷
সেই সময়তে দুই বান্ধৱীৰ লগত তাৰ কথা-বাৰ্তা বাঢ়ি যায়৷ মৰেল ছাপৰ্ট, মিঠা মিঠা কথা- আবদাৰ, ওচৰৰ অফিচটোৰ ৱাই ফাই পাছৱৰ্ড চুৰি কৰি কৰা ৰাতিৰ সেই উজাগৰী চাটিং আদিৰ মাজেৰে  তিনিওৰে মাজত দুটা সম্পৰ্ক গঢ় লৈ উঠে৷ বৰ্তমান সম্পৰ্ক দুটা এনে এক পৰ্য্যায় গৈ পাইছে যে তাৰ নামকৰণ অতি জৰুৰী হৈ পৰিছে৷ তাৰ বাবে জৰুৰী নহলেও আইদেউহঁতৰ বাবে৷

ধৰি  ল’লো ল’ৰাটোৰ নাম ‘ক’ আৰু ছোৱালী দুজনীৰ নাম ‘খ’ আৰু ‘গ’৷ প্ৰশ্ন উঠিব পাৰে এনে অদ্ভূত নাম দিয়াৰ কি দৰকাৰ৷ ইয়াৰ উত্তৰ হৈছে মই দিবলৈ একো ভাল নাম বিছাৰি পোৱা নাই বা মোৰ নাম দিবলৈ মন যোৱা নাই৷ এনেকুৱাও হ’ব পাৰে যে ল’ৰাটোৰ নাম দিলে আমাৰ আড্ডাৰ ‘বগা শগুণ’ বা ছোৱালীদুজনীৰ নাম দিলে হেদায়েৎপুৰৰ ৰিজুলদা আৰু কছাৰী বস্তিৰ ৰতনে মোক মিহি মিহিকৈ বজাই যাবও পাৰে৷

এতিয়ালৈ মিহি মিহিকৈ গঢ় লৈ উঠা সম্পৰ্ক দুটা হ’ল,
– ক আৰু খ ৰ মাজত৷
– ক আৰু গ ৰ মাজত৷

কিছুদিন পিছত ৰাতি ফেচবুকত চাটিং কৰি থাকোতে ‘ক’ই ‘খ’ৰপৰা এক দিব্যজ্ঞান লাভ কৰিলে৷ ‘গ’ই হেনো কৈছে যে ‘ক’ ল’ৰাটো বৰ ভাল নহয়৷ চাৰিওফালে এফেয়াৰেই এফেয়াৰ৷ গতিকে তাই ‘খ’ই যেন ‘ক’ৰ লগত বেছি সম্পৰ্ক নাৰাখে৷ নৰখাটোৱেই মঙ্গল৷

দুদিন পিছত ‘গ’ৰ মেছেজ৷ ‘খ’ই হেনো তাইক ‘ক’ৰ লগত বেছি ঘূৰিবলৈ মানা কৰিছে৷ ‘ক’ বৰ সুবিধাৰ নহয়৷ ইনবক্স চেনী খোৱাত ‘ক’ সিদ্ধহস্ত৷

গোটেই ঘটনা এইবাৰ চি এফ এল বাল্বৰ পোহৰৰ দৰে পৰিষ্কাৰ হৈ পৰিল৷ মিচিকিয়াই হাঁহি দুয়োকে একেলগে ইনবক্স কৰে,
” হাই ডিয়েৰ “৷

উত্তৰ দুয়োফালৰপৰাই আহিল, আগৰদৰেই৷ পাৰ্থক্য কেৱল এটাই৷ দুয়োজনীয়ে এইবাৰ তাৰ কথা গোপনে ৰাখিলে৷

সময়বোৰ পাৰ হয়৷ সম্পৰ্কৰ চোক বাঢ়ি আহে৷ এক জানুৱাৰীত দুয়ো ‘ক’ৰ সৈতে বাহিৰলৈ ওলাই যোৱাৰ ইচ্ছা ব্যক্ত কৰে৷ প্ৰস্তাৱ শুনি ‘ক’ বিমোৰত পৰে৷ অৱশেষত বহুত ভাবি চিন্তি সি সন্মতি দিয়ে৷ সময় স্থান সকলো তাৰ পচন্দৰ৷ খেলিমেলিৰ কোনো অৱকাশ ৰাখিব বিছৰা নাই সি৷ তাৰ পচন্দৰ ৰং নীলা, আৰু সি নাৰীক শাৰী পিন্ধিলে খুব ধুনীয়া দেখে৷ সেই গধূলিয়েই দুই বান্ধৱীক একে সময়ত বেলেগ বেলেগ ঠাইত দেখা গ’ল৷ ‘খ’ক ফাঁচী বজাৰত আৰু ‘গ’ক দেখা গ’ল পেন্টালুনত৷ উদ্দেশ্য একেই৷ মেটচিং কাণফুলি৷

এক জানুৱাৰীৰ দিনা সময়মতে আহি নিৰ্দিষ্ট স্থানত ‘খ’ হাজিৰ হয়৷ ‘খ’ৰ মন থৌকিবাথৌ৷ আজি তাইৰ জন্মদিন৷ পুৱাৰপৰা ‘থেংক ইউ’ কৈ কৈ ঠাণ্ডাত ফটা ওঁঠ দুটাৰ বিষ উঠি গৈছে, কিন্তু মন ভৰা নাই৷ হোৱাটচ্ আপত এক জিবি মান কেক জমা হৈছে, কিন্তু খাবলৈ ভাগ্যত এটা বুন্দিয়াৰ লাড্ডুও এতিয়ালৈ পোৱা নাই৷ তথাপি তাই চুপাৰ এক্সাইটেড্৷ কাৰণ আজি ‘ক’ই জন্মদিনৰ বিশেষ উপহাৰ দিয়াৰ প্লেন কৰিছে৷ চাওঁতে চাওঁতে আধা ঘণ্টা পাৰ হ’ল, ‘ক’ৰ খবৰ নাই৷ ফোন তেতিয়াৰপৰা ৱেইটিং৷ এনেই থকাতকৈ বয়জ হোষ্টেলৰ টেংকিটোৰ ওচৰত থাকি নোদোকা হোৱা গাহৰিটোৰদৰে মুখ জোঙা কৰি ছেলফি এখন লোৱাৰ যো-জা কৰোঁতেই  ‘গ’ আহি তাইৰ সন্মুখত হাজিৰ হয়৷ পিন্ধনত প্ৰায় একেই শাৰী, একেই কাণফুলি৷ যোৱাবাৰ ‘গ’ৰ জন্মদিনৰ দিনা দিনটো একেলগে সময় কটোৱাৰ পিছত একে দোকানৰপৰা দুয়ো কিনা শাৰী৷ সৰুসুৰা ঝটকা লাগিলেও  একতা কাপুৰৰ ছিৰিয়েলৰ হিৰ’ইনৰদৰে দুয়ো নিজকে চম্ভালি ল’লে৷ ফলস্বৰূপে লগে লগে ফেচবুকত আপডেট আহি গ’ল,
” ছেলফি উইথ মাহ বেষ্টী “৷ সাইলাখ কাট্ৰিনা- কৰীণা৷ বয়জ হোষ্টেলে দিয়া মাইকী গাহৰি দুজনীৰ নাম৷

কিছু সময় দুয়ো দুয়োকে চালে-বেৰে কোবোৱা উত্তৰ দিলেও উভয়ৰে পৰ্দা ফাছ কৰিবলৈ দুয়োকে বেছি সময় নালাগিল৷ প্ৰতি বছৰে দুয়ো এক জানুৱাৰীত দৌলগোবিন্দলৈ যায়৷ কিন্তু এইবাৰ!!!!

‘ক’ সেই তেতিয়াৰপৰা ৱেইটিঙত৷ তাৰ মাজতে কেতিয়া দুয়োৰে ফটোখন লাইক কৰিলে দুয়োজনীয় পাত্তাই নাপালে৷ ‘খ’ৰ যোৰহটীয়া আৰু ‘গ’ৰ নলবৰীয়া গালিৰ ফ্ৰিকুৱেন্সী একদম মিলি গ’ল৷  হেঁপাহ পলুৱাই দুয়ো মিলি ‘ক’ক গালি পাৰি তাৰ চৈধ্য গোষ্ঠী উজাৰি একেলগে চিঞৰি উঠে,
– অ’ই অটো, দৌলগোবিন্দলৈ যাবা?

দুয়ো অটোৰ ভাড়াৰ দৰদাম কৰি থাকোঁতেই সেই সুযোগতে ওচৰৰে নিৰঞ্জন দোকানীয়ে বহুদিনৰপৰা চাফা কৰিবলৈ সময় নোপোৱা কণামাকৰিখিনি সৰুৱাই ল’লে৷ অৱশেষত নিৰঞ্জনৰ কণামাকৰি আৰু  অটোৱালাৰ কাণৰ পৰ্দা খহাই দুয়ো দৌলগোবিন্দলৈ যাত্ৰা আৰম্ভ কৰিলে৷

দুয়োকে অটোত উঠি গুছি যোৱা দেখি ‘ক’ ৰাস্তাৰ সিপাৰে থকা চাহ দোকানখনৰপৰা ওলাই আহে৷ আজি ট্ৰিপল চেলিব্ৰেচন, এতিয়া খানাপাৰালৈ যোৱাৰহে কথা৷ এনেই এক জানুৱাৰী বুলি কোৱাৰ্টাৰ এটা খোৱাটো নিয়মতে পৰে৷ তাতে আকৌ ‘খ’ আৰু ‘গ’ৰ পুনৰমিলন৷

তথাপি বেছি খৰছ কৰি পেলোৱাটো উচিত নহ’ব নেকি? ফোনৰ সিপাৰে থকা হট ‘ঘ’জনীয়ে বা আজি গধূলিলৈ কিমান টকাৰ ঝটকা দিয়ে৷ আইদেৱে দেখোন মেইনলেণ্ড চাইনাৰ তলত কথাই নকয়!!!

এইফালে আকৌ অহা মাহত বৰ্মন ছাৰ হোষ্টেল ৱাৰ্ডেন হৈ আহিব বুলি মাৰ্কেটত খবৰ আছে৷ সেই পাঁচ বছৰ আগতেই দেখা জীয়েকজনী এতিয়ালৈ বৰ এজনী হৈছে চাগে৷ চেহ তাইৰ নামটোৱেই মনত নপৰা হ’ল নহয়৷ এ নাম বাদ দে৷ কিবা এটা নাম দি ল’লেই হ’ল….. যেনে, ‘ঙ’!!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!