“কাব্য সাহিত্য বিশেষ” – ভুলৰ অৰণ্য (বিচিত্ৰ বৰদলৈ)

“কাব্য সাহিত্য বিশেষ”

ভুলৰ অৰণ্য

 

 

 

নঙলাৰ শলখা খুলি ওলাওতেই ভুল হ’ল

ভুল বাটে আহিলোঁ

ভুল চহৰত সোমালোঁ

ভুল ঠিকনা লৈ ভুল দুৱাৰত টোকৰ দিলোঁ

 

ভুলেৰে ভুলবোৰ আঁতৰালোঁ

ভুলেৰে ভুলবোৰ শুধৰালোঁ

ভুলৰ কথা ভুলকৈ কৈ বুকুৰ ইপাৰে সিপাৰে ভুলবোৰ গুজি দিলোঁ

 

ভুলবোৰ এতিয়া আৰু ভুল নহয়

ভুলবোৰ এতিয়া ফুল হ’ল

ফুলৰ পৰা ফল

ফলৰ পৰা বীজ

বীজৰ পৰা ঠাল ঠেঙুলি মেলি গছ হ’ল

 

গছবোৰে ইডালে সিডালক সাৱতি ধৰিলে

সাৱতি সাজিলে অৰণ্য , ভুল গছৰ অৰণ্য

গোটেই চহৰ খন আৱৰি এতিয়া ভুলৰ অৰণ্য

 

এতিয়া আৰু একো সমস্যা নাই

ভুল গছৰ ফল খাওঁ

ভুল গছৰ বাকলি পিন্ধি লাজ আঁতৰাওঁ

ভুল গছৰ ছাঁত বহি

ভুলৰ পাতৰ বিচনীৰে দেহা শীতলাওঁ

 

ভুলৰ অৰণ্যত এতিয়া মই থাকোঁ

ভুলৰ অৰণ্যত এতিয়া তেওঁ থাকে

ভুলৰ অৰণ্যত এটা ভুল বেলি , এখন ভুল নদী

ভুল এখন আকাশ থাকে

ভুলৰ অৰণ্যত এটা জীৱন থাকে

ভুলৰ অৰণ্যত দুটা জীৱন থাকে

একলা দুকলা কৈ

থুনুক-থানাককৈ

অসংখ্য ভুলৰ জীৱন

ভুলৰ অৰণ্যত নিতৌ বাঢ়ি আহে…………………….

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!