“কাব্য সাহিত্য বিশেষ” – মদিৰা আৰু সোঁৱৰণী পুৰণি হলেই ভাল (যামিনী অনুৰাগ)

“কাব্য সাহিত্য বিশেষ”

মদিৰা আৰু সোঁৱৰণী পুৰণি হলেই ভাল

 

(১)

অলেখ সতেজ উলাহৰ দৰে তুমি

স্মৃতিৰ দৰে অতীতৰ বতাহত উৰে তোমাৰ চুলি

 

আবেলিবোৰ সুৰময় হলেই গুছি আহা তুমি

কোনে কলে অতীত মানে মাথো সোঁৱৰণী বুলি-কোনে কলে

 

এতিয়াৰ দৰেই সজীৱ বহু অতীত

মদিৰা আৰু সোঁৱৰণী পুৰণি হলেই ভাল

(২)

বৰ আলফুলে সাঁচি থোৱা আছে

কিছু সুৰময় দিন

বুকুখন নিজান হলেই খুলি লওঁ সোৱৰণীৰ খিৰিকী

বতাহৰ স’তে উৰি আহে তোমাৰ গান

 

পুৱতি নিশাই সাঁৰ পালো আজি

তোমাৰ প্ৰিয় কবি অঘৰী হ’ল আজি কিছুপৰ ধৰি

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!