কুংফু পাণ্ডা- বিকাশ দত্ত

এদিন নিজৰেই পোষ্ট এটাত লিখিছিলোঁ, “কিতাপ খুব কম পঢ়িছোঁ আৰু চিনেমা বহুত চাইছোঁ। চিনেমাৰ পৰাই মই নজনা কথা শিকিছোঁ।”
২০১০ মানত ইণ্টাৰনেট অসমত খুবেই নতুন। নৱজাতক বুলিও ক’ব পাৰি। এয়াৰচেলৰ ১৪ টকীয়া নেটপেকৰ যুগ তেতিয়া। খুব সীমিত ইণ্টাৰনেট গতিৰ বাবেই হয়তো এতিয়াৰ দৰে হলিউদৰ ছবিসমূহে অসমত সিমান প্ৰচাৰ লাভ কৰা নাছিল। কিন্তু ২০০৯ চনত অস্কাৰ বঁ‌টা অনুষ্ঠানটো চাবলৈ পাইছিলোঁ চোতালৰে বৰমাহঁ‌তৰ টিভিত। ভালদৰে মনত আছে Best Animated Feature শিতানত মনোনয়ন লাভ কৰা Kung Fu Panda ৰ নামটো। চিনেমাৰ প্ৰতি আকৰ্ষণ আগৰে পৰাই আছিল আৰু এনিমেটেড ছবিবোৰ এনেও প্ৰিয়ই আছিল। Toy Storyখন মই ক’লা বগা টিভিতেই চোৱা মনত আছে। তাত আগতে Disney ৰ বিভিন্ন ছবিও দূৰদৰ্শনত দিছিল। বাৰু Kung Fu Panda লৈ আহোঁ।

আচলতে Kung Fu Panda ৰ বিশেষত্ব আছিল ইয়াৰ নিৰ্মাণশৈলী। ইয়াৰ পূৰ্বে সচৰাচৰ এনিমেছন ছবিবোৰ কমেডি, ড্ৰামা, বা পাৰিবাৰিক পটভূমিত নিৰ্মিত হৈছিল। বিশেষকৈ Disney Pixar ৰ Finding Nemo, Toy Story, Dreamworks ৰ Shrek ৰ ছবিসমূহ ইত্যাদি। কিন্তু Kung Fu Panda ৰ নিৰ্মাণ আছিল অনন্য। ধুনীয়া প্ৰডাকছন ডিজাইন, চেট ডেক’ৰেছন, আৰু চীনৰ সংস্কৃতিৰ উপস্থাপন। ইয়াৰ ভিতৰত কুং ফুৰ একছন দৃশ্যাংশসমূহ, চৰিত্ৰসমূহ নিজৰ মাতেৰে আৰু সুন্দৰকৈ ফুটাই তোলা জেক ব্লেক, এঞ্জেলিনা জ’লী, ডেভিড ক্ৰছ, ডাষ্টিন হফমেন, চেথ ৰ’গেন, লুচী লিউ আৰু জেকী চানৰ ভইচ অ’ভাৰ, হান্স জিমাৰ আৰুজন পাৱেলৰ সুন্দৰ সংগীত আৰু আটাইতকৈ সুন্দৰ আৰু ছবিখনৰ মূল চালিকা শক্তি, ইয়াৰ কাহিনী আৰু চিত্ৰনাট্য। জনাথন এইবেল আৰু গ্লেন বাৰ্জাৰৰ সুন্দৰ চিত্ৰনাট্যৰ বাবেই Kung Fu Panda ক শিশুৰ লগতে প্ৰাপ্তবয়স্কসকলেও খুবেই বেছি পছন্দ কৰিছিল। ২০০৮ ত প্ৰথমখন আৰু ২০১১ তথা ২০১৬ ত ক্ৰমে Kung Fu Panda 2 আৰু Kung Fu Panda 3 য়ে মুক্তিলাভ কৰে।

Kung Fu Panda ছিৰিজৰ প্ৰথমখন ছবিত মাষ্টাৰ উগুৱে (এটা গেলাপগাছ কাছ) ৰ বহুকেইটা সংলাপে মোৰ মনত এক বিশেষ সাঁচ পেলাইছিল। প্ৰথমতে হৃদয়ংগম কৰিবলৈ অসুবিধা হৈছিল যদিও ডাঙৰ হওঁ‌তে হে বুজিলো যে Kung Fu Panda ৰ বহুকেইটা দৃশ্যাংশ আৰু সংলাপৰ গভীৰতা আচৰিত।
যেতিয়া প’ (মূল চৰিত্ৰ, এটা পাণ্ডা) ই কুংফু শিকিব নোৱাৰি দুখমনে বহি থাকে, তেতিয়া মাষ্টাৰ উগুৱে কয়, “Yesterday is history, tomorrow is mystery, but today is a gift, that is why its called present.”
আকৌ চিফু (উগুৱেৰ শিষ্য আৰু পাণ্ডাৰ গুৰু) ৱে পাণ্ডাক লৈ উদগ্ৰীৱ হৈ থাকে কাৰণ চিফুৰ মতে পাণ্ডাই কুংফু নাজানে আৰু উগুৱে তাক কেৱল দুৰ্ঘটনাক্ৰমেহে বাছনি কৰে Dragon Warrior হিচাপে, তেতিয়া উগুৱে চিফুক বুজায়,
“There are no accidents. Promise me Shifu, promise me you will believe.”
আৰু উগুৱে সমাধিস্থ হয়।
মই উক্ত ভিডিঅ’ৰ লিংকটো তলত দিছো। এবাৰ নিশ্চয় চাব। পাৰিলে আপোনালোকৰ ঘৰৰ শিশুসকলক এই ছবিকেইখন চাবলৈ কওঁ‌ক। খুব ভাল ছবি তিনিওখন। এই আটাইকেইখনেই সকলো বয়সৰ সকলো ব্যক্তিকেই মানসিকভাৱে সবল কৰি তোলা ছবি। বৰ্তমানৰ প্ৰতিযোগিতামূলক জগতত, য’ত কোনেও দ্বিতীয় হ’বলৈ নোখোজে, প্ৰথমহে হ’ব খোজে, য’ত শিশুসকলৰ ওপৰত আমি ইমানেই বোজা দি দিওঁ‌ যে তেওঁলোকে নিজেও অসমৰ্থ হ’বলৈ নোখোজে, অপ্ৰাপ্তিখিনিৰ পৰা শিক্ষা লোৱাৰ সলনি সেইখিনিক অভিশাপ হিচাপে লৈ লয়, ছবিখনত পাণ্ডাইও সেই আটাইবোৰ সমস্যাৰেই সন্মুখীন হয়। কিন্তু নিজৰ একান্ত সাধনা আৰু গুৰুৰ ভৰসাৰ বাবেই পাণ্ডা এটা সময়ত বিশ্বৰ শ্ৰেষ্ঠ কুংফু যোদ্ধা, The Dragon Warrior ৰ উপাধি লাভ কৰিবলৈ সক্ষম হয়।
ভিডিঅ’ লিংকঃ
https: //youtu.be/hYAQtEs2Img

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!