দুখন চিনেমা আৰু কিছু সমাজ বাস্তৱতা-অজয় কুমাৰ ৰয়

লিখিবলৈ বিচাৰিছোঁ দুখন অস্কাৰ বিজয়ী চিনেমাৰ কথা। এয়া চিনেমা দুখনৰ সমালোচনা নহয়, এগৰাকী সাধাৰণ দৰ্শক হিচাপে চিনেমা দুখন উপভোগ কৰাৰ পিছত মনৰ মাজত বাহ লোৱা অনুভৱখিনিহে বেকত কৰিবলৈ বিচাৰিছোঁ আপোনালোকৰ মাজত। সম্প্ৰতি বিভিন্ন সামাজিক মাধ্যমত ছবিজগতৰ বিভিন্ন আলোচনা- সমালোচনা সুলভ হৈ পৰিছে। অস্কাৰ বিজয়ী চলচ্চিত্ৰসমূহ সাধাৰণতে আৰু অধিক পৰিমাণে চৰ্চিত হয়। তাৰ মাজতে এই আলোচনা হ’ব নিন্তান্তই এক ব্যক্তিগত পৰ্যালোচনা।
ছবি দুখনৰ এখন ২০১৯ ৰ অস্কাৰ জয়ী জোৱাকুইনচ্ ফণিক্স অভিনীত আৰু টড ফিলিপছ পৰিচালিত ‘জোকাৰ’ আৰু আনখন ২০২০ চনৰ বং জ’ হো পৰিচালিত অস্কাৰ জয়ী কোৰিয়ান চিনেমা ‘পেৰাচাইট’। ইয়াৰে জোকাৰে শ্ৰেষ্ঠ অভিনেতা আৰু সংগীতৰ শিতানত দুটাকৈ অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ‘পেৰাচাইটে’ শ্ৰেষ্ঠ বিদেশী ভাষাৰ কথাছবিৰ সন্মানকে ধৰি মুঠ চাৰিটা অস্কাৰ আঁজুৰি আনিবলৈ সক্ষম হৈছিল। সাধাৰণতে বঁটা বিজয়ী চিনেমাৰ ক্ষেত্ৰত বহুলোকৰ মনোভাৱ ভিন্ন ধৰণৰ হোৱা পৰিলক্ষিত হয়। বঁটা জয়লাভ কৰা মানেই এখন চিনেমাৰ সৰ্বজনগ্ৰাহ্যতাক হয়তো লাভ কৰা নুবুজায়। কিন্তু তাৰ মাজতো কি কাৰণত ব্যতিক্ৰম ‘জোকাৰ’ আৰু ‘পেৰাচাইট’? ছবি দুখনৰ কাহিনী আৰু নেৰেটিভৰ মাজেৰে বিচাৰ কৰিলে ওলাই পৰে ছবি দুখনে ক’ব খোজা কিছু সমাজ বাস্তৱতা আৰু শ্ৰেণী চেতনাৰ। যুগ যুগ ধৰি সমাজ আৰু ব্যক্তিৰ অৱজ্ঞাই এচাম লোকক ঠেলি দিয়া অন্ধকাৰ গৰ্ভৰ কথা। কব খোজা হৈছে একেখন সমাজতে বাস কৰি একেই হাৱা পানী খাই থকাৰ পিছতো থকা বিশাল শ্ৰেণী বৈষম্যৰ।
প্ৰথমতে আমি আগবাঢ়ি যাওঁ আহক গোথাম চিটিৰ মাজলৈ। য’ত মুখত ৰঙীন ৰং সানি ঘূৰি ফুৰিছে ‘জোকাৰ’।
জোকাৰঃ
‘মই আশা কৰোঁ মোৰ জীৱনতকৈ মোৰ মৃত্যুই কিজানি লাভ কৰিব অধিক মূল্য। ’
এগৰাকী মানসিক ৰোগী, যিগৰাকীয়ে নিয়মিত হাজিৰ হ’ব লাগে চিকিৎসকৰ ওচৰত, সেই গৰাকী মানসিক সন্তুলনহীন লোকৰ বিশৃংখল দিনলিপিৰ পৃষ্ঠাত লিখি থোৱা আছিল সেই কথাষাৰ। আৰ্থাৰ ফ্লিক। শৈশৱৰ যন্ত্ৰণাময় সময়ৰ উপলব্ধি, জীৱনত নিজকে প্ৰতিষ্ঠা কৰাৰ সীমাহীন বিফল প্ৰচেষ্টা আৰু এখন ক্ৰমাৎ জহি খহি যাব ধৰা চহৰ। আৰ্থাৰ ফ্লিকৰ জীৱন আছিল সেয়া। নিজৰ ৰুগীয়া মাতৃৰ পৰিচৰ্যাৰ মাজতে যিয়ে সপোন দেখে এগৰাকী সফল ষ্টেণ্ড আপ কমেডিয়ান হোৱাৰ আৰু নিজৰ আদৰ্শ কমেডিয়ানগৰাকীৰ টেলিভিছনত সম্প্ৰচাৰিত অনুষ্ঠান চাই নিজেও সপোন দেখে ঠিক তেনেকুৱাই এজন হোৱাৰ। আৰ্থাৰ নিয়মিত যাব লগা হয় মানসিক চিকিৎসকৰ ওচৰলৈ, নিজৰ মানসিক অস্থিৰতাক দমন কৰিবলৈ যিজনে বিচাৰে অধিক পৰিমাণৰ ঔষধৰ বড়ি। নিজৰ মাজতে আচৰিত এক হাঁহি মাৰে আৰ্থাৰে। সেই হাঁহি আৰু অপ্ৰাকৃতিক আচৰণৰ বাবে জোকাৰৰূপী আৰ্থাৰ হৈ পৰে সমাজৰ পৰা অৱলেহিত। কিন্তু তাৰ পিছতো কাৰোবাৰ পৰা মৰম বিচাৰে, বিচাৰে প্ৰেম ভালপোৱা। কিন্তু সেয়া সম্ভৱ হৈ নুঠে নিজৰ মানসিক অস্থিৰতাৰ কাৰণে।
ইফালে আৰ্থাৰৰ ‘গোথাম’ চহৰত চলি আছে চৰম নৈৰাজ্য। চহৰৰ ফুটপাথত দম বান্ধি থোৱা আৱৰ্জনা, শাসকৰ প্ৰতি জনতাৰ বিদ্ৰোহৰ উকমুকনি আৰু মুখাধাৰী ক্ষোভিত জনতাৰ ৰণচালি। এইধৰণৰ এক নৈৰাজ্যময় পৰিবেশৰ মাজত যেতিয়া এগৰাকী মানসিক সন্তুলনহীন ব্যক্তিয়ে চহৰত নিজকে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম চলাই যায়, কেনেদৰে সফল হ’ব তেওঁ? দুখক একাষৰীয়া কৰি সামান্য পাৰিশ্ৰমিকৰ বিনিময়ত মুখত জোকাৰৰ ৰং সানি আৰ্থাৰে গোথাম চহৰৰ ৰাজপথত বিজ্ঞাপন চলায়। অথচ চহৰখনে তেওঁক একো নিদিয়ে। দিয়ে সীমাহীন যন্ত্ৰণা আৰু বিষেদগাৰ। নিজৰ খাপ নোখোৱা জোতাযোৰ খাপ খুৱাই মিলিব বিচাৰে তেওঁ সমাজৰ লগত। কিন্তু অৱজ্ঞা আৰু বিফলতাৰ মেৰপাকত পৰি জোকাৰৰূপী আৰ্থাৰ ক্ৰমাৎ গতি কৰে এগৰাকী জিঘাংসু হত্যাকাৰীৰ ৰূপত। অথচ আৰ্থাৰে নিজকে জোকাৰ সাজি হ’ব বিচাৰে এগৰাকী সৎ আৰু সফল মানুহ। কাৰণ মাকে শিকাইছিল যে জীৱনত প্ৰশয় দিব নালাগে দুখক, হাঁহিৰে পাৰ কৰিব লাগে জীৱন। কিন্তু সকলো ভবাৰ দৰে হৈ নুঠে। এই আইৰণিটোৰ কাৰণেই জোকাৰৰ হাত হৈ উঠে ৰাঙলী। ভাৱলেশহীনভাবে জোকাৰে চলন্ত ৰেলত সংঘটিত হোৱা এক ঘটনাৰ বাবে গুলীয়াই হত্যা কৰে তিনিজন লোকক। কোনো অভিব্যক্তি নাই মুখত। তাৰ পিছত নিয়মিত জীৱন সংগ্ৰাম। টেলিভিছনৰ কমেডি অনুষ্ঠান। কোনোবা এদিন এগৰাকী শুভাকাংক্ষীয়ে আৰ্থাৰৰ হাতত তুলি দিছিল এটা পিস্তল। সেয়া আছিল নিন্তান্তই নিজৰ বাবে কৰা নিৰাপত্তাৰ ব্যৱস্থা। কিন্তু ঘটনাক্ৰম সেই শুভাকাংক্ষীজনে ভবাৰ দৰে গতি নকৰিলে। তাৰ পিছত এটাৰ পিছত আন এটা হত্যাকাণ্ড আৰু শেষত নিজৰ আদৰ্শ পুৰুষগৰাকীক টেলিভিছনৰ লাইভ শ্ব’ত গুলীয়াই হত্যা।
যিসকল চিনেমা অনুৰাগীয়ে ইতিমধ্যে ক্ৰীষ্ট্ৰোফাৰ ন’লানৰ “বেটমেন’’ ত্ৰিল’জি -বেটমেন বিগিনচ্, দ্যা ডাৰ্ক নাইটচ্ আৰু দ্যা ডাৰ্ক নাইটচ ৰাইচ্ ৰ সতে চিনাকি আছে তেওঁলোকে নিশ্চয় ডি চি কমিক্ছৰ জকাৰ আৰু ট’ড ফিলিপছ পৰিচালিত আৰু প্ৰযোজিত জকাৰৰ মাজত পাৰ্থক্য দেখিবলৈ পাইছে। দ্যা ডাৰ্ক নাইটচ্ ত হিথ লিডাৰে জোকাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ কথা নিশ্চয় নতুনকৈ ক’ব লগা নাই। ডাৰ্ক নাইটচত কৰা অনবদ্য অভিনয়ৰ বাবে তেওঁ লাভ কৰিছিল সন্মানীয় অস্কাৰ বঁটা। জোৱাকুইনচ্ ফণিক্সৰ জোকাৰ চিনেমাখনতো দেখুওৱা হৈছে থমাছ ওৱেনৰ দৰে মানুহবোৰৰ কাৰণে চহৰ নগৰত সৃষ্টি হোৱা অস্থিৰতাক। ব্যাপক পুঁজিবাদী ধ্যানধাৰণাৰ ধাৰক-বাহক থমাছ ওৱেনহ’তে অৱজ্ঞা কৰি চলিছে চহৰত দেখা দিয়া সৰ্বসাধাৰণ জনতাৰ বিদ্ৰোহক। তেওঁলোকে উপভোগ কৰিছে চেপলিনৰ কমেডি চিনেমা। খাইছে সু-স্বাদু খাদ্য। জনতাৰ প্ৰাপ্য দাবী আৰু অধিকাৰৰ প্ৰতি প্ৰশাসকৰ চৰম অৱজ্ঞাই দেখুৱাই দিছে এচাম পুঁজিপতিৰ ভোগ বিলাসিতা আৰু ইয়াৰ অন্যফালে সাম্প্ৰতিক সময়ত বিভিন্ন দেশত দেখিবলৈ পোৱা নৈৰাজ্যৰ ছবিখন।
সেই কাৰণেই আৰ্থাৰ ফ্লিকৰ দৰে মানসিক ভাবে অসুস্থ লোকসকল হৈ উঠে নৰহত্যাকাৰী। কিন্তু আৰ্থাৰ মানসিকভাৱে অসুস্থ কাৰণে হৈ উঠা নাই হত্যাকাৰী। সমাজ আৰু সমাজৰ এক শ্ৰেণীৰ অৱজ্ঞা আৰু স্বীকৃতি নিদিয়াৰ মানসিকতাৰ কাৰণে তেওঁ পৰিণত হৈছে হত্যাকাৰীৰ ৰূপত। টেলিভিচন শ্ব’ত আৰ্থাৰক লৈ কৰা ঘৃণা মিশ্ৰিত ৰগৰত ভাগি পৰিছে আৰ্থাৰ। তেওঁৰ আদৰ্শ পুৰুষগৰাকীয়েই যেতিয়া কমেডি অনুষ্ঠানত কৰি পেলায় তেওঁক হাঁহিয়াতৰ পাত্ৰ, তেতিয়া আৰ্থাৰ ফ্লিক হৈ পৰে নিজৰ ওচৰতেই অসহজ।
শেষত চলন্ত টেলিভিছনৰ অনুষ্ঠানত যেতিয়া গুলীয়াই হত্যা কৰে নিজৰ আদৰ্শপুৰুষগৰাকীক তাৰ পিছতে এণ্টি হিৰোৰ পৰা হিৰো হৈ উঠে জোকাৰ। চহৰত অব্যাহত আছিল তেতিয়া অজস্ৰ মুখাধাৰী বিদ্ৰোহী জনতাৰ ৰণচণ্ডী ৰূপ। সেই ভিৰত বিদ্ৰোহী জনতাৰ কাৰণে জোকাৰ হৈ উঠে বিপ্লৱৰ প্ৰতীক। মুখত তেজৰ ৰং সানি সেই স্বভাৱজাত হাঁহি মাৰি দুহাত মেলি দি জোকাৰ হৈ উঠে বিপ্লৱ আৰু আদৰ্শৰ প্ৰতীক।
আমাৰ সমাজব্যৱস্থা এনেদৰেইটো চলি আছে? সৰ্বসাধাৰণ জনতাক শাসক আৰু উচ্চ শ্ৰেণীৰ এচামে কৰা অৱজ্ঞা অনাদৰ এইবোৰেই বৰ্তি আছে আমাৰ সমাজত। জোৱাকুইন ফণিক্স অভিনীত জোকাৰে আপোনাৰ মনতো প্ৰশ্ন তুলিব পাৰে—চিৰদিন আমি জোকাৰৰ দৰে মুখত ৰং সানি সকলো সহি গৈ অৱলেহিত হৈ থাকিমনে বিদ্ৰোহী জোকাৰৰ ৰূপ ধৰি মুখত সানি লম ৰক্তৰ ৰং।
অথচ জোকাৰ আছিল অনাদৰ আৰু অৱজ্ঞাৰ এক চৰিত্ৰ। জোকাৰে হাঁহিছিল কিন্তু সেই হাঁহিক কোনোদিনেই সমাজে গুৰুত্ব নিদিলে। যাৰ কাৰণে ষ্টেণ্ড আপ কমেডিয়ান হ’ব খোজা আৰ্থাৰ হৈ পৰে ঘাতক।
পৰিচালকে দাঙি ধৰিব খোজা এটা চিৰন্তন বিষয়ৰ সত্যক তুলি ধৰাত পূৰামাত্ৰেই সফল হোৱা বুলি কব পাৰি। আমাৰ সমাজব্যৱস্থা এনেদৰেইতো চলি আছে। সৰ্বসাধাৰণ জনতাক শাসক আৰু উচ্চ শ্ৰেণীৰ এচামে কৰা অৱজ্ঞা অনাদৰ এইবোৰেই বৰ্তি আছে আমাৰ সমাজত। জোৱাকুইনচ্ ফণিক্স অভিনীত জোকাৰে হয়তো আপোনাৰ মনতো প্ৰশ্ন তুলিব পাৰে—চিৰদিন আমি কি জোকাৰৰ দৰে মুখত ৰং সানি সকলো সহি গৈ অৱলেহিত হৈয়েই থাকিমনে নে বিদ্ৰোহী জোকাৰৰ ৰূপ ধৰি মুখত সানি লম ৰক্তৰ ৰং?

পেৰাচাইটঃ
শ্ৰেণী সংগ্ৰাম তত্ত্বৰ একেবাৰে নিমজ আৰু চিধা প্ৰকাশেই হ’ল সমাজত ধনী আৰু দুখীয়াৰ প্ৰভেদৰ তত্ত্ব। পৃথিৱীত মানৱ ইতিহাসৰ সেই চিৰন্তন সত্যটো হ’ল তিষ্ঠি থকাৰ ইতিহাস। এই তিষ্ঠি থকাৰ সংগ্ৰামেই সৃষ্টি কৰে মানুহৰ মাজত শ্ৰেণী বিভাজনৰ। ধনী আৰু দুখীয়াৰ। শ্ৰমিক-মজদুৰ আৰু পুঁজিপতিৰ। শ্ৰেণীহীন সমাজৰ কল্পনা বাস্তৱত পৰিণত হয় নে নহয় সেয়া আমি ক’ব খোজা নাই কিন্তু বাৰম্বাৰ আমি নস্যাৎ কৰি, সেই তত্ত্বক যিমানেই ডাষ্টবিনত পেলাবলৈ চেষ্টা নকৰোঁ কিয় পৃথিৱীত কিন্তু সংগ্ৰাম অব্যাহত আছে এই ধনী আৰু দুখীয়াৰ মাজতে। সেয়া লাগিলে পুঁজিপতিৰ দেশ আমেৰিকাতেই হওক কিম্বা ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষতেই হওক নাইবা একনায়কত্ববাদী শাসকৰ দেশ উত্তৰ কোৰিয়াতেই হওক। সংগ্ৰাম আৰু চেতনাৰ সৃষ্টি এই দুই শ্ৰেণীৰ মাজতেই হয়। সেয়ে হয়তো এখন কোৰিয়ান চিনেমাই দেখুৱাই দিয়া এই প্ৰভেদক লৈ সৃষ্টি হয় আমাৰ মাজত বিভিন্ন ভাৱৰ উকমুকনিৰ। সমস্যা সেই সকলোতে একেই। সংগ্ৰাম সপোন আৰু বাস্তৱৰ মৰ্মস্পৰ্শী পৰিণতিত আমি সকলোৱে আচলতে কিমান অসহায়। অথচ্ চকুৰ সন্মুখত দেখি থকা প্ৰগতি আৰু উন্নয়নৰ ছবিখনে আমাক দেখুৱায় অন্য এখন বিপৰীত ছবিহে। সপোন আমি দেখোঁ আৰু এচামে সপোন আমাক দেখুৱায়। তাতেই সৃষ্টি হয় নৈৰাজ্যৰ।
বং জো হো পৰিচালিত পেৰাচাইটত দেখুওৱা হৈছে দুটা পৰিয়ালৰ কাহিনী। এটা সজ পথেৰে অৰ্জা ধনেৰে ধনী পৰিয়াল আৰু আনটো গৰীৱ তথা বিভিন্ন সমস্যাৰে জৰ্জড়িত এটা পৰিয়াল যিটো পৰিয়ালৰ মূল সমস্যাই হৈছে আয়ৰ উৎস। পৰিয়ালৰ চাৰিটা প্ৰাণীৰ নাই কোনো চাকৰি। নাই কোনো আয়ৰ উৎস। নাইতো নাই মোবাইলৰ নেটৱৰ্কেও যেন ধৰা নিদিয়া হৈছে পৰিয়ালটোক। পৰিয়ালটোৱে ভৰসা কৰিছে ভাল দিন আনি দিব পৰা এচটা শিল পাথৰৰ ওপৰত। এয়া অন্ধবিশ্বাস, কিন্তু উপায়হীন হৈ ঘৰত সজাই ৰাখিছে মিৰাকল কৰি দিব পৰা শিলচটাক।
ঘটনা আগবাঢ়ি যায়। হঠাতে কিম পৰিয়ালটোলৈ আহি পৰে এটাৰ পিছত এটা ভাল খবৰ আৰু লাভ কৰে আয়ৰ উৎস। ঘটনাক্ৰমে কিম পৰিয়াল সংযুক্ত হৈ পৰে সেই ধনী আভিজাত্যপূৰ্ণ পাৰ্ক পৰিয়ালটোৰ লগত। পুতেক ঘৰুৱা শিক্ষক হিচাপে, কন্যা এগৰাকী চিত্ৰকলাৰ শিক্ষক হিচাপে, কিম নিজে গাড়ীচালক হিচাপে আৰু পত্নীয়ে চম্ভালি লয় পাকঘৰৰ দায়িত্ব। নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণে কিম পৰিয়ালে পেটত গোৰ মাৰে পূৰ্বৰ ৰান্ধনী আৰু গাড়ীচালকৰ। লুকুৱাই ৰাখে নিজৰ নিজৰ পৰিচয়। এনেদৰে আগবাঢ়ি যায়। শিলচটাই আনি দিয়া সৌভাগ্যৰ বাবে নিজৰ ঘৰৰ ডাইনিং টেবুলত কটায় হাঁহি ধেমালিৰ সময়।
কিন্তু সপোন আৰু বাস্তৱ সদায় একে গতিৰে আগবাঢ়ি নাযায়। কিম পৰিয়ালৰ সৌভাগ্যই বেছিদিন লগ নিদিলে অৱশেষত।
এদিন পাৰ্ক পৰিয়ালে লৰাছোৱালীহালক লৈ নিজে গাড়ী চলাই এৰাতি বাহিৰত থাকি লৰাৰ জন্মদিন উদযাপন কৰাৰ পৰিকল্পনাৰে ওলাই যায়। ঘৰ চম্ভালাৰ দায়িত্ব দি যায় কিম পত্নী ৰূপী ৰান্ধনীগৰাকীক।
সেই নিশা কিম পৰিয়ালৰ আটায়ে অভিজাত ঘৰখনত মৌজ মস্তি কৰি কটায়। দামী দামী বেণ্ডৰ সুৰা সেৱন, সুস্বাদু খাদ্যৰ জুতি ইত্যাদিৰ সোৱাদত উটি ভাঁহি যায়। সেই মৌজ মস্তি আড়ম্বৰপূৰ্ণ বিষয়ভোগ চলি থকাৰ মাজতে বৰ্ষণমুখৰ সেই নিশা দুৱাৰত কলিং বেল বাজে পাৰ্ক পৰিয়ালৰ পূৰ্বৰ ৰান্ধনীগৰাকীৰ। তাৰ পিছত ঘটনাই গতি কৰে অন্য ৰূপত। পূৰ্বৰ ৰান্ধনী মহিলাগৰাকীয়ে যথেষ্ট কাকূতি-মিনতি কৰি যেতিয়া ভিতৰত প্ৰৱেশ কৰে চিনেমাৰ ক্লাইমেক্স আৰম্ভ হয় তেতিয়াই। মহিলাগৰাকীৰ স্বামী সেই বিশাল গৃহৰ এক অন্ধকাৰ আৰু গোপন স্থানত লুকাই আছিল যোৱা চাৰি বছৰ ধৰি এক বিশেষ ধনৰ লেনদেনৰ সমস্যাত পৰি। অন্ধকাৰ কুঠৰীৰ স্বামীক তেওঁ যোগান ধৰিছিল নিয়মিত সামান্য খাদ্য কিন্তু যেতিয়াই চাকৰিৰ পৰা খেদাই দিয়া হ’ল তেতিয়াৰ পৰা স্বামীয়ে খাব পোৱা নাই খাদ্য। তাতেই কিম পৰিয়ালৰ লগত পূৰ্বৰ ৰান্ধনী দম্পতীৰ মাজত সৃষ্টি হয় সংঘৰ্ষ আৰু মৃত্যু হয় পূৰ্বৰ ৰান্ধনী মহিলাগৰাকীৰ। সকলো গোমৰ ফাঁক হৈ পৰে। হেন সময়তে এক পাকচক্ৰত পৰি ভ্ৰমণৰ পৰা উভতি আহে পাৰ্ক পৰিয়াল। মুষলধাৰ বৰষুণৰ মাজত লৰাটোৱে বাহিৰৰ ল’নত টেণ্টহাউচ পাতি সোৱাদ লয় বৰষুণৰ। কিবাকৈ কিম পৰিয়ালৰ অনাহুত তিনিগৰাকী সদস্য সেই ঘৰৰ পৰা পলাই আহি উপস্থিত হয় নিজৰ ঘৰত। কিন্তু সকলো শেষ হৈ গৈছিল। মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হৈছিল বান। ডুবাই পেলাইছিল কলনিৰ সকলো ঘৰ গৃহস্থী। কিম পৰিয়ালৰ সকলো নিশেষ হৈ যায় বানত। এফালে কাৰোবাৰ বাবে বৰষুণ হৈ উঠিছে উপভোগ্য আৰু আনন্দৰ উৎস আনফালে কাৰোবাৰ বাবে দুখ আৰু দুৰ্দশাৰ। কিম পৰিয়াল সেই নিশা চৰকাৰী আশ্ৰয় গৃহত লব লগা হয় আশ্ৰয়। পিচদিনা পাৰ্ক পৰিয়ালৰ লৰাৰ জন্মদিন উদযাপন হয় ধুমধামেৰে। মালিকে সৃষ্টি কৰা এক কাল্পনিক নাটকৰ মাজতে হঠাতে অন্ধকাৰ কুঠৰীত সোমাই থকা সেই ভুতৰূপী ৰান্ধনীৰ স্বামীগৰাকী প্ৰতিশোধ লোৱাৰ বাসনাৰে ওলাই আহি সংঘটিত কৰে এলানি হত্যাকাণ্ডৰ। নিজৰ লৰাৰ মনৰ মাজত সোমাই থকা ভুতৰ ভয়ক নাশ কৰিবলৈ গৈ নিজেই শেষ হৈ যায় পাৰ্ক পৰিয়াল। মূলত চিনেমখনৰ কাহিনী এইটোৱেই।
বং জো হ’ এগৰাকী চমৎকাৰ পৰিচালক। দুই পৰিয়ালৰ পেৰাচাইট চৰিত্ৰবোৰক বাস্তৱিক আৰু ৰুচিসন্মত ভাবে চিনেমাৰ মাধ্যমত তুলি ধৰিবলৈ কৰা প্ৰয়াসক বিশ্বৰ সকলো চিনে অনুৰাগীয়ে শলাগিবলৈ বাধ্য হৈছে। এনেকি চিনেমাখনৰ ছেট ডিজাইনতো ফুটি উঠিছে পৰিচালকৰ দক্ষতা।
পেৰাচাইট শব্দটোৰ তাৎক্ষণিক অৰ্থ যদি আমি বিচাৰ কৰোঁ তেন্তে এই কথাই বুজোঁ যে কিছু মানুহৰ জীৱন গতি আগুৱাই যাবলৈ প্ৰয়োজন হয় কাৰোবাৰ সহায় বা অনুগ্ৰহৰ। পৰনিৰ্ভৰশীল নতুবা অনুগ্ৰহত পাৰ কৰিব লগা জীৱনেই হ’ল আটাইতকৈ যন্ত্ৰণাদায়ক। কিন্তু এই দুই শ্ৰেণীৰ হা-হুতাহে এৰাই চলিব নোৱাৰে কোনো এটাকে। কোনোবাখিনিত নহয় কোনোবাখিনিত হয়তো সকলোৱে পেৰাচাইটৰ দৰে পাৰ কৰিবলগীয়া হয় জীৱন। কিন্তু সপোনৰ উচ্চাকাংক্ষাই যেতিয়া অতিক্ৰম কৰে সীমা, তেতিয়াই সৃষ্টি হয় সংৰ্ঘষৰ। কিম পৰিয়ালৰ উচ্চাকাংক্ষী মনোভাৱৰ কাৰণে শেষ হৈ পৰে তিনিটা পৰিয়াল। অথচ ইটোৱে সিটোৰ পৰা পৃথকীকৃত হৈ থকাৰ নাছিল কোনো তাত্ত্বিক কাৰণ। এফালে দৰিদ্ৰতাৰ বাবে লোৱা অসহজ পন্থা আনফালে আভিজাত্যৰ চেহেৰা সজীৱকৈ ৰখাৰ বাবে চলাই নিয়া নিজ পৰিয়ালৰ বিলাসী চৰিত্ৰ, দুয়োটাই সমানে জগৰীয়া। শ্ৰমিক বা সামান্য শ্ৰেণীৰ লোকসকলে জীৱন যুদ্ধৰ বাবে কৰিবলগীয়া হোৱা সংগ্ৰামবোৰ, জীৱনৰ কঠিন বাস্তৱতা আৰু আনফালে উচ্চ শ্ৰেণীৰ লোকৰ সম্পদ আহৰণৰ বাবে কৰা দৌৰাদৌৰিবোৰ–এয়াই চিনেমাখনত দেখুৱাই দিয়া শ্ৰেণী চেতনা। যদিও ছবিখনত পাৰ্ক পৰিয়ালক ভিলেইন সজোৱা হোৱা নাই তথাপি পাৰ্ক পৰিয়ালৰ জীৱন ধাৰণ পদ্ধতি আৰু সম্পদৰ আধিক্যই পৰোক্ষভাৱে দেখুৱাই দিছে সমাজৰ এচামে ভুগিবলগীয়া হোৱা যন্ত্ৰণাৰ।
কোৰিয়ান চিনেমা পেৰাচাইটৰ ব্যাখ্যা বিভিন্ন দিশৰ পৰা আলোচনা কৰি বিভিন্ন দিশৰ পোষ্টমৰ্টেম কৰিব পাৰি। ভূত বুলি সৰু বয়সতে ভয় খাই মনৰ মাজত সোমাই থকা ভয়টো আচলতে আছিল অৰ্থহীন। কিন্তু পৰিচালকে মধ্যবিত্তীয় মানুহৰ নিজৰ সন্তানৰ প্ৰতি দেখুওৱা অহেতুক বিলাসী ভয় ভাৱনাক ইয়াৰ মাজেৰে সুন্দৰকৈ দাঙি ধৰিছে। বৰষুণ কাৰোবাৰ বাবে ফুৰ্ত্তিৰ উৎস কিন্তু সেই বৰষুণে অনা বান কাৰোবাৰ বাবে দুৰ্দশাৰ কাৰণ। জীৱনৰ পাকচক্ৰই কাৰোবাক সপ্তাহত এসাজ খাদ্যই কৰিছে সন্তুষ্ট; কাৰোবাৰ বাবে প্লেটৰ পিছত প্লেট বিলাসী খাদ্য।
এইসকলোবোৰ তুলি ধৰাত পেৰাচাইট নামৰ ছবিখনে সফল হৈছে। যাৰ কাৰণে আদৰি লৈছে বিশ্বৰ চলচ্চিত্ৰ প্ৰেমীয়ে। ইয়াৰ কাৰণ হিচাপে আমি ক’ব পাৰো সমাজত দুটা শ্ৰেণীৰ মাজত চলি অহা চিৰদিনীয়া সংঘাতৰ। এটা ধনীক শ্ৰেণী আনটো শ্ৰমজীৱী তথা অৱলেহিত শ্ৰেণী।

One thought on “দুখন চিনেমা আৰু কিছু সমাজ বাস্তৱতা-অজয় কুমাৰ ৰয়

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!