কুণ্ডলিনী (খণ্ড ৩১ – ৫২) – পৰী পাৰবীন

একত্ৰিংশ খণ্ড : কুণ্ডলিনী
———————-
“মাৰ্শ্বাল আৰ্টৰ কৌশলসমূহৰ প্ৰতিটোৰে নিজা এক শৈলীৰে থাকে । নিৰ্দিষ্ট শৈলীৰে এক পৰিক্ৰমাৰ মাজেৰে ই শৃংখলাবদ্ধ হৈ ৰয় । এই শৈলীসমূহৰ নিয়মিত অভ্যাসে তোৰ শৰীৰৰ লগত পেশীসমূহৰ সঞ্চালন স্বয়ংক্ৰিয় কৰি তুলিব । তই কালি সন্ধ্যা সেই লৰাকেইজনৰ লগত যি কৌশল ব্যৱহাৰ কৰিলি, সেয়া তোৰ মনৰ গতিৰে চলমান এক কৌশল । সিঁহত হয়তো তেনেই কেচেলুৱা আছিল । সিঁহতে পুৰুষ নামৰ অহংকাৰেৰে তোক দমন কৰিবলৈ আহিছিল । সিঁহতে গম পোৱা নাছিল, জাগ্ৰত নাৰীতকৈ শক্তিশালী একোৱেই হ’ব নোৱাৰে । কুণ্ডলিনীৰ শক্তিয়েই ইয়াৰ উপযুক্ত প্ৰমাণ । তইও কুণ্ডলিনী হোৱাৰ পথত আগবাঢ়ি গৈছ ঈশানী,” যোগগুৰুৱে কথাবোৰ কৈ গ’ল ঈশানীক ।
“যোগগুৰু, নাৰী যদি ইমানেই শক্তিশালী, পদে পদে লাঞ্চিতা কিয় ?”
“সেইটোৱেই আচল প্ৰশ্ন কুণ্ডলিনী ।নাৰী পদে পদে লাঞ্চিতা কিয় ? কাৰণ নাৰীয়ে নিজৰ শক্তিৰ কথা অনুধাৱন কৰিব নোৱাৰে । আচলতে অনুধাৱনৰ সুযোগসমূহ লুকুৱাই থোৱা হয় । প্ৰকৃতিয়ে কি বিচাৰ কৰি নাৰীৰ গৰ্ভক ব্ংশৰক্ষাৰ দায়িত্ব দিলে ? সামৰ্থ আছে কাৰণেইতো নহয়নে ? প্ৰকৃতিৰ দৃষ্টিত ইমান শক্তিৰ আকৰ এটাক পুৰুষপ্ৰধান সমাজে বশ কৰিবলৈকে অতবোৰ নীতি-নিয়মৰ সৃষ্টি কৰিলে । তই এই দায়িত্ব লব লাগিব কুণ্ডলিনী । নাৰীৰ শক্তি উজ্জীৱিত কৰাৰ পণ লব লাগিব । নহলে মোৰ মৃতা দুহিতাৰ আত্মাই শান্তি নাপাব ।“
কথাখিনি কৈ যোগগুৰু কিছুসময় ৰ’ল । দুচকুৰ কোণ বিৰিঙিছিল নেকি ?
ঈশানীয়ে নেদেখিলে । কিছুমান অনুভৱক বুকুত কঢ়িওৱা দৰকাৰ । তাই লৈছে সেই পণ, গভীৰ আত্মবিশ্বাসেৰে, গভীৰ মূল্যবোধেৰে অধৰ্মক নাশ কৰাৰ পণ লৈছে তাই ।
তাই চকু দুটা মুদি ৰ’ল । যোগগুৰু্ৰ সতে অকলে ধ্যানস্থ আসনত । তাৰ পিছত কেৰাটেৰ অনুশীলনৰ কাৰণে সাজু হ’ল ।
“তোৰ সমস্ত মনসংযোগ তোৰ অন্তৰাত্মালৈ লৈ যা । তই নিজৰ হৈ যা । বহিঃজগতৰ সমূহ চিন্তা আতঁৰাই থ’ ।“
“এতিয়া যিমান পাৰ’ জোৰেৰে উশাহ ল’ ।“
“এতিয়া তোৰ অৱস্থান নিৰ্ণয় কৰ । সুস্থিৰ হৈ থাকিব পৰাকৈ নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবি । শৰীৰৰ প্ৰতিটো অংগৰ মাজত বুজাপৰা ৰাখিবি ।“
“প্ৰতিপক্ষৰ ওপৰত চকু থ’ । সেয়া তোৰ কাল্পনিক প্ৰতিপক্ষ” ।
যোগগুৰুৰ প্ৰতিটো নিৰ্দেশ মানি তাই উপযুক্ত
অৱস্থান লৈ ল’লে । কাল্পনিক প্ৰতিপক্ষ বোলোতেই মনৰ গতি চঞ্চল হৈ পৰিল ।
কাল্পনিক প্ৰতিপক্ষ মানে কালিৰ লৰা চাৰিটা নে সাহিত্য দুৱৰাৰ দল নে দাঁত নিকটাই হাঁহি থকা শিথিল সমাজ নে সন্দেহৰ জুইয়ে পুৰি ছাই কৰা আত্মীয়-স্বজন ?
চঞ্চল হৈ পৰিল তাই । বিমৰ্ষও হ’ল কিছুপৰিমাণে । যি অখণ্ড মনোনিৱেশৰ পণ লৈ তাই প্ৰশিক্ষণত নামিছিল, সেয়া ভংগ হ’ল । পানী এগিলাচৰ প্ৰয়োজনবোধ কৰিলে বৰকৈ ।কিন্তু যোগগুৰুৱে এতিয়া পানী খাবলৈ নিদিয়ে । প্ৰশিক্ষণৰ সাধনাৰ সময়ছোৱা অতি কঠিন । মন নবহিলে আৰু বেছি কঠিন হৈ পৰে ।
আগৰ দিনাৰ কথাবোৰ মনলৈ আহিল । বহুতদিনৰ মূৰৰ বৰষুণজাকে তাইক বাৰুকৈয়ে তিতালে । প্ৰতিযোগিতামূলক পৰীক্ষাৰ কেবাখনো কিতাপ ডিকিত ভৰাই স্কুটি ষ্টাৰ্ট দিওতেই মাতিছিল তেওঁ । দুই তিনিঘন্টাৰ বাবে লগ পোৱা নতুন মানুহ এজনৰ বাবে তাই যেন অতি চিনাকী হৈ পৰিছে, তেনে লাগিল । বিমুগ্ধ নয়নে তাইলৈ চাই ৰৈছিল তেওঁ । এনেকৈয়ে চাইছিল সাহিত্য দুৱৰাইও । ক্লাছ টেনতো একেই দৃষ্টি নিক্ষেপিত হৈছিল খিৰিকীৰ সিপাৰৰ পৰা । কোনযোৰ চকুত ছলনা থাকে, কোনযোৰত প্ৰত্যয়ে বাস পাতে, তাই হয়তো বুজিব নোৱাৰে । কিন্তু তথাপিতো চকুৱে টানে । চকুত হেঁপাহৰ বা’ বলি থাকে অহৰহ । চকুত তৃষা লুকাই থাকে, সেয়া জীৱনৰ তৃষা । চকুত নিচা থাকে । সেয়া জীৱনৰ নিচা ।
“কুণ্ডলিনী কি হৈছে তোৰ ?”, যোগগুৰুৱে তাইৰ অস্থিৰতা ধৰা পেলাইছে ।
যোগগুৰুলৈ ফোন আহিছে । যোগগুৰুৱে প্ৰশিক্ষণৰ পৰা বিৰতি ল’লে । থানালৈ যাব লাগে । এছ পি ছাৰে মাতিছে ।
দ্বিত্ৰিংশ খণ্ড: কুণ্ডলিনী
————————
চকুহালে দিগদাৰ কৰি আছে অন্বেষাক । ৰাতি এপৰলৈকে কম্পিউটাৰ স্ক্ৰীণত ছবিৰ আঁৰৰ ছবি বিচাৰি ফুৰা ছোৱালীজনীৰ চকুহালে দিগদাৰ কৰি আছে । “মুম্বাইত অসমৰ এজন ভাল চকুৰ ডক্টৰ আছে, তেওঁৰ ওচৰলৈকে যাব লাগিব”, বুলি অন্বেষাই ফোন লগালে ডক্টৰ ৰাজীৱ দাসলৈ ।
ৰাজীৱ দাস তাইৰ ভাল বন্ধু । গুৱাহাটীমুখী বিমানবন্দৰত লগ পাইছিল তাক । তাইৰ কান্ধত ওলমি আছিল তাইৰ চিৰলগৰীয়া কেমেৰাটো । “কেমেৰা আৰু চকুৰ সম্পৰ্ক কি ক’ব পাৰিবনে ?”, আগগুৰি নোহোৱাকৈ কফি একাপ হাতত লৈ সি সুধি পেলাইছিল তাইক ।
লাহে লাহে সিহঁতৰ সম্পৰ্ক গঢ়ি উঠিছিল । অত্যন্ত ধেমেলীয়া ৰাজীৱৰ বুকুত আছিল এডৰা সৰিয়হ । যি সৰিয়হৰ হালধীয়া পোহৰে তাক উজলাই ৰাখিছিল ।
কিন্তু !
‘কিন্তু’ এটাত ৰৈ গৈছিল কথাবোৰ । সিমানখিনিলৈকেহে অন্বেষাক কৈছিল সি ।
“ঘৰৰ ওচৰত আছিল সিহঁত । মাত্ৰ এবছৰৰ বাবেহে লগ পাইছিলো । সেয়াও ক্লাছ টেনৰ কথা । নামটোও ভালকৈ নাজানিছিলো । ঘন্টাৰ পাছত ঘন্টা ধৰি তাই পঢ়াটেবুলত বহি আছিল । কোনোবাদিনা পাঠ্যপুথি, কোনোবাটো সময়ত এন ফ্ৰাংকৰ ডায়েৰী । কোনোবাটো সময়ত “প্ৰিয় সখী”, কোনোবাটো সময়ত “নীল প্ৰজাপতি” ।কোনোবাটো সময়ত সুৰৰ সৰগম, কোনোবাটো সময়ত ভাৰতনাট্যম । অন্বেষা, সেই বছৰটোতে তাইক লগ পাইছিলো । এবছৰতে তাই মোৰ সত্তা এনেকৈ আবৰি ধৰিলে যে তাৰ পিছত কোনো ছোৱালীলৈ এনেকৈ চকু মিলাই চোৱা নাই ।“
“তাৰ পিছত ?”, মৌনতা ভেদি তাই সুধিছিল ।
“তাৰ পিছত তাইক লগ পোৱা নাই”, সৰুকৈ সি তাইক মিছা এটা মাতিছিল ।
লগ পাইছিল সি । যিধৰণেৰে লগ পাইছিল, সেইধৰণেৰে লগ নোপোৱা হলেই ভাল আছিল । চকুযোৰ সেমেকি গৈছিল তাৰ । কথা সলাইছিল । ক’ব নোৱাৰা কথাবোৰেৰে বুকুত শিল বান্ধিছিল । শিলনিখন বাঢ়ি আহিছিল । বগা ফুটফুটিয়া ফ্ৰক পিন্ধা ছোৱালীজনীৰ ৰূপটোৰ লগত সেউজীয়া গাউনেৰে ঢকা হস্পিতেলৰ বেডত পৰি থকা ৰূপটোৰ আকাশ পাতাল প্ৰাৰ্থক্য ।তাইৰ নাম ঈশানী বুলি সি তেতিয়াহে জানিছিল । পুলিচী জেৰাৰ মাজত চিকিৎসা লৈ থকা ঈশানীক সি এবাৰলৈ সুধিব পৰা নাছিল, “তোমাৰ লগত এয়া কেনেকৈ হ’ল ঈশানী” বুলি ।
ধুমুহা এজাক আহিছিল । হয় । ৰাঙলী ধুমুহা আছিল সেই ধুমুহাৰ নাম । তাৰ বুকুত ৰুই থোৱা গোলাপৰ ফুলনিখন তচনচ কৰি সেই ধুমুহাই নিজৰ বাট লৈছিল । ঈশানী দলবদ্ধ আক্ৰমণৰ বলি হৈছিল । ইয়াতকৈ বেলেগকৈ ভাবিলে তাৰ বুকু কঁপে । এদল তেজপিপাশু মানুহৰ চক্ৰান্তত ঈশানী অকলে পৰি ৰৈছিল । কোনো নাছিল তাইৰ ওচৰত তেতিয়া । না মাক-দেউতাক, না আত্মীয় স্বজন ।সি আছিল । তাইৰ সংগোপনে হাতখন তুলি লৈছিল । কপালৰ চুলিকেইডাল ঠিক কৰি দিছিল । এনাস্থেছিয়াৰ জালত তাই জ্ঞানশূন্য হৈ থকা সময়খিনিতে সি হেঁপাহ পলুৱাই চাই লৈছিল । এইখন মুখ সি পাহৰিব নোৱাৰে ।
তাৰ পাছৰ কথাবোৰ সৰল অংকৰ সৰল উত্তৰ । সেই অংকটোত তাই ভাজ্য হৈ আঁতৰি গৈছিল । ভাগফলৰ ঘৰত পৰি ৰ’ল এমুঠি হুমুনিয়াহ । ভাগশেষৰ ঘৰত থাকি গ’ল তাৰ প্ৰেম ।
এৰা । পাহৰো বুলিলেই কিছুমান কথা পাহৰা নাযায় । বগা ফুটফুটীয়া ফ্ৰক পিন্ধা ছোৱালীজনীৰ মাতত তাৰ ৰাতি পুৱায় ।
“লগ টু দ্য বেচ ই ইজ ইকুৱেল টু পইন্ট থ্ৰী জিৰো ৱান জিৰো থ্ৰী” খিৰিকীৰ সিপাৰত সেয়া গাণিতিক পৰিগণনা ।
কোনোবা এক অলস দেওবাৰে ভাঁহি আহে সপ্তস্বৰৰ মূৰ্ছনা,
“সাসা ৰেৰে গাগা মামা পাপা ধাধা নিনি সাসা”,
কোনোবাটো সন্ধ্যা ভাৰতনাট্যমৰ মুদ্ৰাত চকু জাপ খাই আহে । সিফালে এজাক টুনী চৰায়ে দেও দি নাচে ।
“ধৰক্ক্ তকদুম তকতকি কিটতুম তক্কদেই তাআ” …….
অন্বেষা ৰাজীৱৰ ওচৰলৈ ওচৰলৈ অহাৰ কথা । কম্পিউটাৰ চাই চাই চকুযুৰি বেয়া কৰি লৈছে তাই । তাই আহিলে হাজাৰ কথাৰ নানান বকলা মেলিব । বুকুৰ সৰিয়হডৰাত নিৰাব । ফুলবোৰৰ ৰেণুবোৰত লাগি থকা গোন্ধৰ কথা সুধিব । জোকাব । “কি যে হ’ব তোৰ” বুলি কাট মাৰিব ।
হয় । কিছুমান মানুহৰ ক্ষন্তেকীযা সান্নিধ্যত মুখৰিত হৈ পৰে মনৰ আগচোতাল । সেই সান্নিধ্য প্ৰেমৰেই হ’ব লাগিব বুলি কথা নাই ।অন্বেষাৰ সান্নিধ্যও তেনে এক মুখৰিত সান্নিধ্য ।
“নকবি বুজিছনে? চকুযোৰে বৰকৈ আমনি কৰিছে”, আহিয়েই পাৰ্ছটো টেবুলত থৈ তাই কৈ উঠিল ।
“হ’ব বাৰু । মই চাই দিওঁ । তই ইয়ালৈ আহ ।“
শ্লিট লেম্পেৰে চকুযোৰৰ ভিতৰখন পৰীক্ষা কৰি থাকোতে যেন সি তাইৰ অস্থিৰতা ধৰা পেলাইছে ।
“দেয়াৰ ইজ চামথিং ইন হাৰ মাইণ্ড” । কিবা এটা চলি আছে অন্বেষাৰ মনৰ ভিতৰচৰাত । সি চকুহে চায় । অথচ বুকুৰ ভিতৰখন কেনেকৈ দেখিলে বাৰু ?
নোসোধো বুলিও নোসোধাকৈ থাকিব নোৱাৰিলে ।
“কি হৈছে কচোন তোৰ ?অবিনাশে কিবা ক’লে ?”
“নাই । একোৱেতো হোৱা নাই । অবিনাশে কিবা কবলৈ সময়েইবা ক’ত ? যেতিয়াই ফোন কৰিবি, মিটিং, ডিউটি ইত্যাদি ইত্যাদি ।“
“তাৰ ব্যস্ততাক তই সহজভাৱে লব লাগিব । জানই দেখোন আই এ এছ এজনৰ দায়িত্বশীলতা ।গোটেই জিলাখনৰ আইন শৃংখলাৰ ৰক্ষক তেওঁ ।“
“নহয় অ । তেওঁক লৈ মোৰ একো সমস্যাই নাই ।মোক বেলেগ এটা কথাইহে খুলি খুলি খাইছে ।“
“কি কথা ? ক’ব পাৰ যদি কৈ পেলা । মনটো পাতল লাগিব” ।
“ছোৱালী এজনীক বিচাৰি ফুৰিছো । কলেজত পঢ়োতে মোৰ জুনিয়ৰ আছিল । পিছত মই সেইখন কলেজ আধাতে এৰিলো । তাইক তাৰ পাছৰে পৰাই লগ পোৱা নাই” ।
“তাইক বিচাৰি ফুৰাৰ কিবা বিশেষ কাৰণ?”
“ও । মনৰ দাবী বুলিব পাৰ ।“
“এৰা তোৰ যদি মনৰ দাবী, সেয়াতো পালন কৰিবই লাগিবই ।নামটো কচোন বাৰু ।“
“ঈশানী । ঈশানী গোস্বামী তাইৰ নাম ?”
এক লহমাৰ কথা মাথোঁ । সি উচপ খাই উঠিল । বুকুৰ সৰিয়হডৰাৰ ওপৰেৰে এজাক টুনী চৰাই উৰি গ’ল । অটল গভীৰত খলখলাই থাকিল কেইটিমান ডলফিন ।
ড্ৰয়াৰটোলৈ চালে সি । তাৰে কোনোবা এটা এলবামত সযতনে সাঁচি থোৱা আছিল বগা ফুটফুটীয়া ফ্ৰক পিন্ধা পখিলাজনী । যাৰ পাখি কটাৰ কষ্টত সি যে কতটা বিনিদ্ৰ ৰজনী কটাইছে হিচাপ নাই । সুধিবনে অন্বেষাক ? কিবা কোৱা উচিতনে তাইক ? তাই তাক যদি ভিৰু বুলি হাঁহে । যদি তিৰষ্কাৰ কৰে, “তই যদি সেই অৱস্থাত ঈশানীক পাইছিলিয়েই তেতিয়াহ’লে তাইৰ কাষত ৰৈ দিয়াৰ সাহসকণ কিয় কৰিব নোৱাৰিলি ? প্ৰেম কৰিবলৈ সাহস লাগে বুজিছ, তোৰ দৰে দুৰ্বল মানুহে সপোনত প্ৰেমৰ ঘৰ সাজিব পাৰ, বাস্তৱত একোকে কৰিব নোৱাৰ” ।
ঘামি উঠিল সি । ঢাকি থোৱা গিলাচটোৰ পানীখিনি ঘোটঘোটকৈ পি দিলে । বুজি পালে সি , যুদ্ধ এখন আকৌ আৰম্ভ হ’ল । তাৰ ভিতৰৰ দুৰ্বল আৰু সবল মানুহটোৰ মাজত ।
(আগলৈ)

কুণ্ডলিনী : ত্ৰয়োত্ৰিংশ খণ্ড
—————————
অন্বেষাই ৰাজীৱৰ চেম্বাৰত থকা টিভিটো লগাই দিলে । ৰিম’টটোৰে চেনেল সলাই থাকি কৈ উঠিল, “চা ৰাজীৱ, অসমত এতিয়া বিহুৰ বতৰ । এনেবোৰ সময়ত ইয়াত যে এনেকৈ পৰি থাকিব নোৱাৰি দেই । ঘৰলৈ বৰকৈ মনত পৰে । ঢোল পেঁপা গগণাৰ লগতে তিলপিঠা, ঘিলাপিঠা, মহৰ এঠা দৈৰ চিৰাৰ জলপান”, অনৰ্গল কথা কৈ কৈ তাই ৰাজীৱলৈ চালে । ৰাজীৱে তাইৰ কথা শুনা নাই ।অত্যন্ত প্ৰগলভ ৰাজীৱৰ মুখত মাত নাই । কিবা ভাবত বিভোৰ । যেন হেঙুল আবেলিত উচুপনিৰ পয়োভৰ ।
“কি হ’ল অ তোৰ? মই কিবা কৈ আছো তই নুশুনিলি ।”
“হা ? কি কৈ আছিলি ? অ’ তোৰ মনৰ অস্থিৰতা । কোন ছোৱালীৰ কাৰণে বুলি ক’লি ?”
“ধুৰৰৰৰ । সেয়া কোন কাহানিবাই ক’লো । এতিয়া বিহুৰ কথা কৈ আছিলো” ।
এৰা । কথাবোৰে তাৰ কৰ্ণকূহৰ ভেদ কৰা নাই । চকুৰ কৰ্ণিয়াত জিলিকিছে এদল পিশাচৰ সন্মুখত এজনী অসহায়া ছোৱালী । অৰণ্যৰোদন আষ্ফালন । তাৰ পিছত জ্ঞানশূন্যতা । পুলিচৰ জীপখনত ডাংকোলাকৈ আনি ষ্ট্ৰেচাৰেৰে অপাৰেচন থিয়েটাৰত ভৰ্তি কৰোৱা ছোৱালীজনীৰ সবিশেষ তেতিয়ালৈ কোনেও জনা নাছিল । নিতান্তই কৰ্তব্যৰ খাতিৰত সি বগা এপ্ৰন পিন্ধিছিল । তাইৰ প্ৰেচাৰ চেক কৰিছিল । সি আছিল তেতিযা ইনটাৰ্ণশ্বিপৰ ছাত্ৰ । কোনোবাটো ক্ষনত তাইৰ মুখখনলৈ চাই সি কঁপি উঠিছিল । এইখন মুখ সি ক’ৰবাত দেখিছে । খুব আপোন মুখ এইখন । তন্বী দেহৰ লৱনী মুখনিৰ লগত বগা ফুটফুটীয়া ফ্ৰকটো মিলি গৈছিল । অপাৰেচন থিয়েটাৰৰ ভিতৰত সি অস্ফুট আৰ্তনাদত চিৎকাৰ কৰি উঠিছিল । তাৰ মনত সযতনে থোৱা পখিলাজনীৰ পাখি কটাৰ কষ্টত সি সেই ঠাইত ৰৈ দিব নোৱাৰিলে । সীমা এৰি গুচি আহিল । মুম্বাইত ভৰি দিলে । থাকি গ’ল ইয়াতে ।
“কি ভাবি আছ তই ? ব’ল নহলে ঘৰৰ পৰা আহোগৈ । দুদিনৰ ছুটি ললেই হৈ যাব”, অন্বেষাই তাৰ ভাবগধূৰ মুখখনলৈ চাই মাত দিলে ।
“তই যা । অবিনাশক লগ পাই আহগৈ । মই পাছত যাম”, সি অন্বেষাক ক’লে । উৎসৱ পাৰ্বনবোৰত একেবাৰে অকলশৰীয়া হৈ থাকিব বিচাৰে সি ।
সেইকেইদিন কামৰ হেঁচাও কমে । সি ডুবি থাকে আকাশৰ শূন্যতাত । উৰুঙা মনটো খামুচি উদাসী সন্ধ্যাটো সাবটি সি তাৰ বেলকনিত পায়চাৰি কৰি থাকে । সকলোৰে অলক্ষিতে বুকুত সাজি থোৱা টোকোৰা চৰাইৰ বাহটো ৰাঙলী ধুমুহাজাকতো বিধ্বস্ত নোহোৱাকৈ অক্ষত হৈ ৰ’ল । সি সেই বাহটো ভাঙি নতুন বাহ সাজিব খোজা নাই । যদিওবা সেই বাহৰ ঠিকনা নাই, যদিওবা সেই টোকোৰাজনীৰ ওভতনি বাটৰ আঁত হেৰাল, তথাপিতো নিৰলে সাজি থোৱা সেই বাহত নাছিল কোনো অস্থিৰতা ।
“তোমাক মই একোকে দিব নোৱাৰিলো ঈশানী । না এখন প্ৰত্যয়ৰ হাত, না একাচল শীতল ছাঁ । কিবা এটা দিবলৈ সাহসো কৰিব নোৱাৰিলো । হস্পিতেলৰ বেডত তোমাৰ জ্ঞান ঘূৰি আহোতে মোৰ দুচকু হয়তো সজল হৈ উঠিছিল । মোৰ অকৃত্ৰিম চিকিৎসাপৰশে তোমাক সুস্থ কৰি তুলিছিল ঈশানী” । বহুত কথাই ক’বলৈ আছিল তাৰ । কোৱা নহ’ল । সি একেথৰে তাইলৈ চাই থাকোতে তাই মুখখন বেৰৰ ফালে ঘূৰাই দিছিল । হয় । তাইও হয়তো তাক চিনি পাইছিল । কিন্তু তাৰ সন্মুখীন হব খোজা নাছিল ।
তাৰ পিছৰ কথাবোৰ অলপ আধৰুৱা । বুকুৰ হালধীয়া সৰিয়হডৰাত বহি থকা টুনী চৰাইৰ জাকটোৱে কেতিয়াবা ওফোন্দ পাতে । ওখল মাখল কলিজাত গেঙনি তুলে । সেই সময়বোৰ চেৰাই সি অকলে বেলকনিত পায়চাৰি কৰি থাকে । কি ভুল আছিল তাৰ ? তাইৰেবা’ কি ভুল আছিল ? কথাবোৰৰ দুৰ্বোধ্যতাত সি উন্মাদ হব খুজিও উন্মাদ হব নোৱাৰে । তাইও উন্মাদ হোৱাৰ খবৰ কাণত নপৰেহি ।
জটিলতাত ভুগে জীৱন । জীৱন সহজ নহয় , নহয় প্ৰেম সহজ । সুখকণ লুটিয়াই সি দুখক নিচুকায় । হাঁহিব জনা, হঁহুৱাব জনা মানুহ সি । দুখক কলপাতেৰে ঢাকি পেটৰ নাড়ী ডাল ডাল কৰিব পৰা স্বভাৱৰ গৰাকী সি । সেয়েহে আজিলৈকে অন্বেষাকে কোৱা নাই শেষৰ কাহিনীভাগ ।
ঈশানীৰ খবৰ নাপায় সি । খবৰ ৰখাটো উচিত আছিল নে নাছিল সেইটোকে সি ধৰিব নোৱাৰিলে । তাই যদি তাক সুযোগসন্ধানী পুৰুষ বুলি ভাবে । যদি তাৰ প্ৰেমৰ পবিত্ৰতাক তাই বুজি নাপায় । সেই পিশাচৰ দলটোৱে যদি তাইক পুৰুষবিদ্বেষী কৰি তুলিছে । বহুতবোৰ প্ৰশ্নৰ পকনিয়াত সি ডুব যায় । উঠি আহিব নোৱাৰাকৈ ডুব যায় ।
অন্বেষা যাবলৈ ওলাল । যাওঁতে অৱশ্যে তাক দহাই দহাই কৈ থৈ গ’ল, “প্লিজ ৰাজীৱ । ব’লনা বিহুত এইবাৰ ঘৰলৈকে যাওঁ । মোৰ কেমেৰাটোত বান্ধি লৈ আহিম বিহুটো । ভাল লাগিব চাবি ।বগা ফুটফুটীয়া পখিলাজনীকো বিচাৰিম । মোৰ ঈশানীকো বিচাৰিম ।অ’ ৰচোন মনত পৰিছে, সমুদ্ৰই জানিব তাইৰ কথা । সমুদ্ৰৰ লগত খুব ভাল আছিল । ফোন কৰিব লাগিব তাক। ”
“ঠিক আছে। তই সমুদ্ৰ নে কাক ফোন কৰি খবৰ লৈ লবি । আৰু তোৰ লগত মইও অসমলৈ যাম বাৰু । ফ্লাইটৰ টিকট কৰি থ’ম । চিন্তা নকৰিবি ।“
ঈশানীক বিচাৰিব বুলি লোৱা সিদ্ধান্তটোৱে তাৰ মনটোত অলপ গতিশীলতা আনিলে ।মাক দেউতাকলৈকো মনত পৰিল তাৰ । যদিওবা খুব কম যায় ঘৰলৈ, তথাপি এক দায়িত্ববোধে বেৰি থাকে তাক । সেই দায়িত্বৰ এক অংশও পূৰ হ’লে তাৰ ভাল লাগিব । মাকৰ হাতেৰে এসাজ খাব পাৰিলেই মাকৰ বুকুখন শাঁত পৰে । পৃথিৱীৰ সকলো নাৰীৰ মাজত সি মাকৰ প্ৰতিচ্ছবি দেখা পায় । কিমান অমানুহ হ’লে নাৰীক পন্য সামগ্ৰী হিচাবে ভাবিব পাৰি সি নুবুজে সেই কথা । সেইবোৰ কথা সি আবৰ্তন কৰি থকা গ্ৰহৰ বাহিৰত । যিডৰা সৰিয়হৰ পোহৰত তাৰ জীৱন উজলে, যিডৰা সৰিয়হৰ শক্তিপথত সি ঘূৰ্ণীয়মান হৈ ৰয়, সেই শক্তিয়ে এনেবোৰ অমানুহকো পোহৰৰ বাট দেখুওৱা হ’লে ।
এৰা পৃথিৱীত ভাল মানুহে বেয়া মানুহক পথ দেখুওৱা হ’লে হয়তো ইমানবোৰ জটিলতাৰ উৎপত্তি নহ’লহেঁতেন । বৰ অসম্ভৱ নেকি সেই কাম ?
“এহ বহুত দেৰি হ’ল দেখোন”, নিজে নিজক কৈ উঠিল ৰাজীৱে । ইন্টাৰনেট খুলিলে । ফ্লাইটৰ টিকেট বুক কৰিব লগা আছে তাৰ । জীৱনটোক খুঁচৰি চাব লগা আছে । দেৰিকৈ হলেও কিছুমান কথা বুজি পাইছে সি । প্ৰত্যাহবানেৰে যুঁজাৰ নিচা জাগিছে । য’ত জিকিলে জিকাৰ আনন্দ, হাৰিলেও শিকাৰ আনন্দ ।
চতু্ৰ্ত্ৰিংশ খণ্ড: কুণ্ডলিনী
————————
বৰ একাকীত্বত ভূগিছে তাই । একাকীত্বৰ বায়ু এজাকে দুৱাৰ খুলি ঠানবান কৰি পেলাইছে বন্ধ হৃদয়ৰ ৰুদ্ধ কক্ষ । ৰুদ্ধ কোঠাৰ দুৱাৰেৰে তাই আহি ঘৰৰ চাঁদৰ ওপৰত বহি ৰৈছে । অকলে অকলে নিজকে বিচৰাৰ কচৰৎ চলিছে । বিহুৱা হুঁচৰি দল এটি আগৰ ৰাস্তাটোৰে পাৰ হৈ গৈছে । তাইক নেদেখিলে হয়তো । সন্ধ্যা নামিছে ।
উদযাপনৰ বাবেই উৎসৱ । উদযাপনৰ বাবেই জীৱন । হাঁহিৰেই হওক, নতুবা বিষাদৰেই হওক ।
প্ৰেম বিষয়ক কথাবোৰ দুৰ্বোধ্য হৈ থকা নাই । আচলতে কলেজীয়া দিনৰ দূৰ্দান্ত প্ৰেমবোৰত উন্মাদনা থাকে, পৰিপক্কতা নাথাকে । এই যে তাই খামুচি ধৰিবলৈ হাত এখন বিচাৰি ফুৰে, নতুবা বিচাৰি ফুৰে দুখৰ আঁচলেৰে মেৰিয়াই ধৰিব পৰাকৈ এখনি বুকু । এছ পি অবিনাশ চলিহাৰ চকুত দেখা প্ৰশ্নটোত সেই সমিধানৰ কিয়দাংশ দেখি চক খাই চকু মুদে । “নালাগে নালাগে নালাগে মোক সুখৰ শৰাই, নাহিবা মোৰ কাষলৈ এজোনাক নিশাৰে নোৱাই ধুৱাই”, বুলি নিজকে বুজাই বঢ়াই শান্ত কৰে মন । ক্ষান্ত হৈ পৰে অবুজ হেঁপাহৰ বলীয়া বান ।
কুণ্ডলিনীৰ হেনো কলিজা ডাঠ হোৱা দৰকাৰ । হাতত ত্ৰিশূল তুলি লওতেও বুকু কঁপিব নালাগিব । যোগগুৰুৱে অহৰহ সোঁৱৰাই থাকে তাইক । অথচ তাইৰ কাণত গমগমাই থাকে পুলিচী গাম্ভীৰ্যৰ মাতষাৰ ।সেই মাতষাৰৰ আকুলতাখিনিত দুৰ্বল হ’ব খোজে তাইৰ বিকুল হৃদয় । সেই সাজযোৰলৈ অপৰিসীম শ্ৰদ্ধা বাবেই নিশা নিশা তাইৰ টেবুলত সেই সাজ বৰণ কৰাৰ সপোনে চলাথ কৰেহি পৃষ্ঠাজোৰা কিতাপৰ দম । এৰা । সেই সপোনে তাইৰ চকুত ভীৰ বান্ধিছে । খাকী ৰঙৰ এযোৰ পোছাক । মনত নাৰ্য্যতা প্ৰদানৰ তুমুৰলি বতাহ । “ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়”, বিবেকে অস্ত্ৰ হিচাবে লয় গীতা ভাগৱতৰ বাণী, । “কৰিব লগা বহুত কামেই আছে ঈশানী । এইবাৰ আবেগৰ কবলত নপৰিবি তই”, ক’ৰবাৰ পৰা কোনোবাই অহৰহ সঁকিয়াই থাকে তাইক ।
কি যে আচৰিত ধাতুৰে গঢ়া নাৰীৰ মন । প্ৰয়োজনত কঠোৰৰ পৰা কঠোৰতম, কেতিয়াবা কোমলৰ পৰা কোমলতম । “মইতো কোমল হৈয়ে থাকিব বিচাৰিছিলো, নিয়তিয়ে কি লীলা দেখুৱালে চা ঈশানী । ফুলকোমল হাত মই গৰম বালিত ভৰালো, কিকবেগৰ কাঠিন্যৰে মোৰ পেশী টান কৰিলো । কোনে যে ক’লে মোক মোৰ লক্ষ্য অনন্য বুলি ।সেই লক্ষ্য ধিয়াই মই মোৰ আবেগ বিসৰ্জন দিবলৈ বাধ্য হ’লো ঈশানী । “, নিজৰ লগত কথা পাতি পাতি তাই চাঁদৰ ওপৰত বহি থাকিল । পিঠিত পৰি থাকিল জলপ্ৰপাতী চুলি । “তাই ভালে নাই”, এই কথাটো মানি নল’বলৈকে দুৰ্বাদল যুদ্ধ কৰিছে নিজৰ লগত ।
অথচ !!
জাপ মাৰি ঠিয় হ’ল । “কি কথাই মোক অশান্ত কৰিছে, সেই কথা কিয় পাহৰিব বিচাৰিছো । সেই কথাৰ এটা সমিধান ওলাওক”, বুলি তাই চুলিখিনি পনিটেইল কৰি বান্ধি ল’লে । স্কুটিখন ষ্টাৰ্ট দিলে । পিঠিত অৱশ্যেই থাকিল চিৰলগৰীয়া বেগটো- খোৱাবস্তু আৰু পানীৰ বটলৰ সৈতে । গৈ গৈ তাই ফিল্ডখন পালেগৈ । দুফালে দুটা ৰাস্তা । এফালে যোগগুৰুৰ আশ্ৰমলৈ আনফালে এছ পি অফিচলৈ । যোগগুৰুৰ আশ্ৰমত নিজকে বন্দী কৰি তাই ক্ষন্তেকৰ বাবে মনটোক আয়ত্বলৈ আনিবলৈ পাৰিব, কিনতু আকৌ বুকুত গজি উঠা প্ৰশ্নটোৱে পুনৰবাৰ সঁজালি ধৰিব তাইক । ৰাতিলৈ নতুবা মাজৰাতিলৈ । মাজৰাতিলৈ প্ৰশ্নবোৰৰ উথপথপ লাগে । দিনটো সিঁহতে নিৰলে পৰি থাকে । বন্ধ কোঠাৰ ৰুদ্ধ দুৱাৰৰ ভিতৰত আন্ধাৰলৈ ক্ষণ গণে । ৰাতিলৈ মুকলি হয় প্ৰশ্নবোৰৰ ঠাল ঠেঙুলি । এৰা । প্ৰশ্নবোৰে মেৰিয়াই ধৰে তাইৰ শিপামূল, গুচ্ছমূল ইত্যাদি ইত্যাদি ।
স্কুটীখন ঘূৰিল । এছ পি অফিচৰ ফালে ঘূৰিল । আচলতে সেই অজুহাততে তাই ওলাই আহিছিল । মাথো নিজক ফাঁকি নিদিবলৈ এটা উপযুক্ত যুক্তি বিচাৰি পোৱা নাছিল । যোগগুৰুৰ আশ্ৰমৰ বিপক্ষে এটা পইন্ট পাই যোৱাৰ লগে লগেই তাইৰ গোলাপৰঙী স্কুটি গৈ এছ পি অফিচৰ সন্মুখত ৰ’লগৈ ।
আগতেও কেবাবাৰো তাই ইয়ালৈ আহিব লগা হোৱাত আৰু এছ পি চলিহাৰ বিশেষ প্ৰিয়ভাজন হিচাবে পৰিচয় এটা ৰৈ যোৱাত অফিচৰ সমূহ কৰ্মচাৰীয়ে তাইক অলপ সমীহ কৰি চলে । কেৰাটেৰ ছোৱালীজনী বুলি এটা নাম এটাও হৈছে লাহে লাহে । তাইক দেখাৰ লগে লগে চিপাহীজনে চেলুট এটা মাৰি দুৱাৰখন খুলি দিলে ।
“কোনোবা আছে নেকি ভিতৰত ?”, তাই কৰ্মচাৰীজনক সুধিলে ।
“ছাৰৰ পৰিয়ালৰ মানুহ আহিছে । যাবগৈ সোনকালে । যাব পাৰিব আপুনি । ছাৰে কৈ থোৱা আছে । আপুনি আহিলে যিকোনো সময়তে দুৱাৰ খুলি দিবলৈ ।“
“হয়নে ? যিকোনো সময়তে ? কিয় যিকোনো সময়তে দুৱাৰ খুলি দিবলৈ সাজু মোৰ কাৰণে ?”, তাই কৌতুহ’ল ৰাখিব নোৱাৰিলে ।
“নাজানো নহয় । এইবোৰ ডাঙৰ মানুহৰ অংক । কোনফালে কি মিলাই আছে, কোনে জানে?”, চিপাহীজনে উত্তৰ দিলে ।
অংক !! অংক মিলাই থৈছে তাইৰ অবিনাশ ছাৰে !! প্ৰমোচনৰ অংক নে ? কেৰিয়াৰৰ অংক নে ? মুহূৰ্ততে তাইৰ মুখখন কজলা ডাঁৱৰে আবৰি ধৰিলে । এই সন্ধ্যা সাত বজাত যি প্ৰশ্নৰ সমিধান বিচাৰি তাই এইখিনি পাইছিলহি, সেই প্ৰশ্নৰ শিকলিডাল দীঘল হৈ গৈছে । বাঢ়ি গৈছে প্ৰশ্নবোৰৰ দুৰ্বোধ্যতা ।
তেন্তে কি সকলো পুৰুষেই সাহিত্য দুৱৰা ? সকলো পুৰুষেই কি চকুৰে মায়াৰ ধ্ৰুৱক ৰচে ? সেই বীজগণিতৰ অংকত তাই সদায়েই হৈ পৰে এটা চলকৰাশি । কঠোৰতম হৈ থকা ছোৱালীজনীৰ কোমল বুকু কেৰমেৰাই উঠে । বৰ কষ্ট অ’ ভালপোৱাত ?
“ভালপোৱাত ?”
“কোনে কয় এই কথা ? কাক ভালপালো মই ? অবিনাশ চলিহাক ? নাই নাই, তেওঁৰ ভৰিৰ তলৰ মাটিকণৰো যোগ্য মই নহওঁ,” নিজে নিজক কৈ উঠে তাই ।
“যাওক ভিতৰলৈ”, কৰ্মচাৰীজনে পুনৰবাৰ ক’লে ।
তাইৰ ভৰি থমকি ৰৈছে । যাওঁ নাযাওঁকৈ আগবাঢ়িব খোজা নাই ভৰি দুখনে । কিয় আহিছিল ইয়ালৈ তাই সেই কথাটোকে উলিয়াব পৰা নাই । এই সন্ধ্যাখন কিয় আহিছা বুলি সুধিলে কি বুলি ক’ব তাই অবিনাশ ছাৰক ?
নাই ইমান সহজে তাই নিজৰ দুৰ্বলতা দেখুৱাব নোখোজে । ইমান সোনকালে তাই ভাগি নপৰে । পুনৰাই মুখত লেপি ল’ব ভাবলেশহীনতাৰ প্ৰলেপ । তাই নিজকে সাজু কৰি ভিতৰলৈ সোমাই গ’ল ।
“ছাৰ ।“
“অ’ ঈশানী দেখোন । বহা ।“
অবিনাশ চলিহাৰ ডাঙৰ ডিম্বাকৃতিৰ টেবুলখনৰ সন্মুখত অৰ্ধচন্দ্ৰাকাৰে কেইবাখনো চকী । তাৰে এখনত তাই বহি পৰিল । কাষত এহাল মানুহ বহি আছে ।
অবিনাশে চিনাকী কৰাই দিলে ।
“ঈশানী , এয়া মোৰ দাদা-বৌ । হায়দৰাবাদত থাকে । বৌৰ ঘৰ ইয়াতে । বিহুত ঘৰলৈ আহিছে ।”
তাই মূৰ তুলি চালে । কৰমৰ্দনৰ বাবে হাতখন আগবঢ়াই দিলে । কিন্তু এয়া কি ? সংকুচিত কৰি আঁতৰাই নিলে যে সিখন হাত ! কি কাৰণে বুজিব নোৱাৰি সেই হাতখনৰ গৰাকীলৈ মূৰ তুলি চালে ।
কি দেখিলে তাই ? এয়া যে তাইৰ মৰমৰ, তাইৰ শৈশৱৰ বান্ধবী সপ্তদৰ্শী । যাৰ সতে আমলখি-জলফাইৰ পৰা আদি কৰি অবকলন-অনুকলন গণিতলৈকে সকলো কামৰ অংশদাৰিত্বত ৰৈ গৈছিল বন্ধুত্ব, সেই সপ্তদৰ্শীৰ এই ৰূপ তাই বিমোহিত নয়নে চাই ৰ’ল । কপালত ৰঙা বেলিটো জিলিকাই সেউজীয়া পাটৰ কাপোৰযোৰেৰে তাইৰ মৰমৰ বান্ধৱী তাইৰ সন্মুখত । ইমান ধুনীয়া লাগিছে সপ্তদৰ্শীক । তাইৰ অভিব্যক্তিহীন মুখখন উজলি উঠিল । এবাৰ সাৱটি লবলৈ মন গ’ল সপ্তদৰ্শীক ।
“অবিনাশ, তোমাৰ কিমান দেৰি হ’ব ? আমি যাওঁ ।সোনকালে ওলাবা । মায়ে তোমাক ভাত খাবলৈ মাতিছে”, কৈ কৈ সপ্তদৰ্শী অবিনাশৰ অফিচ চেম্বাৰৰ পৰা ওলাই গ’ল ।
তাইলৈ ঘূৰি চাইছিলনে পুনৰবাৰ ? নাজানিলে ঈশানীয়ে । যদি চাইছিল, কি আছিল সেই চাৱনিত ? মৰম নে ঘৃণা ? এযুগীয়া বন্ধুত্বৰ প্ৰতিশ্ৰুতি নে একলহমাৰ ভুল বুজাবুজি ?
“কি হ’ল ঈশানী ? কোৱা কিয় আহিলা ?”, সপ্তদৰ্শী যোৱাৰ ফালে একেথৰে চাই থকা ঈশানীলৈ চাই অবিনাশ চলিহাই মাত লগালে । লগে লগে কলিংবেল টিপি বাহিৰত ৰৈ থকা কৰ্মচাৰীজন মাতিলে ।
“দুগিলাচ জুচ লৈ আহ । কল্ড ড্ৰিংকচ নানিবি । বাইদেৱে ভাল নাপায় ।“
এইবাৰ তাই আচৰিত হোৱাৰ পাল । তাই যে কল্ড ডিংকচ ভাল নাপায়, অবিনাশে কেনেকৈ জানিলে ?
প্ৰশ্নবোৰ বাঢ়ি গৈছে । ৰাতিলৈ এযুত প্ৰশ্নই বুকু খলখলাব । বন্ধ ৰূমৰ ৰুদ্ধ দুৱাৰে চম্ভালিব নোৱাৰাকৈ প্ৰশ্নবোৰে ভীৰ লগাব তাইৰ বুকুৰ বৰঘৰত ।
“কিহে টানিলে মোক ইয়ালৈ ? কিয় আহিলো মই ইয়ালৈ ?”, নিজৰ সতে কথা পতা কোনোদিনেই শেষ নহব তাইৰ । অবিনাশলৈ চোৱা নাই তাই । বুকুৰে সৰকিছে অনুভৱৰ লক্ষ লহৰ । লক্ষ্য নোহোৱা লহৰ । অংকেৰে বুজাব নোৱাৰা অলেখজনী বালিমাহীয়ে তাইৰ মুখতো অনুৰূপ প্ৰ্তিক্ৰিয়াৰ সৃষ্টি কৰি আছে । ভাবলেশহীনতাৰ কেনভাচখন কোন কাহানিবাই মচ খালে । বিপৰীতে দলংখনত খুপি খুপি আগবঢ়াৰ প্ৰস্তুতি চলি আছে মনৰ মাজত ।
“ভৰি থ’ম নে ? নথ’ম ? থ’ম নে ?………”
“কি চিন্তা কৰি আছা ঈশানী ? খোৱা”, অবিনাশ চলিহাই কোমল স্বৰেৰে মাত লগালে, “কিয় আহিছিলা নক’লা তুমি ?”
“হা ছাৰ? অ’ । অলপ ৰেফাৰেন্সৰ কাৰণে আহিছিলো । এতিয়া দেৰিয়ে হ’ল । যাওঁগৈ ।“
“অকে যোৱা । ফোন কৰিবা । সুধিবা কি জানিব বিচাৰা । মোৰ নাম্বাৰটো লোৱাই নাই তুমি আজিলৈকে ।“
“মোৰ ফোন নাই ছাৰ। মই নিজেই আহিম । এতিয়ালৈ যাওঁ” ।
অবিনাশে চাই ৰ’ল । এয়া এক নিমিলা অংক । হয়তো ফলাফলৰ ঘৰত বৃহৎ শূন্য । অন্বেষাক কথা দি থোৱা আছে সি । প্ৰতিশ্ৰুতিয়ে সময়ৰ অংক কৰিব নাজানে । ঈশানীৰ দীঘল চুলি এডাল চকীখনত ৰৈ গ’ল । অবিনাশৰ হুমুনিয়াহটোক সংগ দিবলৈ ।
পঞ্চত্ৰিংশ খণ্ড: কুণ্ডলিনী
————————
“অবিনাশ, তাই তোমাৰ চেম্বাৰলৈ কিয় আহিছিল ?”, সপ্তদৰ্শীয়ে, মানে বৌৱেকে ভাতৰ টেবুলত কথাটো উলিয়ালে ।
“তাই মানে ? কাৰ কথা ক’লা বৌ ?”, মাছৰ কাঁইটডাল এৰুৱাই থাকিয়ে বৌৱেকক সুধিলে অবিনাশে ।
“গধূলি আহিছিল যে । ঈশানীৰ কথা কৈছো ।“
“অ’ ঈশানী । এনেই আহিছিল । কিয় সুধিলা বৌ?”
“আচৰিত কথা । গধূলি সময়ত এজন আই পি এছ অফিচাৰৰ ৰূমলৈ এজনী ছোৱালী এনেই আহিবনে ? একো মতলব নথকাকৈ।“
বৌৱেকৰ উষ্মা অবিনাশে আগতে দেখা নাই । ঈশানীক বৌৱেকে চিনি পোৱা বুলিও আগতে ভৱা নাছিল । এতিয়াহে গম পাইছে । কিন্তু তথাপিতো অনৰ্থক কথাৰে এনেদৰে জেৰা কৰাত তাৰ ভাল লগা নাই ।
এইবাৰ ককায়েকে মাত লগালে,
“আৰে, সি পুলিচ মানুহ । তাৰ দিন ৰাতি বুলি কি কথা আছে ? কিমান মানুহ দিনটোত আহিব আৰু যাব । কিমান মানুহক ইনফৰ্মাৰ হিচাবে ৰাখিব লাগিব তুমি কেনেকৈ বুজিবা ?”
“নহয় । বেলেগ ছোৱালী হোৱা হ’লে মই একো নক’লোহেঁতেন । তাইৰ বিষয়ে ভালকৈয়ে জানো কাৰণেহে সুধিছো ।“, বৌৱেকে মাত লগালে ।
“তাই মোৰ লগৰ আছিল । বহুত কথাই জানো তাইৰ বিষয়ে । মুখখন যিমান ধুনীয়া, ভিতৰখন সিমান ঘুণীয়া ।“, বৌৱেকে অনৰ্গল কৈ গ’ল ।
অবিনাশৰ ভাতখিনি তিতা হৈ গ’ল । কিবোৰনো কৈ আছে বৌৱেকে ? ঈশানীৰ বিষয়ে ইমান বেয়াকৈ কৈছে । ঈশানীৰ বিষয়ে সিও বহুতবাৰ ৰেকৰ্ড চাৰ্চ কৰিছে ।কিন্তু বৌৱেকৰ মুখত কথাবোৰ সি এনেদৰে শুনিব বিচৰা নাছিল । ঈশানী বুলিলেই চকুৰ আগলৈ আহে মেৰুণ ৰঙৰ টি-চাৰ্টটো নতুবা ডাষ্টবিনৰ কুকুৰকেইটালৈ চকলেট দলিয়াই থকা দৃশ্যটো ।
বাহ্যিক অবয়বেৰে নহয় । সি সদায় ঈশানীক মনৰ চকুৰে চালে । সেইযোৰ চকুৰে সি প্ৰত্যয়ৰ কাহিনী পঢ়িলে । সেইযোৰ চকুৰে সি জীৱন জীনাৰ উৎসাহ দেখিলে ।
নাই নাই, বৌৱেকৰ কিবা ভুল হৈছে । ঈশানীৰ বিষয়ে সি অন্তত বেয়াকৈ ভাবিব নোৱাৰে । যদিওৱা তাৰ অহেতুক উৎকন্ঠাৰ কোনো কাৰণ নাই, তথাপি ঈশানীৰ মাজত সি কিবা এটা বিচাৰি পাইছে, যিটো হয়তো কোনোৱেই দেখা নাই ।
নতুবা আৰু এটা কাৰণ হ’ব পাৰে । সেয়া হৈছে নাৰীৰ সহজাত ঈৰ্ষা । ঈশানীৰ ব্যক্তিত্বত এনে কিবা এটা আছে, যিটো যিকোনো নাৰীৰ বাবেই ঈৰ্ষাৰ কাৰণ হৈ উঠিব পাৰে ।
চকুযোৰ মুদ খাই আহিল অবিনাশৰ । দিনৰ অত্যধিক ব্যস্ততাবোৰে ৰাতিৰ সপোনবোৰ আধাকেচেলুৱাকৈ ৰাখি থলে ।
অপেক্ষাৰত সপোনবোৰে শিতানতে বহি নিচুকালে তাক । ৰাতিলৈ অন্বেষা আৰু ঈশানীৰ মুখখন একাকাৰ হৈ গ’ল । মগজুৱে অযুত প্ৰশ্নৰে থকাসৰকা কৰা মন । পিছলিব খুজিলেও দায়িত্ববোধৰ হাতখনে তাক থাপ মাৰি ধৰে ।
ইফালে ঈশানীৰ ৰাতি নুপুৱায় । বিবেকদংশনত ভূগিছে তাই বাৰুকৈয়ে ।
সপ্তদৰ্শীৰ মুখখন চকুৰ আগলৈ আহি আছে তাইৰ । কপালৰ সেন্দুৰৰ ৰঙখিনিৰ আৱেশতেই নে ইমানদিনৰ মূৰত ঈশানীক লগ পোৱাৰ আবেগতে হওক, তাইৰ মুখখনো ৰঙচুৱা হৈ পৰিছিল । সেই আবিৰে তাইৰ লক্ষ্যৰ বাটত মুহূৰ্তৰ বাবে এজোলোকা ৰং ছটিয়াই দিছিল । বলীয়া ৰঙৰ বাউলী মোহ ।“কিহে পাইছিল মোক ? কিহে পাইছিল মোক ? সেই গলিত যে নিষিদ্ধ মোৰ ঠিকনা সেই কথাটো কিয় পাহৰি গ’লো মই ? সপ্তদৰ্শীৰ শৰীৰৰ পৰা ওলাই অহা উগ্ৰ গোন্ধ, সেউজৰঙী পাটৰ কাপোৰযোৰৰ সতে মই কিমান যে দৈন্য ।“, বিছনাখনত বহি আঁঠুত মূৰ গুজি কিলাকুটিৰে থুঁতৰিত ভেজা দি ভৰিৰ নখকেইটা তাই চাই থাকিল । শূন্য হৈ পৰা আকাশখনলৈ মূৰ তুলি চোৱাৰ হেঁপাহ জগা নাই । তুলনা কিয় আহে ? কিয় তুলনাই খৰ্ব কৰে অতদিনে তিলতিলকৈ সঞ্চয় কৰা গৰ্ববোৰ ?
সখীত্বৰ তুলনা নহয়, যদিহে সখীৰ চকুত মৰম বয় ।বিপৰীতে তাইৰ পথত ছটিয়াই যোৱা এবুকু ৰাফ্লেছিয়া ফুলৰ গোন্ধত মুখখন যেন বেঁকা হৈ গৈছিল যেন সেই সখীৰ , এনে ভাৱত অবিনাশৰ ৰূমৰ পৰা ওলাই যোৱা সপ্তদৰ্শীৰ কটাক্ষ চাৱনিত তাইৰ ভিতৰৰ পৃথিৱীখন বিধ্বস্ত হৈ পৰিছিল । আগে-পিছে, সোঁৱে-বাঁৱে অলেখখন হাতে তাইক তুলি নধৰা বাবেই তাই হয়তো সিঁহতৰ সমানলৈ উঠিব পৰা নাই । কিন্তু তাইৰ মাজত যে অযুত শক্তিৰ অহৰহ উৎপাদন ঘটি আছে, সেই কথা তাই প্ৰমাণ কৰি দেখুৱাব লাগিব । কুণ্ডলিনী হোৱাৰ লক্ষ্য তাইৰ । সাহিত্যহঁতৰ দৰে অলেখ তেজপিয়াক ৰোধি তাইৰ দৰে অসংখ্য ঈশানীক পোহৰৰ বাট দেখুৱাব তাই ।
“মই তেওঁক পোহৰৰ দিশ দেখুৱাইছিলো । মই তেওঁক পোহৰৰ গতিত ভৰি থবলৈ হাত আগবঢ়াই দিছিলো । তেওঁ মোক কৃষ্ণগহ্বৰৰ ৰহস্য শিকালে । মোৰ মাজত সঞ্চিত হৈ ৰোৱা শক্তিকণাই মোক মোৰ ফালেই টানিব সপ্তদৰ্শী । মই মোক লৈ যিমানবাৰ মৃত্যুমুখত পৰিছো, সিমানবাৰেই এই শক্তিয়ে মোক শেলুৱৈ পিছলা বাটৰ পৰা তুলি ধৰে । তেন্তে কিয় লাগে এখনি হাত, বুকু, কান্ধ নতুবা মৰমৰ আঁচলেৰে মোৰ অপটু সময়ৰ অভিমান জুখিবলৈ ? তোলৈ মোৰ কোনো অসন্তোষ নাই । নাই কোনো অভিমান । জীৱন দেখা নাই তই । দেখিলে ভাগি পৰিবি । তেতিয়া মই তোক তুলি ধৰিম । তই বিস্মৃত নয়নেৰে চাই ৰ’বি । মোৰ মাজত থকা শক্তিৰ উমান তই সিদিনাই পাবি সপ্তদৰ্শী । তোৰ কটাক্ষ চাৱনিৰ উত্তৰ তই তেনেকৈয়ে পাবি । তোক মই বেয়া নাপাও । পাব নোৱাৰো । ”,চকুলো দুধাৰি মচি তৰাগজা আকাশখনলৈ তাই চাই পঠিয়ালে । ৰাতিৰ আকাশ, খোলা খিৰিকীৰে বতাহৰ নিচুকনি ।
কিতাপৰ দমটোৱে তাইলৈ চাই ৰৈছিল । কেৰিয়াৰৰ কিবা ৰেফাৰেন্সৰ বাবে আহিছিলো বুলি মিছা মাতি অহা অবিনাশৰ লগত সঁচাকৈয়ে তেনেধৰণৰ কথাই পাতিব লাগিব । দিনত মুহূৰ্তৰ বাবে তাই মনটোৰ বশ হৈ পৰিছিল, এতিয়া মনটো তাইৰ বশ হৈ পৰিছে । মগজুটোৱে অবিৰাম তাইক প্ৰশ্ন কৰি গৈছে । ধাৰাল প্ৰশ্নবাণত তাইৰ মনটো লেবেজান হৈ পৰিছে ।
“এয়া হতাশাৰ মাজত আশা সৃষ্টিৰ ৰাতি । এই ৰাতিত ঈশানী তোৰ নতুন জনম হওক । বহুত কামেই কৰিবলৈ আছে ঈশানী । বহুত কাম । ভাগি নপৰচোন । বিচলিত নহবি ।“
পূৱে বেলি ঢলফাঁট নৌদিওঁতেই তাই গেটৰ তলা খুলিলে । পিন্ধনত ট্ৰেকচুট । জগিঙেৰে আৰম্ভ কৰি তাই যোগগুৰুৰ আশ্ৰমৰ পিনে পোনালে । দুখনি কোমল ভৰি টান হ’ব লাগিব । জুইৰ বাটত খোজ দিব পাৰিব লাগিব । মন-শৰীৰৰ অযুত শক্তিবোৰ অথলে যোৱাৰ দৰে কাম নকৰে তাই । মিহি মিহিকৈ এটা দুশ্চিন্তা লাগি আছিল, সেইটোও আজি মনৰ মাজত সামৰি ল’লে । তাই ফালি ছিৰাছিৰ কৰা ডিগ্ৰী চাৰ্টিফিকেটখন ইউনিভাৰ্ছিটিৰ পৰা উলিয়াব লাগিব । অবিনাশ নতুবা যোগগুৰুৰ সহায় লোৱা হ’লে অতি সহজেই সেই কামটো হৈ উঠিলহেঁতেন । কিন্তু কাৰো সহায় নোলোৱাকৈ আগবাঢ়িব খোজে তাই ।
আৰু এটা কামৰ কথা মনলৈ আহি আছে । পাৰিলে সৰুসুৰাকৈ কিবা এটাত মূৰ গুজিব লাগিব । অন্তত হাতখৰচ এটা উলিয়াবলৈকে কিবা এটা কৰাটো দৰকাৰ । হোষ্টেলত চলি থকা দিনৰ দৰেই দেউতাকৰ পেঞ্চনৰ এক অংশ যদিও তাইৰ একাউন্টত নিৰ্দিষ্ট সময়ত সোমাই যায়, তথাপি তাইৰ কিবা এটা ভাল নালাগে । দেউতাকে কিমানদিন তাইক মাজনী বুলি মতা নাই । কিমানদিন তাই মাকৰ মুখামুখি হোৱা নাই । নিৰ্দিষ্ট কক্ষপথত আৱৰ্তন কৰি থকা দুয়োটি প্ৰাণীৰ অভিমান ভাঙিব পৰাকৈ তাই নিজৰ সপক্ষে সত্যতা প্ৰতিপন্নৰ এগাল যুক্তি গোটাব পৰা নাই ।
জগিং কৰি কৰি তাই যোগগুৰুৰ আ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!