~কৃতিত্ব~….মনজিৎ নাথ

 

অসমীয়াত কথা-বতৰাৰ সক্ৰিয় সদস্য তথা সমন্বয় ৰক্ষক সকলৰ অন্যতম মনজিৎ নাথে অক্সফৰ্ডবিশ্ববিদ্যালয়ৰ অধীনস্থ Blavatnik School of Government ত বৃত্তি সহ Master in Public Policy স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰিবৰ বাবে নিৰ্বাচিত হৈছে৷ উল্লেখযোগ্য যে NIT Durgapur ৰ পৰা কম্পিউটাৰ অভিযান্ত্ৰিকৰ স্নাতক মনজিৎ নাথে হায়দৰাবাদস্থিত মাইক্ৰ’ছফ্ট প্ৰতিষ্ঠানত কেইবা বছৰ কাম কৰাৰ পিচত, সেই লোভনীয় চাকৰি এৰি মিজোৰাম চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগীয় পৰামৰ্শদাতা হিচাপে যোগদান কৰিছিলহি৷ উল্লেখযোগ্য যে তেওঁ Senior Engineer’s Forum of Greater Guwahati (SEFOGG) দ্বাৰা Young Engineer Award-2011 বঁটাৰেও সন্মানিত হৈছে৷ অসমীয়াত কথা-বতৰাৰ সমূহ সদস্যৰ হৈ তেওঁলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷

আগিয়াৰ পৰা অক্সফৰ্ডলৈ মনজিতৰ এই যাত্ৰাৰ সবিশেষ, তেওঁৰ ভাষাত তলৰ লিংকটোত ইংৰাজী ভাষাত পঢ়িবলৈ পাব

http://manjitzing.wordpress.com/2013/07/31/from-agia-to-oxford/

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!