চকুৰ অসুখ ‘কনজাংটিভাইটিচ’-(ডা০ ভূপেন শইকীয়া)

আজি আমি এটি সঘনাই দেখা পোৱা ৰোগৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ।

আপোনালোকৰ বহুতৰে হয়তো এই ৰোগৰ অভিজ্ঞতা হৈছে। চকুৰ অসুখ কনজাংটিভাইটিচে এটা সময়ত অসমত ব্যাপক ৰূপ লৈছিল। এতিয়াও আমাৰ প্ৰদেশত গোটেই বছৰ জুৰি চেগাচোৰোকাকৈ এই ৰোগ ক’ৰবাত নহয় ক’ৰবাত চলি থাকে। এই ৰোগ বাংলাদেশৰ পৰা সোঁচৰি অসম পাইছিলহি বাবে ৰাইজৰ মাজত এই ৰোগৰ প্ৰচলিত নাম হৈ পৰিছিল-‘জয় বাংলা’। এই নামটো এতিয়াও জনপ্ৰিয় হৈ আছে। একেদৰে চেন্নাইৰ নাম মাদ্ৰাজ চলি থকা সময়তে সেই অঞ্চলৰ চকুৰ আঞ্চলিক চিকিৎসালয়ৰ অধীক্ষক ডা০ ক্ৰিক পেট্ৰিকে এবিধ ভাইৰাচে (এডিনো ভাইৰাচ) চকুৰ অসুখ কনজাংটিভাইটিচ কৰে বুলি ধৰা পেলাইছিল বাবে এই ৰোগৰ আন এটা নাম ‘মাদ্ৰাজ আই’ প্ৰচলন হৈছিল।
কনজাংটিভাইটিচ ৰোগৰ প্ৰমুখ কাৰণ সমূহ হ’ল:- (১) চকুত ভাইৰাচ নাইবা বেক্টেৰিয়াৰ সংক্ৰমণ (২) এলাৰ্জিজনিত (৩) চকুত ৰাসায়নিক দ্ৰব্যৰ প্ৰতিক্ৰিয়াৰ ফলত (৪) নৱজাতকৰ (জন্মৰ পৰা ২৮দিনলৈ) চকুৰ অসুখ।
ৰোগৰ লক্ষণ সমূহ হ’ল : – চকু ৰঙা পৰা, অতিমাত্ৰা চকুৰ পানী ওলোৱা, চকু খচ-খচোৱা,পোৰণি বা বিষ অনুভৱ হোৱা, চকুৰ বগা অংশ আৰু বাদু ফুলি উঠা, চকুৱে পোহৰৰ তীব্ৰতা সহ্য কৰিবলৈ টান পোৱা আদি। সাধাৰণতে চকুৰ দৃষ্টিশক্তিত একো প্ৰভাৱ নপৰে। চকুত ভাইৰাচ নাইবা বেক্টেৰিয়াৰ সংক্ৰমণ হলে পোনতে এটা চকুত ৰোগ আৰম্ভ হয় আৰু ৩।৪দিনত আনটো চকুলৈ বিয়পি পৰে। ভাইৰাচৰ সংক্ৰমণ হলে সাধাৰণতে পানীলগা, চৰ্দি, ডিঙি-কাণৰ বিষ নাইবা চাইনাচৰ অসুখ লগত প্ৰায় দেখা যায়। বেক্টেৰিয়াৰ সংক্ৰমণ হলে চকু ৰঙা পৰাৰ তীব্ৰতা আৰু ফুলি উঠাটো বেচি হয়। তদুপৰি বগা-হালধীয়া পূঁজ জাতীয় দ্ৰব্য নিৰ্গত হয়।চকুৰ ফেচকুৰি বা আঠা জাতীয় দ্ৰব্যই পুৱা চকুৰ পতা দুটা জাপ খোৱাই ৰাখিব পাৰে। সাধাৰণতে চকুত ষ্টেফাইলোকোক্কাই আৰু ষ্ট্ৰেপ্টোকোক্কাই বেক্টেৰিয়াৰ সংক্ৰমণ হোৱা দেখা যায়। আন আন কিছুমান কনজাংটিভাইটিচ কৰা বেক্টেৰিয়া হ’ল- ক্লেমাইডিয়া ট্ৰেকোমেটিচ, নাইচেৰিয়া গনকোক্কাচ, বিটা-হিমোলাইটিক ষ্ট্ৰেপ্টকোক্কাচ, কৰ্ণিবেক্টেৰিয়াম ডিপথেৰিয়া আদি।
এলাৰ্জিজনিত কনজাংটিভাইটিচ সোঁচৰা নহয়। লক্ষণ অনুসৰি চিকিৎসা কৰিলে সোনকালে আৰোগ্য হয়। সাধাৰণতে ৰোগীক এন্টিএলাৰ্জিক আৰু নন-ষ্টেৰোই’ডেল এনালজেচিক ঔষধ খাবলৈ দিয়া হয়।


কনজাংটিভাইটিচ কৰা ৰাসায়নিক দ্ৰব্যসমূহৰ ভিতৰত চকুত এলকেলি বা এচিড পৰাটো বিপদজনক।
লিটমাচ পেপাৰ এখনৰ সহায়ত অনায়াসে এলকেলি আৰু এচিডক চিনাক্ত কৰিব পাৰি।এলকেলি বেচি অপকাৰী, ই স্কাৰ কৰিব পাৰে আৰু চকুৰ ভিতৰৰো ক্ষতি সাধিব পাৰে।গতিকে ইয়াৰ তৎকালিন উপযুক্ত চিকিৎসা কৰাটো জৰুৰী। কনজাংটিভাইটিচ কৰা আন ৰাসায়নিক পদাৰ্থসমূহ হ’ল- শ্বেম্পু, হেয়াৰ ডাই, চাবোন, পানীত থকা ক্লৰিন, ৰাস্তা-কল-কাৰখানাৰ ধূলি-ধোঁৱা আদি।

মাতৃৰ গন’ৰিয়া বা আন যৌনব্যাধি থাকিলে সন্তান সহজে কনজাংটিভাইটিচত আক্ৰান্ত হয়। উপযুক্ত
এন্টিবায়টিকৰ সহায়ত চিকিৎসা কৰি নৱজাতকক আৰোগ্য কৰাৰ অতীৱ প্ৰয়োজন,অন্যথা দৃষ্টিশক্তিৰ ক্ষতিসাধন হব পাৰে। আকৌ কেতিয়াবা নৱজাতকৰ চকুৰ পানী নাকলৈ বৈ যোৱা নলীডাল (লেক্ৰিমেল ডাক্ট ) সাময়িক ভাবে বন্ধ হৈ থাকিলেও কনজাংটিভাইটিচ হব পাৰে।
আকৌ বহু সময়ত ভাইৰেল আৰু বেক্টেৰিয়েল কনজাংটিভাইটিচ একেলগে হব পাৰে। ডায়েবেটিচত আক্ৰান্ত লোকৰ চকুৰ অসুখৰ লক্ষণ সমূহ গুৰুতৰ হব পাৰে।

ৰোগ চিনাক্তকৰণ জটিল নহয়।কেতিয়াবা চকুৰ পানী বা দ্ৰব্যৰ কালচাৰ কৰি জীৱানু চিনাক্ত কৰা হয়।
চিকিৎসা : – ভাইৰাচৰ সংক্ৰমণত এচাইক্লভিৰ বা আনএন্টিভাইৰেল ঔষধ প্ৰয়োগ কৰা হয়। বেক্টেৰিয়াৰ
সংক্ৰমণত উপযুক্ত এন্টিবায়টিক ব্যৱহৃত হয়।গনোৰিয়াই কৰা কনজাংটিভাইটিচত চেফট্ৰিয়াস্কন এন্টিবায়টিক বেজীৰে সাধাৰণতে চিকিৎসা আৰম্ভ কৰা হয়।বেক্টেৰিয়াই কৰা কনজাংটিভাইটিচৰ চকুত দিবলৈ সচৰাচৰ ব্যৱহাৰ কৰা এন্টিবাটিক মলম আৰু ড্ৰপ কিছুমানৰ নাম হ’ল – অ’ফ্লস্কেচিন,চিপ্ৰফ্লস্কেচিন,নৰফ্লস্কেচিন, টেৰামাইচিন, ক্লোৰেমফেনিকল,জেন্টামাইচিন, টব্ৰামাইচিন, নিয়োমাইচিন আদি।

চকুত ৰাসায়নিক দ্ৰব্য পৰিলে নৰ্মাল চেলাইন বা ৰিংগাৰ লেক্টেটৰে চকু ধুব লাগে।চকুৰ বিষ বেচি হলে এনাচথেটিক বা ডাইক্লফেনক আই ড্ৰপ কেতিয়াবা ব্যৱহাৰ কৰিবলগীয়া হয়।
লবলগীয়া সতৰ্কতা : – অসুখ হোৱা ব্যক্তিজনে কামলৈ বা স্কুল-কলেজলৈ নগলে ৰোগ আনলৈ বিয়পাৰ সম্ভাৱনীয়তা কমিব। ঘৰৰ আন সুস্থ মানুহে ৰোগীৰ দৈনন্দিন ব্যহাৰৰ সামগ্ৰী যেনে কলম,ফণি,চামুচ,
গিলাচ, ৰুমাল,গামোছা,বিচনা চাদৰ,গাৰু গিলিপ,চচমা, প্ৰসাধন সামগ্ৰী,মগ,বাল্টি আদি পৰাপক্ষত স্পৰ্শ
নকৰিব।ৰোগীৰ হাত নুচুব বা চুলেও লগে লগে ভালদৰে চাবুনৰে হাত দুখন ধুব। কোনো কাৰণতে হাতেৰে চকু নোমোহাৰিব। শীতল জলেৰে চকু আঁতৰৰ পৰা পানী চটিয়াই চাফা কৰিব। অসুখৰ সময়ত ৰোগীয়ে কন্টেক্ট লেন্স ব্যৱহাৰ নকৰিব। চকুত কাজল, মাস্কৰা বা আন প্ৰসাধন সামগ্ৰী নলগাব। চিকিৎসকক নোসোধাকৈ দৰব নাখাব বা চকুত নাঢালিব। আনৰ ৰৈ যোৱা চকুৰ দৰব ব্যৱহাৰ নকৰিব। সকলো সময়তে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব।

(বি:দ্ৰ:- গোটত চকু চিকিৎসক কোনোবা থাকিলে আৰু লাগতিয়াল তথ্য যোগ দিলে ৰাইজ উপকৃত হব।)

ডা০ ভূপেন শইকীয়া
২৬ জুলাই,২০১৩ email~ [email protected]
ড’হা,কাটাৰৰ পৰা

 

 

One thought on “চকুৰ অসুখ ‘কনজাংটিভাইটিচ’-(ডা০ ভূপেন শইকীয়া)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!