কেইটামান অভিজ্ঞতা (মৃদুল কুমাৰ শৰ্মা)

ক) ২০০১ চনত এ.চি.এছ পৰীক্ষা দিয়াৰ সময়ত কেৰেক্টাৰ চাৰ্টিফিকেট এখন দৰকাৰ হ’ল | SDO(civil) কাৰ্যালয়ৰ এজনে এটা ফৰ্মেট দিলে আৰু সেইটো এখন কাগজত টাইপ কৰাই আনিবলৈ ক’লে | ওচৰতে কেইবাজনো লোক সন্মুখত টাইপ ৰাইটাৰ লৈ বহি আছিল | তাৰে এজনৰ ওচৰলৈ গ’লো আৰু মেটাৰটো টাইপ কৰিবলৈ দিলো | প্ৰথমবাৰ দুটা ভুল হোৱা বাবে তেখেতে পুনৰ নতুনকৈ কৰিলে | শুদ্ধ কপিটো লৈ সুধিলো কি দিব লাগিব এতিয়া | তেখেতে ক’লে একো নালাগে | মই অলপ আচৰিত হৈ সুধিলো কেলেই পইছা নলয় | মানুহ্জনে বেছ খোলা হাঁহি এটা মাৰি ক’লে যে “ ষ্টুডেণ্টৰ কাৰণে ফ্ৰি “ | মই বেছ অভিভূত হ’লো আৰু ধন্যবাদ দি গুচি আহিলো ! আমি নিজাকৈ আৰু সৰুকৈ হ’লেও যে কিবা এটা ভাল কাম কৰিব পাৰো তাৰ এক নিদৰ্শন পালো |

খ) আমি পঢ়ি থকা সময়ত বাছত উঠিলে মূল ভাৰাৰ আধা পৰিমাণৰ “ষ্টুডেণ্ট ভাৰা” দিয়াতো এক অলিখিত নিয়ম আছিল আৰু বেছিভাগ কন্ডাক্টৰে সহযোগিতা কৰিছিল দুই এজনক বাদ দি | কেতিয়াবা পৰিচয় পত্ৰ দেখুৱাব লগা হৈছিল | অৱশ্য দূৰণিবটীয়া বাছত এই সুবিধাটো নাছিলে |
আজিকালি বা এই প্ৰথাটো আছে নে নাই জানো | যদি নাই তেনেহ’লে এই নিয়মটি পুনৰ প্ৰৱৰ্তন কৰিব লাগে বুলি মইভাৱো কিয়নো ই ছাত্ৰ ছাত্ৰীক বহুত সকাহ দিয়ে | ছাত্ৰ সংগঠন সমূহে এই বিষয়ত মাত মাতিব পাৰে |

গ) যোৰহাটত AAU ত পঢ়ি থকা সময়ত এবাৰ হঠাতে চকু দেখুৱাব লগা হ’ল |চকু বিশেষজ্ঞ গৰাকীয়ে চাই-চিতি নিদান পত্ৰ লিখিলে | ফীজ দিয়াৰ সময়ত তেখেতে সুধিলে “হোষ্টেলত থাকা নেকি ?” মই হ্য় বুলি কোৱাত তেখেতে ফীজৰ আধাহে ল’লে |
তেনেকৈ যোৰহাটৰে আন এগৰাকী চিকিত্সকৰ বিষয়ে জানিছিলো যিয়ে কোনো ছাত্ৰ ছাত্ৰীৰ পৰা ফীজ নলৈছিল |তেখেত সকলৰ এই মহান চিন্তাধাৰাক সন্মান জনাইছো|

এইখিনিতে মই ফেচবুকৰ জৰিয়তে সকলো চিকিৎসক এক আহ্বান জনাব বিচাৰিছো যে তেখেত সকলে যেন হোষ্টেল বা মেছত থকা ছাত্ৰ ছাত্ৰীৰ চিকিত্সাৰ বাবদ মাচুল নলয় | এক ভাল কাম হ’ব |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!